গুণাভি বৰদলৈ
গুণাভি বৰদলৈ (ইংৰাজী: Gunabhi Bordoloi) বিয়াল্লিছৰ গণ-আন্দোলনৰ এগৰাকী শ্বহীদ৷ তেওঁৰ নগাঁও জিলাৰ হাতীচোং মৌজাৰ ভালুকমাৰী গাঁৱত ১৯১০ চনৰ ১০ মাৰ্চত জন্ম হৈছিল৷[1] পিতৃৰ নাম আছিল নৰাম বৰদলৈ আৰু মাতৃৰ নাম মাণিকী বৰদলৈ৷[2]
গুণাভি বৰদলৈ | |
---|---|
জন্ম | গুণাভি বৰদলৈ ১৯১০ চনৰ ১০ মাৰ্চ নগাঁৱৰ ভালুকমাৰী মৌজাৰ ভকতগাঁও |
মৃত্যু | ২৬ আগষ্ট, ১৯৪২ জোঙালবলহু গড় |
পেচা | স্বাধীনতা সংগ্ৰামী |
সংস্থা | ভাৰতীয় জাতীয় কংগ্ৰেছ |
জনা যায় | শ্বহীদ |
আদি জীৱন
সম্পাদনা কৰকগুণাভিৰ পিতৃ এগৰাকী শ্ৰমজীৱী লোক আছিল৷ গুণাভিৰ নামটো বুঢ়ীমাক লেৰেলীয়ে ৰাখিছিল৷ গুণাভিৰ ৯/১০ বছৰ বয়সত তেওঁৰ দেউতাক নৰাম বৰদলৈৰ কলেৰা ৰোগত মৃত্যু হয়৷ সেয়ে গুণাভি বৰদলৈয়ে আনুষ্ঠানিক শিক্ষা ল’ব পৰা নাছিল; কিন্তু তেওঁ নাম-কীৰ্তন গোৱা, ভাওনাত ভাও লোৱা আদি কামত পাকৈত আছিল৷ কিন্তু আৰ্থিক অৱস্থা বেয়া হৈ পৰাত তেওঁলোকে নিজৰ ভেটিটোও ৰাখিব নোৱৰাত অন্ন-সংস্থাপন বিচাৰি শেষত তেওঁ নগাঁও জিলাৰ শিলপুখুৰী মৌজাৰ ভকতগাঁৱত থাকিবলৈ লৈছিল৷ পিছত বিবাহোপযুক্ত বয়সত গুণাভিক মাকৰে সৈতে কোমল বৰদলৈ নামৰ এজন লোকে আশ্ৰয় দিয়ে৷ কোমল বৰদলৈৰ ডাঙৰ ছোৱালী মাণিকীক বিয়া দি গুণাভিক ঘৰজোৱাঁই কৰি ৰাখে৷[1] গুণাভি-মাণিকীৰ ডিম্বেশ্বৰ আৰু থুলেশ্বৰ নামে দুটি পুত্ৰ সন্তান আছিল৷[2]
স্বাধীনতা আন্দোলনত
সম্পাদনা কৰকবিয়াল্লিছৰ গণ আন্দোলনত গুণাভিয়ে মৃত্যুবাহিনীত ভৰ্ত্তি হৈ আন্দোলনত জঁপিয়াই পৰে৷ “কৰিম কিম্বা মৰিম’’ মন্ত্ৰেৰে দীক্ষিত হৈ গুণাভিয়ে আন আন সতীৰ্থসকলৰ লগত লগ হৈ বৃটিছ প্ৰশাসনক ব্যতিব্যস্ত কৰি তুলিছিল৷ দলং ভঙা, ৰাস্তা-ঘাট নষ্ট কৰা, ৰ’ললাইন উঠোৱা আদি কামত গুণাভি জড়িত হৈ পৰিছিল৷ বিয়াল্লিছৰ ২৬ আগষ্টৰ দিনা বাৰপুজীয়া অঞ্চলৰ সংগ্ৰামী জনতাই দুটা দলত ভাগ হৈ এটা দলে জোঙালবলহু গড়ৰ কাষৰ কছাৰীখন্দা দলং ভাঙি সৈনিকৰ ৰচদ অনা পথ বন্ধ কৰিবলৈ সংকল্প লয় আৰু আনটো দলে অলপ আঁতৰৰ ৰে’ল লাইনৰ ফিচপ্লেট খুলিবলৈ আগবাঢ়ে৷ সেই সময়তে মিলিটেৰীৰ এটা দলে মটৰেৰে আহি দলং খান্দি থকা দেখা পাই গাড়ী ৰখায় আৰু প্ৰথম এই বিষয় লৈ দুয়ো ফৈদৰ মাজত তৰ্কাতৰ্কি হয় আৰু পিছত মৃত্যুবাহিনীৰ দলটোলৈ মিলিটাৰীয়ে গুলীচালনা কৰে৷ এই গুলীচালনাত পেটত গুলী লগাত গুণাভি বৰদলৈৰ থিতাতে মৃত্যু হয়৷[2][3][4][1][5]
পঞ্চবীৰ শ্বহীদ দিৱস
সম্পাদনা কৰকগুণাভি বৰদলৈৰ ঘনিষ্ঠ সহযোগী হেমৰাম পাটৰক সেইদিনাই একেস্থানতে গুলী লগাৰ পিছত মুখত গুৰিয়াই গুৰিয়াই মাৰি পেলাইছিল৷ পিছত নগঞা ৰাইজে একেটা দিনতে শ্বহীদ হোৱা হেমৰাম পাটৰ, গুণাভি বৰদলৈ, তিলক ডেকা, হেমৰাম বৰা আৰু ক’লাই কোছ- এই পাঁচজনৰ প্ৰতি শ্ৰদ্ধাত “পঞ্চবীৰ শ্বহীদ দিৱস’’ পালন কৰিছিল৷[2]
তথ্য সূত্ৰ
সম্পাদনা কৰক- ↑ 1.0 1.1 1.2 দেৱী, ড° নিৰলা (সম্পাদক) (২০১৯). সূৰ্যৱতী. অসম সাহিত্য সভাৰ ৰহা বিশেষ অধিৱেশনৰ স্মৃতিগ্ৰন্থ. পৃষ্ঠা. ১০৬.
- ↑ 2.0 2.1 2.2 2.3 কলিতা, বেণুধৰ (১৯৮৯). বিয়াল্লিছৰ নগঞা ছহীদ. লক্ষেশ্বৰ, যুগল, যুক্তিকুমাৰ, হিৰণ্য কলিতা. পৃষ্ঠা. ৩৯.
- ↑ শইকীয়া, ড° ৰাজেন (সম্পাদক) (২০১৫). নগাঁৱৰ বুৰঞ্জী. অসম সাহিত্য সভাৰ ত্ৰিসপ্ততিতম কলিয়াবৰ অধিৱেশন. পৃষ্ঠা. ২৭১.
- ↑ বৰা, সুশীল (২০০৬). স্বাধীনতা সংগ্ৰামত বৃহত্তৰ হাতীচোং. সুশীল বৰা, অৱসৰপ্ৰাপ্ত অধ্যক্ষ. পৃষ্ঠা. ৪৬.
- ↑ কলিতা, ড° ৰমেশ চন্দ্ৰ (২০০৬). অসমৰ কালানুক্ৰমিক ইতিহাস. অসম প্ৰকাশন পৰিষদ. পৃষ্ঠা. ১০২.