ক্ৰা দাদি জিলা (Kra Daadi district) উত্তৰ-পূব ভাৰতৰ অৰুণাচল প্ৰদেশৰ এখন অন্যতম জিলা। ২০১৫ চনৰ ৭ ফেব্ৰুৱাৰীত কুৰুং কুমেই জিলাৰ একাংশ পৃথক কৰি এই জিলাখন সৃষ্টি কৰা হৈছিল।[2] এই জিলাৰ সদৰ ঠাই পালিন। জিলাখনৰ সংখ্যাগৰিষ্ঠ অধিবাসী নিচি জনজাতিৰ।

ক্ৰা দাদি জিলা
—  অৰুণাচল প্ৰদেশৰ জিলা  —
দেশ  ভাৰত
ৰাজ্য অৰুণাচল প্ৰদেশ
স্থাপিত ৭ ফেব্ৰুৱাৰী ২০১৫ (2015-02-07)
সদৰ পালিন
চৰকাৰ
 - লোকসভা সমষ্টি অৰুণাচল পশ্চিম
 - বিধানসভা সমষ্টি ২টা (তালি, পালিন)
উচ্চতা ১,০৮০ মিটাৰ (৩,৫৪৩.৩১ ফুট)
জনসংখ্যা (২০১১)[1]
 - মুঠ ২২,২৯০ জন
জনসংখ্যাৰ তথ্য
 - সাক্ষৰতা হাৰ ৪৪%[1]
 - লিংগ অনুপাত ১০২৭[1]
সময় অঞ্চল ভা.মা.স. (গ্ৰী.মা.স.+০৫:৩০)
ৱেবছাইট আনুষ্ঠানিক ৱেবছাইট

ইতিহাস সম্পাদনা কৰক

 
জিলা খনৰ সদৰ ঠাই পালিনৰ দৃশ্য

২০১৩ চনৰ ২১ মাৰ্চত অৰুণাচল প্ৰদেশ (জিলা পুনৰ্সংগঠন) আইন (Arunachal Pradesh (Re-Organization of Districts) Bill) ৰ দ্বাৰা ক্ৰা দাদি জিলা গঠনৰ প্ৰস্তাৱ গৃহীত হয়।[3] ২০১৫ চনৰ ৭ ফেব্ৰুৱাৰীত সেইসময়ৰ অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী নবাম টুকীয়ে এই নতুন জিলাখন উদ্বোধন কৰে।[2]

প্ৰশাসন সম্পাদনা কৰক

বৰ্তমান জিলাখনৰ অস্থায়ী সদৰ পালিন। পালিনৰ পৰা ২০ কিমি দুৰত্বত অৱস্থিত জামিন (Jamin) নগৰক জিলাখনৰ সদৰ ঠাই হিচাপে প্ৰস্তাৱ কৰা হৈছে।

ক্ৰা দাদি জিলাত দুটা বিধানসভাৰ সমষ্টি আছে- তালি (Tali) আৰু পালিন (Palin)। তদুপৰি জিলাখন আঠটা প্ৰশাসনিক বৃত্তত বিভক্ত কৰা হৈছে- পালিন, জামিন, য়াংটে (Yangte), চামবাং (Chambang), তৰক লাংডি (Tarak Langdi), গাংটে (Gangte), তালি আৰু পিপচ’ৰাং (Pipsorang)।[2]

তথ্যসূত্ৰ সম্পাদনা কৰক

বাহ্যিক সংযোগ সম্পাদনা কৰক