গংগুবাই কোঠেৱালী

(গংগুবাই ক'ঠেৱালীৰ পৰা পুনঃনিৰ্দেশিত)


গংগুবাই হৰজীৱনদাস (ইংৰাজী: Gangubai Harjivandas)[lower-alpha 1] পৰিচিত আৰু জনপ্ৰিয় নাম হৈছে গংগুবাই কোঠেৱালী[lower-alpha 2] আৰু গংগুবাই কাঠিয়াৱাড়ী[lower-alpha 3]৷ তেওঁ আছিল এগৰাকী ভাৰতীয় পতিতা আৰু কুৰি শতিকাৰ '৭০ৰ দশকত মুম্বাইৰ কামাথিপুৰা এলেকাত গঢ় লৈ উঠা এটা পতিতালয়ৰ গৰাকীনী বা 'ম্যাডাম'৷ [3] [4]

গংগুবাই হৰজীৱনদাস
Gangubai Harjivandas
জন্ম গংগুবাই হৰজীৱনদাস
১৯৩৯
কাঠিয়াৱাড়, ব্ৰিটিছশাসিত ভাৰত
বৰ্তমানৰ গুজৰাট, ভাৰত
মৃত্যু ২০০৮ (বয়স : ৬৮-৬৯)
মুম্বাই, মহাৰাষ্ট্ৰ, ভাৰত
অন্য নাম গংগুবাই কোঠেৱালী
গংগুবাই কাঠিয়াৱাড়ী
পেচা

২০১১ চনত প্ৰকাশিত হুছেইন জাইদীৰ অকাহিনীমূলক অপৰাধভিত্তিক গ্ৰন্থ মাফিয়া কুইনচ অৱ মুম্বাইত গংগুবাইৰ বিষয়ে উল্লেখ আছে৷ [5]

২০২২ চনৰ ২৫ ফেব্ৰুৱাৰীত মুক্তি লাভ কৰা সঞ্জয় লীলা ভাঞ্চালীৰ দ্বাৰা নিৰ্দেশিত আৰু মুখ্য চৰিত্ৰত আলিয়া ভাটৰ দ্বাৰা অভিনীত হিন্দী ভাষাৰ আত্মজীৱনীমূলক কথাছবি 'গংগুবাই কাঠিয়াৱাড়ী'য়ে গংগুবাই হৰজীৱনদাসৰ জীৱনদ্দশাক প্ৰতিনিধিত্ব কৰিছে৷ [4]

জীৱন সম্পাদনা কৰক

১৯৪০ৰ দশকৰ গুজৰাটৰ কাঠিয়াৱাড় গাঁৱত গংগুবাইৰ জন্ম হয়৷ জন্মতে তেওঁৰ নাম আছিল গংগা হৰজীৱনদাস৷ যৌৱনাৱস্থাতে গংগুবাইয়ে পিতৃৰ গাণনিক ৰামনিক লালৰ লগত মুম্বাইৰ চহৰলৈ পলাই আহে৷ ইয়াৰ আগতে দুয়োয়ে সংগোপনে বিবাহ-পাশত আবদ্ধ হয়৷ কিন্তু গিৰিয়েক ৰামনিকে গংগুবাইৰ লগত প্ৰবঞ্চনা কৰে আৰু তাইক পতিতাবৃত্তিত পাঁচশ টকাৰ বিনিময়ত বিক্ৰী কৰে৷ গংগুবাইৰ জীৱনক ৰেখাপাত কৰা হুছেইন জাইদীৰ গ্ৰন্থ 'মাফিয়া কুইনছ অৱ মুম্বাই'ত গংগুবাইৰ বিষয়ে অনেক গুৰুত্বপূৰ্ণ তথ্য সন্নিৱিষ্ট হৈছে৷ [6][7] লিখক হুছেইনৰ মতে, গংগুবাইৰ উচ্চতা বৰ বেছি নহয়৷ পাঁচ ফুট পাঁচ ইঞ্চিমানহে হ'ব৷ পতিতাবৃত্তিৰ লগত অনাকাংক্ষিতভাৱে পৰিচিত হৈ গংগুবাইয়ে পূৰ্বৰ গংগা নামটো সলাই পেলায় আৰু তাৰ ঠাইত গংগু বুলি আত্মপৰিচয় দিবলৈ আৰম্ভ কৰে৷ [4]

