ডিব্ৰুগড় বিশ্ববিদ্যালয়
ডিব্ৰুগড় বিশ্ববিদ্যালয় অসমৰ পূব প্ৰান্তত অৱস্থিত উত্তৰ-পূৰ্বাঞ্চলৰ অন্যতম বিশ্ববিদ্যালয়। ১৯৬৫ চনত অসম বিধান সভাত প্ৰস্তাৱিত এক বিধেয়কৰদ্বাৰা এই বিশ্ববিদ্যালয় স্থাপিত হয়[1]। অসমৰ উচ্চশিক্ষাৰ অন্যতম কেন্দ্ৰৰূপে পৰিচিত ডিব্ৰুগড় বিশ্ববিদ্যালয়ত কলা, বিজ্ঞান, বাণিজ্য আৰু প্ৰযুক্তিবিদ্যা বিষয়ক শিক্ষাদানৰ বাবে বিভিন্ন বিভাগ আৰু অধ্যয়ন কেন্দ্ৰৰ উপৰিও এখন "অভিযান্ত্ৰিক আৰু প্ৰযুক্তিবিদ্যাৰ প্ৰতিষ্ঠান" আছে। বৰ্তমান এই বিশ্ববিদ্যালয়ৰদ্বাৰা অনুমোদিত মুঠ মহাবিদ্যালয়ৰ সংখ্যা ১৬০। ডিব্ৰুগড় বিশ্ববিদ্যালয় চৌহদৰ মুঠ মাটিকালি হ'ল ২০৩ হেক্টৰ; ইয়াৰে ৭৪.৩ হেক্টৰৰ এটা এলেকাত চাহখেতি কৰা হয়। এই বিশ্ববিদ্যালয়খন ডিব্ৰুগড় নগৰৰ কেন্দ্ৰবিন্দু "নতুন বজাৰ" ৰ পৰা প্ৰায় ৫ কি: মি: দক্ষিণে "ৰজাভেটা" অঞ্চলত অৱস্থিত। ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথটো বিশ্ববিদ্যালয় চৌহদৰ মাজেৰে পাৰ হৈ গৈছে।
ডিব্ৰুগড় বিশ্ববিদ্যালয় | |
---|---|
![]() ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰতীক | |
মূলমন্ত্ৰ | নিয়তং কুৰু কৰ্ম |
স্থাপিত | ১৯৬৫ |
ধৰণ | ৰাজহুৱা |
আচাৰ্য | জগদীশ মুখী (অসমৰ ৰাজ্যপাল) |
উপাচাৰ্য | ড° জিতেন হাজৰিকা |
স্থান | ডিব্ৰুগড়, অসম,ভাৰত |
ৱেবছাইট | http://www.dibru.ac.in/ |
ইতিহাসসম্পাদনা কৰক
অসম বিধানসভাত প্ৰস্তাৱিত "ডিব্ৰুগড় বিশ্ববিদ্যালয় বিধেয়ক, ১৯৬৫" অনুসৰি ডিব্ৰুগড় বিশ্ববিদ্যালয় স্থাপিত হৈছিল। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰথম উপাচাৰ্য আছিল ড॰ বি, আৰ, শেঠ।
স্বীকৃতিসম্পাদনা কৰক
ডিব্ৰুগড় বিশ্ববিদ্যালয় Association of Indian Universities (AIU) আৰু Association of Commonwealth Universities (ACU)ৰ সদস্য। বিশ্ববিদ্যালয়খন National Assessment and Accreditation Council (NAAC), Bangaloreৰ দ্বাৰা মূল্যাঙ্কিত আৰু . A Grade প্ৰাপ্ত[2]। "বিশ্ববিদ্যালয় অনুদান আয়োগে" ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ "অসমীয়া বিভাগ"টোক Center for Advanced