কোছাৰী নৃত্য
কোছাৰী(ইংৰাজী: Kochari) আৰ্মেনিয়াৰ উচ্চভূমিৰ এবিধ লোকনৃত্য৷ আজিকালি এই নৃত্য আৰ্মেনিয়ানসকলে পৰিৱেশন কৰে৷[1][2][3] আনহাতে, ইয়াৰ বিভিন্ন ৰূপ এছিৰিয়ান,[4]আজাৰবাইজান,[5] কুৰ্দ আৰু পণ্টিক গ্ৰীকসকলে পৰিৱেশন কৰে৷[6]ই এবিধ বৃত্ত নৃত্য৷ আৰ্মেনিয়াৰ উচ্চভূমি অঞ্চলৰ প্ৰতিটো অংশৰে অনন্য নৃত্য আৰু সংগীত সম্বলিত নিজস্ব ’কোছাৰী’ আছিল৷[7]
কোছাৰী | |
---|---|
দেশ | আৰ্মেনিয়া |
ক্ষেত্ৰ | লোকনৃত্য |
প্ৰসংগ | ১২৯৫ |
অঞ্চল | ইউৰোপ আৰু উত্তৰ আমেৰিকা |
শিলালিপিৰ ইতিহাস | |
শিলালিপি | ২০১৭ (12th session) |
ব্যুৎপত্তি
সম্পাদনা কৰকআৰ্মেনিয়ান ভাষাত কোছাৰীৰ আক্ষৰিক অৰ্থ হৈছে, “আঁঠুৰ পৰা অহা’’৷[8] আনহাতে, আজাৰবাইজান তুৰ্কী ভাষাত "kộḉ"ৰ অৰ্থ লৰচৰ কৰা যাক ক্ৰিয়া আৰু বিশেষ্য[9] দুয়োটা অৰ্থতে ব্যৱহাৰ কৰা হয়৷ ইয়াৰ পিছৰ অৰ্থটো যাযাবৰী লোকৰ ভ্ৰমণৰ প্ৰসংগত অধিক ব্যৱহাৰ কৰা হয়৷ কোছাৰী শব্দটো যাযাবৰ আৰু যাযাবৰী দুয়োটা শব্দ বুজাবলৈ বিশেষ্য আৰু বিশেষণ হিচাপে ব্যৱহাৰ কৰা হয়৷ তেনেদৰে, কুৰ্দিছমতে কোছাৰ মানে যাযাবৰ আৰু তেনেকৈ কোছাৰী শব্দই যাযাবৰী বুজায়৷[10] ই তুৰ্কী ভাষাৰ পৰা অহা৷ [11] আকৌ পণ্টিক গ্ৰীক ভাষাত কোছাৰী মানে গেৰোহা উথোৱা, নৃত্যত সকলোৱে একেলগে গেৰোহা উত্থাপন কৰে৷ এই নৃত্যত গেৰোহা মূৰ অংগ৷
সংস্কৰণ
সম্পাদনা কৰকজন ব্লেকিঙে কোছাৰীৰ বিষয়ে এনেদৰে বৰ্ণনা কৰিছে,
দলীয় নৃত্য৷ যেতিয়া নৃত্যশিল্পীসকলে জঁপিয়াই থকা ছাগলীক অনিকৰণ কৰি নাচে, তেতিয়া ইয়াক কোছাৰী বুলি জনা যায়৷ নৃত্যশিল্পীসকলে ইজনে সিজনৰ হাতত ধৰি একেলগে থিয় হৈ থাকে৷ নৃত্যৰ গতি মধ্যমীয়াৰ পৰা দ্ৰুততৰ হয়৷ কাল্পনিক প্ৰতিদ্বন্দীক কুঁজা হৈ খুন্দা মৰাৰ পিছত উচ্চ জাঁপ মাৰে৷ [12]
আৰ্মেনিয়ান
