কোমাইনু (জাপানী: 狛犬; ইংৰাজী: Komainu; ইংৰাজীত প্ৰায়ে ‘সিংহ-কুকুৰ’ বুলিও কোৱা হয়) হৈছে দেখিবলৈ সিংহৰ দৰে এবিধ জাপানী কিংবদন্তিমূলক জীৱ। সাধাৰণতে পৰম্পৰাগতভাৱে মন্দিৰৰ প্ৰৱেশদ্বাৰ পহৰা দিবলৈ, বা জাপানী “শ্বিণ্টো শ্ৰাইন”ৰ (Shinto shrines) ‘হণ্ডেন’ৰ (এক প্ৰকাৰৰ গৃহ) সন্মুখত বা ভিতৰত এই জীৱৰ যুৰীয়া মূৰ্তি স্থাপন কৰা হয়।

এযোৰা কোমাইনু, সোঁফালে "অ" (a), বাওঁফালে "উম" (um)
 
এটা আন-আকৃতিকোমাইনু

জাপানী মন্দিৰৰ চৌহদত দ্বাৰ ৰখীয়া হিচাপে সাধাৰণ শিলৰ দ্বাৰা নিৰ্মাণ কৰা এযোৰ কোমাইনু ("কোৰিয়ান কুকুৰ"[1]) বা দুটা শ্বিছি (shishi; "সিংহ")/কাৰাজিছি ("চীনা সিংহ") স্থাপন কৰা হয়।[2][3] কুকুৰ আৰু সিংহৰ যোৰবোৰক বিনিময়যোগ্য বুলি ধৰা হয়।[1]

দুষ্ট আত্মাক দূৰ কৰাৰ উদ্দেশ্য স্থাপন কৰা কৰা আধুনিক কোমাইনুৰ মূৰ্তিবোৰ সাধাৰণতে দেখিবলৈ প্ৰায় একে, কিন্তু এটাৰ মুখ খোলা থাকে, আনটোৰ বন্ধ থাকে কিন্তু কেতিয়াবা ব্যতিক্ৰমো দেখা পোৱা যায়, তেতিয়া দুয়োটা কোমাইনুৰ মুখ হয় খোলা হয় নাইবা বন্ধ[4] হয়। এই দুয়োটা ৰূপক অ-গয়’ (阿形, আক্ষৰিকভাবে ‘অ আকৃতি’) আৰু উন-গয়’ (吽形, আক্ষৰিকভাবে ‘আন আকৃতি’) বুলি কোৱা হয় বা সামূহিকভাৱে “অ-উন” (a-un) বুলি কোৱা হয়।[5] এই আইকনগ্ৰাফী[1] আৰু প্ৰতীকবাদ শ্বিণ্টো ধৰ্মৰ স্থানীয় নহয়, ইয়াক আমদানি কৰা হৈছিল।[3] এই “অ-উন” প্ৰতীকবাদ বৌদ্ধ ধৰ্মৰ দুজন দুৱাৰৰক্ষী দেৱতা নিওৰ সৈতে একেটা প্ৰতীকেৰে জড়িত কৰা হয়।[6][7] মন্দিৰ আৰু শ্ৰাইনসমূহৰ প্ৰৱেশদ্বাৰত ধৰ্মীয় প্ৰতিমূৰ্তিৰ যোৰা স্থাপন কৰা এক সাধাৰণ বৈশিষ্ট্য। এই আৰ্হিটোৰ উৎপত্তিৰ মূল হৈছে বৌদ্ধ ধৰ্মীয় আৰু ইয়াৰ এটা প্ৰতীকী অৰ্থ আছে: মুকলি মুখখনে সংস্কৃত বৰ্ণমালাৰ প্ৰথম আখৰ ‘অ’টো উচ্চাৰণ কৰি থাকে, যি আৰম্ভণি বুজায় আৰু আনহাতে বন্ধ মুখখনে সমাপ্তিক প্ৰতিনিধিত্ব কৰি বৰ্ণমালাৰ শেষৰ আখৰটোৰ "উম" উচ্চাৰণ কৰি থাকে।[8] দুয়োটা একেলগে মিলি অ+উ+ম ধ্বনি গঠন কৰে, যিটো হিন্দু ধৰ্ম, বৌদ্ধ, আৰু জৈন আদি কেইবাটাও ধৰ্মত পবিত্ৰ বৰ্ণ বুলি গণ্য কৰা হয়।

