গজৰা

দক্ষিণ এছিয়াৰ মহিলাসকলে চুলিত বা হাতত পিন্ধা ফুলৰ মালা

গজৰা হৈছে দক্ষিণ এচিয়াৰ মহিলাসকলে উৎসৱ, অনুষ্ঠান, বিয়া বা দৈনন্দিন পৰম্পৰাগত সাজ-পোছাকৰ সৈতে পিন্ধা চুলিৰ সজ্জা হিচাপে ব্যৱহাৰ কৰা ফুলৰ মালা। এই গজৰা সাধাৰণতে বিভিন্ন প্ৰজাতিৰ খৰিকাজাই ফুলেৰে তৈয়াৰ কৰা হয় যদিও আজিকালি গজৰাত গোলাপ, ক্ৰছেণ্ড্ৰা আৰু বাৰ্লেৰিয়া দৰে ফুলৰ ব্যৱহাৰো বহুলভাৱে কৰা হয়।[1] ইয়াক খোপা বা বেণী দুয়োটাৰে সৈতে পিন্ধিব পাৰি। ভাৰতৰ মহিলাসকলে সাধাৰণতে পৰম্পৰাগত সাজ-পোছাকৰ লগতে কেশসজ্জাৰ বাবে গজৰা পৰিধান কৰে। ইয়াক প্ৰধানকৈ উৎসৱৰ সময়ত আৰু কিছুমান বিশেষ অনুষ্ঠানত হাতৰ মণিবন্ধত পৰিধান কৰা হয়।

খৰিকাজাই ফুলৰ এডাল গজৰা

গজৰা হৈছে একপ্ৰকাৰৰ চুলিৰ সজ্জা আৰু ই কোনো ধৰণে চুলি বান্ধি ৰখাত সহায় নকৰে। ভাৰতত গহনাবোৰৰ ওপৰত এক প্ৰকাৰৰ মুকুতাৰ শিল্পকলাকো গজৰা বোলে।

উৎপত্তিৰ ইতিহাস

সম্পাদনা কৰক

হিন্দু পৌৰাণিক কাহিনী অনুসৰি নৱবিবাহিত বা বিবাহিত মহিলাই পিন্ধা পৰম্পৰাগত ‘শোলা শৃংগাৰ’ বা ষোল্ল প্ৰকাৰৰ অলংকাৰৰ ভিতৰত গজৰা আছিল এক গুৰুত্বপূৰ্ণ আনুষংগিক বস্তু। হিন্দু বিয়াৰ প্ৰথা অনুসৰি কইনাক ষোল্ল প্ৰকাৰৰ অলংকাৰেৰে শোভা বঢ়োৱাৰ প্ৰথা আছে, ইয়াৰে গজৰা হৈছে মূৰৰ অলংকাৰৰ অন্যতম। প্ৰথমে কইনাৰ চুলি টান বেণী বা বানত বান্ধি লোৱা হয়, আৰু ইয়াৰ লগত এডাল বা অধিক গজৰা সংলগ্ন কৰা হয়।[2]

প্ৰাচীন আৰু আধুনিক যুগত গজৰা

সম্পাদনা কৰক

প্ৰাচীন কালত মহিলাসকলে প্ৰধানকৈ সকলো ধৰ্মীয় আৰু উৎসৱৰ বাবে গজৰা পিন্ধিছিল। সেই সময়ত গজৰা তৈয়াৰ কৰিবলৈ সাধাৰণতে খৰিকাজাই ফুলেই ব্যৱহাৰ কৰা হৈছিল কাৰণ এই ফুলক শুভ বুলি গণ্য কৰা হৈছিল আৰু ইয়াৰ প্ৰবল সুগন্ধি দিনটোলৈ বৰ্তি থাকিছিল।[3] হিন্দু পৌৰাণিক কাহিনী অনুসৰি ফুলৰ অৰ্থ অতি গভীৰ। এইবোৰ কেৱল সৌন্দৰ্য্যৰ বাবেই নহয়। মহিলাসকলে চুলিত লগোৱা ফুল প্ৰেম, শুভকামনা, সুখ, সমৃদ্ধিৰ প্ৰতীক। বিশ্বাস কৰা হয় যে বেছিভাগ মহিলাই কেৱল নিজৰ ঠাইত ইতিবাচক বাতাৱৰণ সৃষ্টি কৰিবলৈকে চুলিত গজৰা পৰিধান কৰে। যদিও সময়ৰ লগে লগে গজৰাৰ প্ৰস্তুত আৰু প্ৰয়োগৰ ক্ষেত্ৰত নানা পৰিৱৰ্তন ঘটিছে, তথাপিও গজৰা তৈয়াৰ কৰাত খৰিকাজাই ফুলৰ বহুল ব্যৱহাৰ বৰ্তমানো অব্যাহত আছে।

আজিকালি সাধাৰণতে কইনাসকলে বিয়াৰ দিনা বা ভাৰতীয় শাস্ত্ৰীয় নৃত্যশিল্পীয়ে নৃত্য প্ৰদৰ্শনৰ সময়ত গজৰা পিন্ধে। এইবোৰৰ বাহিৰেও দক্ষিণ ভাৰতৰ বেছিভাগ মহিলাই ধৰ্মীয় আৰু উৎসৱৰ সময়ত গজৰা পৰিধান কৰে।[4]

গজৰাৰ ৰং প্ৰথম অৱস্থাত বগা আৰু সামগ্ৰিক ৰূপত অত্যন্ত সহজ আছিল। কিন্তু সময়ৰ লগে লগে ভাৰতীয় সমাজৰ বিভিন্ন শ্ৰেণীৰ মহিলাৰ মাজত হালধীয়া আৰু কমলা ৰঙৰ গজৰায়েও অপৰিসীম জনপ্ৰিয়তা লাভ কৰিছে। ভাৰতীয় চিনেমাৰ কেইবাটাও গীত আৰু নৃত্যৰ ক্ৰমৰ মূল বিষয়বস্তু হিচাপে গজৰা ব্যৱহাৰ হৈছে। ইয়াৰ উপৰিও ঐশ্বৰ্য ৰায়, [শিল্পা শেট্টী]], ৰেখাৰ দৰে ভাৰতীয় চলচ্চিত্ৰ অভিনেত্ৰীসকলে ৰেড কাৰ্পেটত গজৰা পৰিধানেৰে ৰেচম শাৰীসমূহক পৰিপূৰক কৰি প্ৰকাশ কাৰিছে। সুপৰিচিত ইণ্ডি-পপ গায়িকা আৰু জাজ সংগীতজ্ঞ ঊষা উথুপ তেওঁ পৰিধান কৰা গজৰাৰ বাবেও সুপৰিচিত।

তথ্যসূত্ৰ

সম্পাদনা কৰক
  1. Gurcharan Singh Randhawa and Amitabha Mukhopadhyay, ed (1986). Floriculture in India. Allied Publishers. পৃষ্ঠা. 607. ISBN 978-81-7023-057-1. 
  2. "Gajra: Indian Traditional Hair Accessory". https://www.utsavpedia.com/attires/gajra. 
  3. A.K. Singh (2006). Flower Crops: Cultivation and Management. New India Publishing. পৃষ্ঠা. 193–205. ISBN 978-81-89422-35-6. https://books.google.com/books?id=Bfb1T6QbfaAC&q=Jasminum+genus&pg=PA193. 
  4. "How to Use Gajra in Different Ways?". Mirror review. https://www.mirrorreview.com/use-gajra-in-different-ways/। আহৰণ কৰা হৈছে: 25 March 2023.