কৰবী ডেকা হাজৰিকা ( জন্ম: ২৩ জানুৱাৰী, ১৯৫৩) এগৰাকী প্ৰসিদ্ধ অসমীয়া কবি আৰু সাহিত্যিক৷ তেওঁ ভালেসংখ্যক কবিতা সংকলন, সমালোচনা গ্ৰন্থ, উপন্যাস আৰু ভ্ৰমণ কাহিনী আদিৰ ৰচনাৰে অসমীয়া সাহিত্যলৈ বৰঙণি যোগাই আহিছে৷ তেওঁৰ অৱদানৰ বাবে কৰবী ডেকা হাজৰিকাই বসন্ত বৰদলৈ বঁটা আৰু প্ৰবীণা শইকীয়া বঁটা লাভ কৰিছে৷

কৰবী ডেকা হাজৰিকা
জন্ম বৰজান , নাগালেণ্ড
ৰাষ্ট্ৰীয়তা  ভাৰত
নাগৰিকত্ব ভাৰতীয়
ধৰণ কবিতা, গীতি সাহিত্য, উপন্যাস, শিশু সাহিত্য, সাহিত্য সমালোচনা, ভ্ৰমণ সাহিত্য
উল্লেখযোগ্য বঁটা বসন্ত বৰদলৈ বঁটা
প্ৰশান্ত শইকীয়া বঁটা
কাব্য হৃদয় সন্মান

শৈশৱসম্পাদনা কৰক

কৰবী ডেকা হাজৰিকাৰ জন্ম হৈছিল নাগালেণ্ডৰ বৰজান নামৰ এখন ঠাইত ১৯৫৩ চনৰ ২৩জানুৱাৰীত৷ তেওঁৰ পিতৃ মিনাকান্ত হাজৰিকা পেছাত এগৰাকী চিকিৎসক আছিল আৰু কৰ্মসূত্ৰে নগাপাহাৰৰ অঞ্চলসমূহত বসবাস কৰিছিল৷ প্ৰখ্যাত অসমীয়া সাহিত্যিক অতুল চন্দ্ৰ হাজৰিকা কৰবী ডেকা হাজৰিকাৰ ককাদেউতাক আছিল ৷

শিক্ষাসম্পাদনা কৰক

কৰবী ডেকা হাজৰিকাই শিৱসাগৰত স্কুলীয়া শিক্ষা আৰম্ভ কৰে৷ ১৯৬৯ চনত শিৱসাগৰৰ ফুলেশ্বৰী বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা অসমীয়া ভাষাত সৰ্ব্বোচ্চ নম্বৰ লাভ কৰি তেওঁ উচ্চতৰ মাধ্যমিক পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হয়৷ ইয়াৰ পিছত ১৯৭২ চনত শিৱসাগৰ বালিকা মহাবিদ্যালয়ৰ পৰা তেওঁ প্ৰথম শ্ৰেণীত স্নাতক ডিগ্ৰী লাভ কৰে৷ ১৯৭৪ চনত হাজৰিকাই অসমীয়া বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী পায় আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়ত মহেশ্বৰ নেওগৰ অধীনত ডক্টৰেট গৱেষণা আৰম্ভ কৰে৷ তেওঁৰ গৱেষণাৰ বিষয় আছিল- মাধৱদেৱ: জীৱন, কলা আৰু ধাৰণা ( Madhavdeva: His Life, Art and Thoughts)৷

কেৰিয়াৰসম্পাদনা কৰক

শৈক্ষিকসম্পাদনা কৰক

১৯৭৬ চনৰ ২৪ ছেপ্টেম্বৰত ড৹ ডেকা হাজৰিকাই সহকাৰী অধ্যাপক ৰূপে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগত যোগদান কৰে৷ পৰৱৰ্ত্তী কালত পদোন্নতি লাভ কৰি তেওঁ সেই বিভাগতে লক্ষ্মীনাথ বেজবৰুৱাৰ আসন অলংকৃত কৰিবলৈ সক্ষম হয় ৷ বৰ্তমান তেওঁ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ কলা আৰু সামজ বিজ্ঞান (Humanities and Social Sciences)ৰ ডিন হিচাপে কায্যনিৰ্বাহ কৰি আছে৷ ২০০৮ চনত ডেকা হাজৰিকাৰ উদ্যোগতে ডিব্ৰুগড় বিশ্ববিদ্যালয়ত Dr. Bhupen Hazarika Centre for Studies in Performing Arts প্ৰতিষ্ঠা হয়৷ এই কেন্দ্ৰটোৱে উত্তৰ-পূৰ্বাঞ্চলত পোনপ্ৰথমবাৰৰ বাবে সংগীত, নৃত্য আৰু থিয়েটাৰ বিষয়ত স্নাতক আৰু স্নাতকোত্তৰ মহলা আৰম্ভ কৰিবলৈ সক্ষম হয়৷