এছিয়াত সিংহৰ ওচৰত অপশক্তিক নাশ কৰাৰ ক্ষমতা আছে বুলি জনপ্ৰিয়ভাৱে বিশ্বাস কৰা হৈছিল আৰু এই কাৰণেই সিংহৰ মুৰ্তি দুৱাৰ-প্ৰৱেশ পথ পহৰা দিবলৈ অভ্যাসগতভাৱে ব্যৱহাৰ কৰা হৈছিল। কোমাইনুসকল চীনৰ অভিভাৱক সিংহৰ সৈতে প্ৰবলভাৱে সাদৃশ্য দেখা পোৱা যায় আৰু ইয়াৰ উৎপত্তি প্ৰকৃততে চীনৰ পৰা টাং বংশৰ পৰা হৈছিল বুলি অনুমান কৰা হয়।[9] চীনৰ অভিভাৱক সিংহবোৰ এছিয়াৰ সিংহৰ ছাল আৰু মধ্যপ্ৰাচ্য বা ভাৰতৰ পৰা বাণিজ্যৰ জৰিয়তে প্ৰৱৰ্তিত সিংহৰ চিত্ৰৰ দ্বাৰা প্ৰভাৱিত হোৱা বুলি বিশ্বাস কৰা হয়। সেই দেশবোৰত দেশত সিংহৰ অস্তিত্ব আছিল আৰু শক্তিৰ প্ৰতীক হিচাপে গণ্য কৰা হৈছিল।[10] ছিল্ক ৰোডেৰে পৰিবহণৰ সময়ত অৱশ্যে এই প্ৰতীকটোৰ ৰূপৰ কিছু সলনি হৈছিল আৰু এক সুকীয়া ৰূপ লাভ কৰিছিল। খ্ৰীষ্টপূৰ্ব ৩য় শতিকাৰ আশে-পাশে ৰজা অশোকে স্থাপন কৰা এটা স্তম্ভৰ ওপৰত ভাৰতৰ প্ৰথম সিংহৰ মূৰ্তি দেখা পোৱা গৈছিল।[10] পিছলৈ এই পৰম্পৰা চীনলৈ প্ৰসাৰিত হয় য'ত ই অভিভাৱক সিংহলৈ বিকশিত হয় আৰু পিছলৈ কোৰিয়া, জাপান আৰু অকিনাৱালৈ বিয়পি পৰে। নাৰা যুগত (Nara period; ৭১০–৭৯৪) এই সিংহৰ প্ৰতীকে এছিয়াৰ বাকী অংশৰ দৰেই যুৰীয়া সিংহৰ ৰূপ লাভ কৰে।[11] চতুৰ্দশ শতিকালৈকে কেৱল ঘৰৰ ভিতৰত ব্যৱহাৰ কৰা এই প্ৰতীকবোৰ মূলতঃ কাঠৰ পৰা তৈয়াৰ কৰা হৈছিল। উদাহৰণস্বৰূপে, হেইয়ান যুগত (৭৯৪–১১৮৫) কাঠ বা ধাতুৰ পৰা তৈয়াৰ কৰা সিংহৰ যোৰাটো ওজন হিচাপে আৰু দুৱাৰ বন্ধ কৰিবলৈ ব্যৱহাৰ কৰা হৈছিল, আনহাতে ইম্পেৰিয়েল পেলেচত ইয়াক পৰ্দা বা ভাঁজ কৰা পৰ্দা ধৰি ৰাখিবলৈ ব্যৱহাৰ কৰা হৈছিল।

হেইয়ান যুগ

সম্পাদনা কৰক

কাঠ আৰু শিলৰ পৰা নিৰ্মাণ কৰা সিংহৰ প্ৰতীক স্থাপনৰ প্ৰথা হেইয়ান যুগৰ মাজভাগৰ পিছত প্ৰতিষ্ঠিত হৈছিল যদিও নিৰ্দিষ্ট তাৰিখ অনিশ্চিত হৈ আছে।[12]

