গাজী পীৰ(ইংৰাজী: Gazi Pir) যাক ঘাজী পীৰ, গাঝী পীৰ, বৰখান গাজী বা গাজী চাহেব বুলিও জনা যায়, বংগত ইছলাম ধৰ্ম প্ৰসাৰৰ সময়ত দ্বাদশ বা ত্ৰয়োদশ শতিকাত বাস কৰা এজন বাঙালী মুছলমান গাজী আৰু পীৰ (যোদ্ধা সন্ত) আছিল। ভয়ায়ক বন্য প্ৰাণীৰ ওপৰত তেওঁৰ ক্ষমতা আৰু প্ৰাকৃতিক উপাদান নিয়ন্ত্ৰণৰ বাবে তেওঁ পৰিচিত আছিল। দক্ষিণ বংগৰ গংগা নদীৰ ব-দ্বীপৰ ঘন অৰণ্যত নতুন স্থানীয় মুছলমান জনসংখ্যাই বসতি স্থাপন কৰাৰ সময়ত এইবোৰ আছিল গুৰুত্বপূৰ্ণ গুণ। তেওঁৰ জীৱন বৰ্তমান ইংলেণ্ডৰ লণ্ডনৰ ব্ৰিটিছ সংগ্ৰহালয়ত সংৰক্ষিত হৈ থকা "গাজী স্ক্ৰল"ত দেখুওৱা হৈছে, যিখন স্ক্ৰ’লত গাজী সম্পৰ্কীয় প্ৰায় ১৮০০ চনৰ ৫৪খন ছবি আছে।[1]

গাজী পীৰ

১৮শ শতিকাত অঁকা সুন্দৰবনত গাজী পীৰ আৰু তেওঁৰ বাঘৰ এখন ছবি।
ব্যক্তিগত
সমাধিস্থল ঘুটিয়াৰী শ্বৰিফ, পশ্চিম বংগ
ধৰ্ম ইছলাম

বাঘৰ পৰা পৰিত্ৰাণ বিচাৰি, সুন্দৰবন জংঘলৰ গাঁৱত বনবিবি আৰু হিন্দু দক্ষিণ ৰায়ৰ কাষতে গাজী পীৰকো পূজা কৰা হয়। কিংবদন্তি অনুসৰি, বনবিবিয়ে শিক্ষা দিছিল যে, যিকোনো জাতি বা ধৰ্ম যিয়েই নহওক কিয়, সকলোৱে সমান আৰু প্ৰকৃতিৰ লগত সকলোৱে সমিলমিলেৰে জীয়াই থাকিব লাগে।[2]

লোককথা অনুসৰি, বৰ্তমান দক্ষিণ চৌব্বিশ পৰগনাৰ বেলে আদমপুৰ গাঁৱত তেওঁৰ জন্ম হয়। যৌৱনৰ প্ৰাৰম্ভতে তেওঁ পিতৃৰ অতুল বৈভৱ ত্যাগ কৰি ইছলাম ধৰ্ম প্ৰচাৰৰ বাবে ফকীৰ হয় আৰু ভাটীৰ ফালে সুন্দৰবনলৈ আহে।[3] বন্ধু কালুৰ সহযোগত গাজী পীৰৰ যশোৰ জিলাৰ ব্ৰাহ্মণ নগৰৰ হিন্দু ৰজা মুকুট ৰায়ৰ কন্যা চম্পাৱতীৰ লগত বিয়া হয়। তেওঁলোকৰ দুটি পুত্ৰ, দুঃখী হাজী আৰু মেহেৰ গাজী। এতিয়াও বাংলাদেশৰ ঝিনাইদহ জিলাৰ কালীগঞ্জ মহকুমাৰ বাৰবাজাৰত গাজী কালু আৰু চম্পাৱতীৰ মাজাৰ আছে।[4]

