খালেদা জিয়া (ইংৰাজী: Khaleda Zia; জন্ম: খালেদা খানম পুতুল, ১৯৪৫ চন) এগৰাকী বাংলাদেশৰ ৰাজনৈতিক নেতা; যিয়ে ১৯৯১ চনৰ পৰা ১৯৯৬ চনলৈ আৰু পুনৰ ২০০১ চনৰ পৰা ২০০৬ চনলৈ বাংলাদেশৰ প্ৰধানমন্ত্ৰিত্বৰ দায়িত্বত আছিল।[1][2][3] এগৰাকী প্ৰধানমন্ত্ৰী ৰূপে এখন গণতান্ত্ৰিক চৰকাৰৰ মুৰব্বীৰ আসনত উপবিষ্ট হোৱা তেৱেঁ দেশখনৰ প্ৰথম আৰু মুছলমানপ্ৰধান দেশবোৰৰ ভিতৰত (বেনাজিৰ ভুট্টোৰ পিছত) দ্বিতীয় মহিলা ৰাজনৈতিক নেতা। তেওঁ দেশখনৰ পূৰ্বৰ ৰাষ্ট্ৰপতি জিয়াউৰ ৰহমানৰ পত্নী। তেওঁ সাম্প্ৰতিক সময়ত (২০২১) স্বামী ৰহমানে প্ৰতিষ্ঠা কৰি থৈ যোৱা বাংলাদেশ নেচনেল পাৰ্টিৰ (BNP) মুৰব্বী।

খালেদা জিয়া

২০১০ চনত খালেদা জিয়া
বাংলাদেশৰ নবম প্ৰধানমন্ত্ৰী
কাৰ্যকাল
১০ অক্টোবৰ ২০১০ – ২৯ অক্টোবৰ ২০০৬
ৰাষ্ট্ৰপতি চাহাবুদ্দিন আহমেদ, বদ্ৰুদ্দোজা চৌধুৰী, ইয়াজুদ্দিন আহমেদ
পূৰ্বসূৰী লতিফুৰ ৰহমান (ভাৰপ্ৰাপ্ত)
উত্তৰসূৰী ইয়াজুদ্দিন আহমেদ (ভাৰপ্ৰাপ্ত)
কাৰ্যকাল
২০ মাৰ্চ ১৯৯১ – ৩০ মাৰ্চ ১৯৯৬
ৰাষ্ট্ৰপতি
  • চাহাবুদ্দিন আহমেদ (ভাৰপ্ৰাপ্ত)
  • আব্দুৰ ৰহমান বিশ্বাস
পূৰ্বসূৰী কাজী জফৰ আহমেদ
উত্তৰসূৰী মহম্মদ হবিবুৰ ৰহমান(ভাৰপ্ৰাপ্ত)

ব্যক্তিগত জীৱন সম্পাদনা কৰক

খালেদা খানম "পুতুল"ৰ[4] জন্ম ১৯৪৫ চনত অবিভক্ত দিনাজপুৰ জিলাৰ জলপাইগুৰিত হয়। ভাৰত বিভাজনৰ পিছত এই দিনাজপুৰ জিলাৰ এটা অংশ পূব পাকিস্তানৰ আৰু আনটো অংশ ভাৰতপশ্চিমবঙ্গৰ অন্তৰ্ভুক্ত হয়।[3][5] মাক-দেউতাৰ পাঁচটা ল’ৰা-ছোৱালীৰ তেওঁ তৃতীয় আছিল।[6] বৰ্তমান বাংলাদেশৰ নোৱাখালি জিলাৰ মূল নিবাসী তেওঁৰ দেউতাক এজন চাহৰ ব্যৱসায়ী আছিল।[6] মাকৰ নাম তৈয়বা মজুমদাৰ।[7][6] ১৯৪৭ চনৰ ভাৰত বিভাজনৰ পিছত তেওঁলোক দিনাজপুৰ চহৰলৈ (বৰ্তমান বাংলাদেশত) গুছি যায়। প্ৰথমে দিনাজপুৰৰ মিচনেৰী স্কুলত পঢ়া-শুনা কৰে আৰু তাৰপিছত দিনাজপুৰ চৰকাৰী হাইস্কুলৰ পৰা ১৯৬০ চনত তেওঁ মেট্ৰিকত উত্তীৰ্ণ হয়।[3] একে বছৰতে তেওঁ পাকিস্তান সেনাৰ এজন কেপ্তেইন জিয়াউৰ ৰহমানক বিয়া কৰায়। জিয়াউৰ ৰহমান পিছলৈ বাংলাদেশৰ ৰাষ্ট্ৰপতি হয়।[8] পশ্চিম পাকিস্তানত গিৰিয়েকৰ সৈতে একেলগে থাকিব নোযোৱালৈকে জিয়াই ১৯৬৫ চনলৈ দিনাজপুৰ সুৰেন্দ্ৰনাথ কলেজত অধ্যয়ন কৰে। ১৯৬৯ চনত তেওঁলোক কৰাচীৰ পৰা ঢাকালৈ গুছি আহে।[3][6]

