গংগাবাই প্ৰাণশংকৰ য়াগনিক (ইংৰাজী: Gangabai Pranshankar Yagnik, (১৮৬৮-১৯৩৭) হৈছে গুজৰাটী ভাষাৰ এগৰাকী লেখিকা৷ তেখেতে ঊনৈশ শতিকাৰ ভাৰতীয় লেখিকামণ্ডলীৰ অন্তৰ্ভুক্ত৷ তেখেতৰ পেছা আছিল এগৰাকী শিক্ষয়িত্ৰী আৰু আয়ুৰ্বেদ-অনুশীলনকাৰী৷ তেখেতে হুন্নাৰ মহাসাগৰ (১৮৯৮) ৰচনা কৰিছিল য'ত ২০৮০ ধৰণৰ বণিজ, দক্ষতা আৰু আত্ম-নিয়োগৰ কৌশলৰ বিষয়ে লিখিছিল৷ তেখেতক প্ৰথমগৰাকী মহিলা গুজৰাটী লেখিকা হিচাপে বিবেচনা কৰা হয়৷ (অৱশ্যে এই দাবীটো বিতৰ্কিত, কিয়নো তেখেতৰ কৰ্মৰাজিৰ শৈলীটোক পণ্ডিতসমাজে সাহিত্যৰ শাৰীত নাৰাখে৷ তেখেতৰ পৰিৱৰ্তে নন্দকোঁৱৰ বাক তেখেতৰ ভ্ৰমণকাহিনী "ভূমণ্ডলত নো প্ৰৱাস"ৰ (১৮৯৮) বাবে প্ৰথমগৰাকী গুজৰাটী মহিলা লেখকৰ মৰ্যাদা দিয়া হয়৷)[1][2]

গংগাবাই প্ৰাণশংকৰ য়াগনিক
Gangabai Pranshankar Yagnik
জন্ম ১৮৬৮
মৃত্যু ১৯৩৭ (বয়স ৬৮–৬৯)
পেচা লেখিকা, শিক্ষয়িত্ৰী, আয়ুৰ্বেদৰ অনুশীলনকাৰী
উল্লেখযোগ্য কৰ্ম হুন্নাৰ মহাসাগৰ (১৮৯৮)

১৮৬৮ চনত গংগাবাই য়াগনিকৰ জন্ম হৈছিল৷[1][3] গুজৰাটস্থিত গান্ধীনগৰৰ সমীপৱৰ্তী ভাভোলৰ আছিল তেখেত বাসিন্দা৷ ১৮৮১ চনত তেখেতৰ স্বামীৰ দেহাৱসান ঘটে৷ সেইসময়ত তেখেতৰ মাত্ৰ তেৰ বছৰহে হৈছিল৷ প্ৰচলিত পৰম্পৰা অনুসৰি তেখেতে নিজৰ কেশকৰ্তন কৰিবলৈ অমান্তি হয়৷[1][2] ভগ্নীৰ পৰামৰ্শ আৰু উদ্যোগত তেখেত বিদ্যালয়লৈ যায় আৰু নিজৰ শিক্ষা সমাপ্ত কৰে৷[3] এগৰাকী সহকাৰী শিক্ষক হিচাপে পাছলৈ তেখেতে এখন প্ৰাথমিক বিদ্যালয়ত শিক্ষাদান আৰম্ভ কৰে৷[3] তেখেতে উচ্চশিক্ষাৰ কথা ভাবে আৰু মহালক্ষ্মী মন্দিৰ প্ৰশিক্ষণ মহাবিদ্যালয়, আহমেদাবাদত অধ্যয়ন কৰে৷[3] ১৮৮৭ চনত গংগাবাই য়াগনিক ভাভোলৰ পৰা গুজৰাটৰে মান্সা অভিমুখে ৰাওনা হয় আৰু ইয়াৰে ভিক্তোৰিয়া ছোৱালী স্কুলত প্ৰধান শিক্ষয়িত্ৰীৰূপে যোগদান কৰে৷[3] তেখেত আছিল এগৰাকী উদ্যোগী৷ স্বদেশী বস্তু আৰু বস্ত্ৰৰ লগতে আত্ম-নিয়োজনৰ দিশটোত তেখেতে গুৰুত্ব আৰোপ কৰিছিল৷ তেখেত এগৰাকী আয়ুৰ্বেদ-অনুশীলনকাৰীও আছিল আৰু স্ত্ৰীৰোগৰ নিদানো সময়বিশেষে প্ৰদান কৰিছিল৷[1][2] ১৮৭৯ চনৰ আশে-পাশে তেখেতে মান্সাতে গড়ভাইজান ঔষধালয় প্ৰতিষ্ঠা কৰে আৰু পৰৱৰ্তী সময়ত আহমেদাবাদতো ইয়াৰ এটা শাখা খোলে৷[3]

১৯৩৭ চনত তেখেতৰ মৃত্যু হয়৷ তেখেতে ইচ্ছাপত্ৰত নিজৰ চিকিৎসালয়ৰ যোগেদি শিক্ষাৰ্থীক বৃত্তি দিয়াৰ পৰামৰ্শ লিখি থৈ গৈছে৷ [1]

