গান্ধী–আৰউইন চুক্তি (ইংৰাজী: Gandhi–Irwin Pact) আছিল লণ্ডনৰ দ্বিতীয় ঘূৰণীয়া মেজমেলৰ আগতে ১৯৩১ চনৰ ৫ মাৰ্চত মহাত্মা গান্ধী আৰু ভাৰতৰ ভাইচৰয় লৰ্ড আৰউইনৰ দ্বাৰা স্বাক্ষৰিত এক ৰাজনৈতিক চুক্তি।[1] ইয়াৰ আগতে, ভাইচৰয় লৰ্ড আৰউইনে ১৯২৯ চনৰ অক্টোবৰ মাহত এক অনিৰ্দিষ্ট ভৱিষ্যতে ব্ৰিটিছ-শাসিত ভাৰতৰ আৰু ভৱিষ্যতৰ সংবিধান ৰ বিষয়ে আলোচনা কৰিবলৈ এক ঘূৰণীয়া মেজমেলত ভাৰতক 'dominion status'ৰ এক অস্পষ্ট অফাৰ ঘোষণা কৰিছিল।[2] ১৯৩১ চনৰ ছেপ্টেম্বৰৰ পৰা ডিচেম্বৰলৈকে লণ্ডনত দ্বিতীয় ঘূৰণীয়া মেজমেল অনুষ্ঠিত হৈছিল। দুজন নেতা- গান্ধী আৰু আৰউইনক সৰোজিনী নাইডুৱে দিয়া আখ্যা। তেওঁলোকে আঠখন সভাত বহিছিল যিকেইখনৰ মুঠ সময় ২৪ ঘণ্টা। আৰউইনৰ আন্তৰিকতাত গান্ধী প্ৰভাৱিত হৈছিল। "গান্ধী–আৰউইন চুক্তি"ৰ চৰ্তাৱলীত এক চুক্তিৰ বাবে নিম্নতম হিচাপে গান্ধীৰ নিৰ্ধাৰিত সংগ্ৰহৰ পৰা প্ৰকটভাৱে কম হৈ পৰিছিল।[3]

চৰ্তাৱলী সম্পাদনা কৰক

প্ৰস্তাৱিত চৰ্তাৱলী:

  • ভাৰতীয় জাতীয় কংগ্ৰেছৰ লোণ যাত্ৰা স্থগিত ৰখা।
  • দ্বিতীয় ঘূৰণীয়া মেজমেলত ভাৰতীয় জাতীয় কংগ্ৰেছৰ অংশগ্ৰহণ।
  • ভাৰতীয় জাতীয় কংগ্ৰেছৰ কাৰ্যকলাপৰ ওপৰত নিয়ন্ত্ৰণ আৰক্ষণ কৰি ভাৰত চৰকাৰে জাৰী কৰা সকলো অধ্যাদেশ প্ৰত্যাহাৰ।
  • হিংসাত্মক অপৰাধত জড়িত সকলৰ বাহিৰে কেইবাটাও প্ৰকাৰৰ অপৰাধৰ সৈতে সম্পৰ্কিত সকলো প্ৰত্যাহাৰ।
  • লোণ যাত্ৰাত অংশগ্ৰহণ কৰাৰ অপৰাধত কাৰাবন্দী কৰা লোকসকলক মুকলি কৰা।
  • লোণৰ ওপৰত থকা কৰ উঠাই লোৱা, যি ভাৰতীয়সকলক আইনগতভাৱে আৰু তেওঁলোকৰ নিজৰ ব্যক্তিগত ব্যৱহাৰৰ বাবে নিমখ প্ৰস্তুত, বাণিজ্য আৰু বিক্ৰী কৰিবলৈ অনুমতি দিছিল

ভাৰতৰ, আৰু গ্ৰেট ব্ৰিটেইনৰ বহুতো ব্ৰিটিছ বিষয়াৰ এটা দলৰ সৈতে চুক্তি কৰাৰ বাবে খং উঠিছিল, যিটো দলৰ সংকল্পিত উদ্দেশ্য আছিল ব্ৰিটিছ ৰাজধ্বংস। উইনষ্টন চাৰ্চিলে ৰাজহুৱাভাৱে তেওঁৰ বিৰক্ততা প্ৰকাশ কৰিছিল "... এই এসময়ৰ ভিতৰৰ মন্দিৰৰ উকীল, এতিয়াৰ ৰাজদ্ৰোহী 'ফকীৰে' ৰজাৰ প্ৰতিনিধিৰ সৈতে সমান চৰ্তাৱলীৰ সৈতে মীমাংসা আৰু বিশ্লেষণ কৰিবলৈ ভাইচৰয়ৰ প্ৰাসাদলৈ বেঙা মেলাটো বিৰক্তিজনক আৰু লজ্জাজনক ৰাজহুৱা প্ৰদৰ্শন। (...at the nauseating and humiliating spectacle of this one-time Inner Temple lawyer, now seditious 'fakir', striding half-naked up the steps of the Viceroy’s palace, there to negotiate and parley on equal terms with the representative of the King Emperor)"