সাহিত্যসম্পাদনা কৰক

ড৹ ডেকা হাজৰিকাই অসমীয়া সাহিত্যৰ বিভিন্ন দিশত অৱদান আগবঢ়াইছে৷ পঞ্চম শ্ৰেণীত পঢ়ি থকাৰ সময়তে ১৯৬২ চনৰ ভাৰত-চীন যুদ্ধৰ সোঁৱৰণত লিখা তেওঁৰ প্ৰথমটো কবিতা ’অঞ্জলি’ অসম বাণী কাকতত প্ৰকাশ পাইছিল৷ ইয়াৰ পিছৰ পৰা তেওঁৰ কবিতামসূহ অসমৰ বিভিন্ন কাকত-আলোচনীত প্ৰকাশ পাই আহিছে৷ ইতিমধ্যে তেওঁ ভালেসংখ্যক কবিতা সংকলনো প্ৰকাশ কৰিছে৷

তাৰোপৰি ডেকা হাজৰিকাই সমালোচনা গ্ৰন্থ, উপন্যাস, শিশু সাহিত্য আৰু অনুবাদ সাহিত্যও ৰচনা কৰিছে৷ অসমীয়া সাহিত্যৰ অতীত আৰু বৰ্তমানৰ বহুতো দিশত তেওঁ মূল্যৱান সমালোচনা প্ৰকাশ পাই আহিছে৷

সাহিত্য সৃষ্টিৰ উপৰিও গীতিকাৰ ৰূপেও ড৹ ডেকা হাজৰিকাৰ সুনাম আছে৷

বঁটা আৰু সন্মানসম্পাদনা কৰক

  • ১৯৮০-৯০ দশকৰ শ্ৰেষ্ঠ মহিলা সাহিত্যিকৰ ’বসন্ত বৰদলৈ বঁটা’ - অসম সাহিত্য সভা (১৯৯১) [1]
  • সৰ্বশ্ৰেষ্ঠ মহিলা লেখক- সদৌ অসম মহিলা লেখিকা সন্থা (২০০৭) [2]
  • প্ৰবীণা শইকীয়া বঁটা- সদৌ অসম মহিলা লেখিকা সন্থা (২০১৩)
  • কাব্য হৃদয় সন্মান- কল অব দা ব্ৰহ্মপুত্ৰ (২০১০)

গ্ৰন্থৰাজিসম্পাদনা কৰক

সমালোচনা গ্ৰন্থ

  • অসমীয়া সাহিত্যৰ ৰূপ-ৰেখা (১৯৮৫)
  • মাধৱদেৱ: সাহিত্য, কলা আৰু দৰ্শন (১৯৮৭)
  • সাহিত্যৰ চিন্তা-ছায়া (১৯৯৫)
  • সাহিত্য আৰু চিন্তা (১৯৯৬)
  • কবিতাৰ ৰূপ-ছায়া (১৯৯৯)
  • অসমীয়া কবিতা (১৯৯৯)
  • তুলনামূলক সাহিত্য আৰু অনুবাদ কলা (২০০৩) [3]
  • তুলনামূলক অধ্যয়ন (২০০৩) [4]
  • চৰ্যাপদ আৰু বৰগীত (২০০৪)
  • অসমীয়া কবি আৰু কবিতা (২০০৪)
  • সাহিত্য সঞ্চয়ন (২০০৫)
  • সাহিত্যৰ স্বৰূপ (২০০৭)
  • অসমীয়া আৰু বাংলা কবিতাত আধুনিকতাৰ অন্মেষ (২০০৮)
  • তুলনামূলক সাহিত্য: বিকাশ আৰু বিৱৰ্তন (২০০৮)
  • Maheswar Neog—A Monograph (প্ৰেছত)
  • ৰামায়ণৰ চানেকি (১৯৯৩)
  • অসমীয়া প্ৰেমৰ কবিতা (হোমেন বৰগোহাঞিৰ সৈতে যুটীয়া সম্পাদনাত, ১৯৯৫)
  • ৰামায়ণ, আযোধ্যা কাণ্ড (১৯৯৭)
  • নগেন শইকীয়া: ব্যক্তিত্ব আৰু কৃতিত্ব (১৯৯৭) Nagen Saikia: Byaktiva Aru Krititva,Bani Mandir, ডিব্ৰুগড় 1997
  • ঊষা পৰিণয়, বনলতা, ডিব্ৰুগড়, (১৯৯৮)
  • কীৰ্ত্তন ঘোষা আৰু নামঘোষা (১৯৯৯) , বনলতা, ডিব্ৰুগড়
  • সাহিত্য পত্ৰিকা, ৬০তম অসম সাহিত্য সভা (২০০১)
  • ডিবৰুৰ কবিতা (২০০১)
  • প্ৰবাল দ্বীপৰ ডাৰে (২০০৩)
  • পাৰ্বতী প্ৰসাদ বৰুৱাৰ কৃতী আৰু কবিতা (২০০৪)
  • মনত পৰেনে অৰুন্ধতী (২০০৫), বনলতা, ডিব্ৰুগড়
  • নিৰ্বাচিত ভাৰতীয় কবিতা (২০০৫)
  • সীমাৰ পৰিধি ভাঙি কবিতা (২০১০)
  • সমীক্ষণ (২০১০)
  • বেজবৰুৱাৰ সাহিত্য ছায়া, অসম পাব্লিছিং কোম্পানী, গুৱাহাটী, ২০১২
  • এহেজাৰ বছৰৰ অসমীয়া কবিতা, বনলতা, ডিব্ৰুগড় ২০১৩
  • নৱজাগৰণৰ গদ্য, সাহিত্য অকাডেমি, নতুন দিল্লী
  • অসমীয়া গদ্য সাহিত্য—জোনাকীৰ পৰা জয়ন্তীলৈ (Jointly with Dr Satyakam Borthakur)
  • মাধৱদেৱ: তেওঁৰ জীৱন, কলা আৰু চিন্তা, বাণী মন্দিৰ, গুৱাহাটী, ২০০৬

