ৰঘুবীৰ চৌধাৰী

(ৰঘুবীৰ চৌধৰীৰ পৰা পুনঃনিৰ্দেশিত)

ৰঘুবীৰ চৌধাৰী (ইংৰাজী: Raghuveer Chaudhari) গুজৰাটৰ এজন ঔপন্যাসিক, কবি আৰু সমালোচক। তেওঁ সন্দেশ, জন্মভূমি, দিব্য ভাস্কৰ আদি বহুতো কাকতত স্তম্ভ-লেখক ৰূপেও কাম কৰে। ১৯৯৮ চনত তেওঁ গুজৰাট বিশ্ববিদ্যালয়ৰ অধ্যাপক ৰূপে অৱসৰ গ্ৰহণ কৰিছিল। গুজৰাটী ভাষা সাহিত্যলৈ তেওঁৰ অৱদান অপৰিসীম, কিন্তু তথাপি মাজে-মধ্যে তেওঁ হিন্দী ভাষাতো লেখা-মেলা কৰে।[1] তেওঁ ১৯৭৭ চনত সাহিত্য অকাডেমি বঁটা আৰু ২০১৫ চনত ভাৰতৰ সৰ্বোচ্চ সাহিত্য সম্মান জ্ঞানপীঠ বঁটা লাভ কৰে। ২০১৯ চনত গুজৰাট বিশ্ববিদ্যালয়ে তেওঁক ডি লিট উপাধি প্ৰদান কৰে।

ৰঘুবীৰ চৌধাৰী

১৯৯৯ চনত, মুম্বাইত ৰঘুবীৰ চৌধাৰী
জন্ম ৫ ডিচেম্বৰ, ১৯৩৮ (৮৫ বছৰ)
বাপুপুৰা, গান্ধীনগৰ, গুজৰাট, ভাৰত
পেচা লেখক
ভাষা গুজৰাটী ভাষা
ৰাষ্ট্ৰীয়তা ভাৰতীয়
উল্লেখনীয় কৰ্মৰাজি অমৃতা (১৯৬৫)
উল্লেখযোগ্য বঁটা
সন্তান সঞ্জয় চৌধাৰী, দৃষ্টি পেটেল, কৃতি চৌধৰী, সুৰ্টা মেহতা

স্বাক্ষৰ

ৰঘুবীৰ চৌধাৰীয়ে কবিতা অৰু উপন্যাসে লেখাৰে সাহিত্যিক জীৱন আৰম্ভ কৰে আৰু পিছলৈ সাহিত্যৰ বিভিন্ন ক্ষেত্ৰত খোজ পেলায়। তেওঁ আশীখনতকৈও অধিক কিতাপ লিখিছে আৰু অসংখ্য স্বীকৃতি লাভ কৰিছে। বিভিন্ন সাহিত্য প্ৰতিষ্ঠানৰ হৈও তেওঁ কাম কৰে।

১৯৩৮ চনৰ ৫ ডিচেম্বৰ তাৰিখে গুজৰাট গান্ধীনগৰৰ এটি কৃষক পৰিয়ালত ৰঘুবীৰ চৌধাৰীৰ জন্ম হৈছিল। ডালচিন আৰু জীৱিবেন আছিল তেওঁৰ মাক-দেউতাক। গুজৰাটৰ মানসাৰপৰা তেওঁ স্কুলীয়া শিক্ষা সাং কৰিছিল। ১৯৬০ চনত তেওঁ স্নাতক আৰু ১৯৬২ চনত, গুজৰাট বিশ্ববিদ্যালয়ৰপৰা হিন্দী ভাষা-সাহিত্যত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। ১৯৭৯ চনত তেওঁ এই বিশ্ববিদ্যালয়ৰপৰাই হিন্দী আৰু গুজৰাটী ভাষাৰ মৌখিক শিপা সন্ধানৰ তুলনাত্মক অধ্যয়নৰ বাবে ডক্টৰেট ডিগ্ৰী লাভ কৰে।[2]

তেওঁ ১৯৭০ চনৰ নৱনিৰ্মাণ আন্দোলনত ভাগ লৈছিল আৰু 'ইমাৰ্জেন্সি'ৰ বিৰোধিতা কৰিছিল।[1][3][4][5]

১৯৭৭ চনত তেওঁ গুজৰাট বিশ্ববিদ্যালয়ৰ অধ্যাপক ৰূপে চাকৰিত যোগদান কৰে আৰু ১৯৯৮ চনত হিন্দী বিভাগৰ মুৰব্বী ৰূপে চাকৰিৰ পৰা অৱসৰ গ্ৰহণ কৰে। ১৯৯৮ চনৰপৰা ২০০২ চনলৈ তেওঁ সাহিত্য অকাডেমিৰ কাৰ্যনিৰ্বাহ পৰিষদৰ সদস্য আছিল। ২০০২ৰপৰা ২০০৪ চন পৰ্যন্ত তেওঁ 'প্ৰেছ কাউন্সিল অৱ ইণ্ডিয়া'ৰ সদস্য আৰু ২৫তম ভাৰতীয় চলচ্চিত্ৰ মহোৎসৱৰ জুৰিৰ সদস্য আছিল।

অৱসৰৰ পাছত তেওঁ বাপুপুৰালৈ উভতি যায় আৰু কৃষিকৰ্মত হাত দিয়ে। তেওঁ গুজৰাট সাহিত্য পৰিষদৰ সভাপতি আছিল আৰু বৰ্তমান এই পৰিষদৰ তেওঁ ট্ৰাষ্টি।[1][3][4][5]

তথ্যসূত্ৰ

সম্পাদনা কৰক
  1. 1.0 1.1 1.2 Kartik Chandra Dutt (1 January 1999). Who's who of Indian Writers, 1999: A-M. Sahitya Akademi. পৃষ্ঠা. 237. ISBN 978-81-260-0873-5. https://books.google.com/books?id=QA1V7sICaIwC&pg=PA237। আহৰণ কৰা হৈছে: 25 August 2014. 
  2. Mehta, Dhirendra (November 2018). Desai, Parul Kandarpa. ed (gu ভাষাত). ગુજરાતી સાહિત્યનો ઇતિહાસ (૧૯૩૬થી ૧૯૫૦): સ્વાતંત્ર્યોત્તર યુગ-૨. 8. প্ৰকাশক Ahmedabad: K. L. Study Center, Gujarati Sahitya Parishad. পৃষ্ঠা. 11. ISBN 978-81-939074-1-2. 
  3. 3.0 3.1 Maharashtra (India) (1971). Maharashtra State Gazetteers: General Series. Directorate of Government Print., Stationery and Publications. পৃষ্ঠা. 405–406. https://books.google.com/books?id=e0FuAAAAMAAJ. 
  4. 4.0 4.1 "Raghuvir Chaudhary" (gu ভাষাত). Gujarati Sahitya Parishad. http://www.gujaratisahityaparishad.com/prakashan/photo-gallery/sahitya-sarjako/Raghuvir-Chaudhary.html। আহৰণ কৰা হৈছে: 25 August 2014. 
  5. 5.0 5.1 "Raghuveer Chaudhari". Rangdwar Prakashan. Archived from the original on 9 December 2013. https://web.archive.org/web/20131209011622/http://rangdwar.com/web/?option=com_content&task=view&id=20&Itemid=44। আহৰণ কৰা হৈছে: 25 August 2014.