উত্তৰত চৰকাৰ সন্মত হোৱা বিষয়সমূহ আছিল:

  • সকলো অধ্যাদেশ আৰু অভিযোগ প্ৰত্যাহাৰ কৰা।
  • হিংসাত অভিযুক্তসকলৰ বাহিৰে সকলো ৰাজনৈতিক কাৰাবন্দীক মুক্তি দিয়া।
  • সুৰা আৰু বিদেশী কাপোৰৰ দোকানৰ শান্তিপূৰ্ণ পিকেটিঙৰ অনুমতি দিয়া।
  • সত্যাগ্ৰহীবোৰৰ পৰা বাজেয়াপ্ত কৰা সম্পদসমূহ পুনৰুদ্ধাৰ কৰা।
  • সাগৰ-উপকূলৰ ওচৰৰ ব্যক্তিসকলক নিমখ বিনামূলীয়াকৈ সংগ্ৰহ বা নিৰ্মাণৰ অনুমতি প্ৰদান কৰা।
  • কংগ্ৰেছৰ ওপৰত থকা নিষেধাজ্ঞা উঠাই লোৱা।

ভাইচৰয় লৰ্ড আৰউইন এই সময়ত ভাৰতীয় ৰাষ্ট্ৰবাদৰ আটাইতকৈ কঠোৰতম নিপীড়ন পৰিচালনা কৰিছিল, কিন্তু নীতি উপভোগ্য নাছিল। ব্ৰিটিছে পৰিচালনা কৰা ভাৰতীয় অসামৰিক সেৱা আৰু বাণিজ্যিক সম্প্ৰদায় তাতকৈও কঠোৰ ব্যৱস্থাৰেে ভৰা। কিন্তু ব্ৰিটিছ প্ৰধান মন্ত্ৰী ৰামছে মেকডোনাল্ড আৰু ভাৰতৰ প্ৰধান সচিব উইলিয়াম বেন শান্তিৰ বাবে আগ্ৰহী আছিল, যদি তেওঁলোকে শ্ৰমিক চৰকাৰৰ স্থিতি দুৰ্বল নকৰাকৈ ইয়াক সুৰক্ষিত কৰিব পাৰে। তেওঁলোকে ঘূৰণীয়া মেজমেলৰ সফলতা বিচাৰিছিল আৰু জানিছিল যে গান্ধী আৰু কংগ্ৰেছৰ উপস্থিতি অবিহনে এই গোটে বিশেষ একো কৰিব নোৱাৰে। ১৯৩১ চনৰ জানুৱাৰী মাহত, ঘূৰণীয়া মেজমেলৰ সামৰণি অধিবেশনত ৰামছে মেকডোনাল্ডে পৰৱৰ্তী অধিবেশনত কংগ্ৰেছক প্ৰতিনিধিত্ব কৰা হ'ব বুলি আশা প্ৰকাশ কৰিছিল। ভাইচৰয়ে ইঙ্গিতটো বুজি লগে লগে গান্ধী আৰু কংগ্ৰেছৰ কাৰ্যকৰী সমিতিৰ সকলো সদস্যৰ চৰ্তহীন মুক্তিৰ নিৰ্দেশ দিয়ে। এই ভংগীমালৈ চাই গান্ধীয়ে ভাইচৰয়ক লগ কৰিবলৈ সন্মত হৈ সঁহাৰি দিছিল।

ভাইচৰয় লৰ্ড আৰউইনৰ সৈতে এখন চুক্তি সমাপ্ত কৰাত গান্ধীৰ উদ্দেশ্যক তেওঁৰ কৌশলৰ দ্বাৰা ভালকৈ বুজিব পাৰি। 'সত্যাগ্ৰহ' আন্দোলনবোৰক সাধাৰণতে "সংগ্ৰাম", "বিদ্ৰোহ" আৰু "হিংসা অবিহনে যুঁজ" বুলি বৰ্ণনা কৰা হৈছিল। অৱশ্যে, এই শব্দবোৰৰ সাধাৰণ ধাৰনা ৰখাৰ বাবে, তেওঁলোকে আন্দোলনৰ নেতিবাচক দিশ, যেনে বিপক্ষ আৰু সংঘাতৰ ওপৰত বিশেষ গুৰুত্ব দিয়া নাছিল।

লগতে চাওক সম্পাদনা কৰক

তথ্যউৎস সম্পাদনা কৰক

  1. "Gandhi Irwin Pact Event List". Gandhi Heritage Portal. https://www.gandhiheritageportal.org/gandhi-irwin-pact. 
  2. Ruhe, Peter (2001). Gandhi. প্ৰকাশক London: Phaidon Press. পৃষ্ঠা. 75. 
  3. "Gandhi-Irwin Pact". GANDHI - A Pictorial Biography. Bombay Sarvodaya Mandal / Gandhi Book Centre. http://www.mkgandhi.org/biography/gndirwin.htm.