প্ৰথমাৱস্থাত গংগুবাইয়ে একাধিক অস্বস্তিদায়ক পৰিস্থিতিৰ সমুখীন হৈছিল যদিও পাছলৈ মুম্বাইৰ আণ্ডাৰৱৰ্ল্ডৰ সান্নিধ্যলৈ আহে আৰু সেইসূত্ৰেই চৌপাশৰ অঞ্চল আৰু সমাজত পৰিচয় লাভ কৰে৷ গংগুবাইৰ প্ৰতিৰক্ষাৰ দায়িত্বত আছিল কৰিম লালা৷ কৰিম লালাক সেইসময়ত মুম্বাইৰ এজন কুখ্যাত ডন হিচাপে জনা যায়৷ কামথিপুৰাৰ এই এলেকাটো কৰিম লালাৰ অধীনত আছিল৷ [8]কোৱা হয় যে, গংগুবাইয়ে কৰিম লালাক ৰাখী পিন্ধাইছিল৷ কিয়নো গংগুবাইক দুবাৰকৈ ধৰ্ষণ কৰা তাৰ এজন গুণ্ডাৰ পৰা কৰিম লালাই ৰক্ষা কৰিব বুলি প্ৰতিশ্ৰুতিবদ্ধ হৈছিল৷ মুম্বাইৰ কামাথিপুৰাত গংগুবাইয়ে এগৰাকী যৌনকৰ্মী হিচাপে কাম আৰম্ভ কৰে আৰু ক্ৰমাৎ সেই অঞ্চলত থকা বহুকেইখন পতিতালয়ৰ গৰাকীনী হয় আৰু সেইবোৰৰ পৰিচালনাও কৰে৷ স্থানীয় 'ঘৰৱালী' নিৰ্বাচন জয়ী হোৱাৰ পিছত গংগুবাইয়ে নিজৰ নামৰ পিছত 'ক'ঠেৱালী' উপাধি সংযুক্ত কৰে৷ কম বয়সতে গংগুবাই পতিতালয়ৰ ম্যাডাম হিচাপে স্বীকৃত হয়৷ সাধাৰণতে এই নিৰ্বাচনবোৰৰ জৰিয়তে কামাথিপুৰাৰ যৌন কৰ্মীৰ মাজত তেওঁলোকৰ স্থিতি আৰু স্থান নিৰ্ধাৰণ কৰা হৈছিল৷ জাইদিয়ে কিতাপখনত উল্লেখ কৰা অনুসৰি, গংগুবাইয়ে কেতিয়াও নাৰীক নিজৰ ইচ্ছাৰ অসন্মতিত যৌন বৃত্তিলৈ টানি অনা নাছিল৷ কিশোৰীক তেওঁ কেতিয়াও পতিতাবৃত্তি গ্ৰহণ কৰিবলৈ নিদিছিল৷ [8]আনকি ব্যৱসায় আৰু অৰ্থৰ পৰিৱৰ্তে নাৰীৰ এই স্বাধীনতাক অগ্ৰাধিকাৰ দিয়া গংগুবাইয়ে সেইসময়ত একমাত্ৰ 'ম্যাডাম' আছিল৷ [4]

গংগুবাইয়ে যৌন কৰ্মী আৰু অনাথ শিশুৰ কল্যাণ আৰু উত্তৰণৰ হকে কাম কৰিছিল৷[9]

ৰেড লাইট এলেকাবোৰৰ সুৰক্ষাৰ অনুমোদন বিচাৰি গংগুবাইয়ে ভাৰতৰ প্ৰধান মন্ত্ৰী জৱাহৰলাল নেহৰুকো সাক্ষাৎ কৰিছিল৷[8]

জনপ্ৰিয় মাধ্যমত সম্পাদনা কৰক

মুম্বাইৰ অনুসন্ধানমূলক সাংবাদিক আৰু লেখক এছ. হুছেইন জাইদীয়ে সাংবাদিক জন বৰ্গেছৰ সৈতে লগ হৈ লিখা মাফিয়া কুইনছ অৱ মুম্বাইত সন্নিৱিষ্ট তেৰগৰাকী মুম্বাইৰ নাৰীৰ ভিতৰত গংগুবাইৰ জীৱনকো সামৰিছে৷ এই গ্ৰন্থখন ১৫ এপ্ৰিল ২০১১ চনত 'ট্ৰেংকুবাৰ'-এ প্ৰকাশ কৰিছিল৷ গ্ৰন্থখনৰ ভাষা-ইংৰাজী৷ [10]

হুছেইন জাইদীৰ গ্ৰন্থখনৰে এটা অধ্যায়ক আধাৰ হিচাপে লৈ নিৰ্মাণ কৰা হিন্দী ভাষাৰ কথাছবি 'গংগুবাই কাঠিয়াৱাড়ী'য়ে ২০২২ চনৰ ২৫ ফেব্ৰুৱাৰীত ভাৰতৰ ছবিগৃহত মুক্তিলাভ[11] কৰে৷ এই ছবিখনৰ পৰিচালক হৈছে সঞ্জয় লীলা ভাঞ্চালী আৰু মুখ্য চৰিত্ৰত অভিনয় কৰিছে আলিয়া ভাটে৷ ছবিখনে দৰ্শক-সমালোচকৰ পৰা ইতিবাচক সঁহাৰি লাভ কৰে৷[12][13][14]

