কৰমচান্দ উত্তমচান্দ গান্ধী

কৰমচান্দ উত্তমচান্দ গান্ধী (১৮২২ - ১৬ নৱেম্বৰ ১৮৮৫)[1] বা কাবা গান্ধী আছিল পোৰবন্দৰ ৰাজ্যৰ এগৰাকী ৰাজনীতিৰ সৈতে জড়িত ব্যক্তি। তেওঁ পোৰবন্দৰ, ৰাজকোট, আৰু ৱাংকানেৰ অঞ্চলৰ দেৱান আছিল। তেওঁ মহাত্মা গান্ধীৰ দেউতাক আছিল।

কৰমচান্দ উত্তমচান্দ গান্ধী

কৰমচান্দ গান্ধী
জন্ম ১৮২২
পোৰবন্দৰ, গুজৰাট, ব্ৰিটিছ ভাৰত
মৃত্যু ১৬ নৱেম্বৰ ১৮৮৫
দাম্পত্যসঙ্গী পুতুলি বাই (বি. ১৮৫৯)
সন্তান
  • লক্ষ্মীদাস
  • কৰ্ষণদাস
  • ৰালিয়তবেন
  • মোহনদাস

কৰ্ম জীৱনসম্পাদনা কৰক

সেই সময়ৰ জুনাগড় ৰাজ্যৰ কুতিয়ানা গাঁৱৰ পৰা গান্ধী পৰিয়ালটোৰ বিকাশ হৈছিল।[2] ১৭শ বা ১৮শ শতিকাৰ শেষৰ ফালে লালজী গান্ধী পোৰবন্দৰলৈ গুচি আহে আৰু ইয়াৰ শাসক ৰানাৰ সেৱাত প্ৰবিষ্ট হয়। পৰম্পৰাগতভাৱে পিছৰ প্ৰজন্মই আগৰে পৰাই ৰাজ্য প্ৰশাসনৰ অসামৰিক কৰ্মচাৰী হিচাপে কাৰ্যনিৰ্বাহ কৰি আহিছিল। কৰমচান্দৰ পিতৃ, উত্তমচান্দ ১৯শ শতিকাৰ আৰম্ভণিতে শাসক ৰানাৰ অধীনত পোৰবন্দৰৰ দেৱান হৈ পৰে।[2]১৮৩১ চনত ৰানা খিমোজিৰাজীৰ হঠাৎ মৃত্যু হয়। ফলস্বৰূপে ৰানাৰ বিধৱা পত্নী ৰাণী ৰূপালীবাইয়ে তেওঁৰ পুত্ৰৰ শাসকীয় ৰাজমাওৰ পদত অধিষ্ঠিত হয়। অচিৰেই উত্তমচান্দৰ সৈতে মতানৈক্যৰ ফলত তেওঁ উত্তমচান্দক জুনাগড়ৰ পৈতৃক গাঁ‌ৱলৈ উলটি আহিবলৈ বাধ্য কৰায়। জুনাগড়ত উত্তমচান্দ নৱাবৰ সন্মুখলৈ আহে আৰু তেওঁক সোঁ‌হাতৰ সলনি বাওঁ‌হাতেৰে চালামি দি এই প্ৰত্যুত্তৰ দিয়ে যে তেওঁৰ সোঁ‌হাত পোৰবন্দৰৰ সেৱাত উৎসৰ্গিত। ১৮৪১ চনত বিকমতজীয়ে সিংহাসন অধিকাৰ কৰে আৰু উত্তমচান্দক তেওঁৰ দেৱান হিচাপে নিযুক্ত কৰে।[2]

তেওঁৰ পিতৃ উত্তমমচান্দ গান্ধীৰ দৰে কৰমচান্দ পোৰবন্দৰৰ ৰাজ আদালতৰ বিষয়া বা মুখ্য মন্ত্ৰী হৈছিল। কৰমচান্দৰ দায়িত্বত আছিল পোৰবন্দৰৰ ৰাজপৰিয়ালৰ কোঁৱৰক পৰামৰ্শ দিয়া আৰু অন্যান্য চৰকাৰী বিষয়াসকলক নিয়োজিত কৰা।

