গোপালকৃষ্ণ গান্ধী

ভাৰতীয় ৰাজনৈতিক নেতা, প্ৰাক্তন কূটনীতিবিদ

গোপালকৃষ্ণ দেৱদাস গান্ধী (ইংৰাজী: Gopalkrishna Devdas Gandhi; জন্ম: ২২ এপ্ৰিল ১৯৪৫) এগৰাকী ভাৰতীয় ৰাজনৈতিক নেতা আৰু প্ৰাক্তন কূটনীতিবিদ। তেওঁ ২০০৪ চনৰ পৰা ২০০৯ চনলৈ পশ্চিম বংগৰ ২৩তম ৰাজ্যপাল আছিল।[1] তেওঁ মহাত্মা গান্ধীৰ নাতি। তেওঁ প্ৰাক্তন ভাৰতীয় প্ৰশাসনিক বিষয়া হিচাপে ভাৰতৰ ৰাষ্ট্ৰপতিৰ সচিব বিভিন্ন পদবীত অধিষ্ঠিত আছিল। ইয়াৰ লগতে তেওঁ দক্ষিণ আফ্ৰিকা আৰু শ্ৰীলংকালৈ ভাৰতৰ উচ্চায়ুক্ত আৰু অন্যান্য কূটনৈতিক পদত সেৱা আগবঢ়াইছিল।[2] ২০১৭ চনৰ ভাৰতৰ উপৰাষ্ট্ৰপতি নিৰ্বাচনত তেওঁ সংযুক্ত প্ৰগতিশীল মৰ্চাৰ পৰা মনোনয়ন লাভ কৰিছিল।[3] এই নিৰ্বাচনত তেওঁ ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মৰ্চাৰ সমৰ্থিত প্ৰাৰ্থী ভেংকাইয়া নাইডুৰ হাতত পৰাস্ত হয়। উপৰাষ্ট্ৰপতি নিৰ্বাচনত তেওঁ ২৪৪টা ভোট লাভ কৰাৰ বিপৰীতে ভেংকাইয়া নাইডুয়ে ৫১৬টা ভোট লাভ কৰিছিল।

গোপালকৃষ্ণ গান্ধী
পশ্চিম বংগৰ ২৩তম ৰাজ্যপাল
কাৰ্যকাল
১৪ ডিচেম্বৰ ২০০৪ – ১৪ ডিচেম্বৰ ২০০৯
পূৰ্বসূৰী বিৰেন জে. শ্বাহ
উত্তৰসূৰী দেৱানন্দ কোঁৱৰ
বিহাৰৰ ৰাজ্যপাল
কাৰ্যকাল
৩১ জানুৱাৰী ২০০৬ – ২১ জুন ২০০৬
পূৰ্বসূৰী বুটা সিং
উত্তৰসূৰী আৰ.এছ. গাভাই
ব্যক্তিগত তথ্য
জন্ম
গোপালকৃষ্ণ দেৱদাস গান্ধী

২২ এপ্ৰিল, ১৯৪৫ (৭৯ বছৰ)
দিল্লী, ব্ৰিটিছ ভাৰত
ৰাজনৈতিক দল নিৰ্দলীয়
আন ৰাজনৈতিক
সম্পৰ্ক
সংযুক্ত প্ৰগতিশীল মৰ্চা
দাম্পত্যসঙ্গী তাৰা গান্ধী
সন্তান দুগৰাকী জীয়েক
পিতৃ-মাতৃ দেৱদাস গান্ধী
লক্ষ্মী গান্ধী
শিক্ষানুষ্ঠান দিল্লী বিশ্ববিদ্যালয়
পেচা অশোক বিশ্ববিদ্যালয়ৰ ইতিহাস আৰু ৰাজনীতি বিজ্ঞানৰ অধ্যাপক

প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা সম্পাদনা কৰক

১৯৪৫ চনৰ ২২ এপ্ৰিলত ব্ৰিটিছ ভাৰতৰ অন্তৰ্গত দিল্লীত গোপালকৃষ্ণ গান্ধীৰ জন্ম হৈছিল। তেওঁৰ পিতৃ দেৱদাস গান্ধী আৰু মাতৃ লক্ষ্মী গান্ধী। দেৱদাস গান্ধী মহাত্মা গান্ধীৰ পুত্ৰ আৰু লক্ষ্মী গান্ধী চক্ৰৱৰ্তী ৰাজাগোপালচাৰীৰ পুত্ৰী।[2] গোপালকৃষ্ণৰ দুজন জ্যেষ্ঠ ভাতৃ ক্ৰমে ৰাজমোহন গান্ধী আৰু ৰামচন্দ্ৰ গান্ধী

তেওঁ দিল্লী বিশ্ববিদ্যালয়ৰ অন্তৰ্ভুক্ত চেইণ্ট ষ্টিফেনছ কলেজৰ পৰা ইংৰাজী সাহিত্যৰ স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিল।[4] তেওঁ তাৰা ভট্টাচাৰ্য গান্ধীৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল আৰু তেওঁলোকৰ দুগৰাকী কন্যা সন্তান আছে।

