গামখাৰু

অসমীয়া পৰম্পৰাগত অলংকাৰ
(গাম খাৰুৰ পৰা পুনঃনিৰ্দেশিত)

গামখাৰু হৈছে অসমীয়া পুৰুষ-মহিলা উভয়ে সৌন্দৰ্য বৰ্ধনৰ বাবে হাতত পিন্ধা খাৰু বিশেষ। গামখাৰু অসমীয়া গহনাৰ এবিধ পুৰণি অলংকাৰ। পুৰণি দিনত ইয়াৰ ব্যৱহাৰ সাধাৰণ আছিল যদিও বৰ্তমান বিহুৰ সময়তহে নাচনীৰ হাতত গাম খাৰু দেখা যায়। অসমীয়া পুৰুষ-মহিলা উভয়ে হাতত পৰিধান কৰা বিভিন্ন অলংকাৰৰ ভিতৰত আঙঠি আৰু খাৰুৱে প্ৰধান। সেই সমূহৰ ভিতৰত উকা সোণৰ গামখাৰু, উকা ৰূপৰ গামখাৰু, বাখৰুৱা গামখাৰু, সোণৰ চাৰিপতীয়া গামখাৰু, গেজেৰাখাৰু, বাখৰ পতা খাৰু, কংকণ সোণৰ চাৰি পতীয়া ডলা, সোণৰ পেচন্দাৰ, কলক, বাজু আদি লগতে আঙঠিৰ ক্ষেত্ৰত- উকা আঙঠি, হীৰাপতি আঙঠি, বাবৰি ফুলীয়া আঙঠি, পদুম ফুলীয়া আঙঠি, ভাটৌ ঠোঁটীয়া আঙঠি, বাখৰামি আঙঠি, ম’ৰানেজীয়া আঙঠি আদিয়ে প্ৰধান।[1]

গামখাৰু
গামখাৰু পিন্ধা এগৰাকী বিহু নৃত্যশিল্পী

গামখাৰু পুৰণি কালত অসমৰ জনজাতীয় মুখিয়াল সকলে পিন্ধিছিল। বুৰঞ্জীত অসমৰ মিচিং, চুতীয়া (নৰাই গাম)[2], ডফলা (কাবাকৰা গাম)[3], চিংফৌ (বিচা গাম)[4], মিচিমি[5], ইত্যাদি জনগোষ্ঠীৰ মুখিয়াল/গাঁও-বুঢ়া সকলক "গাম" (গ্ৰাম শব্দৰ অপভ্ৰংশ) বুলি কোৱা হৈছে। গামে পিন্ধা খাৰু বাবে ইয়াৰ নাম গামখাৰু হয়।[6]পূৰ্বতে পুৰুষে পিন্ধা এই খাৰু বিশেষ বৰ্তমান সময়ত মহিলা সকলেহে পৰিধান কৰা দেখা যায়।

ৰূপাংকৰণ আৰু পদ্ধতি

সম্পাদনা কৰক

গামখাৰুৰ লগতে অন্যান্য অসমীয়া গহনা তৈয়াৰ কৰা পদ্ধতিটো দক্ষিণ-পূৱ এচিয়াৰ পাৰম্পৰিক পদ্ধতিৰ সৈতে সাদৃশ্য থকা। বিভিন্ন সঁজুলি সমূহ যেনে:হাঁতুৰী, ভাটী, নিয়াৰি, ডাইচ, ফলি, কৰ্ষণী, কাঁটি, নোৱনি, লেপ, থিনা/ঠিনা, বাখৰ আদিৰ সহায়ত হাতেৰে এই গহনা বিশেষ তৈয়াৰ কৰা হয়। সাধাৰণতে গহনাৰ জঁকাটো ৰূপ ধাতুৰ সহায়ত তৈয়াৰ কৰি তাৰ ওপৰত সোণৰ পাতল আৱৰণ দিয়া হয়। ইয়াৰ বাবে সোণ গলাই 'স্প্ৰে' যন্ত্ৰৰ দ্বাৰা গহনাৰ ওপৰত এটা নিৰ্দিষ্ট অনুপাতত প্ৰলেপ দিয়া হয়। এই পদ্ধতিটোক সোণপানী চৰোৱা বুলিও কোৱা হয়। সাধাৰণতে অসমীয়া গহনাৰ আকাৰ-আকৃতি বা ৰূপাংকৰণ জৈৱিক বৈচিত্ৰ্য আৰু অসমীয়া বাদ্যযন্ত্ৰৰ আকৃতিৰ দ্বাৰা অনুপ্ৰাণিত। প্ৰধানকৈ কেৰু, জাংফাই আৰু গামখাৰু জনজাতীয় পাৰম্পৰিক আৰ্হিত তৈয়াৰ কৰা হয়।

বৈশিষ্ট্য

সম্পাদনা কৰক
 
গামখাৰুৰ সৈতে মিল থকা আন এবিধ গহনা মুঠিখাৰু

গামখাৰু তৈয়াৰ কৰিবলৈ প্ৰধানত সোণ আৰু ৰূপ ধাতুৰ ব্যৱহাৰ কৰা হয়। অৱশ্যে দুয়োবিধ ধাতুৰে তৈয়াৰ কৰা হয় যদিও ৰূপৰ গামখাৰুৰ প্ৰচলনহে অধিক। গামখাৰু তিনিসৰীয়া আৰু মাজতে এডাল শলা থাকে খাৰু পাত খুলিবৰ সময়ত প্ৰথমে শলাডাল খুলি লব লাগে। শলাডালে খাৰুপাত হাতৰ পৰা খহি নোযোৱাকৈ ৰাখে। গামখাৰুত লতা, ফুল আদি খোদিত থাকাৰ লগতে কিছুমান সোণৰ গামখাৰুত বাখৰ পতোৱা হয়।[7]

গাম খাৰু বিভিন্ন প্ৰকাৰৰ আছে। সেইসমূহ হ’ল:

  1. উকা সোণৰ গাম খাৰু
  2. উকা ৰূপৰ গাম খাৰু
  3. বাখৰুৱা গামখাৰু
  4. সোণৰ চাৰি পতীয়া গামখাৰু ইত্যাদি।

সৰু আকাৰৰ গামখাৰুক উজনি অসমৰ লোকে মুঠি খাৰু বুলি কয়। কিন্তু নামনি অসমত মুঠি খাৰুবিধ বেলেগ। গামখাৰু পাতলকৈ আৰু ভিতৰ ফালে ৰূপৰ প্ৰলেপ এটা দি দুই ধৰণে বনোৱা হয়। পাতলকৈ বনালে কম খৰচী। বৰপেটাত তৈয়াৰ কৰা ৰূপত সোণ পানী চৰোৱা গামখাৰুৰ দৰ আৰু সুলভতাৰ বাবে গোটেই অসমত এনেবিধ গামখাৰুৰ প্ৰচলন বেছি।

তথ্যসূত্ৰ

সম্পাদনা কৰক