কৰ্মৰাজী

সম্পাদনা কৰক

গংগাবাইৰ লিখনিক বিপ্লৱী আৰু সংস্কাৰধৰ্মী হিচাপে বিবেচনা কৰা হয়৷ তেখেতে অন্ধবিশ্বাস আৰু সামাজিক কুসংস্কাৰৰ বিৰোধিতা কৰিছিল৷ বাল্য বিবাহ, বহুগামিতা, ডাইনী হত্যা আদিৰ বিৰুদ্ধে সৰৱ হৈ উঠা গংগাবাইয়ে "ৱাহেম খণ্ডন পথি" (১৮৯১) আৰু "দেৱী ত্ৰিয়া নিষেধ" (১৮৯২)ত লিখা-মেলা কৰিছিল৷ [1][2][3]

১৮৯৮ চনত প্ৰকাশিত হোৱা হুন্নাৰ মহাসাগৰ তেখেতে ২০৮০বিধ ব্যৱসায়, দক্ষতা আৰু আত্ম-নিয়োগৰ একাশিক কৌশল লিপিবদ্ধ কৰিছে৷ পৰম্পৰাগত ঔষধৰ প্ৰস্তুতকৰণৰ পৰা আৰম্ভ কৰি মূৰত ঘঁহা তেল, চাবোন, ধূপ আদিৰ প্ৰস্তুত কৰালৈকে অনেক বৃত্তিৰ বিষয়ে ইয়াত লিখা হৈছে৷[1][3][4][5] কিতাপখন ইমানেই জনপ্ৰিয় হৈ উঠিছিল যে তিনি দিনতে ইয়াৰ এহেজাৰখন কপী বিক্ৰী হৈছিল৷ ১৯০৮ চনত কিতাপখনৰ সপ্তমটো সংস্কৰণ প্ৰকাশিত হৈছিল৷[3][4][5]

উত্তৰসুৰী

সম্পাদনা কৰক

গংগাবাই য়াগনিকক প্ৰথমগৰাকী গুজৰাটী লেখিকা হিচাপে গণ্য কৰা হয়৷[3] কিন্তু এই দাবীটো বিতৰ্কমূলক, কিয়নি ৰঘুবীৰ চৌধৰীৰ দৰে একাংশ পণ্ডিত তেখেতৰ ৰচনাৰাজিক সাহিত্যৰ শ্ৰেণীত ৰাখিব নিবিচাৰে৷ [1][2] আহমেদাবাদত থকা SRISTI নামৰ সংস্থাটোৱে তেখেতৰ সম্বন্ধে কিছুমান তথ্য সংগ্ৰহ কৰিছে আৰু ২০০৩ চনত "হুন্নাৰ মহাসাগৰ"ৰ নতুন সংস্কৰণ পুনৰ মুকলি কৰি দিছে৷ তেওঁলোকে গুজৰাটী সাহিত্যৰ ইতিহাসত গংগাবাইক স্বীকৃতি দিবলৈও অভিযান আৰম্ভ কৰিছে৷[1][2][5] ইতিহাসকাৰ শীৰিন মেহতাই কৈছে যে-মহাত্মা গান্ধীয়ে জনপ্ৰিয় কৰাৰ বহুদিনৰ আগতেই গংগাবাইয়ে স্বদেশী আন্দোলন (থলুৱা উৎপাদন)ৰ পৃষ্ঠপোষকতা কৰিছিল৷[2][5]

তথ্যসূত্ৰ

সম্পাদনা কৰক
  1. 1.0 1.1 1.2 1.3 1.4 1.5 1.6 1.7 1.8 Parekh, Tina (2003-08-13). "Claiming her right in Gujarati writing". The Times of India. https://timesofindia.indiatimes.com/city/ahmedabad/Claiming-her-right-in-Gujarati-writing/articleshow/127607.cms. 
  2. 2.0 2.1 2.2 2.3 2.4 2.5 2.6 "Quest for woman Gujarati writer brings up new name". The Times of India. 2013-08-13. https://timesofindia.indiatimes.com/city/ahmedabad/Quest-for-woman-Gujarati-writer-brings-up-new-name/articleshow/129086.cms. 
  3. 3.00 3.01 3.02 3.03 3.04 3.05 3.06 3.07 3.08 3.09 Menon, Sujata (2007-12-31). "6. The Middle Class Educated Women and Women Organizations in Gujarat 1880-1947" (en ভাষাত). Women and education: Their role in society in British Gujarat 1850-1947 (Ph. D.). Department of History, Maharaja Sayajirao University of Baroda. pp. 313-314. 
  4. 4.0 4.1 Sucharita, Swati (2001-07-16). "A grassroots professor in the ideas market". www.gujaratplus.com. http://www.gujaratplus.com/news/Ahmedabad/32114.html। আহৰণ কৰা হৈছে: 2018-08-15. 
  5. 5.0 5.1 5.2 5.3 Gupta, Anil K, ed (January–March 2003). "Book Review: A Nationalist-Feminist User's Guide for Swadeshi". HoneyBee (Sristi Innovations) খণ্ড 14 (1): 16. Archived from the original on 2010-01-19. https://web.archive.org/web/20100119085117/http://www.sristi.org/hb_magazine/pdf/14(1)HBJAN-MAR03.pdf। আহৰণ কৰা হৈছে: 2018-08-15.