গিৰিধৰ শৰ্মা (ইংৰাজী: Giridhar Sharma) (১৯১২-১৯৭৭) বিশিষ্ট সাহিত্যিক, শিক্ষাবিদ আছিল। ১৯৭৩ চনত ৰঙিয়াত অনুষ্ঠিত হোৱা অসম সাহিত্য সভাৰ অধিৱেশনত শৰ্মাদেৱে সভাপতিৰ আসন অলংকৃত কৰিছিল। এবছৰীয়া এই সময়খিনিত তেওঁ সাহিত্য সভা পত্ৰিকাখনিক মাহেকীয়া আলোচনীলৈ ৰূপান্তৰিত কৰিছিল। ইয়াৰ উপৰিও অসমৰ বিভিন্ন অঞ্চল ভ্ৰমণ কৰি সাহিত্য সভাৰ নতুন শাখা গঠন কৰাত নেতৃত্ব দিয়াৰ লগতে বিভিন্ন জনগোষ্ঠীৰ মিলনভূমি অসমত ৰাজ্যভাষা অসমীয়াহে চলিব লাগে বুলি বাণী প্ৰচাৰ কৰিছিল। বৰ্তমান আৰ্য বিদ্যাপীঠ কলেজৰ প্ৰতিষ্ঠাতা আছিল এই গিৰিধৰ শৰ্মা দেৱ। শৰ্মাদেৱ বিভিন্ন শিক্ষা সাংস্কৃতিক অনুষ্ঠানৰ লগতে ৰাষ্ট্ৰীয় সেৱক সংঘৰ লগতো ঘনিষ্ঠভাবে জড়িত আছিল।[1]

গিৰিধৰ শৰ্মা
জন্ম ৩ জুলাই, ১৯১২চন
ককয়া গাঁও, নলবাৰী, অসম
মৃত্যু ১০ মে, ১৯৭৭ চন
পেচা প্ৰবক্তা, অধ্যক্ষ, প্ৰবন্ধকাৰ
ভাষা অসমীয়া
ৰাষ্ট্ৰীয়তা ভাৰতীয়
নাগৰিকত্ব ভাৰতীয়
শিক্ষা স্নাতকোত্তৰ

জন্ম, পৰিয়াল আৰু শিক্ষা সম্পাদনা কৰক

শিক্ষাবিদ গিৰিধৰ শৰ্মাৰ জন্ম হয় নলবাৰী জিলাৰ ককয়া গাঁৱত ১৯১২ চনৰ ৩ জুলাই তাৰিখে। তেওঁৰ দেউতাকৰ নাম আছিল ৰাধাকান্ত শৰ্মা আৰু মাকৰ নাম আছিল দশমী প্ৰিয়া দেৱী। গিৰিধৰ শৰ্মা আৰু তেওঁৰ ভাতৃ উমাকান্ত শৰ্মা সৰু কালতে পিতৃহাৰা হয়। পিছত মাকৰ তত্ত্বাৱধানত প্ৰাথমিক আৰু মজলীয়া বিদ্যালয়ৰ শিক্ষা গ্ৰহণ কৰে আৰু সেই সময়ত লাভ কৰা জলপানীয়ে তেওঁক শিক্ষাৰ ক্ষেত্ৰত উদগনি জনাইছিল। ১৯৩৩ চনত গিৰিধৰ শৰ্মাই যথেষ্ট সুখ্যাতিৰে চামতা হাইস্কুলৰ পৰা প্ৰথম বিভাগত মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হয়। অৰ্থৰ অভাৱত কলেজীয়া শিক্ষাৰ কথা চিন্তা কৰিব নোৱাৰি শৰ্মাই গাঁৱৰে প্ৰাথমিক বিদ্যালয় এখনত শিক্ষকতা কৰিবলৈ লয়।[1]