কৰমচান্দৰ আনুষ্ঠানিক শিক্ষা অতি কম আছিল, কিন্তু তেওঁৰ জ্ঞান আৰু অভিজ্ঞতাই তেওঁক এজন ভাল প্ৰশাসক হিচাপে গঢ়ি তোলে। তেওঁক দয়ালু আৰু উদাৰ বুলি জনা গৈছিল যদিও বেয়া মেজাজ আছে বুলিও কোনো কোনোৱে আঙুলি তুলিছিল।[3] তেওঁ পিতৃৰ কাম চাই চাই আৰু ধৰ্মীয় অনুষ্ঠান সমূহতত উপস্থিত থাকি অভিজ্ঞতাৰ পৰা শিকিছিল। অৱশ্যে, কিছুমান বিশেষ ক্ষেত্ৰত তেওঁ কেতিয়াও বিশেষ জ্ঞান আহৰণ কৰিব পৰা নাছিল, যাৰ ভিতৰত আছে ভূগোল আৰু ইতিহাস। গতিকে, কৰমচান্দে পোৰন্দৰত মুখ্য মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।[4] কৰমচান্দে চাকৰি জীৱনত সফলতা লাভকৰা স্বত্বেও, তেওঁ বিশেষ ধন জমা কৰিব পৰা নাছিল। খোৱাৰ ক্ষেত্ৰত যথেষ্ট খাবলৈ আছিল, এক সন্মানীয় সংখ্যক ঘৰুৱা বনুৱা আছিল আৰু ভাল ঘৰুৱা আচবাব কিছুমান আছিল, কিন্তু তেওঁলোকৰ ধন-ধান উভৈনদী নাছিল। কৰমচান্দে উপাৰ্জন কৰা অৰ্থৰে ঘৰুৱা খৰচবোৰ কৰিব পৰাহে হৈছিল।[5]

বৈবাহিক জীৱনসম্পাদনা কৰক

কৰম চান্দে চাৰিবাৰ বিবাহ কৰিছিল। তেওঁৰ প্ৰথম তিনিওখন বিবাহ তেওঁৰ স্ত্ৰী-ৰ মৃত্যুৰ সৈতে সমাপ্ত হৈছিল; যাৰ ভিতৰত দুগৰাকীৰ দুটি কন্যা সন্তান জন্মৰ লগে লগে মৃত্যু হয়। তাৰ পিছত তেওঁ ১৮৫৯ চনত পুতুলিবাই গান্ধীক (১৮৪৪ - ১৫ জুন ১৮৯১) বিয়া কৰাই আৰু তেওঁলোকৰ বিবাহ ১৮৮৫ চনলৈ কৰমচান্দৰ মৃত্যুপৰ্যন্ত সফলতাৰে আগবাঢ়ে। এই বিবাহৰ পৰিণতিত তেওঁলোকৰ চাৰিটাকৈ সন্তানৰ জন্ম হৈছিল - তিনিজন পুত্ৰসন্তানৰ ভিতৰত আছে লক্ষ্মীদাস গান্ধী (১৮৬০ - ৯ মাৰ্চ ১৯১৪), কৰ্ষণদাস গান্ধী (১৮৬৬ - ২২ জুন ১৯১৩) আৰু মহাত্মা গান্ধী (২ অক্টোবৰ ১৮৬৯ - ৩০ জানুৱাৰী ১৯৪৮) আৰু এগৰাকী কন্যা সন্তান ৰালিয়টবেহন (১৮৬২ - ডিচেম্বৰ ১৯৬০)। মহাত্মা গান্ধী আছিল তেওঁৰ কনিষ্ঠ সন্তান। তেওঁৰ সকলো সন্তানৰে তেওঁৰ জীৱিত কালত বিবাহ সম্পন্ন হৈছিল।

মৃত্যুসম্পাদনা কৰক

১৮৮৫ চনত কৰমচান্দ ভগন্দৰ (Fistula) ৰোগত আক্ৰান্ত হয়। বিভিন্ন চিকিৎসাৰ পিছতো তেওঁ এই ৰোগৰ পৰা মুক্তি লাভ কৰিব নোৱাৰিলে। অৱশেষত ১৬ নৱেম্বৰ তাৰিখে ৬৩ বছৰ বয়সত তেওঁৰ মৃত্যু হয়।

তথ্যসূত্ৰসম্পাদনা কৰক