বৰপেটা জিলা

ভাৰতৰ অসম ৰাজ্যৰ এখন জিলা

বৰপেটা জিলা (ইংৰাজী: Barpeta District) অসমৰ প্ৰশাসনিক জিলা সমূহৰ ভিতৰৰ এখন উল্লেখনীয় জিলা। জিলাখনৰ সদৰ কাৰ্যালয়সমূহ বৰপেটাত অৱস্থিত। জিলাখনে অসমৰ মুঠ ৩২৪৫ বৰ্গ কিলোমিটাৰ এলেকা আগুৰি আছে আৰু ইয়াৰ জনসংখ্যা ১,৬৪২,৪২০ জন (২০০১ চনৰ লোকপিয়ল অনুসৰি)।

বৰপেটা জিলা
—  জিলা  —
Sankardev Satra Patbausi, Barpeta.jpgপাটবাউসীস্থিত সত্ৰৰ তোৰণ
অসমত বৰপেটা জিলাৰ অৱস্থান
অসমত বৰপেটা জিলাৰ অৱস্থান
ৰাজ্য অসম
দেশ ভাৰত
সদৰ বৰপেটা
আসন বৰপেটা
মাটিকালি
 - মুঠ ৩,২৪৫ কি.মি. 
(১,২৫২.৯ বৰ্গ মাইল)
জনসংখ্যা (২০১১)
 - মুঠ ১৬,৯৩,১৯০ জন
 - জনঘনত্ব ৫২১.৮ প্ৰতি বৰ্গ কি.মি. 
(১,৩৫১.৪ প্ৰতি বৰ্গ মাইল)
সময় অঞ্চল IST (গ্ৰী.মা.স.+05:30)
আই এচ অ’ ৩১৬৬ কোড IN-AS-BA
ৱেবছাইট http://barpeta.gov.in/

ইতিহাস সম্পাদনা কৰক

অবিভক্ত কামৰূপ জিলাৰ বিভাজন ঘটি ১৯৮৩ চনত বৰপেটা জিলাখনৰৰ গঠন কৰা হৈছিল।[1] ব্ৰিটিছৰ সময়ত ১৮৪১ চনত অসামৰিক মহকুমা সৃষ্টি হৈছিল, জ’ন্‌ বাটলৰ প্ৰথম প্ৰশাসনিক বিষয়া আছিল পূৰ্বৰ মহকুমাটো। বৰ্তমানৰ জিলাখনৰ দুখন মহকুমা হৈছে বৰপেটা আৰু বজালী। ১ জুন, ২০০৪ চনত নতুনকৈ গঠন হোৱা বাক্সা জিলাত কেইবাটাও অঞ্চল হেৰুৱাব লগীয়া হয়।[1]

ভৌগোলিক অৱস্থিতি আৰু ভূখণ্ড সম্পাদনা কৰক

নামনি অসমৰ এই জিলাখনৰ মাটিকালি ৩২৪৫ বৰ্গ কিলোমিটাৰ।[2] বৰপেটা জিলাৰ উত্তৰে ভূটান পাহাৰ, পূবে নলবাৰী জিলা,দক্ষিণে কামৰূপ আৰু গোৱালপাৰা, পশ্চিমে বঙাইগাঁও জিলা। বৰপেটা জিলাৰ অৱস্থিতি হ’ল ২৬ ডিগ্ৰী ০৫ মিনিট উত্তৰ আৰু ২৬ ডিগ্ৰী ৫৯ মিনিট উত্তৰ অক্ষাংশ আৰু দ্ৰাঘিমাংশ ৯০ ডিগ্ৰী ৩৯ মিনিট পূব আৰু ৯১ ডিগ্ৰী ১৭ মিনিট পূব।

সাধাৰণতে নিম্ন সমভূমি আৰু চাপৰ পহাৰ অঞ্চলেৰে বেষ্টিত বৰপেটা জিলা খনৰ দক্ষিণ-পশ্চিম কোণত বিশেষকৈ বাঘবৰ, ফুলোৰা, আৰু চ’তলা অঞ্চল বোৰত পাহাৰ আছে যি পাহাৰৰ দাতিয়েদি বিশাল ব্ৰহ্মপুত্ৰ নদী বৈ গৈছে।