কৰ্মজীৱন সম্পাদনা কৰক

তেওঁ ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া হিচাপে ১৯৬৮ চনত তামিলনাডু কেডাৰত যোগদান কৰে আৰু ১৯৮৫ চনলৈ তামিলনাডুত সেৱা আগবঢ়াইছিল। তাৰপিছত তেওঁ ১৯৮৫-৮৭ চনত ভাৰতৰ উপৰাষ্ট্ৰপতিৰ সচিব আৰু ১৯৮৭-১৯৯২ চনত ভাৰতৰ ৰাষ্ট্ৰপতিৰ যুটীয়া সচিব পদত অধিষ্ঠিত।

১৯৯২ চনত তেওঁ ভাৰতৰ উচ্চায়ুক্ত, যুক্তৰাজ্যৰ সাংস্কৃতিক মন্ত্ৰী আৰু যুক্তৰাজ্যৰ লণ্ডনত অৱস্থিত নেহৰু কেন্দ্ৰৰ সঞ্চালক হিচাপে নিযুক্ত হৈছিল। ইয়াৰ পিছত তেওঁ কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰশাসনিক আৰু কূটনৈতিক পদবীৰ কাৰ্যভাৰ লাভ কৰিছিল। ১৯৯৬ চনত তেওঁ দক্ষিণ আফ্ৰিকা আৰু লিচ'থ'ৰ ভাৰতীয় আয়ুক্ত ১৯৯৭-২০০০ চনত ভাৰতৰ ৰাষ্ট্ৰপতিৰ সচিব, ২০০০ চনত শ্ৰীলংকালৈ ভাৰতৰ উচ্চায়ুক্ত, ২০০২ চনত নৰৱে আৰু আইচলেণ্ডৰ ৰাষ্ট্ৰদূত হিচাপে কৰ্মৰত আছিল। ২০০৩ চনত তেওঁ ভাৰতীয় প্ৰশাসনিক সেৱাৰ পৰা অৱসৰ গ্ৰহণ কৰে।[5]

২০০৪ চনৰ ১৪ ডিচেম্বৰ তাৰিখে তেওঁক পশ্চিম বংগৰ ৰাজ্যপাল নিযুক্ত কৰা হয়। ২০০৬ চনত কিছুদিনৰ বাবে তেওঁ বিহাৰৰ ৰাজ্যপালৰ অতিৰিক্ত দায়িত্বয়ো পালন কৰিছিল।[6]

২০১১ চনৰ পৰা ২০১৪ চনলৈ তেওঁ চেন্নাইত অৱস্থিত কলাক্ষেত্ৰ ফাউণ্ডেচনৰ অধ্যক্ষ আছিল।[7] তেওঁ ২০১৫ চনত তামিল গ্ৰন্থ তিৰুক্কুৰাল ইংৰাজীলৈ অনুবাদ কৰে। তেওঁ ২০১২ চনৰ ৫ মাৰ্চৰ পৰা ২০১৪ চনৰ মে মাহলৈ ভাৰতীয় উচ্চ অধ্যয়ন প্ৰতিষ্ঠানৰ প্ৰশাসনীয় মণ্ডলীৰ সভাপতি আছিল।[5][8]

বৰ্তমান গোপালকৃষ্ণ গান্ধীয়ে অশোক বিশ্ববিদ্যালয়ত ইতিহাস আৰু ৰাজনীতি বিজ্ঞানৰ অধ্যাপক পদত অধিষ্ঠিত।[9]

তথ্য উৎস সম্পাদনা কৰক

  1. "At farewell, Gopalkrishna Gandhi calls for change in mindsets". 13 December 2009. http://www.thehindu.com/news/national/article64508.ece। আহৰণ কৰা হৈছে: 2013-11-29. 
  2. 2.0 2.1 Gopal Gandhi outlookindia.com. 23 Apr 2007. Retrieved 15 January 2014
  3. "Gopalkrishna Gandhi is opposition's nominee for vice president: He lost the Vice Presidential elections miserably Report - Times of India". http://timesofindia.indiatimes.com/india/gopalkrishna-gandhi-was-oppositions-nominee-for-vice-president-report/articleshow/59541414.cms. 
  4. "Hon'ble Governor of Bihar - Gopalkrishna Gandhi Profile". Governor of Bihar website. http://governor.bih.nic.in/Governorgdsafgdsgsdgss/GopalKrishnaGandhi.htm। আহৰণ কৰা হৈছে: 2013-11-30. [সংযোগবিহীন উৎস]
  5. 5.0 5.1 "Chairman's Profile: Shri Gopalkrishna Gandhi". Indian Institute of Advanced Study. Archived from the original on 2013-09-14. https://web.archive.org/web/20130914022724/http://iias.org/administrative_chairmans_profile.html। আহৰণ কৰা হৈছে: 2013-11-29. 
  6. "Veteran politician R S Gavai new Bihar Governor". One India (Greynium Information Technologies Pvt. Ltd.). 22 June 2006. Archived from the original on 24 September 2015. https://www.webcitation.org/6bmzn6gaS?url=http://www.oneindia.com/2006/06/22/r-s-gavai-sworn-in-as-bihar-governor-1150981920.html. 
  7. "Gopalkrishna steps down as chairman of Kalakshetra, IIAS". http://www.thehindu.com/news/national/gopalkrishna-steps-down-as-chairman-of-kalakshetra-iias/article6035117.ece. 
  8. "Gopal Gandhi is IAAS chairman". 6 March 2012. http://www.thehindu.com/features/education/article2964487.ece। আহৰণ কৰা হৈছে: 2013-11-29. 
  9. University, Ashoka. "Faculty/Staff - Ashoka University". Ashoka University. http://ashoka.edu.in/welcome/faculty.