সম্পাদনা কৰকআৰ্মেনিয়ানসকলে হাজাৰ বছৰতকৈয়ো আগৰে পৰা কোছাৰী নাচি আহিছে৷[13] এই নৃত্যত পুৰুষ আৰু মহিলা উভয়ে অংশগ্ৰহণ কৰে আৰু এই নৃত্য ভয়ংকৰ পৰিৱেশ তৈয়াৰ কৰাৰ উদ্দেশ্যেৰে কৰা হয়৷ কোছাৰীৰ অত্যাধুনিক সংযোজনত “ট্ৰেমেলো ষ্টেপ’’ সংযোজন কৰা হৈছে, য’ত গোটেই শৰীৰটো জোকাৰি যোৱা হয়৷ এই নৃত্য আৰ্মেনিয়াৰ পূব প্ৰান্তত আৰ্মেনিয়াৰ গণহত্যাৰ পিছত বিয়পি পৰিছে৷ ২০১৭ চনত ৰাষ্ট্ৰসংঘৰ অধীনৰ ইউনেস্ক’ই জৰুৰী সুৰক্ষাৰ প্ৰয়োজন থকা “অক্ষত সাংস্কৃতিক ঐতিহ্য’’ৰ তালিকাত কোছাৰী নৃত্যক অন্তৰ্ভূক্ত কৰে[14]
আজাৰবাইজানী
সম্পাদনা কৰকআজাৰবাইজানত বিশেষকৈ নাখচিভান স্বায়ত্তশাসিত গণৰাজ্যত আৰু ইয়াৰ আশে-পাশে থকা অঞ্চলত “ইয়ালি’’ নামে জনাজাত অন্যতম এই নৃত্য৷ লেহেমীয়া গতি আৰু দ্ৰুত গতিৰে গঠিত কোছাৰী নৃত্যৰ তিনিটা ভিন্ন ৰূপ প্ৰচলিত৷ ইজনৰ পিছত সিজন বা এজন পুৰুষৰ পিছত এজনী মহিলাই অৱস্থান লোৱাৰ পিছত নৃত্যশিল্পীসকলৰ মাজৰ এজনে দলনেতা হয় আৰু তেওঁৰ মূৰত এদাল লাঠি ধৰে৷ লাঠিদাল নৃত্যশিল্পীসকলক শাস্তি দিবলৈ নহয়, ইয়াৰ নৃত্যত এটা গুৰুত্বপূৰ্ণ কাম আছে৷[15] আজিকালি, এই নৃত্য নাখচিভান অঞ্চলৰ বিভিন্ন অংশত বিবাহ অনুষ্ঠানত ইয়াক পৰিৱেশন পৰা হয়৷[15] টেনজেৰৰ সৈতে কোছাৰী নৃত্যক ২০১৮ চনৰ নৱেম্বৰ মাহত ইউনেস্ক’ৰ জৰুৰী সুৰক্ষাৰ প্ৰয়োজন থকা “লুপ্তপ্ৰায় সাংস্কৃতিত ঐতিহ্য’’ৰ তালিকাত ইয়াক ইয়ালি নৃত্যৰ সংস্কৰণ হিচাপে অন্তৰ্ভূক্ত কৰা হৈছে৷[16][17]
পণ্টিক গ্ৰীক কোছাৰী
সম্পাদনা কৰকপণ্টিক গ্ৰীক আৰু আৰ্মেনিয়ানসকলৰ কোছাৰীৰ দৰে আন বহুতো জোৰদাৰ যুদ্ধংদেহী শৈলীৰ নৃত্য আছে৷[18] বেছিভাগ পণ্টিক নৃত্যৰ দৰে কোছাৰীও সমছন্দত প্ৰধানতঃ বন্ধ বৃত্ত বা বৃত্তাকাৰ ৰূপত নচা হয়৷ [19]
তথ্য সূত্ৰ
সম্পাদনা কৰক- ↑ Elia, Anthony J. (2013). Kochari (Old Armenian Folk Tune) for Solo Piano. Center for Digital Research and Scholarship at Columbia University. doi:10.7916/D8S75QNP. http://academiccommons.columbia.edu/catalog/ac:160871। আহৰণ কৰা হৈছে: 6 November 2013.