ৰাজনৈতিক জীৱন সম্পাদনা কৰক

১৯৮২ চনত সেনাবাহিনীৰ প্ৰধান জেনেৰেল হুছেইন মহম্মদ ইৰচাদে নেতৃত্ব দিয়া এক সামৰিক অদ্ভুত্থানৰ পৰা ১৯৯০ চনত সামৰিক স্বৈৰাচাৰী শাসন হিচাপে ইৰচাদৰ পতনলৈকে জিয়াই গণতান্ত্ৰিক আন্দোলনটোৰ নেতৃত্ব দিছিল। ১৯৯১ চনৰ সাধাৰণ নিৰ্বাচনত বি.এন.পি. জয়ী হোৱাত তেওঁ দেশখনৰ প্ৰধানমন্ত্ৰী হয়। ১৯৯৬ চনতো তেওঁ অলপীয়া সময়ৰ বাবে প্ৰধানমন্ত্ৰী হয় যদিও ফেব্ৰুৱাৰী ১৯৯৬ চনত অনুষ্ঠিত হোৱা সাধাৰণ নিৰ্বাচনটো অন্য ৰাজনৈতিক দলবোৰে বৰ্জন কৰিছিল। সেই বছৰৰে জুন মানহত অনুষ্ঠিত হোৱা সাধাৰণ নিৰ্বাচনত বাংলাদেশ আৱামী লিগ শাসনলৈ আহে। তেওঁৰ দল বি.এন.পি. পুনৰ ২০০১ চনত শাসনভাৰ দখল কৰে। ১৯৯১, ১৯৯৬ আৰু ২০০১ চনৰ সাধাৰণ নিৰ্বাচনত তেওঁ পাঁচটা পৃথক পৃথক সংসদীয় সমষ্টিৰ পৰা নিৰ্বাচিত হৈছিল।[3]

২০০৪ চনত ফ’ৰ্বচ আলোচনীৰ তালিকাত জিয়াক বিশ্বৰ এশগৰাকী ক্ষমতাশালী মহিলাৰ তালিকাত চতুৰ্দশ স্থান দিছিল।[9] ২০০৫ চনৰ তালিকাত ২৯তম স্থানত আৰু ২০০৬ চনৰ তালিকাত ৩৩তম স্থানত আছিল।[10][11]

২০০৬ চনত তেওঁৰ চৰকাৰ কাৰ্যকাল শেষ হয়। ২০০৭ চনৰ জানুৱাৰীত অনুষ্ঠিত হবলগীয়া নিৰ্বাচন দেশখনত হিংসাত্মক ঘটনা ঘটি থকাৰ পৰিপ্ৰেক্ষিতত পিছুৱাই যায় আৰু ফলস্বূৰুপে ৰক্তপাতহীন ভাবে সামৰিক কৰ্তৃপক্ষই দেশৰ তত্ত্বাৱধায়ক চৰকাৰৰ দায়িত্বভাৰ গ্ৰহণ কৰে। অন্তৰ্ৱৰ্তীকালিন সামৰিক চৰকাৰৰ কাৰ্যকালত জিয়া আৰু তেওঁৰ দুই পুত্ৰৰ ওপৰত দুৰ্নীতিৰ অভিযোগ অনা হয়। ১৯৮০ৰ দশকৰ পৰাই জিয়াৰ মুখ্য প্ৰতিদ্বন্দ্বী আছিল আৱামী লিগৰ নেতা শেখ হাছিনা। ১৯৯১ চনৰ পৰা দুয়োগৰাকী মহিলা নেতাই অনুক্ৰমিকভাবে প্ৰধানমন্ত্ৰী হৈ আহিছে।[12] ২০১৮ চনত ‘জিয়া অনাথালয় ট্ৰাষ্ট’ আৰু জিয়া চেৰিটেবল ট্ৰাষ্ট দুৰ্নীতি গোচৰত দোষী সাব্যস্ত কৰি জিয়াক সোতৰ বছৰৰ বাবে কাৰাদণ্ড দিয়া হয়।[13] প্ৰধানমন্ত্ৰী হৈ থাকোঁতে জিয়াই অনাথালায় পুঁজিৰ অপব্যৱহাৰৰ দোষী সাব্যস্ত হয়।[14] ২০২০ চনত মানৱীয় কাৰণত তেওঁক ঢাকাৰ নিজ বাসভৱনতহে থকাৰ চৰ্তত ছয়মাহৰ বাবে মুক্তি দিয়া হয়।[15]

