খোক্চি পূজা
খোক্চি পূজা হৈছে অসমৰ ৰাভাসকলে পালন কৰা পূজাবিশেষ। এই পূজাত ৰাভাসকলৰ বহুতো কিংবদন্তি জড়িত হৈ আছে।
কিংবদন্তি
সম্পাদনা কৰককিংবদন্তিৰ মতে শ শ বছৰ আগতে থোপে আৰু নেচে নামৰ দুগৰাকী বাই-ভনীয়ে এখন গাঁৱত বাস কৰিছিল। এবাৰ দুই বাই-ভনীয়ে হাবিত খৰি লুৰিবলৈ যাওঁতে বাটৰ কাষত থকা ডোঙা এটাৰ পৰা এটি জীয়া মাছ পাই ঘৰলৈ লৈ আহিছিল। ঘৰলৈ আহি মাছটোৰ ঠাইত তেওঁলোকে এটি বিস্ময়কৰ শিলহে দেখা পালে। দুই বাই-ভনীয়ে শিলটো ককাদেউতা আৰু দেউতাকক দেখুওৱাত, ককাদেউতাকে শিলডোখৰ লিৰিকি-বিদাৰি চাই তাক দেৱ শিল বুলি কৈ তেওঁৰ নীতি-ছোৱালী খোপে আৰু নেচেক ভক্তি ভাৱেৰে ভঁৰালত থবলৈ নিৰ্দেশ দিয়ে আৰু সেই ভঁৰালতে শিলডোখৰে এজনী দিব্যৰূপধাৰী সুন্দৰী কন্যালৈ ৰূপান্তৰিত হৈ ঘৰৰ সকলোকে তেওঁক পূজা কৰিবলৈ নিৰ্দেশ দিয়ে। ঘৰৰ আটাইয়ে সুন্দৰী দেৱকন্যাৰ নিৰ্দেশ মতে পূজা কৰি আকাংক্ষিত ফল লাভ কৰে। পাছলৈ এইজনা দেৱীয়ে ৰাভাসকলৰ ৰাভাকায় (উপাস্য দেৱী) হৈ খোক্চি নামেৰে পূজিত হ'বলৈ ধৰিলে।
উদযাপন
সম্পাদনা কৰকএই খোক্চি পূজাত ৰংদানি গৌৰীৰ ৰাভাসকলে পূজা উপলক্ষে দেৱীৰ থানত পৰম্পৰাগতভাৱে এডোখৰ শিল স্থাপন কৰি তাত দেৱীৰ পূজাৰ প্ৰয়োজনীয় সম্ভাৰেৰে ৰীতিমতে দেৱী খোক্চিক পূজা কৰে। পূজাত নল-খাগৰিৰে সাত তৰপীয়া মেজি সাজি তাত অগ্নি সংযোগ কৰি সেই অগ্নিৰ ওপৰত নিৰ্দিষ্ট পুৰুহিতসকলে নৃত্য কৰি সকলোকে আচৰিত কৰি তোলে। এই নৃত্যত অংশগ্ৰহণ কৰা পুৰোহিতসকলে পূজাৰ সাতদিন আগৰেপৰা নিৰ্দিষ্ট ব্ৰত কৰি দেৱীৰ আশিস নিৰ্মালি গ্ৰহণ কৰি অলৌকিক শক্তিৰ অধিকাৰী হয়। অগ্নিৰ চাৰিওকাষে নৃত্য কৰা বাবে ৰাভাসকলে খোক্চি পূজাক অগ্নি পূজা বুলিও কয়। ৰাভাসকলে যাতে সুখে-সন্তোষে জীৱন নিৰ্বাহ কৰিব পাৰে, জীৱন ধাৰণৰ মূল কৃষি-শস্যবোৰৰ উৎপাদন বৃদ্ধি হয়, তাৰ বাবে খোক্চি দেৱীৰ আগত প্ৰাৰ্থনা জনাই গাহৰি বলি দিয়ে। এনেদৰে জেঠ মাহৰ পূৰ্ণিমা তিথিত বা কোনো এটা দেওবাৰে ৰাভাসকলৰ সমাজত পৰম্পৰাগতভাৱে কিম্বদন্তি আৰু ধৰ্মীয় লোকবিশ্বাসৰ ধাৰণাৰে সৃষ্টি হোৱা খোক্চি পূজা মহা আড়ম্বৰপূৰ্ণকৈ নিয়ম-নীতিৰে উদ্যাপিত হৈ আহিছে।[1]
তথ্য সংগ্ৰহ
সম্পাদনা কৰক- ↑ ড॰ নাৰায়ণ দাস. অসমৰ সংস্কৃতি-কোষ. প্ৰাগ্জ্যোতিষ মহাবিদ্যালয়. পৃষ্ঠা. ১৬৮. ISBN 978-93-81485-73-6.