গ্ৰীষ্মকালীন অলিম্পিক ২০১৬

গ্ৰীষ্মকালীন অলিম্পিক ২০১৬ (পৰ্তুগীজ: Jogos Olímpicos de Verão de 2016),[1] আনুষ্ঠানিকভাৱে ৩১তম অলিম্পিয়াডৰ গেমছ আৰু সাধাৰণভাৱে ৰিঅ' ২০১৬ নামে পৰিচিত ই হৈছে এক আন্তৰ্জাতিক বহু-ক্ৰীড়া প্ৰতিযোগিতা যি ব্ৰাজিলৰ ৰিঅ' ডি জেনেৰিঅ' চহৰত ৫ আগষ্টৰ পৰা ২১ আগষ্ট ২০১৬ তাৰিখলৈকে অনুষ্ঠিত হ'ব। অভিলেখ সংখ্যক দেশ পদক সংগ্ৰহৰ বাবে অপেক্ষা কৰিছে। এইবাৰৰ প্ৰতিযোগিতাত কছোভো তথা দক্ষিণ ছুডানসহ ২০৬ খন জাতীয় অলিম্পিক সমিতিৰ (এনঅ'চি) পৰা ১০,৫০০ জনতকৈও অধিক ক্ৰীড়াবিদে অংশগ্ৰহণ কৰিছে। আন্তৰ্জাতিক অলিম্পিক কমিটিয়ে ২০০৯ চনত সংযুক্ত কৰা ৰাগবি ছেভেন্‌ছ তথা গলফ সহ এই প্ৰতিযোগিতাত মুঠ ২৮টা অলিম্পিক ক্ৰীড়াৰ ৩০৬টা ইভেন্ট অনুষ্ঠিত হ'ব।[2] ক্ৰীড়া প্ৰতিযোগিতাসমুহ আয়োজনৰ বাবে আয়োজক চহৰ ৰিঅ' দি জেনেৰিঅ'ৰ ৩৩টা স্থান আৰু অতিৰিক্ত হিচাপে ব্ৰাজিলৰ সৰ্ব বৃহৎ চহৰ ছাও পাওলো, ৰাজধানী চহৰ ব্ৰাছিলিয়া, মানাওছ আৰু ছালভাদোৰ চহৰৰ ৫টা স্থান নিৰ্বাচন কৰা হৈছে।[2]

XXXI অলিম্পিয়াডৰ গেমছ
আয়োজক চহৰ ৰিঅ' ডি জেনেৰিঅ', ব্ৰাজিল
নীতিবাক্য এখন নতুন বিশ্ব
(পৰ্তুগীজ:
ওম মুণ্ডো ন'ভ')
অংশগ্ৰহণকাৰী দেশ ২০৭
অংশগ্ৰহণকাৰী ক্ৰীড়াবিদ ১১,৫৫১
ঘটনাৱলী ২৮ প্ৰকাৰ ক্ৰীড়াৰ ৩০৬ টা
উদ্বোধনী অনুষ্ঠান ৫ আগষ্ট
সমাপন সমাৰোহ ২১ আগষ্ট
আনুষ্ঠানিক উদ্বোধক উপ ৰাষ্ট্ৰপতি মিছেল টেমেৰ
ভাৰপ্ৰাপ্ত ৰাষ্ট্ৰপতি হিচাপে
ক্ৰীড়াবিদৰ শপত ৰবাৰ্ট ষ্কেইডট
বিচাৰকৰ শপত মাৰ্টিনহো ন'ব্ৰে
প্ৰশিক্ষকৰ শপত এড্ৰিয়ানা ছাণ্টছ
অলিম্পিক শিখা ভেণ্ডাৰলি কৰ্ডেইৰ' ডে লিমা
খেলপথাৰ মাৰাকাণা ষ্টেডিয়াম

২০০৯ চনৰ ২ অক্টোবৰত ডেনমাৰ্কৰ কোপেনহেগেনত অনুষ্ঠিত ১২১তম আইঅ'চি ছেছনৰ সভাত ৰিঅ' দি জেনেৰিঅ'ক আয়োজক চহৰ হিচাপে ঘোষণা কৰা হয়। আয়োজক চহৰ হিচাপে নাম উত্থাপিত অন্য চহৰসমুহ হৈছে মাদ্ৰিদ, স্পেইন; চিকাগো, যুক্তৰাষ্ট্ৰ; টকিঅ', জাপান। ৰিঅ' দক্ষিণ আমেৰিকা মহাদেশৰ প্ৰথম অলিম্পিক প্ৰতিযোগিতাৰ আয়োজক চহৰ তথা লেটিন আমেৰিকাৰ দ্বিতীয়। ইয়াৰ আগেয়ে গ্ৰীষ্মকালীন অলিম্পিক ১৯৬৮ লেটিন আমেৰিকাৰ মেক্সিক' চহৰত অনুষ্ঠিত হৈছিল।

নিলাম নিষ্পত্তি সম্পাদনা কৰক

ক্ৰীড়াসমুহ সম্পাদনা কৰক

উদ্বোধনী অনুষ্ঠান সম্পাদনা কৰক

  1. The Brazilian Portuguese pronunciation is [ˈʒɔgos ɔlimˈpikus dʒi vɛˈɾɐ̃w dʒi ˈdojz ˈmiw i dʒezeˈsejz], in Brazil's standard pronunciation.
  2. 2.0 2.1 "About Rio 2016 Summer Olympics". Rio 2016 Olympics Wiki. http://rio2016olympicswiki.com/about-rio-2016-summer-olympics/। আহৰণ কৰা হৈছে: 31 October 2015.