খাগৰি (বৈজ্ঞানিক নাম: Miscanthus fuscus) নদীকাষৰীয়া অঞ্চলত দেখা পোৱা এবিধ ওখ ঘাঁহজাতীয় উদ্ভিদ। ইকৰা, নল আদিৰ দৰে এইবিধ ঘাঁহ জোপোহাকৈ উৎপত্তি হয় আৰু ভালেখিনি ঠাই আগুৰি থাকে।[1]

Miscanthus fuscus
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন
জগৎ/ৰাজ্য: Plantae
(অশ্ৰেণীকৃত): Angiosperms
(অশ্ৰেণীকৃত): Monocots
(অশ্ৰেণীকৃত): Commelinids
বৰ্গ: Poales
পৰিয়াল: Poaceae
উপপৰিয়াল: Panicoideae
গণ: Miscanthus
প্ৰজাতি: M. fuscus
বৈজ্ঞানিক নাম
Miscanthus fuscus
(Roxb.) Benth.
সমাৰ্থক

Tricholaena fusca (Roxb.) Schult.
Sclerostachya ridleyi (Hack.) A.Camus
Sclerostachya milroyi Bor
Sclerostachya fusca (Roxb.) A.Camus
Saccharum ridleyi Hack.
Saccharum nareya Benth.
Saccharum modhara Hook.f.
Saccharum fuscum Roxb.
Saccharum brunneum Desv.
Miscanthus ridleyi (Hack.) I.M.Turner
Eriochrysis fusca (Roxb.) Trin.
Eriochrysis attenuata Nees ex Steud.
Arundo orientalis Mill.

বিৱৰণ সম্পাদনা কৰক

খাগৰিৰ পাতবোৰ কুঁহিয়াৰৰ পাতৰ দৰে দীঘল দীঘল হয়। পাতৰ ঠাৰিৰ গুৰিত উৎপন্ন হোৱা বৌখাই গছজোপাক মেৰিয়াই ৰাখে। ইয়াৰ থোপাথোপে ফুল ফুলা দেখা যায়। [1]খাগৰিৰ ঠাৰি অস্থায়ী ঘৰৰ বেৰা আদি দিয়া কামত ব্যৱহাৰ কৰা হয়।[1]

তথ্যউৎস সম্পাদনা কৰক

  1. 1.0 1.1 1.2 ফটিক চন্দ্ৰ গগৈ (ডিছেম্বৰ ২০০৭). অসমৰ উদ্ভিদ কোষ. অসম প্ৰকাশন পৰিষদ