গুৱাহাটী বিশ্ববিদ্যালয়
গুৱাহাটী বিশ্ববিদ্যালয় বা গৌহাটী বিশ্ববিদ্যালয় উত্তৰ পূৰ্বাঞ্চলৰ অন্যতম বিশ্ববিদ্যালয়। উত্তৰ পূৰ্বাঞ্চলৰ অগ্ৰণী আৰু অতি পুৰণি বিশ্ববিদ্যালয়খনে অসমৰ শৈক্ষিক, বৌদ্ধিক তথা ৰাজনৈতিক বাতাবৰণ সৃষ্টিত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে।
গুৱাহাটী বিশ্ববিদ্যালয় | |
---|---|
![]() | |
মূলমন্ত্ৰ | Vidyayā Sādhayet |
স্থাপিত | ১৯৪৮ |
ধৰণ | ৰাজহুৱা |
আচাৰ্য | অসমৰ ৰাজ্যপাল |
উপাচাৰ্য | অধ্যাপক প্ৰতাপ জ্যোতি সন্দিকৈ |
স্থান | গুৱাহাটী, অসম, ভাৰত |
ৱেবছাইট | www |
ইতিহাসসম্পাদনা কৰক
গুৱাহাটী বিশ্ববিদ্যালয় গুৱাহাটী বিশ্ববিদ্যালয় অধিনিয়ম ১৯৪৭ (Assam Act, XVI of 1947) আৰু অসম বিধান সভাত প্ৰস্তাৱিত এক বিধেয়কৰদ্বাৰা ১৯৪৮ চনত প্ৰতিষ্ঠা কৰা হয়। বিশ্ববিদ্যালয়খন বিশ্ববিদ্যালয় অনুদান আয়োগ আৰু অসম চৰকাৰৰ যুটীয়া প্ৰচেষ্টাত প্ৰতিষ্ঠা কৰা হয়। ২৬ জানুৱাৰী ১৯৪৮ চনত গুৱাহাটী স্থিত অসমৰ প্ৰথমখন মহাবিদ্যালয় কটন কলেজৰ চুডমাৰ্চন হলত বিশ্ববিদ্যালয়ৰ প্ৰথমখন সভা অনুষ্ঠিত হয়। কটন কলেজৰ ভিতৰতে প্ৰথমে বিশ্ববিদ্যালয়খনৰ কাম-কাজ পৰিচালনা কৰা হৈছিল যদিও ১৯৫৫-৫৬ চনত ইয়াক জালুকবাৰীৰ গোপীনাথ বৰদলৈ নগৰলৈ স্থানান্তৰিত কৰা হয়। গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰথম উপাচাৰ্য আছিল কৃষ্ণকান্ত সন্দিকৈ।[1]
পৰিসীমাসম্পাদনা কৰক
বিশ্ববিদ্যালয়খন গুৱাহাটী মহানগৰীৰ জালুকবাৰী অঞ্চলত অৱস্থিত। আনহাতে বিশ্ববিদ্যালয়খন লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰৰ পৰা ১০ কিলোমিটাৰ দূৰত্বত, কামাখ্যা ৰে'ল ষ্টেছনৰ পৰা ৫ কিলোমিটাৰ দূৰত্বত ৩৭ নং ৰাষ্ট্ৰীয় ঘাই পথৰ কাষতে অৱস্থিত। বৰ্তমান সমগ্ৰ অঞ্চলটোক গোপীনাথ বৰদলৈ নগৰ নামেৰে জনা যায়। বিশ্ববিদ্যালয়ৰ পৰিসীমাৰ ভিতৰত ৩০০০ হাজাৰ ছাত্ৰ-ছাত্ৰী থাকিব পৰা আৱাসসমূহৰ লগতে শিক্ষক-কৰ্মচাৰীৰ আৱাসসমূহো আছে।[2]
স্বীকৃতিসম্পাদনা কৰক
