গোলনেমু
গোলনেমু (ইংৰাজী: Rough Lemon) বৈজ্ঞানিক নাম - Citrus jambhiri Lush ৷ গোলনেমু উজনি অসমত বৰ জনপ্ৰিয়৷ নামনি অসমৰ ফালে এই নেমুক 'তুইলা টেঙা' বুলি কোৱা হয়৷ এই ফল গোন্ধ আৰু স্বাদৰ দিশত অধিক মানবিশিষ্ট হয়৷ আঘোণ-মাঘ মাহৰ ভিতৰত ফল পকে৷
গোলনেমু | |
---|---|
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন | |
ৰাজ্য: | Plantae |
(অশ্ৰেণীকৃত): | Angiosperms |
(অশ্ৰেণীকৃত): | Eudicots |
(অশ্ৰেণীকৃত): | Rosids |
বৰ্গ: | Sapindales |
পৰিয়াল: | Rutaceae |
গণ: | Citrus |
প্ৰজাতি: | C. × limon |
বৈজ্ঞানিক নাম | |
Citrus × limon, often given as C. limon (L.) Burm.f. |
খাদ্য হিচাপে
সম্পাদনা কৰকগোলনেমু কুমলীয়া অৱস্থাৰ পৰাই খাব পাৰি৷ কুমলীয়া অৱস্থাতো এই নেমু ৰসাল হয়৷ জেঠ-আহাৰ মাহৰপৰাই গোলনেমুৰ কেঁচা ফল খাব পাৰি৷ পাতত দিয়া সৰু মাছৰ লগত কেঁচা গোলনেমুৰ ৰস প্ৰয়োগ কৰি খালে খোৱাৰ ৰুচি অনেকখিনি বৃদ্ধি পায়৷ দাইল অথবা মাছৰ আঞ্জাত কেঁচা গোলনেমুৰ ৰস দিলে আঞ্জাখনৰ সোৱাদ দুগুণে চৰে৷ পকা ফলৰ ওপৰৰ হালধীয়া বাকলিখন চুৰুকি নেমুবোৰ নিমখত লেটিয়াই কেইদিনমান ৰ'দত শুকুৱাই পাছত বটলত ভৰাই কেইবা বছৰলৈও সংৰক্ষণ কৰিব পাৰি৷ নেমুৰে প্ৰস্তুত কৰা আচাৰ বজাৰত কিনিবলৈ পোৱা যায়৷ সানমিহলি আচাৰতো নেমু প্ৰয়োগ কৰিলে আচাৰৰ মান উন্নত হয়৷
আকৃতি
সম্পাদনা কৰকগোলনেমুৰ আকৃতি গোলাকাৰ৷ কেঁচা নেমু সেউজীয়া ৰঙৰ হয় আৰু পকিলে হালধীয়া বৰণৰ হয়৷
অৰ্থনৈতিক মূল্য
সম্পাদনা কৰকগোলনেমুত প্ৰতি ১০০মিলিলিটাৰ ৰসত ২৫-৮৫ মিলিগ্ৰাম পৰ্যন্ত ভিটামিন 'ছি' পোৱা যায়৷ খনিজ পদাৰ্থতো গোলনেমু ফল চহকী৷
ঔষধি গুণ
সম্পাদনা কৰকনিমখত থোৱা নেমুৰ ঔষধি গুণাগুণ বহু বেচি৷ পেট কামোৰণি,পেটৰ অসুখ,পেট ফুলা,আভোক আদি পেটৰ অনেক ধৰণৰ বেমেজালিত এই নেমুৰ ৰস বা শাহখিনি খালে উপকাৰ পোৱা যায়৷ নেমুৰ বীজ কৃমিনাশক৷[1]
তথ্য সংগ্ৰহ
সম্পাদনা কৰক- ↑ ড° অন্নজ্যোতি গগৈ (১৬ - ৩০ জুন ২০০৮). "অসমত পোৱা কেইবিধমান ছাইট্ৰাছ ফলৰ পৰিচয় আৰু ব্যৱহাৰ". প্ৰান্তিক খণ্ড ২৭শ বছৰ (১৪শ সংখ্যা): পৃষ্ঠা ৩৭.
বাহ্যিক সংযোগ
সম্পাদনা কৰকৱিকিমিডিয়া কমন্সত গোলনেমু সম্পৰ্কীয় মিডিয়া ফাইল আছে। |