- ↑ Vvedensky, Boris, ed (1953) (ru ভাষাত). Great Soviet Encyclopedia. 23 (Second সম্পাদনা). প্ৰকাশক Moscow: Soviet Encyclopedia. পৃষ্ঠা. 170. "КОЧАРИ — армянский народный мужской танец."
- ↑ Yuzefovich, Victor (1985). Aram Khachaturyan. প্ৰকাশক New York: Sphinx Press. পৃষ্ঠা. 217. ISBN 9780823686582. "..and in the sixth scene one of the dances of the gladiators is very reminiscent of Kochari, the Armenian folk dance."
- ↑ BetBasoo, Peter Pnuel (30 April 2003). "Thirty Assyrian Folk Dances". Assyrian International News Agency. http://www.aina.org/articles/tafd.pdf। আহৰণ কৰা হৈছে: 6 November 2013.
- ↑ Gottlieb, Robert (26 July 1998). "Astaire to Zopy-Zopy". New York Times. https://www.nytimes.com/1998/07/26/books/astaire-to-zopy-zopy.html. "I find it difficult to imagine someone without a predisposition to read about such matters as Azerbaijani folk dance (One type of yally has various forms known as kochari, uchayag, tello, and galadangalaya; another type is a dance mixed with games called gazy-gazy, zopy-zopy, and chopu-chopu) browsing profitably through Oxford's many hundreds of pages of such information."
- ↑ "Kotsari". Pontian.info. Archived from the original on 16 October 2012. https://web.archive.org/web/20121016041345/http://www.pontian.info/dance/kotsari.htm। আহৰণ কৰা হৈছে: 6 November 2013.
- ↑ (hy ভাষাত) Soviet Armenian Encyclopedia Volume 4. প্ৰকাশক Yerevan: Armenian Encyclopedia Publishing. 1978. পৃষ্ঠা. 476.
- ↑ Cholakean, Hakob (2016). Ավանդական ուղղագրություն. প্ৰকাশক Yerevan.
- ↑ KÖÇ
- ↑ KÖÇƏRİ
- ↑ "Koçer Ne Demek? - Türkçe Kelime Anlamı". Türkçe Ne Demek. https://turkcenedemek.com/kelime/ko%C3%A7er/। আহৰণ কৰা হৈছে: 22 April 2022.
- ↑ Blacking, John (1979). The Performing Arts: Music and Dance. Walter de Gruyter. পৃষ্ঠা. 71. ISBN 9789027978707. https://books.google.com/books?id=QKs16WBAaiIC&q=kochari+dance.
- ↑ Kochari // Music encyclopedic dictionary / Yu.V. Keldysh, M.G. Aranovsky, L.Z. Korabelnikova — Great Soviet Encyclopedia, 1990. — p. 275.
- ↑ "Kochari, traditional group dance". UNESCO. https://ich.unesco.org/en/RL/kochari-traditional-group-dance-01295। আহৰণ কৰা হৈছে: 5 December 2020.
- ↑ 15.0 15.1 "The National Dancings". Nakhchivan Autonomous Republic. http://www.nakhchivan.az/portal-en/mil-reqs.htm। আহৰণ কৰা হৈছে: 6 November 2013.
- ↑ "Intangible Heritage: Seven elements inscribed on the List in Need of Urgent Safeguarding" (en ভাষাত). UNESCO. https://en.unesco.org/news/intangible-heritage-seven-elements-inscribed-list-need-urgent-safeguarding। আহৰণ কৰা হৈছে: 2018-11-29.
- ↑ "Yalli (Kochari, Tenzere), traditional group dances of Nakhchivan - intangible heritage - Culture Sector - UNESCO" (en ভাষাত). ich.unesco.org. https://ich.unesco.org/en/USL/yalli-kochari-tenzere-traditional-group-dances-of-nakhchivan-01190?USL=01190। আহৰণ কৰা হৈছে: 2018-11-29.
- ↑ Greece - Page 67 by Paul Hellander, Kate Armstrong, Michael Clark, Des Hannigan, Victoria Kyriakopoulos, Miriam Raphael, Andrew Ston
- ↑ "Kotchari". Pontos World. 10 November 2019. https://pontosworld.com/index.php/music/dances/585-kotchari.