ক’লাই কোছ
ক’লাই কোছ (ইংৰাজী: Kolai Koch) ভাৰত ত্যাগ আন্দোলনৰ এগৰাকী শ্বহীদ৷ তেওঁৰ ঘৰ নগাঁও জিলাৰ শেনচোৱাত৷[1] ক’লাই কোছৰ জন্ম হয় ১৯১৬ চনত৷ তেওঁৰ পিতাকৰ নাম মাণিক আৰু মাকৰ নাম বাতৈ৷ মাক-বাপেকৰ দুটি সন্তানৰ ভিতৰত ক’লাই কোছ ডাঙৰ আৰু ভায়েকৰ নাম ৰামেশ্বৰ৷ নিচেই কম বয়সতে পিতৃহাৰা হোৱা ক’লাই কোছে পঞ্চম মানলৈ পঢ়ি অধিক আগুৱাব নোৱাৰিলে৷ তেওঁ সত্ৰীয়া কলা-কৃষ্টিৰ পাকৈত শিল্পী আছিল৷ পঁশিচ বছৰ বয়সত তেওঁ হোমেশ্বৰী নামৰ এগৰাকী কন্যা বিয়া কৰায়৷[2]
ক’লাই কোছ | |
---|---|
জন্ম | ১৯১৬ চন শেনচোৱা,নগাঁও, অসম |
মৃত্যু | ২৬ আগষ্ট ১৯৪২ চন বেবেজীয়া,নগাঁও |
সংস্থা | ভাৰতীয় জাতীয় কংগ্ৰেছ |
ৰাজনৈতিক আন্দোলন | ভাৰতৰ স্বাধীনতা আন্দোলন |
ৰাজনৈতিক জীৱন
সম্পাদনা কৰকক’লাই কোছৰ বিবাহৰ পিছৰ বছৰতেই বিয়াল্লিছৰ গণ-বিপ্লৱ আৰম্ভ হোৱাত আৰু সেই বছৰৰে ন আগষ্টত মহাত্মাকে ধৰি নেতৃস্থানীয় সকলো নেতাক গ্ৰেপ্তাৰ কৰাত সমগ্ৰ ভাৰতৰ নিৰন্ন, বস্ত্ৰহীনজনেও আন্দোলনত জঁপিয়াই পৰিছিল৷ ২৬ আগষ্টৰ দিনা নগাঁৱৰ বেবেজীয়াৰ সাধাৰণ মানুহৰ ওপৰত পুলিচ-মিলিটাৰীয়ে অবৰ্ণনীয় অত্যাচাৰ কৰিছিল আৰু ইয়াৰ প্ৰতিবাদত সুবিচাৰৰ আশাত কেইবাটাও মৌজাৰ লোক সমবেত হৈ অবিভক্ত নগাঁও জিলাৰ উপায়ুক্তৰ কাৰ্যালয়লৈ শোভাযাত্ৰা কৰি আগবাঢ়িছিল৷ শোভাযাত্ৰাৰ বাৰ্তা আগতেই লাভ কৰি বেবেজীয়া দলঙৰ তলত আত্মগোপন কৰি থকা মিলিটাৰীয়ে অতৰ্কিতে আক্ৰমণ কৰি শোভাযাত্ৰা কৰা সকলক লক্ষ্য কৰি যধে-মধে গুলী কৰাত ক’লাই কোছৰ থিতাতে মৃত্যু হয়৷[2][3] সেইদিনা ক’লাই কোছ, গুণাভি বৰদলৈ, হেমৰাম পাটৰ, হেমৰাব বৰা আৰু তিলক ডেকা পুলিচ-মিলিটাৰীৰ গুলীত নিহত হোৱাত তেওঁলোকৰ সন্মানাৰ্থে ১৬ ছেপ্তেম্বৰত “পঞ্চবীৰ শ্বহীদ দিৱস’’ পালন কৰা হৈছিল আৰু সেই উদ্দেশ্যে বঢ়মপুৰত হোৱা সভাত পুলিচ-মিলিটাৰীৰ আন এক অতৰ্কিত আক্ৰমণত বলো সুত, লক্ষী হাজৰিকা, ঠগী সুত আৰু ভোগেশ্বৰী ফুকননী গুলীবিদ্ধ হৈ মৃত্যুমুখত পৰিছিল৷[4] মৃত্যুৰ পিছত মৰণোত্তৰ পৰীক্ষা হোৱাৰ পাছতো ক’লাই কোছৰ লগতে গুণাভি বৰদলৈ আৰু হেমৰামৰ মৃতদেহ গাঁৱলৈ নিবলৈ নিদিয়াত কংগ্ৰেছ স্বেচ্ছাসেৱকসকলে শিয়ালমাৰী শ্মশানত একেখন চিতাতে হেমৰাম পাটৰ, গুণাভি বৰদলৈ আৰু ক’লাই কোছৰ শেষকৃত্য সম্পন্ন কৰিছিল৷[2]
তথ্য সূত্ৰ
সম্পাদনা কৰক- ↑ বৰ্মন, শিৱনাথ (২০১৮). জীৱনী অভিধান. বনলতা. পৃষ্ঠা. ১৪৭. ISBN 978-81-7339-428-7.
- ↑ 2.0 2.1 2.2 কলিতা, বেণুধৰ (১৯৮৯). বিয়াল্লিছৰ নগঞা ছহীদ. লক্ষেশ্বৰ, যুগল, যুক্তিকুমাৰ, হিৰণ্য কলিতা. পৃষ্ঠা. ৩৯.
- ↑ কলিতা, ড° ৰমেশ চন্দ্ৰ (২০০৬). অসমৰ কালানুক্ৰমিক ইতিহাস. অসম প্ৰকাশন পৰিষদ. পৃষ্ঠা. ১০২.
- ↑ শৰ্মা, ভূপেন (সম্পাদনা) (২০১৫). মনপুৰ মৌচন্দা. অসম সাহিত্য সভাৰ কলিয়াবৰ অধিৱেশনৰ স্মৃতিগ্ৰন্থ. পৃষ্ঠা. ২২৭.