অভিধান মতে, ঘৰ জেউতি মানে ঘৰত থকা উপদেৱতা। অসমৰ লোক কথাত ঘৰ জেউতি বুলিলে ঘৰৰ লক্ষ্মী বুলি মনা হয়। ঘৰ জেউতি এবিধ শান্ত মাইকী ভূত। ই সাধাৰণতে শান্ত মতামানুহৰ ঘৰত থাকে আৰু ই কাৰো অপকাৰ নকৰে। ইয়াৰ সংখ্যা বৰ কম। ৰাতি শুই থকা মানুহৰ গাৰ ওপৰেদি ঘূৰি ফুৰিবলৈ ই ভালপায়।[1] বহুতে ঘৰ জেউতিক ঘৰৰ শ্ৰীবৃদ্ধি আৰু সুখ শান্তিৰ বাবে আৰাধনা কৰে। ঘৰ ধৰিব পৰা ছোৱালী-তিৰোতাক ঘৰ লক্ষ্মী বুলি আখ্যা দিয়া হয়। একশৰণ নামধৰ্মৰ প্ৰতিষ্ঠাতা শংকৰদেৱৰ দ্বিতীয়া পত্নী কালিন্দীয়ে ঘৰৰ চুকত ‘ঘৰ জেউতি’লৈ বুলি পতা আসন দেখি মাধৱদেৱে খং কৰাৰ কথা গুৰু চৰিতত পোৱা হয়।[2]

তথ্য সংগ্ৰহ সম্পাদনা কৰক

  1. “অসমৰ ভূতৰ কথা”; জয়ন্ত শৰ্মা, সঁফুৰা আলোচনী, দ্বিতীয় বছৰ, দ্বাদশ সংখ্যা
  2. পৃষ্ঠা নং ৫৯, কথা গুৰু চৰিত, সম্পাদনা মহেশ্বৰ নেওগ, লয়াৰ্ছ বুক ষ্টল। ১৯৯৯