ক্ষীৰেন ৰয়

(খীৰেন ৰয়ৰ পৰা পুনঃনিৰ্দেশিত)

ক্ষীৰেন ৰয় অসমৰ পৰা প্ৰকাশিত কিছুমান ইংৰাজী আৰু অসমীয়া দৈনিক কাকতৰ প্ৰবীণ সাংবাদিক আৰু সম্পাদক আছিল।[1][2] তেওঁ অসমগোৱালপাৰা জিলাৰ মাটিয়াৰ এখন গাঁৱত জন্ম লাভ কৰে।[1]

ক্ষীৰেন ৰয়
জন্ম ২১ জুন, ১৯৪১
মাটিয়া (গোৱালপাৰা), অসম
মৃত্যু ১১ মাৰ্চ, ২০০৯
গুৱাহাটী, অসম
শিক্ষা (এমএ)ইংৰাজী সাহিত্য
(পিএইচডি) গণ যোগাযোগ
পেচা সাংবাদিক
বাতৰি কাকত সম্পাদক
লেখক
দাম্পত্যসঙ্গী গায়ত্ৰী ৰয়
সন্তান অৰূপা ৰায় পাঠাৰে
অন্তৰা ৰয় অৰুগন্তি
ৱেবছাইট
http://www.khirenroy.com/

ব্যক্তিগত জীৱন

সম্পাদনা কৰক

১৯৭৫ চনৰ ১৪ মে’ত গায়ত্ৰীৰ সৈতে বিবাহপাশত আবদ্ধ হয় আৰু তেওঁৰ দুগৰাকী কন্যা – অৰূপা আৰু অন্তৰাৰ আছে।[1]

ৰয়দেৱে গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা ইংৰাজী সাহিত্যপিএইচডি আৰু গণ-সংযোগপিএইচডি ডিগ্ৰী লাভ কৰে। ভাৰতীয় প্ৰেছ ইনষ্টিটিউট আৰু থমছন ফাউণ্ডেশ্যন, ইউ.কে.ৰ পৰা সাংবাদিকৰ উচ্চ শিক্ষা গ্ৰহণ কৰে।[1]

কেৰিয়াৰ

সম্পাদনা কৰক

ৰয়ে The Assam Tribuneৰ ষ্টাফ ৰিপ'ৰ্টাৰ হিচাপে নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল আৰু পিছলৈ ইয়াৰ উপ-সম্পাদক পদত কাৰ্যনিৰ্বাহ কৰে। নৰ্থ ইষ্ট টাইমছ আৰু মেঘালয় গাৰ্ডিয়ানৰ সম্পাদকও আছিল। তাৰ পিছত তেওঁ দ্য ফ্ৰণ্টিয়াৰ পাব্লিকেচন প্ৰাইভেট লিমিটেড নামৰ এটা প্ৰকাশন প্ৰতিষ্ঠান স্থাপন কৰি অসমীয়া দৈনিক অসমীয়া খবৰ মুকলি কৰি তাৰ মুখ্য সম্পাদক হিচাপে কাম কৰে।[1][2] তেওঁ গুৱাহাটী বিশ্ববিদ্যালয় গুৱাহাটী আৰু ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় মুক্ত বিশ্ববিদ্যালয় শ্বিলঙত সাংবাদিকতা আৰু সৃষ্টিশীল লেখাৰ পাঠদানৰ কামতো জড়িত আছিল।

কৰ্মৰাজী

সম্পাদনা কৰক

ৰয়ে কেইবাখনো উপন্যাস আৰু গল্পপুথিৰ ৰচনা কৰিছে।

২০০৯ চনৰ ১১ মাৰ্চত, ৬৮ বছৰ বয়সত ৰয়দেৱৰ হৃদযন্ত্ৰৰ বিকলতা ফলত মৃত্যু হয়।[1][2]

তথ্যসূত্ৰ

সম্পাদনা কৰক
  1. 1.0 1.1 1.2 1.3 1.4 1.5 "Assamese editor Khiren Roy passes away". Breaking News 24/7. 14 March 2009. http://news.gaeatimes.com/assamese-editor-khiren-roy-passes-away-17270/। আহৰণ কৰা হৈছে: 13 December 2009. 
  2. 2.0 2.1 2.2 Talukdar, Sushanta (12 Mar 2009). "Veteran journalist Khiren Roy passes away". The Hindu. Archived from the original on 16 March 2009. https://web.archive.org/web/20090316020823/http://www.hindu.com/2009/03/12/stories/2009031255680700.htm। আহৰণ কৰা হৈছে: 13 December 2009.