হয়তো হেইয়ান যুগৰ আৰম্ভণিতে সিংহৰ প্ৰতীক স্থাপনৰ পৰম্পৰা সলনি হৈছিল আৰু মূৰ্তি দুটা বেলেগ বেলেগ হ’বলৈ আৰম্ভ কৰিছিল আৰু বেলেগ নামেৰে মাতিবলৈ আৰম্ভ কৰিছিল। এটাৰ মুখ খোলা আছিল আৰু ইয়াক শ্বিছি (獅子, 'সিংহ') বুলি কোৱা হৈছিল কাৰণ আগৰ দৰেই ইয়াৰ সিংহৰ সৈতে মিল আছিল। আনটোৰ মুখ বন্ধ আছিল, দেখাত কুকুৰৰ দৰে আছিল, ইয়াক কোমাইনু (Goguryeo dog) বুলি কোৱা হৈছিল আৰু কেতিয়াবা মূৰত এটা শিঙো দেখা গৈছিল।[13] লাহে লাহে প্ৰতীক দুটাৰ ৰূপ একে হৈ পৰিল, কিন্তু মুখখন কুকুৰৰ দৰে হোৱা বাবে দুয়োটাকে কোমাইনু বুলি কোৱা হ'ল।[13]

অৱশেষত ইহঁত বৌদ্ধ মন্দিৰ,[6][12] ৰাজপ্ৰসাদ,[12] আভিজাত্যৰ বাসগৃহ বা আনকি ব্যক্তিগত ঘৰকো সুৰক্ষা দিয়া প্ৰতীকী বস্তুলৈ পৰিণত হয়।[14] জাপানত বৰষুণৰ বতৰৰ পৰা সুৰক্ষা লাভ কৰিবলৈ শিলত কোমাইনু খোদাৰ প্ৰথা আৰম্ভ হ’ল।

এডো যুগৰ (Edo period) পৰা আৰম্ভ কৰি কোমাইনুক তোৰণত স্থাপন কৰিবলৈ আৰম্ভ কৰা হয় আৰু বৰ্তমান এইবোৰক “ছাণ্ডো কোমাইনু” (sandō komainu) হিচাপে শ্ৰেণীভুক্ত কৰা হয়। বহুত পুৰণি প্ৰকাৰক “জিন্নাই কোমাইনু” (jinnai komainu) বুলি কোৱা হয়।[15] এই কোমাইনুবোৰ কেতিয়াবা বৌদ্ধ মন্দিৰ, আভিজাত্য লোকৰ বাসগৃহ বা আনকি ব্যক্তিগত ঘৰতো পোৱা যায়।

এডো যুগৰ পৰা (১৬০৩–১৮৬৮) সিংহ বা কুকুৰৰ পৰিৱৰ্তে আন প্ৰাণীৰ মুৰ্তি ব্যৱহাৰ কৰাৰ প্ৰথা আৰম্ভ হয়, ইয়াৰ ভিতৰত বনৰীয়া গাহৰি, বাঘ, অজগৰ আৰু শিয়াল আদিও ব্যৱহাৰ কৰা দেখা যায়।

সমান্তৰাল সংস্কৃতি

সম্পাদনা কৰক

ইনাৰি মন্দিৰৰ শিয়াল

সম্পাদনা কৰক

জাপানৰ ইনাৰি দেৱতাৰ প্ৰতি উৎসৰ্গিত মন্দিৰসমূহত ৰক্ষক হিচাপে শিয়ালৰ মূৰ্তি স্থাপন কৰা হয়।[6] জাপানত প্ৰায় ৩০ হাজাৰ ইনাৰী মন্দিৰ আছে আৰু প্ৰতিটোৰ প্ৰৱেশদ্বাৰত এযোৰ শিয়ালৰ মূৰ্তি আছে।[16] প্ৰায়ে এটা, আৰু কেতিয়াবা দুয়োটাৰে মুখত সূত্ৰ লিখা ৰচী, চাবি বা মণি থাকে।[16][17] এই মূৰ্তিবোৰ কু-অভিপ্ৰায়ৰ প্ৰতীক নহয়, বৰঞ্চ যাদুকৰী শক্তিৰ প্ৰতীক। কেতিয়াবা এই মূৰ্তিসমূহত ৰং কৰা হয়, আৰু প্ৰায়ে বগা ৰং কৰা হয়।[16] বগা শিয়ালবোৰক শিয়াল বুলি বিশ্বাস কৰা আৰু শিয়াল হিচাপে চিত্ৰিত কৰা কামি দেৱতাৰ দূত হিচাপে গণ্য কৰা হয়।[16] ইয়াৰে বাওঁফালৰ শিয়ালটো মতা আৰু সোঁফালৰজনী মাইকী বুলি বিশ্বাস কৰা হয়।[18]