বিশ্ববিদ্যালয়খন ৰাষ্ট্ৰীয় মূল্যাংকন আৰু প্ৰত্যাপন পৰিষদ (National Assessment and Accreditation Council চমুকৈ NAAC), বাংগালুৰুৰ দ্বাৰা মূল্যাঙ্কিত আৰু 'A' গ্ৰেড প্ৰাপ্ত।[3]
বিশ্ববিদ্যালয় সংগীতসম্পাদনা কৰক
বিশ্ববিদ্যালয় সংগীতটোৰ ৰচক ভূপেন হাজৰিকা। এই গীতটো বিশ্ববিদ্যালয়ৰ সকলো অনুষ্ঠানৰ আৰম্ভণিতে পৰিৱেশন কৰা হয়।
জিলিকাব লুইতৰে পাৰ
এন্ধাৰৰ ভেটা ভাঙি প্ৰাগজ্যোতিষত বয়
জেউতি নিজৰাৰে ধাৰ
শত শত বন্তিৰে জ্ঞানৰে দীপালীয়ে
জিলিকাব লুইতৰে পাৰ
সাঁচিপাতে ভাষা দিব
চিফুঙে আশা দিব
ৰংঘৰে মেলিব দুৱাৰ
সমাজে সাৱটিব মহান মানৱতা
বিজ্ঞানে আনিব জোঁৱাৰ
নতুনৰ গতি খেদি ডেকা গাভৰু আমি
নিৰ্ভীক এই শতিকাৰ
অজ্ঞান চাকনৈয়া এফলীয়া কৰি থৈ
মাৰি যাওঁ জীৱনৰ ডাৰ
জিলিকাব লুইতৰে পাৰ।
শৈক্ষিক দিশসম্পাদনা কৰক
এই অনুচ্ছেদটো খালি। আপুনি ইচ্ছা কৰিলে তথ্য সংযোগ কৰিব পাৰে। |
বিভিন্ন বিভাগ আৰু অধ্যয়ন কেন্দ্ৰসমূহ[2]সম্পাদনা কৰক
কলাসম্পাদনা কৰক
- অসমীয়া বিভাগ
- অৰ্থনীতি বিভাগ
- শিক্ষাতত্ত্ব বিভাগ
- ইংৰাজী বিভাগ
- বুৰঞ্জী বিভাগ
- ৰাজনীতি-বিজ্ঞান বিভাগ
- সমাজতত্ত্ব বিভাগ
- আৰৱিক বিভাগ
- বাংলা বিভাগ
- বড়ো বিভাগ
- ইংৰাজী ভাষা শিক্ষণ বিভাগ
- বিদেশী ভাষা বিভাগ
- হিন্দী বিভাগ
- ভাষাতত্ত্ব বিভাগ
- গ্ৰন্থাগাৰ আৰু তথ্যবিজ্ঞান বিভাগ
- আধুনিক ভাৰতীয় ভাষা বিভাগ
- পাৰ্চি বিভাগ
- দৰ্শন বিভাগ
- মনোবিজ্ঞান বিভাগ
- সংস্কৃত বিভাগ
- সাংবাদিকতা আৰু গণ-সংযোগ অধ্যয়ন কেন্দ্ৰ
বিজ্ঞান বিভাগসম্পাদনা কৰক
- ৰসায়ন-বিজ্ঞান বিভাগ
- জীৱ-বিজ্ঞান বিভাগ
- গণিত বিভাগ
- উদ্ভিদ বিজ্ঞান বিভাগ
- ভেষজ বিজ্ঞান বিভাগ
- পদাৰ্থ-বিজ্ঞান বিভাগ
- পৰিসংখ্যা বিভাগ
- পৰিকলন অধ্যয়ন কেন্দ্ৰ
- ব্যৱস্থাপনা অধ্যয়ন কেন্দ্ৰ
- জৈৱ-প্ৰযুক্তি অধ্যয়ন কেন্দ্ৰ
- জৈৱ-তথ্যপ্ৰযুক্তি অধ্যয়ন কেন্দ্ৰ
- ভূগোল অধ্যয়ন কেন্দ্ৰ
- নৃতত্ত্ব বিভাগ
- কম্পিউটাৰ বিজ্ঞান বিভাগ
- লোকসংস্কৃতি
- Department of Electronics and Communication Technology
বাণিজ্য বিভাগসম্পাদনা কৰক
এই অনুচ্ছেদটো খালি। আপুনি ইচ্ছা কৰিলে তথ্য সংযোগ কৰিব পাৰে। |
