দেৱানন্দ কোঁৱৰ

ভাৰতীয় ৰাজনীতিবিদ

দেৱানন্দ কোঁৱৰ (ইংৰাজী: Devanand Konwar; জন্ম: ১৯৩২, মৃত্যু: ২৫ এপ্ৰিল ২০২০) হৈছে এগৰাকী অসমীয়া ৰাজনীতিবিদ। ১৯৫৫ চনত তেওঁ ভাৰতীয় জাতীয় কংগ্ৰেছত যোগদান কৰিছিল। ২০০৯ চনত তেওঁ বিহাৰৰ ৰাজ্যপাল হিচাপে নিৰ্বাচিত হয়। ইয়াৰোপৰি ত্ৰিপুৰা আৰু পশ্চিমবঙ্গতো (অতিৰিক্ত দায়িত্ব) তেখেতে ৰাজ্যপাল হিচাপে সেৱা আগবঢ়ায়।[1] তেখেত হিতেশ্বৰ শইকীয়া আৰু তৰুণ গগৈ নেতৃত্বাধীন কংগ্ৰেছ চৰকাৰ দুখনৰ অধীনত কেইটামান গুৰুত্বপূৰ্ণ বিভাগৰ মন্ত্ৰিত্ব লাভ কৰিছিল। ২০১৫ চনত তেখেতে এআইইউডিএফ দলত যোগদান কৰে। উল্লেখযোগ্য যে, ৰাজনীতিক্ষেত্ৰলৈ অহাৰ আগতে তেখেতে গুৱাহাটী কলেজৰ প্ৰতিষ্ঠাপক অধ্যক্ষ হিচাপে কিছুদিন কাৰ্যনিৰ্বাহ কৰিছিল। আমেৰিকা যুক্তৰাষ্ট্ৰৰ এটা তেল-কোম্পানীত তেখেতে সাতটা বছৰ কাম কৰিছিল। উচ্চতম ন্যায়ালয়তো তেওঁ কিছুদিন ওকালতি কৰিছিল।[2][3]

দেৱানন্দ কোঁৱৰ
ত্ৰিপুৰাৰ ৰাজ্যপাল
কাৰ্যকাল
২৫ মাৰ্চ ২০১৩ – ২৯ জুন ২০১৪
পূৰ্বসূৰী ডি. ৱাই. পাটিল
উত্তৰসূৰী ৱাক্কুম পুৰুষোত্তমন
বিহাৰৰ ৰাজ্যপাল
কাৰ্যকাল
জুলাই ২৪ ২০০৯ – মাৰ্চ ৮ ২০১৩
পূৰ্বসূৰী আৰ. এল. ভাটিয়া
উত্তৰসূৰী ডি.ৱাই. পাটিল
পশ্চিমবঙ্গৰ ৰাজ্যপাল (অতিৰিক্ত দায়িত্ব)
কাৰ্যকাল
১৪ ডিচেম্বৰ ২০০৯ – ২৩ জানুৱাৰী ২০১০
পূৰ্বসূৰী গোপালকৃষ্ণ গান্ধী
উত্তৰসূৰী এম. কে. নাৰায়ণ
ব্যক্তিগত তথ্য
জন্ম
দেৱানন্দ কোঁৱৰ

১৯৩২
নিতাইপুখুৰী, শিৱসাগৰ
মৃত্যু ২৫ এপ্ৰিল ২০২০
ৰুক্মিনীগাঁও, কামৰূপ মহানগৰ
ৰাষ্ট্ৰীয়তা ভাৰতীয়
শিক্ষানুষ্ঠান কটন কলেজ, গুৱাহাটী আইন মহাবিদ্যালয়, দিল্লী বিশ্ববিদ্যালয়

প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা সম্পাদনা কৰক

দেৱানন্দ কোঁৱৰৰ জন্ম হৈছিল ১৯৩২ চনত, শিৱসাগৰ জিলাৰ নিতাইপুখুৰী মৌজাৰ নিতাই কোঁৱৰ গাঁৱত। পিতৃৰ নাম আছিল পদ্মকান্ত কোঁৱৰ আৰু মাতৃৰ নাম আছিল কুসুম কোঁৱৰ। পিতৃয়ে চাকৰিসূত্ৰে বিভিন্ন ঠাইত বদলি হৈ আছিল। সেয়েহে শিশু দেৱানন্দও বিভিন্ন চাহ-বাগিচাৰ মাজতেই শৈশৱ পাৰ কৰিছিল। নিতাইপুখুৰী প্ৰাথমিক বিদ্যালয়ত শিক্ষাজীৱন আৰম্ভ কৰি তেখেতে একাধিক বিদ্যালয়ত শিক্ষাগ্ৰহণ কৰিছিল। খোৱাং হাইস্কুলৰ পৰা তেখেতে প্ৰথম বিভাগত প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হৈ গুৱাহাটীৰ কটন কলেজত নামভৰ্তি কৰে। সেইখন শিক্ষানুষ্ঠানৰ পৰা ইংৰাজী সাহিত্যত স্নাতক ডিগ্ৰী লাভ কৰি তেখেতে দিল্লী বিশ্ববিদ্যালয়ৰ পৰা প্ৰথম শ্ৰেণীৰ স্নাতকোত্তৰ অৰ্জন কৰে। তদুপৰি গুৱাহাটী আইন মহাবিদ্যালয়ৰ পৰাও তেখেতে এল.এল.বি. ডিগ্ৰী অৰ্জন কৰে।[2]