টোকা সম্পাদনা কৰক

  1. সন্মানীয় প্ৰত্যয়, কেতিয়াবা ভাৰতীয় মহিলাৰ নামৰ আগত যোগ কৰা হয়।]}[1] ইয়াত প্ৰকৃত নামটো হৈছে গংগু বা গংগা
  2. কোঠেৱালীৰ আক্ষৰিক অৰ্থ হৈছে দেহোপজীৱিনী৷ ক'ঠা মানে কোঠা আৰু ৱালী মানে গৰাকীনী৷ অৰ্থাৎ পতিতালয়ৰ গৰাকীনী বা 'মেডাম'৷[2]
  3. এইটো নামত তেখেতৰ জন্মস্থান পশ্চিম ভাৰতৰ সৌৰাষ্ট্ৰৰ অন্তৰ্গত কাঠিয়াৱাড়ক সূচাইছে৷

তথ্যসূত্ৰ সম্পাদনা কৰক

  1. McGregor, R. S. (1993). The Oxford Hindi-English Dictionary. Oxford University Press. পৃষ্ঠা. 719. http://dsal.uchicago.edu/cgi-bin/app/mcgregor_query.py?page=719. 
  2. McGregor, R. S. (1993). The Oxford Hindi-English Dictionary. Oxford University Press. পৃষ্ঠা. 216. http://dsal.uchicago.edu/cgi-bin/app/mcgregor_query.py?page=216. 
  3. "Real Vs. Reel Images Of Characters And Places Showcased In 'Gangubai Kathiawadi'". ScoopWhoop. Mar 02, 2022 at 15:59. https://www.scoopwhoop.com/entertainment/real-vs-reel-images-from-gangubai-kathiawadi/। আহৰণ কৰা হৈছে: 2 March 2022. 
  4. 4.0 4.1 4.2 4.3 Jain, Sanya (March 01, 2021 9:19 am IST). "Who Was Gangubai Kathiawadi: The Woman Alia Bhatt Will Portray In Her Latest Film". NDTV. https://www.ndtv.com/offbeat/who-was-gangubai-kathiawadi-the-woman-alia-bhatt-will-portray-in-her-latest-film-2380290। আহৰণ কৰা হৈছে: 2 March 2022. 
  5. "আৰ্কাইভ কপি". Archived from the original on 2022-02-19. https://web.archive.org/web/20220219130919/http://books.rediff.com/book/mafia-queens-of-mumbai--stories-of-women-from-the-ganglands--english---paperback-/9789380283777। আহৰণ কৰা হৈছে: 2022-03-02. 
  6. "Know Gangubai Kothewali, The Legendary Brothel Madam Alia Bhatt Will Be Playing In SLB's Next" (en ভাষাত). Desimartini. 2019-09-22. https://www.desimartini.com/news/martini-shots/trending-top-list/know-gangubai-kothewali-the-legendary-brothel-madam-alia-bhatt-will-be-playing-in-slbs-next-article120431.htm। আহৰণ কৰা হৈছে: 2020-01-21. 
  7. "गंगूबाई कोठेवाली-पति ने ₹500 में बेचा था,भंसाली उनपर फिल्म बनाएंगे" (hi ভাষাত). Quint Hindi. 2019-09-25. https://hindi.thequint.com/entertainment/bollywood/gangubai-khothewali-sanjay-leela-bhansali-film-alia-bhatt। আহৰণ কৰা হৈছে: 2020-01-21. 
  8. 8.0 8.1 8.2 Bhati, Divya (25 Feb, 2022). "Gangubai Kathiawadi - The Real Story of The Mafia Queen of Mumbai". jagarantv. https://www.jagrantv.com/en-show/gangubai-kathiawadi-the-mafia-queen-of-mumbai-real-story-rc1015962। আহৰণ কৰা হৈছে: 2 March 2022. 
  9. https://www.indiatvnews.com/entertainment/bollywood/who-is-gangubai-kathiawadi-husband-sold-rs-500-alia-bhatt-sanjay-leela-bhansali-film-580029
  10. https://www.hindustantimes.com/books/review-mafia-queens-of-mumbai/story-GidcRlboZRr7eiNwIFR50N.html
  11. https://www.imdb.com/title/tt10083340/
  12. https://timesofindia.indiatimes.com/entertainment/hindi/movie-reviews/gangubai-kathiawadi/movie-review/89811379.cms
  13. https://indianexpress.com/article/entertainment/movie-review/gangubai-kathiawadi-alia-bhatt-sanjay-leela-bhansali-spectacle-is-real-7790301/
  14. https://www.theguardian.com/film/2022/feb/27/gangubai-kathiawadi-review-gutsy-indian-true-drama-alia-bhatt