Business Administrationসম্পাদনা কৰক
এই অনুচ্ছেদটো খালি। আপুনি ইচ্ছা কৰিলে তথ্য সংযোগ কৰিব পাৰে। |
আইন বিভাগসম্পাদনা কৰক
এই অনুচ্ছেদটো খালি। আপুনি ইচ্ছা কৰিলে তথ্য সংযোগ কৰিব পাৰে। |
সুবিধাসমূহসম্পাদনা কৰক
গ্ৰন্থাগাৰসম্পাদনা কৰক
গুৱাহাটী বিশ্ববিদ্যালয়ৰ গ্ৰন্থাগাৰ প্ৰথম অৱস্থাত ১৯৪৮ চনত গুৱাহাটীৰ চানমাৰীত (এতিয়া বিশ্ববিদ্যালয়ৰ পুৰণি কলনি নামেৰে জনাজাত) প্ৰতিষ্ঠা কৰা হয়। ১৯৬২ চনত সেই স্থানৰ পৰা বিশ্ববিদ্যালয়ৰ বৰ্তমান থকা স্থানলৈ স্থানান্তৰিত কৰা হয়। আনহাতে ১৯৮২ চনত গ্ৰন্থাগাৰটো বিশ্ববিদ্যালয়ৰ প্ৰথম উপাচাৰ্য কৃষ্ণকান্ত সন্দিকৈৰ নামেৰে নামকৰণ কৰা হয়। বৰ্তমান গ্ৰন্থাগাৰটোত ২৫,৯৪৯০খন কিতাপ, ১,০২২১২খন BOUND PERIODICALS, ২২৫০খন গৱেষণা গ্ৰন্থ আৰু পত্ৰ, ৬৯০৮খন প্ৰতিবেদন আৰু নিবন্ধ আৰু ৩০৬খন মানচিত্ৰ আছে। সাঁচিপাতৰ পুথি আছে ৪৫০০ খন। কৃষ্ণকান্ত সন্দিকৈৰ নিজা সংগ্ৰহৰ গ্ৰন্থ আছে ৭৫৯৩ খন। ইয়াত কম্পিউটাৰৰ দ্বাৰা কোনো গ্ৰন্থ অনুসন্ধান কৰাৰ ব্যৱস্থা ৰখা হৈছে। লগতে বিভিন্ন দৈনিক কাকত-আলোচনী অধ্যয়ন কৰাৰো ব্যৱস্থা আছে[3]
চিকিৎসালয়সম্পাদনা কৰক
এই অনুচ্ছেদটো খালি। আপুনি ইচ্ছা কৰিলে তথ্য সংযোগ কৰিব পাৰে। |
বিশ্ববিদ্যালয় ডাকঘৰসম্পাদনা কৰক
এই অনুচ্ছেদটো খালি। আপুনি ইচ্ছা কৰিলে তথ্য সংযোগ কৰিব পাৰে। |
বিশ্ববিদ্যালয় বেঙ্কসম্পাদনা কৰক
এই অনুচ্ছেদটো খালি। আপুনি ইচ্ছা কৰিলে তথ্য সংযোগ কৰিব পাৰে। |
অতিথিশালাসম্পাদনা কৰক
এই অনুচ্ছেদটো খালি। আপুনি ইচ্ছা কৰিলে তথ্য সংযোগ কৰিব পাৰে। |
প্ৰেক্ষাগৃহ: বিৰিঞ্চি কুমাৰ বৰুৱা প্ৰেক্ষাগৃহসম্পাদনা কৰক
এই অনুচ্ছেদটো খালি। আপুনি ইচ্ছা কৰিলে তথ্য সংযোগ কৰিব পাৰে। |
গুৱাহাটী বিশ্ববিদ্যালয়ৰ মুখ্য প্ৰেক্ষাগৃহটো বিশ্ববিদ্যালয়ৰ মুখ্য তোৰণ (পুৰণি)ৰ ওচৰত আৰু কলা ভৱনৰ কাষত অৱস্থিত। প্ৰায় ১৮০০ আসনযুক্ত বিৰিঞ্চি কুমাৰ বৰুৱা প্ৰেক্ষাগৃহ (চমুকৈ বি.কে.বি) অসমৰ বৃহৎ প্ৰেক্ষাগৃহসমূহৰ ভিতৰত অন্যতম। বিশিষ্ট অসমীয়া সাহিত্যিক, লোক সংস্কৃতিৰ গৱেষক তথা বিশ্ববিদ্যালয়ৰ অন্যতম প্ৰতিষ্ঠাতা বিৰিঞ্চি কুমাৰ বৰুৱাৰ নামেৰে প্ৰেক্ষাগৃহটিৰ নামকৰণ কৰা হয়।[4]
