কোহিৰাম দাস (ইংৰাজী: Kuhiram Das) এগৰাকী অসমীয়া লিখক আৰু অভিধান প্ৰণেতা।

কোহিৰাম দাস
জন্ম ১৮৮২
বৰপেটা জিলা
মৃত্যু ১৯৫৯
ৰাষ্ট্ৰীয়তা ভাৰতীয়
শিক্ষানুষ্ঠান কলিকতা বিশ্ববিদ্যালয়
ধৰ্ম হিন্দু ধৰ্ম

জন্ম আৰু শিক্ষা

সম্পাদনা কৰক

জন্মস্থান বৰপেটা জিলাৰ সৰ্থেবাৰী। প্রাথমিক শিক্ষা সৰ্থেবাৰীত লাভ কৰে। ১৯০৩ খ্রীষ্টাব্দত কলিকতা বিশ্ববিদ্যালয়ৰ পৰা দৰ্শনত অনাৰ্চসহ বি. এ. ডিগ্রী লাভ কৰে।

সাহিত্যিক অৱদান

সম্পাদনা কৰক

'চেতনা', 'বাঁহী', 'জয়ন্তী', 'পখিলা' আদি আলোচনীৰ পাতত সাহিত্য-চৰ্চা কৰিছে। 'ভাৰতৰ ধৰ্ম গুৰুসকল' আৰু 'হজৰত মহম্মদৰ জীৱন চৰিত' নামৰ দুখন গ্রন্থ ৰচনা কৰিছে। 'চন্দ্ৰকান্ত অভিধান'ৰ শব্দ সংকলন কার্যত সহযোগিতা আগবঢ়াইছিল। কামৰূপী অভিধান এখনৰ সংকলনৰ কাম সমাপ্ত কৰে যদিও সেইখন অপ্রকাশিত হৈ ৰয়। সাহিত্য-চৰ্চা কৰাৰ লগতে দেশৰ হকেও কাম কৰি যায়। তেওঁ মুক্তি যুঁজাৰু হিচাপে প্রখ্যাত আছিল।[1]

প্ৰসংগসূত্ৰ

সম্পাদনা কৰক
  1. দত্তবৰুৱা, মঞ্জু, সম্পা.(২০১২), অসম লেখক কোষ, তৃতীয় খণ্ড, অসম সাহিত্য সভা, পৃ.৩৪