Studies (CAS) হিচাপে চিহ্নিত কৰিছে। তদুপৰি অন্য আঠটা বিভাগক আয়োগে Special Assistance Programme (SAP)ৰ অধীনত DSA আৰু DRSৰ মৰ্যাদা দিছে। এই বিশ্ববিদ্যালয়ৰ "পে'ট্ৰলিয়াম প্ৰযুক্তিবিদ্যা" বিভাগটো ভাৰত চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিভাগৰদ্বাৰা Center for Relevance and Excellence (CORE) under Technology, Information, Forcasting and Assessment Council (TIFAC) হিচাপে চিহ্নিত হৈছে।
শৈক্ষিক দিশসম্পাদনা কৰক
ডিব্ৰুগড় বিশ্বাবিদ্যালয়ত ২০০১-২০০২ শিক্ষাবৰ্ষৰ পৰা স্নাতকোত্তৰ পাঠ্যক্ৰম সমূহত ষাণ্মাসিক পদ্ধতি প্ৰয়োগ কৰা হৈছে আৰু ২০০৯-২০১০ শিক্ষাবৰ্ষৰ পৰা ইয়াক Choice Based Credit Systemলৈ উন্নীত কৰা হৈছে[3]। ২০১১-২০১২ শিক্ষাবৰ্ষৰপৰা প্ৰযোজ্য হোৱাকৈ বিশ্ববিদ্যালয়ৰ অধীনৰ বিভিন্ন মহাবিদ্যালয়সমূহৰ স্নাতক পাঠ্যক্ৰমত ষাণ্মাসিক পদ্ধতিৰ সূচনা কৰা হৈছে।
বৰ্তমান ডিব্ৰুগড় বিশ্ববিদ্যালয়ে ২০টাতকৈ অধিক বিষয়ত পি, এইচ, ডি, ডিগ্ৰী প্ৰদান কৰে। ০৩-০৫-২০১১ তাৰিখলৈকে বিশ্ববিদ্যালয়খনে মুঠ ১০৯৮জন গৱেষকক বিভিন্ন বিষয়ত পি, এইচ, ডি, ডিগ্ৰী প্ৰদান কৰিছে। তদুপৰি বিশ্ববিদ্যালয়খনে বৰ্তমান দহটা বিষয়ত (অসমীয়া, ইংৰাজী, ৰসায়ন বিজ্ঞান,পদাৰ্থ বিজ্ঞান, বাণিজ্য, বুৰঞ্জী, গণিত, ৰাজনীতি বিজ্ঞান, সমাজতত্ত্ব আৰু পৰিসংখ্যা) এম, ফিল ডিগ্ৰী প্ৰদান কৰে।
তাৎপৰ্যপূৰ্ণ গৱেষণাৰ উদ্দেশ্যে ডিব্ৰুগড় বিশ্ববিদ্যালয়ত সম্প্ৰতি তিনিখন সন্মানীয় আসন আছে। এই আসনকেইখন হৈছে- অসমীয়া বিভাগৰ সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা আসন, বুৰঞ্জী বিভাগৰ শ্ৰীশ্ৰী অনিৰুদ্ধদেৱ আসন আৰু প্ৰায়োগিক ভূতত্ত্ব বিভাগৰ কে, ডি, মালব্য আসন।
বিভিন্ন বিভাগ আৰু অধ্যয়ন কেন্দ্ৰসমূহসম্পাদনা কৰক
- অসমীয়া বিভাগ
- অৰ্থনীতি বিভাগ
- শিক্ষাতত্ত্ব বিভাগ
- ইংৰাজী বিভাগ
- বুৰঞ্জী বিভাগ
- ৰাজনীতি-বিজ্ঞান বিভাগ
- সমাজতত্ত্ব বিভাগ
- বাণিজ্য বিভাগ
- নৃতত্ত্ব বিভাগ
- প্ৰায়োগিক ভূ-তত্ত্ব বিভাগ
- ৰসায়ন-বিজ্ঞান বিভাগ
- জীৱ-বিজ্ঞান বিভাগ
- গণিত বিভাগ
- পেট্ৰলিয়াম প্ৰযুক্তিবিদ্যা বিভাগ