প্ৰশাসনিক বিভাজন সম্পাদনা কৰক

লোকসভা আৰু বিভানসভা সমষ্টি সম্পাদনা কৰক

বৰপেটা জিলা মুঠ ৮টা বিধানসভা সমষ্টিত বিভক্ত। এইকেইটা হৈছে যথাক্ৰমে বৰপেটা, বাঘবৰ, ভৱানীপুৰ, চেঙা, জনিয়া, পাটাছাৰকুছি, সৰুক্ষেত্ৰী আৰু সৰভোগ। [3] ইয়াৰে সৰভোগ আৰু ভৱানীপুৰ কোকৰাঝাৰ লোকসভা সমষ্টিৰ অন্তৰ্গত আৰু বাকী ছয়টা বৰপেটা লোকসভা সমষ্টিৰ অন্তৰ্গত।[4]

উন্নয়ন খণ্ড সম্পাদনা কৰক

জিলাখনক মুঠতে ১১টা উন্নয়ন খণ্ডত ভগোৱা হৈছে।[5]

  • বৰপেটা
  • বজালী
  • ভৱানীপুৰ
  • চকচকা
  • চেঙা
  • গোমাফুলবাৰী

  • গোৱৰ্ধন
  • পাকাবেতবাৰী
  • মন্দিয়া
  • ৰূপসী
  • সৰুক্ষেত্ৰী

উল্লেখনীয় স্থানসমূহ সম্পাদনা কৰক

মহাপুৰুষ মাধৱদেৱে স্থাপন কৰা[6] এই সত্ৰ বাৰ্ষিক দৌলোৎসৱ বা হোলীৰ বাবে জনাজাত।
হাউলী জিলাখনৰ এক অন্যতম ব্যৱসায়িক কেন্দ্ৰ। ইয়াৰ প্ৰতি বছৰে ৰাস মহোৎসৱ আড়ম্বৰপূৰ্ণভাৱে পালন কৰা হয়।[7]
এই ঠাই জিলাখনৰ সৰ্ববৃহৎ বাণিজ্য কেন্দ্ৰ। বৰপেটা ৰোডক পশ্চিম অসমৰ বাণিজ্যিক ৰাজধানী হিচাপে জনা যায়।
৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত অৱস্থিত এখন সৰু চহৰ। সৰভোগ উন্নত মানৰ দৈ-গাখীৰ, মাখন বা ক্ৰীম আদিৰ বাবে জনাজাত।[8]
মূল চহৰৰ পৰা প্ৰায় ২০ কিঃমিঃ নিলগৰ এই ঠাইখন মহাপুৰুষ হৰিদেৱে প্ৰতিষ্ঠা কৰা বহৰি সত্ৰৰ বাবে বিখ্যাত।
অসমৰ কাঁহ-পিতলৰ শিল্পৰ মূল কেন্দ্ৰ।
বজালী উন্নয়ন খণ্ডৰ অন্তৰ্গত বেলনা গাওঁ পৰিচ্ছন্ন আৰু সেউজ হিচাপে চিহ্নিত অসমৰ প্ৰথমখন গাওঁ।[9]

জলবায়ু সম্পাদনা কৰক

বছৰটোৰ সকলো সময়তে ঠাইখনৰ জলবায়ু মধ্যম আৰু আনন্দদায়ক হয়। গ্ৰীষ্ম মৌচুমী বায়ুৰ প্ৰভাবত প্ৰধানকৈ গ্ৰীষ্ম আৰু শীত ঋতু অনুভূত হয়। গ্ৰীষ্ম কাল মাৰ্চ মাহৰ পৰা মে' মাহলৈ, পিছত মৌচুমী বায়ুৰ ফলত বৰ্ষা জুন-চেপ্তেম্বৰ আৰু শীত ঋতু অক্টোবৰৰ পৰা ফেব্ৰুৱাৰীলৈ।

