খিলেৰিহাট (ইংৰাজী: Khliehriat) হৈছে ভাৰতৰ মেঘালয় ৰাজ্যৰ পূব জয়ন্তীয়া পাৰ্বত্য জিলাৰ মুখ্য কাৰ্যালয়, যিখন জিলা জয়ন্তীয়া পাৰ্বত্য জিলাৰ পৰা নিৰ্মাণ কৰা হৈছিল।

জিলাখনত দুটা খিলেৰিহাট আৰু চাইপুং community and rural development block আছে৷

খিলেৰিহাটত এখন চৰকাৰী চিকিৎসালয়, কেইটামান ব্যক্তিগত ক্লিনিক, গীৰ্জা আদি আছে৷ ইয়াৰ লোকসকল সংখ্যাগৰিষ্ঠ খ্ৰীষ্টান। ইয়াত বহুকেইখন বিদ্যালয় আছে৷ ফুটবল আৰু ষাঁড় গৰুৰ যুঁজ হৈছে ইয়াৰ মুখ্য আকৰ্ষণ।

খিলেৰিহাট গোটেই বছৰটো ঠাণ্ডা তাপমাত্ৰা থাকে লগতে বাৰিষা কালত প্ৰচুৰ পৰিমাণে বৰষুণ দিয়ে৷[1]

তথ্যসূত্ৰ সম্পাদনা কৰক

  1. "Meghalaya State Portal" (en ভাষাত). meghalaya.gov.in. http://meghalaya.gov.in/megportal/district_details/20298। আহৰণ কৰা হৈছে: 25 May 2017.