- ভেষজ বিজ্ঞান বিভাগ
- পদাৰ্থ-বিজ্ঞান বিভাগ
- পৰিসংখ্যা বিভাগ
- কম্পিউটাৰ বিজ্ঞান আৰু প্ৰয়োগ কেন্দ্ৰ
- ব্যৱস্থাপনা অধ্যয়ন কেন্দ্ৰ
- জৈৱ-প্ৰযুক্তি অধ্যয়ন কেন্দ্ৰ
- জৈৱ-তথ্যপ্ৰযুক্তি অধ্যয়ন কেন্দ্ৰ
- গ্ৰন্থাগাৰ আৰু তথ্য বিজ্ঞান অধ্যয়ন কেন্দ্ৰ
- চাহ আৰু কৃষি অধ্যয়ন কেন্দ্ৰ
- ড॰ ভূপেন হাজৰিকা পৰিবেশ্য কলা অধ্যয়ন কেন্দ্ৰ
- ন্যায় অধ্যয়ন কেন্দ্ৰ
- ভূগোল অধ্যয়ন কেন্দ্ৰ
- সাংবাদিকতা আৰু গণ-সংযোগ অধ্যয়ন কেন্দ্ৰ
- শাৰীৰিক শিক্ষা অধ্যয়ন কেন্দ্ৰ
- সমাজসেৱা অধ্যয়ন কেন্দ্ৰ
- বায়ুমণ্ডল অধ্যয়ন কেন্দ্ৰ (পদাৰ্থ বিজ্ঞান বিভাগৰ অন্তৰ্গত)
- আচৰণ-বিজ্ঞান অধ্যয়ন কেন্দ্ৰ
- ভাষা অধ্যয়ন কেন্দ্ৰ
সুবিধাসমূহসম্পাদনা কৰক
লক্ষ্মীনাথ বেজবৰুৱা গ্ৰন্থাগাৰসম্পাদনা কৰক
এইয়া হৈছে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ কেন্দ্ৰীয় গ্ৰন্থাগাৰৰ নাম। চাৰিমহলীয়া এই গ্ৰন্থাগাৰটোৱে প্ৰায় ৩৩৫৭০ বৰ্গফুট কালি অধিকাৰ কৰি আছে[4]। এই গ্ৰন্থাগাৰত বিভিন্ন বিষয়ৰ গ্ৰন্থৰ লগতে আলোচনী, পত্ৰিকা, বাতৰি কাগজ আদি ৰখা হয়। তদুপৰি বিশ্ববিদ্যালয়ৰ অধীনত গৱেষণা কৰা বিভিন্ন গৱেষকৰ গৱেষণা-পত্ৰসমূহো ইয়াত এটা সূকীয়া সংগ্ৰহ হিচাপে ৰখা হৈছে। বৰ্তমান গ্ৰন্থাগাৰটোৰ গ্ৰন্থ ব্যৱস্থাপনা আৰু আদান-প্ৰদান সূবিধাসমূহ সম্পূৰ্ণৰূপে কম্পিউটাৰ নিয়ন্ত্ৰিত। ২০০৪ চনৰ পহিলা জানুৱাৰীৰ পৰা গ্ৰন্থাগাৰটোত ইণ্টাৰনে'টৰ জৰিয়তে প্ৰায় ৪৭০০ ই-পত্ৰিকা পঢ়াৰ সুবিধা কৰা হৈছে।
ছাত্ৰাবাসসম্পাদনা কৰক
- পদ্মনাথ গোহাঞি বৰুৱা ছাত্ৰাবাস
- মফিজ্জুদ্দিন আহমেদ হাজৰিকা ছাত্ৰাবাস
- মণিৰাম দেৱান ছাত্ৰাবাস
- ড॰ লীলা গগৈ গৱেষক ছাত্ৰাবাস
- বৃত্তিমূলক পাঠ্যক্ৰমৰ ছাত্ৰনিবাস
- ১ নং ছাত্ৰাৱাস (অভিযান্ত্ৰিকী)
- ২ নং ছাত্ৰাৱাস (অভিযান্ত্ৰিকী)
ছাত্ৰীনিবাসসম্পাদনা কৰক
- জয়মতী ছাত্ৰীনিবাস
- নলিনীবালা দেৱী ছাত্ৰীনিবাস
- আইদেউ সন্দিকৈ ছাত্ৰীনিবাস
- নৱ ছাত্ৰীনিবাস
- বৃত্তিমূলক পাঠ্যক্ৰমৰ ছাত্ৰীনিবাস
- পদ্মাকুমাৰী গোহাঁই ছাত্ৰীনিবাস
- স্বৰ্ণলতা বৰুৱা ছাত্ৰীনিবাস
- মামণি ৰয়চম গোস্বামী ছাত্ৰীনিবাস