কোচ বিহাৰ ৰাজ্য

কোচবিহাৰ আছিল কোচ ৰজবঙ্গহি সকলৰ ৰাজ্জ্য ।
(কোচ বিহাৰৰ পৰা পুনঃনিৰ্দেশিত)

কোচ বিহাৰ[1] ব্ৰিটিছ ভাৰতৰ অন্তৰ্গত এখন প্ৰিন্সলি ষ্টেট বা কৰতলীয়া ৰাজ্য আছিল।[2] এই ৰাজ্য বেংগল প্ৰেচিডেন্সীৰ ইষ্টাৰ্ণ ষ্টেটছ এজেঞ্চিৰ বেংগল ষ্টেট এজেঞ্চিৰ অংশ আছিল। এই ৰাজ্য হিমালয়ৰ ভূটানৰ দক্ষিণত বৰ্তমান ভাৰতৰ পশ্চিম বংগ ৰাজ্যত অৱস্থিত।

কোচ বিহাৰ ৰাজ্য
দেশীয় ৰাজ্য of ব্ৰিটিছ ভাৰত
১৫৮৬–১৯৪৯
Flag of কোচ বিহাৰ ৰাজ্য
Flag

১৯৩১ চনৰ দা ইম্প্ৰেৰিয়েল গেজেট অফ ইণ্ডিয়াত কোচ বিহাৰ ৰাজ্য
ৰাজধানীকোচ বিহাৰ
Area 
• ১৯০১
3385 বৰ্গ কি.মি.
ইতিহাস 
• Established
১৫৮৬
• ভাৰতৰ স্বাধীনতা
১৯৪৯
পৰৱৰ্তী
পশ্চিম বংগ
Today part ofভাৰত
কোচ বিহাৰ ৰাজপ্ৰসাদ

১৫৮৬ চনত কোচ ৰজা নৰনাৰায়ণৰ মৃত্যুৰ বয়সত কোচ ৰাজবংশৰ মাজত ফাঁট মেলিছিল। ইয়াৰ ফলত কমতা ৰাজ্য কোচ বিহাৰ আৰু কোচ হাজো এই দুই ভাগত বিভক্ত হয়। পূব ফালে থকা কোচ হাজোৰ দুৰ্বল শাসনতন্ত্ৰৰ সুযোগ লৈ আহোমে নিজৰ অধীনলৈ এনে। পশ্চিম ভাগৰ কোচ বিহাৰ মোগলৰ পিছত ভূটান ৰাজ্যৰ আগ্ৰাসনৰ বলি হৈছিল। ভূটানী আৰু তিব্বতীয় সকলৰ লগত কেইবাবাৰো যুদ্ধ লগাৰ পিছত উত্তৰৰ শত্ৰু সমূহক পিছলৈ ঘূৰি যাবলৈ বাধ্য হৈছিল। কিন্তু এগৰাকী ভূটানৰ কটকী কোচ বিহাৰৰ ৰাজ হাউলিত থাকি গৈছিল। কোচ বিহাৰৰ শাসক সকলে ব্ৰিটিছ সহায় বিচাৰিলে আৰু ব্ৰিটিছৰ পৰা সামৰিক সাহায্য লাভ কৰা পিছত কোচ বিহাৰৰ শত্ৰু নাশ হয়। পিছলৈ ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে সন্ধিৰ জৰিয়তে কোচ বিহাৰৰ ৰাজ ক্ষমতা বহু পৰিমাণে লাঘৱ কৰে। ব্ৰিটিছৰ অধীনত কোচ বিহাৰে প্ৰিন্সলি ষ্টেট বা কৰতলীয়া ৰাজ্য হিচাপে পৰিগণিত হয়। ভাৰতে ব্ৰিটিছৰ পৰা স্বাধীনতা লাভ কৰাৰ পিছত ১৯৪৯ চনত কোচ বিহাৰ ৰাজ্য ভাৰতৰ পশ্চিম বংগ ৰাজ্যৰ সৈতে মিলিত হয়। এই ৰাজ্যৰ নামেৰে পশ্চিম বংগৰ কোচ বিহাৰ জিলাৰ নাম ৰখা হৈছে।

  1. "The eastern division was known as 'Kamrup' in the local sources and as 'Koch Hajo' in the Persian chronicles. The western division known as Koch Behar was known as 'Kuc' (Koch) or 'Koch Behar' in Persian chronicles, or simply as 'Behar' in the Gurucharitas." (Nath 1989, পৃষ্ঠা 86)
  2. Princely States of India

বাহ্যিক সংযোগ

সম্পাদনা কৰক