নৈ-উপনৈ সম্পাদনা কৰক

ব্ৰহ্মপুত্ৰ নদী পূবৰ পৰা পশ্চিমলৈ বৰপেটা জিলাৰ দক্ষিণে ইমুৰৰ পৰা সিমুৰলৈ বৈ আছে। জিলাখনৰ বিভিন্ন অঞ্চলৰে বৈ ব্ৰহ্মপুত্ৰ নদীত পৰা উপনৈ সমূহ হ’ল বেকী, মানাহ, পহুমাৰা, কালদিয়া, প’ল্লা, নখাণ্ডা, মৰাচাউলখোৱা, আৰু ভেলেঙী, যিবোৰে উত্তৰৰ পৰা দক্ষিণলৈ বৈছে। পহুমাৰা আৰু কালদিয়া নৈ বৰপেটা চহৰৰ ওচৰত লগ হৈ নখাণ্ডা আনহাতে প’ল্লা আৰু বেকী নৈ নখাণ্ডা উপনৈৰ লগ হৈ চাউলখোৱা নাম পায় ব্ৰহ্মপুত্ৰত পৰে। এই নদীসমূহে বৰপেটা জিলাৰ কৃষিজীৱি লোকক কৃষি উৎপাদনত চহকী কৰি তুলিছে।

তথ্যসূত্ৰ সম্পাদনা কৰক

  1. 1.0 1.1 Law, Gwillim (2011-09-25). "Districts of India". Statoids. http://www.statoids.com/yin.html। আহৰণ কৰা হৈছে: 2011-10-11. 
  2. Srivastava, Dayawanti et al. (ed.) (2010). "States and Union Territories: Assam: Government". India 2010: A Reference Annual (54th সম্পাদনা). প্ৰকাশক New Delhi, India: Additional Director General, Publications Division, Ministry of Information and Broadcasting (India), Government of India. পৃষ্ঠা. 1116. ISBN 978-81-230-1617-7. 
  3. "List of Assembly Constituencies showing their Revenue & Election District wise break – up". Chief Electoral Officer, Assam website. Archived from the original on 22 March 2012. https://web.archive.org/web/20120322074811/http://ceoassam.nic.in/Gen_Informations/2.1%20-%20DEOs%20wise%20ACs%20breakup.pdf। আহৰণ কৰা হৈছে: 14 January 2020. 
  4. "List of Assembly Constituencies showing their Parliamentary Constituencies wise break – up". Chief Electoral Officer, Assam website. Archived from the original on 22 March 2012. https://web.archive.org/web/20120322074903/http://ceoassam.nic.in/Gen_Informations/2.2%20-%20PC-wise%20LAC%20breakup.pdf। আহৰণ কৰা হৈছে: 14 January 2020. 
  5. "List of Blocks". OFFICE OF THE CHIEF EXECUTIVE OFFICER, BARPETA ZILLA PARISHAD. Archived from the original on June 19, 2020. https://web.archive.org/web/20200619181633/http://www.barpetazp.com/blocks.htm। আহৰণ কৰা হৈছে: April 14, 2020. 
  6. "Barpeta Satra (Xatra), Barpeta Kirtan Ghar - Barpeta, Assam, Religious and Cultural Centre". Onlinesivasagar.com. http://onlinesivasagar.com/tourism/barpeta-satra.php। আহৰণ কৰা হৈছে: 2019-04-14. 
  7. "Preparations on for 86th Howly Raas mahotsava". The Assam Tribune. November 11, 2019. http://www.assamtribune.com/scripts/detailsnew.asp?id=nov1213/state05। আহৰণ কৰা হৈছে: April 14, 2020. [সংযোগবিহীন উৎস]
  8. "Bihu feasting becomes dearer". The Telegraph. January 1, 2018. https://www.telegraphindia.com/states/north-east/bihu-feasting-becomes-dearer/cid/1439036। আহৰণ কৰা হৈছে: April 14, 2020. 
  9. "Belona in Barpeta Becomes Assam’s First ‘Clean & Green’ Village". The Sentinel. October 11, 2019. https://www.sentinelassam.com/top-headlines/belona-in-barpeta-becomes-assams-first-clean-green-village/। আহৰণ কৰা হৈছে: April 14, 2020. 

বাহ্যিক সংযোগ সম্পাদনা কৰক