শিশু সাহিত্য

  • জুনুকাৰ এৰাতি, ষ্টুডেন্টছ্ ষ্ট'ৰ, গুৱাহাটী, ১৯৯২
  • চিকমিকাৰ কাহিনী, ষ্টুডেন্টছ্ ষ্ট'ৰ, গুৱাহাটী,১৯৯২
  • সেউজী মনৰ কাহিনী, ষ্টুডেন্টছ্ ষ্ট'ৰ, গুৱাহাটী,১৯৯২
  • ভাৰতীয় সাহিত্যৰ উন্মোচক, অসম সাহিত্য সভা, ১৯৯৯
  • বেজবৰুৱাৰ সাধুকথা (সম্পাদিত), বনলতা, ডিব্ৰুগড়, ২০০১
  • এমুঠি সোণালী তৰা (সম্পাদিত), বাল্য ভৱন, যোৰহাট
  • লায়ন কিং, বনলতা, ডিব্ৰুগড়, ২০০২
  • গুণ গোৱা ভূত, কৌস্তভ প্ৰকাশন, ডিব্ৰুগড়, ২০০৫
  • হেলেন কেলাৰ, কৌস্তভ প্ৰকাশন, ডিব্ৰুগড়, ২০১২

ভ্ৰমণকাহিনী

  • নীলা সাগৰ আৰু সোণালী দেশ, বনলতা, ডিব্ৰুগড়
  • সেউজীয়া চীন, কিৰণ প্ৰকাশন, ধেমাজি, ২০০৮
  • গ্ৰীচ দেশৰ সূৰ্যমুখী দিন আৰু অপৰাজিত ৰাতি, বনলতা, ডিব্ৰুগড়, ২০১১
  • লেটিন আমেৰিকাৰ বিস্ময় আৰু শিহৰণ, বনলতা, ডিব্ৰুগড়, ২০১৫
  • Nirjan Saukatar Monimoy Dinbur, Assam Publishing Company, Guwahati 2016

উপন্যাস

  • জোনাকৰ আখৰ, বনলতা, ডিব্ৰুগড়, ২০০০
  • Aranyar Shan, বনলতা, ডিব্ৰুগড়, 2005
  • অনুপমা, অৰুণা, কুসুম ইত্যাদি, বনলতা, ডিব্ৰুগড়, ২০০৭

কবিতা সংকলন

  • সুবাসিত এই যন্ত্ৰণা, দ্বীপ-শিখা প্ৰকাশন, গুৱাহাটী
  • মাটিৰ পৰা মেঘলৈ, বনলতা, ডিব্ৰুগড়, ১৯৯২
  • চুলি নাবান্ধিবা যাজ্ঞসেনী, ২০০১
  • পৰীৰ বাণী, কৌস্তভ প্ৰকাশন, ডিব্ৰুগড়, ২০০৮
  • এমুঠি সোণালী তৰা, তিনিচুকীয়া, ১৯৯৫
  • গানৰ পাখী, কৌস্তভ প্ৰকাশন, ডিব্ৰুগড়, ২০০২[5]

অনুবাদ সাহিত্য

তথ্য উৎসসম্পাদনা কৰক

  1. Meet The Author, Guwahati: Assam Sahitya sabha, 1991.Print
  2. About The Author, Guwahati: All Assam Women Writers Association, 2007.Print
  3. catalouge, ডিব্ৰুগড়: বনলতা, 2010.Print
  4. catalouge, ডিব্ৰুগড়: department of Assamese, ডিব্ৰুগড় University, 2010.Print
  5. catalouge, ডিব্ৰুগড়: kaustubh Prakashan, 2010.Print
  6. catalouge, New delhi: Sahitya Akademi, 2010.Print