গ্ৰেগ লিয়নাৰ্ড চেমেনজা
ন'বেল বঁটা বিজয়ী বিজ্ঞানী
গ্ৰেগ লিয়নাৰ্ড চেমেনজা (জন্ম: ১২ জুলাই ১৯৫৬) জনছ হপকিন্স স্কুল অফ মেডিচিনত শিশু চিকিৎসা, ৰেডিয়েছন অংক'লজি, জীৱবৈজ্ঞানীক ৰসায়ন, কৰ্কট ৰোগৰ অধ্যাপক। তেওঁ কোষ অভিযান্ত্ৰিক প্ৰতিষ্ঠানত ভাছকুলাৰ প্ৰগ্ৰেমৰ নিৰ্দেশক হিচাপে সেৱা আগবঢ়ায়ছিল।[1] তেওঁ ২০১৬ চনত চিকিৎসা বিজ্ঞানৰ মৌলিক গৱেষণাৰ এলবাৰ্ট লাশকেৰ বঁটা লাভ কৰিছিল।[2] তেওঁ এইছআইএফ-১ আৱিষ্কাৰ কৰাৰ বাবে বিশেষভাবে জনাজাত। ই কৰ্কট ৰোগৰ কোষ সমূহক অক্সিজেনৰ অভাৱত অনুকূল কৰি লয়। তেওঁ পিটাৰ জন ৰেটক্লিফ আৰু উইলিয়াম কেলিন জুনিয়ৰৰ সৈতে "অক্সিজেনৰ উপলব্ধতাৰ ওপৰত কোষ সমূহে কেনেকৈ সংবেদন লাভ কৰে আৰু নিজকে সেই পৰিৱেশৰ উপযোগী কৰি লয় আৱিষ্কাৰ"ৰ বাবে ২০১৯ চনৰ চিকিৎসা বিজ্ঞানৰ ন'বেল বঁটা লাভ কৰে।[3][4]
গ্ৰেগ লিয়নাৰ্ড চেমেনজা | |
---|---|
জন্ম | ১২ জুলাই, ১৯৫৬ (৬৪ বছৰ) কুইনছ, নিউয়ৰ্ক |
কৰ্মস্থান | জনছ হপকিন্স স্কুল অফ মেডিচিন |
শিক্ষানুষ্ঠান |
|
জনা যায় | হাইপ'ক্সিয়া-ইনডিউছিবেল ফেক্টৰছ |
উল্লেখনীয় বঁটা |
|
তথ্য উৎসসম্পাদনা কৰক
- ↑ "Gregg L. Semenza, M.D., Ph.D.". http://www.hopkinsmedicine.org/profiles/results/directory/profile/0800056/gregg-semenza.
- ↑ Foundation, Lasker. "Oxygen sensing – an essential process for survival - The Lasker Foundation". http://www.laskerfoundation.org/awards/show/oxygen-sensing-essential-process-survival/.
- ↑ "The Nobel Prize in Physiology or Medicine 2019" (en-US ভাষাত). https://www.nobelprize.org/prizes/medicine/2019/summary/.
- ↑ Kolata, Gina; Specia, Megan (7 October 2019). "Nobel Prize in Medicine Awarded for Research on How Cells Manage Oxygen - The prize was awarded to William G. Kaelin Jr., Peter J. Ratcliffe and Gregg L. Semenza for discoveries about how cells sense and adapt to oxygen availability.". The New York Times. https://www.nytimes.com/2019/10/07/health/nobel-prize-medicine.html। আহৰণ কৰা হৈছে: 8 October 2019.