জ্যামিতিক কোণৰ চিহ্ন

কোণ, (ইংৰাজীAngles) দুডাল সৰলৰেখাই এটা বিন্দুত উৎপন্ন কৰা চুক। বা এটা সাধাৰণ বিন্দুৰ পৰা যাত্ৰা কৰা দুডাল ৰশ্মিয়ে উক্ত বিন্দুত যি এটা চুকৰ সৃষ্টি কৰে তাকে কোণ বোলে। ইয়াত ৰশ্মি বা ৰেখা দুডালক কোণটোৰ বাহু বুলি কোৱা হয়। এই সাধাৰণ বিন্দুটোক শীৰ্ষবিন্দু বুলি কোৱা হয়।[1] দ্বিমাত্ৰিক কোণ প্ৰধানত দুই প্ৰকাৰৰ – জ্যামিতিক কোণ ও ত্ৰিকোণমিতিক কোণ। ইংৰাজীৰ এঙ্গল(angle) শব্দটো লেটিন ভাষাৰ এঙ্গুলাচ(angulus) শব্দটোৰ পৰা লোৱা হৈছে। যাৰ অৰ্থ- চুক।[2] এটা কোণৰ জোখ ডিগ্ৰী, ৰেডিয়ান, আৰু গ্ৰেড এই তিনি প্ৰকাৰত প্ৰকাশ কৰা হয়। এই তিনিপ্ৰকাৰৰ জোখৰ মাজৰ সম্পৰ্কটো হ'ল- ১৮০ ডিগ্ৰী = ২০০ গ্ৰেড = π (পাই) ৰেডিয়ান।

কোণৰ প্ৰকাৰসম্পাদনা কৰক

সমকোণসম্পাদনা কৰক

 
কোণৰ ৯০° মাপক এক সমকোণ বুলি কোৱা হয়।
 
AB ৰেখাখণ্ডই CD ৰেখাখণ্ডৰ সৈতে দুটা সমকোণৰ সৃষ্টি কৰিছে।

এডাল সৰলৰেখাই আন এডাল সৰলৰেখাৰ ওপৰত উলম্ব হৈ যি কোণ উৎপন্ন কৰে তাকে সমকোণ বোলে। এই সমকোণৰ মাপ ৯০°। [3] এই মানক এক সমকোণ বুলি কোৱা হয়। ই এটা সম্পূৰ্ণ পাকৰ এক-চতুৰ্থাংশৰ সমান।[4] যদি এডাল ৰশ্মিৰ প্ৰান্তবিন্দুটো এডাল ৰেখাৰ ওপৰত থাকে আৰু ৰশ্মি ডালে ৰেখাডালত সৃষ্টি কৰা সন্নিহিত কোণ দুটাৰ মান সমান হয় তেন্তে উক্ত কোণ দুটা সমকোণ হ'ব।[5] এটা সমকোণী ত্ৰিভুজৰ ক্ষেত্ৰত ত্ৰিভুজটোৰ সমকোণটোৱেই ত্ৰিভুজটো চিনাক্তকৰণৰ মূল চাবিকাঠি।[6] দুটা কোণৰ যোগফল ৯০° বা এক সমকোণ হ'লে এটাক আনটোৰ পূৰক কোণ বুলি কোৱা হয়। এক সমকোণক বিভিন্ন এককত প্ৰকাশ কৰিব পাৰি-

সৰলকোণসম্পাদনা কৰক

পৰস্পৰ বিপৰীত দুটি ৰশ্মিৰ মধ্যবৰ্তী কোণকে এক সৰলকোণ বোলা হয়। এই কোণৰ পৰিমাপ ডিগ্ৰী এককত ১৮০° বা π ৰেডিয়ান বা / পাকৰ সৈতে সমান জোখৰ কোণ।

 
সূক্ষ্মকোণ(a), স্থূলকোণ (b), আৰু সৰলকোণ (c)।

দুটাকোণৰ যোগফল ১৮০° হ'লে কোণ দুটাক সম্পূৰক কোণ বুলি কোৱা হয়। য'দি দুটা পৰিপূৰককোণৰ শীৰ্ষবিন্দু একেটাই হয় তেনেক্ষেত্ৰত ইহঁতৰ সাধাৰণ বাহুটোক বাদ দিলে আন দুটা বাহু মিলি এডাল সৰলৰেখাৰ সৃষ্টি হয় আৰু এই বাহু যোৰক কোণৰ ৰৈখিকযোৰ বুলি কোৱা হয়। [7]

 
সূক্ষ্ম কোণ

সূক্ষ্ম কোণসম্পাদনা কৰক

সূক্ষ্ম মানে হৈছে সৰু বা ক্ষুদ্ৰ। এক সমকোণ বা ৯০° ত কৈ সৰু যিকোনো এটা কোণকে সূক্ষ্ম কোণ বুলি কোৱা হয়। সূক্ষ্ম কোণবোৰৰ মান ০ ৰ পৰা ৯০ৰ ভিতৰত থাকে। তিনিটা সূক্ষ্ম কোণৰ দ্বাৰা তৈয়াৰী ত্ৰিভুজক সূক্ষ্মকোণী ত্ৰিভুজ বুলি কোৱা হয়।[8] এটা ত্ৰিভুৰ নিন্মতম দুটা কোণৰ মান- সূক্ষ্ম কোণ। দুটা সম্পূৰক কোণৰ ক্ষেত্ৰত য'দি এটা কোণ স্থূলকোণ হয় তেন্তে আনটো কোণ এটা সূক্ষ্মকোণ হ'ব।[8] আকৌ পূৰক কোণৰ ক্ষেত্ৰত দুয়োটা কোণ সদায়ে সূক্ষ্ম কোণ।

স্থূল কোণসম্পাদনা কৰক

 
স্থূল কোণ

ডিগ্ৰী এককৰ হিচাপত স্থূলকোণ বুলিলে সেই সমূহ কোণক বুজা যায়, যি সমূহৰ মান ৯০° আৰু ১৮০°ৰ ভিতৰত থাকে। অৰ্থাৎ ৯০°ত কৈ ডাঙৰ কিন্তু ১৮০°ত কৈ সৰু।[9][10] যি ত্ৰিভুজৰ এটা কোণ স্থূলকোণ, তাকে স্থূলকোণী ত্ৰিভুজ বোলে। স্থূল কোণী ত্ৰিভুজৰ আন দুটা কোণ সদায়ে সূক্ষ্মকোণ হ'ব। এটা সামান্তাৰিকৰ এযোৰ বিপৰীত কোণ স্থূলকোণ। অৱশ্যে আয়তক্ষেত্ৰ, বৰ্গক্ষেত্ৰ এইক্ষেত্ৰত ব্যতিক্ৰম। আকৌ এটা সাধাৰণ ষষ্ঠভূজৰ প্ৰতিটো কোণেই একো একোটা স্থূল কোন।[11]

তথ্য সংগ্ৰহসম্পাদনা কৰক