কৰ্মজীৱন সম্পাদনা কৰক

গুৱাহাটীস্থিত কটন কলেজত ইংৰাজী বিভাগৰ প্ৰবক্তা হিচাপে তেখেতে কৰ্মজীৱন আৰম্ভ কৰে।[4] ১৯৬১ চনত তেখেতে মুম্বাইস্থিত American Standard Vacuum Oil Company[4] বিপণন পৰিচালক[3] হিচাপে যোগদান কৰে আৰু তাত সাতটা বছৰ কৰ্মনিৰ্বাহ কৰে। ১৯৬৮-৬৯ চনত কিছুদিনৰ বাবে তেখেতে গুৱাহাটী কলেজৰ প্ৰতিষ্ঠাপক অধ্যক্ষ হিচাপে দায়িত্ব পালন কৰে। ১৯৬৯ চনত তেখেতে ওকালতি আৰম্ভ কৰে গুৱাহাটী উচ্চ ন্যায়ালয়ত। পৰৱৰ্তী সময়ত তেখেতে উচ্চতম ন্যায়ালয়তো কিছুদিন ওকালতি কৰে।[2]

ৰাজনৈতিক জীৱন সম্পাদনা কৰক

ছাত্ৰাৱস্থাতেই[4] দেৱানন্দ কোঁৱৰে ১৯৫৫ চনত ভাৰতীয় জাতীয় কংগ্ৰেছত যোগদান কৰে। ১৯৮২-৯০ লৈকে তেখেতে অসম প্ৰদেশ কংগ্ৰেছ সমিতিৰ সাধাৰণ সম্পাদক আৰু সভাপতিৰ দায়িত্ব পালন কৰে। ১৯৮৩ চনৰ নিৰ্বাচনত শিৱসাগৰ সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্ব্বিতা কৰি তেখেত অসম বিধানসভালৈ মনোনীত হয়। ১৯৯১ চনত হিতেশ্বৰ শইকীয়া চৰকাৰৰ অধীনত তেখেতে শক্তি, আইন আৰু পৌৰ প্ৰশাসন মন্ত্ৰীৰ বাব পায়। ১৯৯৬ চনত তেখেত থাওৰা সমষ্টিৰপৰা বিধায়ক হয়। ২০০১ চনত তৰুণ গগৈ নেতৃত্বাধীন চৰকাৰৰ অধীনত তেখেতে বিত্ত আৰু শক্তি বিভাগৰ দায়িত্ব লাভ কৰে। ২০০৪ চনত তেখেতে উত্তৰ-পূৰ্বাঞ্চলত্ৰিপুৰা, মণিপুৰ, নাগালেণ্ড, মিজোৰাম, আৰু মেঘালয় ৰাজ্যৰ ৰাজনৈতিক পৰ্যবেক্ষক হিচাপে সেৱা আগবঢ়ায়।[3]

২০০৯ চনত তেখেত বিহাৰৰ ৰাজ্যপাল হিচাপে নিৰ্বাচিত হয়। ২০০৯ চনৰ ২৪ জুলাইৰ পৰা ২০১৩ চনৰ ৮ মাৰ্চ পৰ্যন্ত তেখেত সেই আসনত অধিষ্ঠিত হৈ থাকে। সমান্তৰালভাৱে তেখেত পশ্চিমবঙ্গৰ ৰাজ্যপাল (অতিৰিক্ত দায়িত্ব) হিচাপে কিছুদিন দায়িত্ব পালন কৰে। ২০০৯ চনৰ ডিচেম্বৰৰ পৰা ২০১০ চনৰ জানুৱাৰীলৈকে তেখেত সেই দায়িত্বত থাকে। ২০১৩ চনত ২৫ মাৰ্চৰ পৰা ২০১৪ চনৰ ২৯ জুনলৈকে তেখেত ত্ৰিপুৰাৰ ৰাজ্যপাল হিচাপে কৰ্মনিৰ্বাহ কৰে।[1] ৰাজনৈতিক জীৱনৰ বিয়লি ভাগত ২০১৫ চনত তেখেতে বদৰুদ্দিন আজমল নেতৃত্বাধীন এ.আই.ইউ.ডি.এফ.ত যোগদান কৰে আৰু দলৰ উপ-সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰে।[3][2]

মৃত্যু সম্পাদনা কৰক

২০২০ চনৰ ২৫ এপ্ৰিলত ৩ বাজি ৫০ মিনিটত গুৱাহাটীৰ ৰুক্মিনীগাঁৱৰ নিজা বাসভৱনত বৰ্ষীয়ান ৰাজনীতিবিদগৰাকীৰ দেহাৱসান ঘটে।[2] তেখেত মধুমেহ আৰু শ্বাসপ্ৰশ্বাসজনিত ৰোগত আক্ৰান্ত হৈ আছিল। মৃত্যুৰ সময়ত তেখেতৰ বয়স আছিল ৮৮ বছৰ।[3]

তথ্যসূত্ৰ সম্পাদনা কৰক