বহুতৰ মতে, বড়খা গাজী কাৰো ব্যক্তিগত নাম নহয়, মধ্যযুগত বংগত ইছলাম ধৰ্ম প্ৰচাৰকসকলেই বড়খাঁ গাজী নামে পৰিচিত। আন এক মতবাদমতে, প্ৰসিদ্ধ পীৰ জাফৰ খাঁ গাজীৰ পুত্ৰই বড়খাঁ গাজী। সুকুমাৰ সেনৰ মতে, চতুৰ্দশ শতিকাৰ পীৰ সুফী খানেই ষোড়শ শতিকাত বড়খাঁ গাজী নামে পৰিচিত হয়। তৃতীয় মতবাদমতে, পঞ্চদশ শতিকাৰ পীৰ ইছমাইল গাজীয়েই হ’ল উক্ত বড়খাঁ গাজী।[3][5]

শাৰীৰিক বৰ্ণনা

সম্পাদনা কৰক

খাড়িগ্ৰামত থকা মূৰ্তি অনুসৰি গাজী পীৰ যুদ্ধবেশী, অশ্বাৰোহী দৃঢ় সুপুৰুষ; যাৰ পিন্ধনত পায়জামা, চাপকন চোলা, মূৰত টুপী, মুখত ঘন দীঘল দাড়ি, দীঘল গোঁফ আৰু ডিঙিত গলাবন্ধ, ডাঙৰ টনা টনা চকু, একহাতে অস্ত্ৰ আৰু অন্যহাতে ঘোঁৰাৰ লেকাম, ৰিকাপিৰ ওপৰত বুটজোতা পিন্ধা ভৰি থোৱা আছে।[6]

কলকাতাত স্মৃতিচিহ্ন

সম্পাদনা কৰক
 
বেলুড় মঠৰ নদী কাষৰীয়া প্ৰৱেশ পথত থকা ফলক।

১৮৪৭ চনত কলকাতাত দক্ষিণেশ্বৰ কালি মন্দিৰ নিৰ্মাণ কৰা ৰাণী ৰাসমনীয়ে সপোনত গাজী পীৰক দেখিছিল। এই সপোনত তেওঁ ৰাণীক নিৰ্দেশ দিছিল যে, ২০ শতিকাৰ আৰম্ভণিতে নিৰ্মাণ কৰা বেলুড় মঠৰ বৰ্তমানৰ নদীৰ পাৰৰ গেটৰ বাহিৰত অৱস্থিত পিপল গছৰ তলত তেওঁৰ বাবে এটা মন্দিৰ নিৰ্মাণ কৰিব লাগে। ৰামকৃষ্ণ পৰমহংসই এই স্মৃতিসৌধত "চিন্নি" আগবঢ়াইছিল।[7]

তথ্য সূত্ৰ

সম্পাদনা কৰক
  1. British Museum. The 'Gazi' Scroll.
  2. Jalais, Annu (2014). Forest of Tigers: People, Politics and Environment in the Sundarbans. Routledge. ISBN 978-1-136-19869-4. https://books.google.com/books?id=XIW3AwAAQBAJ. 
  3. 3.0 3.1 বঙ্গীয় লোকসংস্কৃতি কোষ, ড. বৰুণকুমাৰ চক্ৰবৰ্তী, প্ৰথম প্ৰকাশ:১৯৯৫, পৃষ্ঠা: ২৫৫-২৫৬, ISBN 81-86036-13-X
  4. যশোৰ খুলনাৰ ইতিহাস-২য় খণ্ড, সতীশচন্দ্ৰ মিত্ৰ, দ্বিতীয় সংস্কৰণ, প্ৰকাশ: ২০১১, পৃষ্ঠা: ৪৪, ISBN 984715143
  5. বাংলাৰ লোকসংস্কৃতিৰ বিশ্বকোষ, দুলাল চৌধুৰী, আকাদেমি অব ফোকলোৰ, কলকাতা: ৭০০০৯৪, প্ৰথম প্ৰকাশ:২০০৪, পৃষ্ঠা: ৪৯১
  6. ঘোষ, বিনয়, "পশ্চিমবঙ্গেৰ সংস্কৃতি", তৃতীয় খণ্ড, প্ৰথম সংস্কৰণ, প্ৰকাশ ভবন, পৃষ্ঠা: ২৪৫-২৫০
  7. Chowdhury, Satyam Roy (2016). Sri Ramakrishna For You. Techno India. ISBN 9789384561192. https://books.google.com/books?id=9GvyDAAAQBAJ.