তথ্য উৎস সম্পাদনা কৰক

  1. "Harry Life, Har's story revealed". newsbeezer.com. https://newsbeezer.com/bangladesh/harry-life-hars-story-revealed/. 
  2. Mahmood, Sumon (8 February 2018). "আৰ্কাইভ কপি" (bn ভাষাত). bdnews24.com. Archived from the original on 17 October 2020. https://web.archive.org/web/20201017200008/https://bangla.bdnews24.com/politics/article1457529.bdnews. 
  3. 3.0 3.1 3.2 3.3 3.4 ইছলাম, ছিৰাজুল; মিয়া, শ্বাহজাহান; খানম, মোস্তাফা; আহমেদ, শ্বব্বীৰ, eds. (2012). "Zia, Begum Khaleda". বাংলাপিডিয়া: বাংলাদেশৰ ৰাষ্ট্ৰীয় বিশ্বকোষ (অনলাইন ed.). ঢাকা, বাংলাদেশ: বাংলাপিডিয়া ট্ৰাষ্ট, এছিয়াটিক চচাইটি অফ বাংলাদেশ. ISBN 984-32-0576-6. OCLC 52727562. Retrieved 25 March 2024. 
  4. (bn ভাষাত)Bangla Tribune. 17 November 2018. http://www.banglatribune.com/politics/news/387369/আসছে-‘বেগম-খালেদা-জিয়া-হাৰ-লাইফ-হাৰ-ষ্টোৰি’. 
  5. "Khaleda Zia". Encyclopædia Britannica. 
  6. 6.0 6.1 6.2 6.3 (bn ভাষাত)Jugantor. 8 February 2018. https://www.jugantor.com/politics/15594/একনজৰে-খালেদা-জিয়া. 
  7. (bn ভাষাত)The Daily Inqilab. 19 January 2018. https://m.dailyinqilab.com/article/59471/খালেদা-জিয়াৰ-মায়েৰ-নবম-মৃত্যুবাৰ্ষিকী-পালিত. 
  8. "Bogra: Khaleda Zia". bogra.org. http://www.bogra.org/bogra6.html। আহৰণ কৰা হৈছে: 25 February 2015. 
  9. "#14: Begum Khaleda Zia, Prime Minister of Bangladesh". Forbes 100 Most Powerful Women in the World. 2004. https://www.forbes.com/finance/lists/11/2004/LIR.jhtml?passListId=11&passYear=2004&passListType=Person&uniqueId=JSK7&datatype=Person। আহৰণ কৰা হৈছে: 4 February 2014. 
  10. "#29 Khaleda Zia, Prime minister, Bangladesh". The 100 Most Powerful Women. 2005. https://www.forbes.com/lists/2005/11/JSK7.html। আহৰণ কৰা হৈছে: 4 February 2014. 
  11. "#33 Khaleda Zia, Prime Minister, Bangladesh". The 100 Most Powerful Women. 31 August 2006. https://www.forbes.com/lists/2006/11/06women_Khaleda-Zia_JSK7.html। আহৰণ কৰা হৈছে: 4 February 2014. 
  12. Skard, Torild (2014). "Khaleda Zia". Women of Power - Half a century of female presidents and prime ministers worldwide. প্ৰকাশক Bristol: Policy Press. ISBN 978-1-44731-578-0. 
  13. "Khaleda Zia suffers another setback as her 17-year prison term poses big hurdle for contesting in upcoming polls". Firstpost. https://www.firstpost.com/world/khaleda-zia-suffers-another-setback-as-her-17-year-prison-term-poses-big-hurdle-for-contesting-in-upcoming-polls-5473611.html. 
  14. "Clashes as Bangladesh ex-PM jailed". BBC News. 8 February 2018. https://www.bbc.co.uk/news/world-asia-42987765. 
  15. "Khaleda Zia freed, gets back home" (en ভাষাত). The Daily Star. 26 March 2020. https://www.thedailystar.net/frontpage/news/khaleda-zia-released-six-months-1885888. 

বাহ্যিক সংযোগ সম্পাদনা কৰক