গেৰী ৰুভকুন

আমেৰিকান আণৱিক জীৱবিজ্ঞানী আৰু শৰীৰতত্ব বা চিকিৎসা বিজ্ঞানৰ নোবেল বঁটা বিজয়ী

গেৰী ব্ৰুছ ৰুভকুন (ইংৰাজী: Gary Bruce Ruvkun; জন্ম: ২৬ মাৰ্চ ১৯৫২) এগৰাকী আমেৰিকান আণৱিক জীৱবিজ্ঞানী আৰু মেছাচুচেটছ জেনেৰেল চিকিৎসালয়ৰ পৰা নবেল বঁটা বিজয়ী আৰু বষ্টন হাৰ্ভাৰ্ড মেডিকেল স্কুল বংশগতিৰ অধ্যাপক।[3]

গেৰী ৰুভকুন

২০২৪ চনত গেৰী ৰুভকুন
জন্ম ২৬ মাৰ্চ, ১৯৫২ (৭২ বছৰ)[1]
বাৰ্কলে, কেলিফোৰ্নিয়া আমেৰিকা যুক্তৰাষ্ট্ৰ[2]
কৰ্মস্থান কেলিফৰ্নিয়া বিশ্ববিদ্যালয়, বাৰ্কলে
হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়
মেছাচুচেটছ ইনষ্টিটিউট অৱ টেকন'লজি
মেছাচুচেটছ জেনেৰেল হস্পিটেল
শিক্ষানুষ্ঠান কেলিফৰ্নিয়া বিশ্ববিদ্যালয়, বাৰ্কলে
হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়
ডক্তৰেল পৰামৰ্শদাতা ফ্ৰেডেৰিক অছুবেল

ৰুভকুনে এনে এক পদ্ধতি আৱিষ্কাৰ কৰিছিল যাৰ দ্বাৰা ভিক্টৰ এম্ব্ৰ'ছে আৱিষ্কাৰৰ কৰা প্ৰথম মাইক্ৰ আৰ. এন. এ. (miRNA) লেট-৭-এ সেই লক্ষ্যসমূহলৈ অসম্পূৰ্ণ আধাৰ-যোৰৰ জৰিয়তে লক্ষ্য বাৰ্তা মাইক্ৰ আৰ. এন. এ.ৰ জৰিয়তে প্ৰাণীকুলৰ ক্ৰমবিবৰ্তনৰ ইতিহাসত সংৰক্ষিত হৈ থাকে। এই miRNA সম্পৰ্কীয় আৱিষ্কাৰসমূহে অভূতপূৰ্ব সূক্ষ্ম পৰিসৰত আৰ এন এ নিয়ন্ত্ৰণৰ ব‍্যৱস্থাৰ জৰিয়তে এক নতুন জগত উন্মোচন কৰিলে। ৰুভকুনে বয়স বৃদ্ধি আৰু বিপাক নিয়ন্ত্ৰণত ইনচুলিন সদৃশ সংকেতৰ বহুতো বৈশিষ্ট্যও আৱিষ্কাৰ কৰিছিল।

২০১৯ চনত তেওঁ আমেৰিকান ফিলোসোফিকেল ছ 'চাইটিৰ সদস্য নিৰ্বাচিত হৈছিল। মাইক্ৰ আৰ. এন. এ. আৱিষ্কাৰ আৰু উত্তৰ-প্ৰতিলিপি জিন নিয়ন্ত্ৰণত ইয়াৰ ভূমিকাৰ বাবে ৰুভকুনক ভিক্টৰ এম্ব্ৰ'ছৰসৈতে যুটীয়াভাবে ২০২৪ চনৰ শৰীৰতত্ত্ব বা চিকিৎসা বিজ্ঞানৰ নোবেল বঁটা প্ৰদান কৰা হয়।[4]

তথ্যসূত্ৰ

সম্পাদনা কৰক
  1. "Who are Victor Ambros and Gary Ruvkun, winners of 2024 Nobel Prize in Medicine?" (en-US ভাষাত). Hindustan Times. https://www.hindustantimes.com/world-news/who-are-victor-ambros-and-gary-ruvkun-2024-nobel-prize-in-medicine-winners-101728293721820.html। আহৰণ কৰা হৈছে: October 7, 2024. 
  2. Who's Who in America 66th edition. Vol 2: M–Z. Marquis Who's Who, Berkeley Heights 2011, p. 3862
  3. Nair, P. (2011). "Profile of Gary Ruvkun". Proceedings of the National Academy of Sciences খণ্ড 108 (37): 15043–5. doi:10.1073/pnas.1111960108. PMID 21844349. 
  4. "Press release: The Nobel Prize in Physiology or Medicine 2024" (en-US ভাষাত). NobelPrize.org. Archived from the original on October 8, 2024. https://web.archive.org/web/20241008022805/https://www.nobelprize.org/prizes/medicine/2024/press-release/। আহৰণ কৰা হৈছে: October 7, 2024. 

বাহ্যিক সংযোগ

সম্পাদনা কৰক