অকিনাৱান শ্বিছা

সম্পাদনা কৰক

শ্বিছা (shīsā) হৈছে অকিনাৱাত ঘৰৰ প্ৰৱেশদ্বাৰ বা চাল পহৰা দিয়া শিলৰ মূৰ্তি। এইবোৰক শ্বিছি আৰু কোমাইনুৰ ঘনিষ্ঠ আত্মীয় বুলি বিশ্বাস কৰা হয়।[19]

চিত্ৰসম্ভাৰ

সম্পাদনা কৰক
 
কোমাইনু
কোমাইনু  
 
কোমাইনু
কোমাইনু  
 
শ্বিছা
শ্বিছা  
 
শিয়ালৰ মুৰ্তি
শিয়ালৰ মুৰ্তি  
 
 
 
 
 
 
 
কোমাইনু
কোমাইনু  
 
কোমাইনু
কোমাইনু  
 
 
 
 
 
কোমাইনু
কোমাইনু  

তথ্য সংগ্ৰহ

সম্পাদনা কৰক
  1. 1.0 1.1 1.2 Shamoon, Deborah (2013). "Notes d'iconographie chinoise : les acolytes de Ti-tsang". Marvels & Tales খণ্ড 27 (2 The Fairy Tale in Japan): n7. doi:10.13110/marvelstales.27.2.0276. https://books.google.com/books?id=eqPjAAAAMAAJ&q=%22koma+inu%22. 
  2. Metevelis, Peter (1994). "Shinto shrines or Shinto temples?". Asian Folklore Studies খণ্ড 53 (2): 340. doi:10.2307/1178650. https://dl.ndl.go.jp/contents/10209324/214bbe1f-7228-4303-89fa-b839a4938a18/3ee58549-f76e-4518-ae2f-0678a482a573/3ee58549-f76e-4518-ae2f-0678a482a573.pdf. 
  3. 3.0 3.1 "Shinto Symbols". Contemporary Religions in Japan (Nanzan University) খণ্ড 7 (1): p. 16 and n22. March 1966. https://books.google.com/books?id=eqPjAAAAMAAJ&q=%22koma+inu%22. 
  4. Shogakukan Encyclopedia, Komainu
  5. Iwanami Kōjien (広辞苑?) Japanese dictionary, 6th Edition (2008), DVD version
  6. 6.0 6.1 6.2 Cali, Joseph; Dougill, John (2012). Shinto Shrines: A Guide to the Sacred Sites of Japan's Ancient Religion. University of Hawaii Press. পৃষ্ঠা. 37. ISBN 9780824837754. https://books.google.com/books?id=J1gEEAAAQBAJ&pg=PA37. 
  7. Soymié, Michel (1966). "Notes d'iconographie chinoise : les acolytes de Ti-tsang". Arts Asiatiques খণ্ড 14: p.52, n(2). doi:10.3406/arasi.1966.958. https://books.google.com/books?id=kEvrAAAAMAAJ&q=%22komainu%22. 
  8. JAANUS, A un, accessed on July 10, 2010
  9. Encyclopedia of Shinto, Komainu
  10. 10.0 10.1 Shisa Travelogue, Culture of the lion around the world; roots of the shisa Archived October 9, 2009, at the Wayback Machine
  11. Kyoto National Museum Dictionary
  12. 12.0 12.1 12.2 Kobayashi, Fumihiko (Spring 2021). "Symbolic Representations of Apotropaic Power in Edo-Era Japan (1603–1868)". Western Folklore খণ্ড 80 (2): 186–187. https://dl.ndl.go.jp/contents/10209324/214bbe1f-7228-4303-89fa-b839a4938a18/3ee58549-f76e-4518-ae2f-0678a482a573/3ee58549-f76e-4518-ae2f-0678a482a573.pdf. 
  13. 13.0 13.1 JAANUS, Komainu, accessed on July 16, 2010
  14. Bennett, James; Newland, Amy Reigle (2009). The Golden Journey: Japanese Art from Australian Collections, Art Gallery of South Australia. Art Gallery of South Australia. পৃষ্ঠা. 40. ISBN 9780730830399. https://books.google.com/books?id=X4UOAQAAMAAJ&q=%22komainu%22. 
  15. Kotera, pages 1 and 2
  16. 16.0 16.1 16.2 16.3 Scheid, Inari Fuchswächter
  17. On the fusion of Shintō and Buddhism, see the article Shinbutsu shūgō
  18. Smyers (1999:229)
  19. Shisa Travelogue, The Chinese lion-Guardian dogs Archived October 8, 2009, at the Wayback Machine