গুগ'ল ১০১০০ৰ সমান ডাঙৰ সংখ্যা; অৰ্থাৎ ৰ পিছত ১০০ শূন্য লগালে পোৱা সংখ্যা।

১০,০০,০০,০০,০০,০০,০০,০০,০০,০০,০০,০০,০০,০০,০০,০০,০০,০০,০০,০০,০০,০০,০০,০০,০০,০০,০০,০০,০০,০০,০০,০০,০০,০০,০০,০০,০০,০০,০০,০০,০০,০০,০০,০০,০০,০০,০০,০০,০০,০০০

এই শব্দ প্ৰথম ১৯৩৮ত ব্যৱহাৰ কৰা হৈছিলে[1] আমেৰিকাৰ গণিতজ্ঞ এড্বাৰ্ড কাস্নাৰৰ ৯ বছৰীয়া ভতিজা মিল্টন চিৰটাৰ দ্বাৰা। কাস্নাৰে এই শব্দ ৯১৪০ত নিজৰ গ্ৰন্থ মেথেমেতিক্স এণ্ড ইমেজিনেচনৰ সহায়ত জনপ্ৰিয় কৰিলে। গুগ'লৰ অন্য নাম চুটি স্কেলত দহ দুঅট্ৰিগিণ্টিলিয়ন, দীঘল স্কেলত দহ হাজাৰ চেক্সদেচিলিয়ন, আৰু পেলেটিয়াৰ দীঘল স্কেলত দহ চেক্সদেচিলিয়াৰ্ড

গণিতত গুগ'লৰ কোনো বিশেষ স্থান নাই। কিন্তু ই অন্য ডাঙৰ সংখ্যাক দৰ্শাবলৈ ব্যৱহাৰ হয়। কাস্নাৰে এই সংখ্যা 'ভাবিব নোৱাৰা ডাঙৰ সংখ্যা' আৰু 'অসীম'ৰ মাজৰ পাৰ্থক্য বুজাবলৈ ব্যৱহাৰ কৰিছিল, এনেদৰেই কেতিয়াবা গুগ'লক পাঠদানতো ব্যৱহাৰ কৰা হয়। গুগ'লৰ আকাৰৰ এক অনুমান পাবলৈ এই তথ্যকেইটা মন কৰিব পাৰি যে, ১ x ১০-৩০কিলোগ্ৰামতকৈ অলপ কম ইলেক্ট্ৰনৰ ভৰ আৰু দেখি পোৱা ব্ৰহ্মাণ্ডৰ ভৰ (১ x ১০৫০ৰ পৰা ১ x ১০৬০)ৰ অনুপাত প্ৰায় ১০৮০ৰ পৰা ১০৯০ৰ ভিতৰত, গুগ'লতকৈ অতি সৰু।

কাৰ্ল চাগানৰ মতে ব্ৰহ্মাণ্ডত মৌলিক কণাৰ সংখ্যা প্ৰায় ১০৮০, আৰু যদi গোটেই ব্ৰহ্মাণ্ড খালি ঠাই নেৰাকৈ নিউট্ৰনৰেই গঠিত, সেই সংখ্যা প্ৰায় ১০১২৮[2]

বৃহৎ ব্লেক হ'লৰ (প্ৰায় ১ গেলেক্সি-ভৰৰ (১০১১  সৌৰ ভৰ)) বিঘটনৰ সময় হকিং ৰেডিয়েচনৰ বাবে ১০১০০  বছৰমান।[3]

গুগ'ল প্ৰায় ৭০! (৭০ৰ ফেক্টৰিয়েল)। বাইনেৰী প্ৰণালীত এই সংখ্যাক ৩৩৩ বিট লাগিব। ১ গুগ'ল ≈ ২৩৩২.১৯২৮০৯৪৯, বা নিৰ্দিষ্টভাৱে  

গুগ'লৰ ৰেচিডিউ (mod n) হয়

0, 0, 1, 0, 0, 4, 4, 0, 1, 0, 1, 4, 3, 4, 10, 0, 4, 10, 9, 0, 4, 12, 13, 16, 0, 16, 10, 4, 16, 10, 5, 0, 1, 4, 25, 28, 10, 28, 16, 0, 1, 4, 31, 12, 10, 36, 27, 16, 11, 0, ... সাঁচ:OEIS

সাংস্কৃতিক প্ৰভাৱ

সম্পাদনা কৰক

এই শব্দ শুনা যায়, প্ৰায় একে নামৰেই প্ৰযতিস্থান 'গুগল'ৰ ক্ষেত্ৰত। প্ৰতিষ্ঠানটো আৰম্ভ কৰাকেইজনে গুগ'ল শব্দটো ভুলকৈ লিখিলে[4]। এই শব্দক লোৱা হৈছিল এনে বুজাবলৈ যে সন্ধান ইঞ্জিনটোৱে বৃহৎ পৰিমাণৰ ফলাফল দেখুৱাব।[5] ২০০৪ত কাস্নাৰৰ বংশধৰে গুগলক এই শব্দ চুৰি কৰাৰ বাবে আইনৰ কাষলৈ নিয়াৰ কথাও কৈছিল[6], পিছে তেনে কৰা নহ'ল।

এই বিষয়টো ২০০১ৰ হু ৱাণ্টছ টু বি এ মিলিয়নেয়াৰৰ ১ মিলিয়নৰ পাউণ্ডৰ প্ৰশ্ন হোৱাৰ বাবে জনা যায়, যাৰ উত্তৰ দি খেলুৱৈজন বিজয়ী হ'ল।[7]

তথ্য সংগ্ৰহ

সম্পাদনা কৰক
  1. Kasner, Edward and Newman, James R. (1940). Mathematics and the Imagination. Simon and Schuster, New York. ISBN 0-486-41703-4. http://books.google.com/books?id=Ad8hAx-6m9oC&lpg=PP1&dq=Mathematics%20and%20the%20Imagination&pg=PP1#v=onepage&q&f=false. 
  2. Sagan, Carl (1981). Cosmos. Book Club Associates. পৃষ্ঠা. 220–221. 
  3. Particle emission rates from a black hole: Massless particles from an uncharged, nonrotating hole, Don N. Page, Physical Review D 13 (1976), pp. 198–206. doi:10.1103/PhysRevD.13.198. See in particular equation (27).
  4. Koller, David (January 2004). "Origin of the name "Google"". Stanford University. Archived from the original on June 27, 2012. https://web.archive.org/web/20120627081942/http://graphics.stanford.edu/~dk/google_name_origin.html। আহৰণ কৰা হৈছে: July 4, 2012. 
  5. "Google! Beta website". Google, Inc.. Archived from the original on February 2, 1999. https://web.archive.org/web/19990221202430/www.google.com/company.html। আহৰণ কৰা হৈছে: October 12, 2010. 
  6. "Have your Google people talk to my `googol' people". Archived from the original on 2014-09-04. https://web.archive.org/web/20140904125042/http://articles.baltimoresun.com/2004-05-16/entertainment/0405150243_1_google-googol-internet-search-engine। আহৰণ কৰা হৈছে: 2015-02-18. 
  7. Falk, Quentin; Falk, Ben (2005), "A Code and a Cough: Who Wants to Be a Millionaire? (1998–)", Television's Strangest Moments: Extraordinary But True Tales from the History of Television, Franz Steiner Verlag, pp. 245–246, ISBN 9781861058744, http://books.google.com/books?id=4L7pA2tKumsC&pg=PA245 .

বাহ্যিক সংযোগ

সম্পাদনা কৰক