গোপালেৰ মা (অনুবাদː গোপালৰ মাক; জন্মːআঘোৰমণি দেৱী; ১৮২২ – ৮ জুলাই ১৯০৬) বংগৰ সাধু আৰু ৰহস্যবাদী ব্যক্তি শ্ৰীৰামকৃষ্ণৰ এগৰাকী ভক্ত আৰু ঘৰুৱা শিষ্য আছিল। তেওঁৰ জন্মগত নাম আছিল আঘোৰমণি দেৱী, কিন্তু শ্ৰীৰামকৃষ্ণৰ প্ৰতি "গোপাল" বা শিশু কৃষ্ণ হিচাপে তেওঁৰ তীব্ৰ মাতৃপ্ৰেমৰ বাবে শ্ৰীৰামকৃষ্ণৰ ভক্তসকলৰ মাজত গোপালেৰ মা নামেৰে পৰিচিত হ'ল।[1][2] কেঁচুৱা অৱস্থাত ভগৱান শ্ৰীকৃষ্ণৰ ঐশ্বৰিক দৰ্শন আৰু শ্ৰীৰামকৃষ্ণৰ আদৰ্শৰ প্ৰতি থকা ভক্তিৰ বাবে তেখেত বিখ্যাত আছিল। পিছৰ বছৰবোৰত স্বামী বিবেকানন্দ আৰু ভগ্নী নিবেদিতাৰ লগত অতি ঘনিষ্ঠ হৈ পৰিছিল। জীৱনৰ শেষৰ কেইটামান বছৰ তেওঁ ভগ্নী নিবেদিতাৰ লগত কটাইছিল।

গোপালেৰ মা

গোপালেৰ মা
স্থানীয় নাম আঘোৰমণি দেৱী
জন্ম আঘোৰমণি দেৱী
১৮২২
কমাৰহাটী, কলিকতা, বেংগল প্ৰেচিডেন্সি, ব্ৰিটিছ ভাৰত
মৃত্যু ০৮ জুলাই, ১৯০৬
কলিকতা
ৰাষ্ট্ৰীয়তা ভাৰতীয়
অন্য নাম কমাৰহাটীৰ ব্ৰাহ্মণী
নাগৰিকত্ব ভাৰতীয়
পেচা গৃহিণী
জনা যায় আধ্যাত্মিক ভক্তি

