গুঞ্জানন বৰুৱা(১৮৬৩-১৯৩৬)ৰ জন্ম হৈছিল শিৱসাগৰত। ১৮৮৩ চনত তেওঁ শিৱসাগৰ চৰকাৰী হাইস্কুলৰ পৰা প্ৰৱেশ পৰীক্ষাত উত্তীৰ্ণ হৈ কলিকতালৈ যায়। ১৮৮৯ চনত কলিকতাৰ পৰা বি.এল. ডিগ্ৰী লৈ আহি শিৱসাগৰতে ওকালতি আৰম্ভ কৰে। কলিকতাৰ প্ৰখ্যাত এ.এচ.এল ক্লাবৰ প্ৰতিষ্ঠাতাসকলৰ এজন আছিল। তেওঁ ঘনশ্যাম বৰুৱা আৰু ৰত্নধৰ বৰুৱাৰ সৈতে একেলগে William Shakespeareৰ ‘কমেডি অৱ এৰৰ্চ’ The Comedy of Errors , নাটখন ‘ভ্ৰমৰংগ’ নাম দি অসমীয়ালৈ ভাঙনি কৰিছিল। ইয়াৰোপৰি ‘মাৰ্চেণ্ট অৱ ভেনিচ’ The Mercant of Venice নাটখনো নিজাকৈ অনুবাদ কৰিছিল[1]

তথ্য সমল সম্পাদনা কৰক

  1. বৰ্মন, শিৱনাথ (২০০০). অসমীয়া জীৱনী অভিধান. চ'ফিয়া প্ৰেছ এণ্ড পাব্লিচাৰ্ছ প্ৰা: লি:, গুৱাহাটী. পৃ: ৭৩