কৰ্মজীৱন সম্পাদনা কৰক

গিৰিধৰ শৰ্মাই শিক্ষকাতাৰে তেওঁৰ কৰ্মজীৱনৰ পাতনি মেলিছিল। অৰ্থৰ অভাৱত কলেজীয়া শিক্ষাৰ কথা নাভাবি শৰ্মাদেৱে গাঁৱৰে প্ৰাথমিক বিদ্যলয়ত শিক্ষকতা কৰিবলৈ আৰম্ভ কৰে। ১৯৩৫ চনত শৰ্মাদেৱে নৰ্মাল পাছ কৰে আৰু সেই বছৰতে বিয়াও পাতে। পিছত স্বামী স্ত্ৰী দুয়োয়ে শিক্ষক শিক্ষয়ত্ৰীৰ কাম কৰিবলৈ আৰম্ভ কৰে। এইখিনি সময়ত তেওঁ অসম ব'ৰ্ডৰ আদি, মধ্য আৰু উপাধি পৰীক্ষা দি কৃতিত্বৰে উত্তীৰ্ণ হয় আৰু চৰকাৰী স্কুলত সংস্কৃত শিক্ষক হিচাপে নিযুক্তি পায়। কটন কলেজত চাৰি বছৰ আৰু কলিকতা ত দুবছৰ ভায়েকৰ শিক্ষাক খৰচ বহন কৰোঁতে তেওঁ যথেষ্ট কষ্টৰ সন্মুখীন হৱ লগা হৈছিল। পিছত ভায়েকৰ শিক্ষাৰ খৰচ বহনৰ দায়িত্ব নাইকিয়া হোৱাত শৰ্মাদেৱে নিজে কলেজীয়া শিক্ষা লবলৈ মন মেলিলে। সেই অনুসৰি প্ৰাইভেট পৰীক্ষাৰ্থী হিচাপে তেওঁ ক্ৰমে আই এ আৰু বি এ পৰীক্ষা দি উত্তীৰ্ণ হয়। লগে লগে তেওঁ অসম স্কুল চাৰ্ভিছত গ্ৰেজুৱেট শিক্ষক হিচাপে নিযুক্তি লাভ কৰিলে। পিছলৈ গিৰিধৰ শৰ্মাদেৱে প্ৰাইভেট পৰীক্ষাৰ্থী হিচাপে অসমীয়া বিষয়ত স্নাতকোত্তৰ পাঠ্যক্ৰমত উত্তীৰ্ণ হয় আৰু কটন মহাবিদ্যালয়ত অসমীয়া বিষয়ৰ প্ৰবক্তা হিচাপে নিযুক্তি লাভ কৰে। ১৯৬০ চনলৈকে শৰ্মাদেৱে কটন মহাবিদ্যালয়ত প্ৰবক্তা হিচাপে কাম কৰিছিল। ১৯৫০-৫১ চনৰ পৰা তেওঁ গুৱাহাটীৰ ৰিহাবাৰীত থাকিবলৈ লয়। আৰম্ভণিতে তেওঁ তাত এখন উন্নয়ন সমিতি গঠন কৰিছিল। পিছলৈ উন্নয়ন সমিতিৰ পৰিচালনাত এটা ৰাজহুৱা নামঘৰ, এখন সৰু নাট্য মঞ্চ, এটা পুথিভঁড়ালকে ধৰি কেইবাটাও অনুষ্ঠান প্ৰতিষ্ঠা কৰিছিল। ৰিহাবাৰীত থকা প্ৰামাৰী স্কুলখনৰ সম্পাদক হৈ সেই স্কুলখনৰ উন্নতিৰ কাৰণে চেষ্টা কৰাৰ বাদেও তেওঁ ১৯৫৬ চনত এখন মজলীয়া ইংৰাজী বিদ্যালয় প্ৰতিষ্ঠা কৰে। এক কথাত কবলৈ গলে এইখনেই আৰ্য বিদ্যাপীঠ কলেজৰ আৰম্ভণি আছিল। ১৯৫৮ চনত আৰ্য মহাবিদ্যালয় সুপ্ৰতিষ্ঠিত হয় আৰু শৰ্মাদেৱে ১৯৬২ চনৰ পৰা ১৯৭৫ চনলৈ অধ্যক্ষ হিচাপে কাৰ্যনিবাহ কৰে। মহাবিদ্যালয়ৰ অধ্যক্ষ পদৰ পৰা অৱসৰৰ পিছত শৰ্মাদেৱে ঘৰতে পূৰ্বদেশ মুদ্ৰণ নামৰ প্ৰেছ এটা খুলি ব্যস্ত হৈ থাকিবলৈ ধৰিলে। সময়ত এই প্ৰেছটোৱেই শক্তিশালী হৈ গঢ়ি উঠিছিল আৰু অসমীয়া সাহিত্যৰ প্ৰসাৰ আৰু প্ৰচাৰত বিশেষ অৰিহণা আগবঢ়াইছিল।[1]

গ্ৰন্থ সংকলন সম্পাদনা কৰক

  1. অসমীয়া ভাষাৰ ব্যাকৰণ,
  2. অসমীয়া অভিধান,
  3. সংস্কৃত ব্যাকৰণ চন্দ্ৰিকা,
  4. প্ৰৱেশিকা ৰচনা শিক্ষা,
  5. Sanskrit Grammer and Composition,
  6. Sarma's Anglo-Assamese Dictionary,

অনূদিত পুথি সম্পাদনা কৰক

  1. গল্পগুচ্ছ,
  2. দেৱী চৌধুৰাণী,
  3. কৰ্মযোগী পুৰুষ

মৃত্যু সম্পাদনা কৰক

এইজনা সাহিত্যসেৱক, বিদগ্ধ পণ্ডিতৰ ১৯৭৭চনৰ ১০ মে তাৰিখে পৰলোকপ্ৰাপ্তি ঘটে।

তথ্য সংগ্ৰহ সম্পাদনা কৰক

  1. 1.0 1.1 1.2 ত্ৰিদিপ গোস্বামী. পদ্মনাথ গোহাঞি বৰুৱাৰ পৰা ৰংবং তেৰাঙলৈ. অনন্ত হাজৰিকা, বনলতা প্ৰকাশন. পৃষ্ঠা. ১১৭,১১৮.