ছাত্ৰাবাসসম্পাদনা কৰক
বিশ্ববিদ্যালয়খনত মুঠ ১২টা ছাত্ৰাৱাস আছে।[2]
- লক্ষ্মীনাথ বেজবৰুৱা অসম আৰ্হি ৪ নং ছাত্ৰাৱাস
- অতুল চন্দ্ৰ হাজৰিকা অসম আৰ্হি ৫ নং ছাত্ৰাৱাস
- পদ্মনাথ গোহাঞিবৰুৱা অসম আৰ্হি ৬ নং ছাত্ৰাৱাস
- লাচিত বৰফুকন অসম আৰ্হি ৭ নং ছাত্ৰাৱাস
- জ্যোতিপ্ৰসাদ আগৰৱালা অসম আৰ্হি ৮ নং ছাত্ৰাৱাস
- জ্ঞানভিৰাম বৰুৱা অসম আৰ্হি ৯ নং আইন ছাত্ৰাৱাস
- মাধৱ বেজবৰুৱা ১ নং দুমহলীয়া ছাত্ৰাৱাস
- গোপীনাথ বৰদলৈ ২ নং তিনিমহলীয়া ছাত্ৰাৱাস
- বাণীকান্ত কাকতি ৩ নং দুমহলীয়া ছাত্ৰাৱাস
- ভুবনেশ্বৰ বৰুৱা ৪ নং তিনিমহলীয়া ছাত্ৰাৱাস
- ভি ভেঙ্কত ৰাও ৫ নং তিনিমহলীয়া গৱেষক ছাত্ৰাৱাস
- বাবু জগজিভন ৰাম গৱেষক ছাত্ৰাৱাস
ছাত্ৰীনিবাসসম্পাদনা কৰক
বিশ্ববিদ্যালয়ত মুঠ ৯টা ছাত্ৰীনিৱাস আছে।[2]
- ৰাণী গাইডালু অসম আৰ্হি ২ নং আইন ছাত্ৰীনিৱাস
- চন্দ্ৰপ্ৰভা শইকীয়া অসম আৰ্হি ৩ নং ছাত্ৰীনিৱাস
- মুলাগাভৰু অসম আৰ্হি ১০ নং ছাত্ৰীনিৱাস
- নলিনীবালা দেৱী ১ নং দুমহলীয়া ছাত্ৰীনিৱাস
- ইন্দিৰা মিৰি ২ নং দুমহলীয়া ছাত্ৰীনিৱাস
- পুষ্পলতা দাস ৩ নং তিনিমহলীয়া ছাত্ৰীনিৱাস
- পদ্মাৱতী দেৱী ৪ নং দুমহলীয়া ছাত্ৰীনিৱাস
- [মামনি ৰয়ছম গোস্বামী ]৫ নং দুমহলীয়া ছাত্ৰীনিৱাস
- গান্ধী ভৱন গৱেষক ছাত্ৰীনিৱাস
১০. ৮ নং তিনিমহলীয়া ছাত্ৰীনিৱাস
তথ্য সংগ্ৰহসম্পাদনা কৰক
- ↑ "A b o u t t h e L i b r a r y". Gauhati.ac.in. http://www.gauhati.ac.in/home/library/index.htm। আহৰণ কৰা হৈছে: 2013-02-27.
- ↑ 2.0 2.1 2.2 2.3 "Admission Form". Gauhati.ac.in. http://www.gauhati.ac.in/prospectus/prospectus_form.html। আহৰণ কৰা হৈছে: 2013-02-27.
- ↑ 3.0 3.1 "A b o u t t h e L i b r a r y". Gauhati.ac.in. http://www.gauhati.ac.in/home/library/index.htm। আহৰণ কৰা হৈছে: 2013-02-27.
- ↑ http://web.gauhati.ac.in/convocation/venue/bkb