কোটাহি জামু (বৈজ্ঞানিক নাম: Syzygium nervosum; অসমীয়া অন্য নাম: ঝাৰুৱা, গোদাজাম; কাৰ্বি: চুমুক্ আৰং) এবিধ মজলীয়া আকাৰৰ চিৰহৰিৎ গছ৷ [1] এই গছ প্ৰায় দহ মিটাৰ পৰ্য্যন্ত ওখ হ’ব পাৰে৷ ইয়াৰ বাকলিৰ বৰণ মটীয়া বা মদৰুৱা আৰু পাত ডাঠ সেউজীয়া৷

কোটাহি জামু
As seen in Hong Kong Wetland Park
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন
জগৎ/ৰাজ্য: Plantae
(অশ্ৰেণীকৃত): Angiosperms
(অশ্ৰেণীকৃত): Eudicots
(অশ্ৰেণীকৃত): Rosids
বৰ্গ: Myrtales
পৰিয়াল: Myrtaceae
গণ: Cleistocalyx
প্ৰজাতি: C. operculatus
বৈজ্ঞানিক নাম
Cleistocalyx operculatus
(Roxb.) Merr. et L.M.Perry, 1937

বিস্তৃতি সম্পাদনা কৰক

কোটাহি জামু দক্ষিণ এছিয়াৰ থলুৱা উদ্ভিদ৷ চীনৰ পৰা অষ্ট্ৰেলিয়ালৈকে এই উদ্ভিদ প্ৰাকৃতিকভাৱে উৎপন্ন হোৱা দেখা যায়৷ অসমৰ ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকাৰ প্ৰায়বোৰ অঞ্চলতে এই গছ দেখা পোৱা যায়৷[1]

বিৱৰণ সম্পাদনা কৰক

কোটাহি জামুৰ বাকলিৰ বৰণ মটীয়া বা মদৰুৱা৷ উপৰিভাগৰ পৰা অনিয়মিতভাৱে ফাট মেলা চেকুৰাৰ উৎপত্তি হয়৷

এই গছৰ পাত উপ-বৃত্তাকাৰ, অদোমুখ ডিম্বাকাৰ, সুক্ষ্মকৌণিকভাৱে জোঙা অথবা শীৰ্ষস্থান গোলাকাৰ৷ ইয়াৰ পাতৰ পাৰ্শ্বসিৰৰ সংখ্যা পাতৰ প্ৰতি অৰ্দ্ধাংশত ৮-১০৷ সীমান্তৰ আগত গোল হৈ যোগ হৈ থাকে৷ পত্ৰবৃন্তৰ দৈৰ্ঘ্য ৩-৪ ছে:মি:।

কোটাহি জামুৰ ফুলৰ বৰণ সেউজ-বুলীয়া বগা আৰু বৃন্তহীন৷ ইয়াৰ চুপহিৰ বৃত্ত ঘন্টাকাৰ৷ পাহি বগা৷

এই গছৰ ফল মঙহাল হয়৷ ফলবোৰ আকাৰত সৰু আৰু গোল৷[1]

ব্যৱহাৰ সম্পাদনা কৰক

কোটাহি জামুৰ পাত আৰু কলি শুকুৱাই ভিয়েটনামত এবিধ হাৰ্বেল চাহ তৈয়াৰ কৰা হয়৷ এই চাহৰ ঔষধি গুণ থকা বুলি জনা যায়৷[2]

চিত্ৰভঁৰাল সম্পাদনা কৰক

তথ্যউৎস সম্পাদনা কৰক

  1. 1.0 1.1 1.2 ফটিক চন্দ্ৰ গগৈ (ডিছেম্বৰ ২০০৭). অসমৰ উদ্ভিদ কোষ. অসম প্ৰকাশন পৰিষদ
  2. Nguyen, Duong Van. Medicinal Plants of Vietnam, Cambodia, and Laos. Santa Monica, CA: Mekong Printing, 1993.