প্ৰাথমিক জীৱন

সম্পাদনা কৰক

১৮২২ চনত কলিকতাৰ ওচৰৰ কমাৰহাটী নামৰ গাঁৱত এটা ব্ৰাহ্মণ পৰিয়ালত আঘোৰমণি দেৱীৰ জন্ম হৈছিল। তেতিয়াৰ প্ৰচলিত ৰীতি-নীতি অনুসৰি মাত্ৰ ন বছৰ বয়সতে তেওঁৰ বিবাহ হৈছিল যদিও নিচেই কম দিনৰ পিছতে, আনকি বিবাহ সম্পূৰ্ণ হোৱাৰ আগতেই, চৈধ্য বছৰ বয়সত তেওঁ বিধৱা হৈছিল।[3] বিধৱা হিচাপে তেওঁ কমাৰহাটীৰ কৃষ্ণ মন্দিৰত পুৰোহিত হিচাপে কৰ্মৰত ভাতৃ নীলমাধৱ বন্ধোপাধ্যায়ৰ ঘৰত থাকিছিল।[4] মন্দিৰটোলৈ সঘনাই যোৱাৰ সময়ত তেওঁৰ চিনাকি হৈছিল মালিক গোবিন্দ চন্দ্ৰ দত্তৰ পত্নীৰ সৈতে, আৰু তেওঁৱেই গংগা নদীৰ পাৰৰ মন্দিৰৰ বাগিচাত এটা সৰু কোঠাৰ ব্যৱস্থা কৰি আঘোৰেমণিক থাকিবলৈ দিছিল। তেওঁ নিজৰ গহনা আৰু স্বামীৰ সম্পত্তি বিক্ৰী কৰি পাঁচশ টকাৰ ৰাশি এটা বিনিয়োগ কৰে[3] আৰু সেই কম উপাৰ্জন চাৰি-পাঁচ টকাৰে সহজ আৰু চিন্তাশীল জীৱন যাপন কৰিছিল।[5] তেওঁ জীৱনৰ পিছৰ ত্ৰিশ বছৰ সেই সৰু কোঠাটোতে কটায় আৰু অতি কঠোৰ জীৱন যাপন কৰে।[6] তেওঁৰ দৈনন্দিন কাম আছিল ৰাতিপুৱা দুইবজাত সাৰ পাই অজু সম্পূৰ্ণ কৰা আৰু ৰাতিপুৱা আঠ বজালৈকে আধ্যাত্মিক অভ্যাস অব্যাহত ৰখা। তাৰ পিছত তেওঁ কাষৰ কৃষ্ণ মন্দিৰত কাম কৰে, আৰু এইটো ৰাধা মাধৱৰ মন্দিৰ বুলিও জনা যায়। ধ্যান, জপ আৰু নিজৰ নিৰ্বাচিত আদৰ্শৰে শিশু কৃষ্ণৰ সেৱাৰ জৰিয়তে তেওঁ গোটেই দিনটো কোনোবা নহয় কোনোবা ৰূপত আধ্যাত্মিক অনুশীলনত কটায়। ১৮৫২ চনৰ পৰা প্ৰায় ১৮৮৩ চনলৈকে তেওঁ এই দিনপঞ্জীয়েই অনুসৰণ কৰিছিল।[7]সন্ধিয়া তেওঁ মন্দিৰত সান্ধ্য আৰতি বা গোসাঁই সেৱাত অংশগ্ৰহণ কৰিছিল আৰু ৰীতি-নীতি অনুসৰি নিজৰ আৰাধ্যক প্ৰসাদ দিয়াৰ পিছত সাধাৰণ আহাৰ গ্ৰহণ কৰি মাজনিশালৈকে আধ্যাত্মিক অনুশীলন চলাই গৈছিল।[1] তেওঁ বাগিচাৰ ঘৰটোৰ দক্ষিণ-পশ্চিম কোণত থাকিল। নিয়মিত কঠোৰ অভ্যাস আৰু তপস্যাৰ পৰা বিৰতি লৈ তেওঁ ঘৰৰ মালিকৰ সৈতে মথুৰা, বৃন্দাবন, গয়া, বাৰাণসী আৰু এলাহাবাদৰ পবিত্ৰ স্থানলৈ যাত্ৰা কৰে।[3]

তথ্যসূত্ৰ

সম্পাদনা কৰক
  1. 1.0 1.1 "story of Gopaler Ma at RKM Nagpur". Archived from the original on 1 February 2014. https://web.archive.org/web/20140201214319/http://www.rkmathnagpur.org/disciples/hd_gopaler-ma_story.htm। আহৰণ কৰা হৈছে: 19 January 2014. 
  2. Great Swan, Meetings with Sri Ramakrishna, by Lex Hixon, Motilal Banarsidass, 1995, Chapter: Introduction to Indian Edition
  3. 3.0 3.1 3.2 "Life of Gopaler Ma". Archived from the original on 24 September 2015. https://web.archive.org/web/20150924030159/http://www.hinduism.fsnet.co.uk/namoma/life_others/life_gopaler_ma.htm। আহৰণ কৰা হৈছে: 19 January 2014. 
  4. Ramakrishna, the Great Master, by Swami Saradananda, translated by Swami Jagadananda, Ramakrishna Math, Chennai, 1952, page 747
  5. Gopaler Ma, boldsky article
  6. Gopaler Ma, boldsky article
  7. "Gopaler Ma, Belur Math site". Archived from the original on 2018-01-17. https://web.archive.org/web/20180117190852/http://www.belurmath.org/women_disciples.htm। আহৰণ কৰা হৈছে: 2023-03-31. 

অতিৰিক্ত উৎস

সম্পাদনা কৰক