খলিহনা মাছ
খলিহনা (ইংৰাজী: banded gourami, striped gourami, বৈজ্ঞানিক নাম:Trichogaster fasciata) বিষুৱীয় অঞ্চলত পোৱা এবিধ মাছ। এই মাছবিধ এচিয়াৰ বিভিন্ন দেশ যেনে বাংলাদেশ, পূব-ভাৰত, উত্তৰ-পূব ভাৰত, নেপাল, ম্যানমাৰৰ উজনি অঞ্চল, চীন আৰু পাকিস্তানত পোৱা যায়।[3]
খলিহনা মাছ | |
---|---|
খলিহনা মাছৰ ৰেখাচিত্ৰ | |
সংৰক্ষণ স্থিতি | |
বৈজ্ঞানিক শ্ৰেণীবিভাজন | |
Unrecognized taxon (ঠিক কৰক): | Trichogaster |
প্ৰজাতি: | T. fasciata |
দ্বৈৰাশিক নামকৰণ | |
Trichogaster fasciata Marcus Elieser Bloch & J. G. Schneider, 1801 | |
সমাৰ্থক[2] | |
|
আকৃতি-প্ৰকৃতি
সম্পাদনা কৰকখলিহনা মাছৰ দেহটো দীঘলীয়া আৰু সংকোচিত। মুখখন সৰু আৰু অলপ বাহিৰলৈ ওলোৱা ধৰণৰ। শৰীৰৰ ৰং সেউজীয়া আৰু পিঠিৰ পৰা পায়ুপথলৈকে হেলনীয়া কমলা বা নীলা ৰঙৰ ৰেখা থাকে।[4] এই প্ৰজাতিৰ মাছৰ মুঠ আয়ুসকাল প্ৰায় ৪ বছৰ। ইহঁতৰ জীৱনৰ তিনিটা সুকীয়া পৰ্যায় আছে: পোনা মেলাৰ পূৰ্বে (জানুৱাৰী–মাৰ্চ), পোনা মেলা (এপ্ৰিল–আগষ্ট) আৰু পোনা মেলাৰ পিছত (ছেপ্টেম্বৰ–ডিচেম্বৰ)। ১ বছৰ বয়সত ইহঁতে যৌন পৰিপক্বতা লাভ কৰে। মতা আৰু মাইকী মাছৰ মুঠ দৈৰ্ঘ্য ক্ৰমে প্ৰায় ১০ চে.মি. আৰু ৬–৮ চে.মি.। সাধাৰণতে মতাবোৰৰ আকাৰ মাইকীবোৰতকৈ অলপ ডাঙৰ হয়।[4] ই অপতৃণযুক্ত পৰিৱেশ[5] যেনে মোহনা, পুখুৰী, বৃহৎ নদী, খাৱৈ, হ্ৰদ[1][6]আৰু ধাননি পথাৰ পছন্দ কৰে।[1] এই প্ৰজাতিটো ইয়াৰ সুস্বাদু সোৱাদ, পুষ্টিৰ ক্ষেত্ৰত অৰিহণা আৰু একুৰিয়ামৰ মাছ হিচাপে ইয়াৰ আলংকাৰিক মূল্যৰ বাবে জনপ্ৰিয়।[7]মাছবিধৰ স্বকীয় ৰঙৰ বাবে জাৰ্মানী, হংকং, জাপান, মালয়েছিয়া, কোৰিয়া ৰিপাব্লিক, ছিংগাপুৰ, টাইৱান, থাইলেণ্ড আৰু আমেৰিকালৈ ইয়াক ৰপ্তানি কৰা হৈছে।[8] পূৰ্বতে এই প্ৰজাতিটো মিঠা পানীৰ পুখুৰী, পুখুৰী, খাৱৈ, জলাশয়, নদী, গছ-গছনি থকা হ্ৰদ আদিত সহজে উপলব্ধ আছিল যদিও বিভিন্ন মানৱসৃষ্ট চাপৰ বাবে এই মাছবিধৰ প্ৰাকৃতিক উৎস দ্ৰুতগতিত হ্ৰাস পাইছে।[9]
তথ্য সংগ্ৰহ
সম্পাদনা কৰক- ↑ 1.0 1.1 1.2 Vishwanath, W. (2010). Trichogaster fasciata. 2010. p. e.T166485A6219165. doi:10.2305/IUCN.UK.2010-4.RLTS.T166485A6219165.en.
- ↑ Froese, Rainer; Pauly, Daniel (eds.) (2019). "Tricjogaster fasciata" in FishBase. August 2019 version.
- ↑ Sumon, K.A. (2017). "Acute toxicity of chlorpyrifos to embryo and larvae of banded gourami Trichogaster fasciata". Journal of Environmental Science and Health, Part B খণ্ড 52 (2): 92–98. doi:10.1080/03601234.2016.1239979. PMID 28099091.
- ↑ 4.0 4.1 Mitra, K. (2007). "Biology and fishery of banded gourami, Colisa fasciata (Bloch and Schneider 1801) in a floodplain wetland of Ganga river basin". Asian Fisheries Science খণ্ড 20: 409–423.
- ↑ Menon, A.G.K. (1999), Check list - fresh water fishes of India, Zoological Survey of India, p. 366
- ↑ Talwar, P.K.; Jhingran, A.G. (1991), Inland fishes of India and adjacent countries, প্ৰকাশক Rotterdam: A.A. Balkema
- ↑ Goodwin, D. (2003). The practical aquarium fish handbook. প্ৰকাশক New York: Sterling Publishing Company.
- ↑ Sugunan, V.V. (2002). Ornamental fishes of West Bengal. প্ৰকাশক Kolkata, India: Classic Printers.
- ↑ Hossen, M.S. (2014). "Effects of polyunsaturated fatty acids (PUFAs) on gonadal maturation and spawning of striped gourami, Colisa fasciatus.". International Aquatic Research খণ্ড 6 (2): 65. doi:10.1007/s40071-014-0065-7.