ছনেট
ছনেট (ইংৰাজী: Sonnet) কাব্য-সাহিত্যৰ এটি ৰূপ। চিচিলিয়ান চহৰ ’পাৰ্লামোৰ’ ৰোমান সম্ৰাট দ্বিতীয় ফ্ৰডেৰিকৰ ৰাজদৰবাৰত ৰচিত কবিতাৰ মাজৰ এটা কাব্যিক ৰূপ হৈছে ছনেট। ত্ৰয়োদশ শতিকাৰ কবি আৰু নটাৰী ’জিয়াকামো দা লেণ্টিনি’ক ছনেট উদ্ভাৱনৰ কৃতিত্ব দিয়া হয় আৰু তেওঁক আগুৰি থকা “চিচিলিয়ান স্কুল অৱ পয়েট’’এ কবিতাৰ এই ৰূপটো বিয়পাই দিয়ে। আদিম ছনেটবোৰ চিচিলিয়ান ভাষাত ৰচিত হৈছিল, যিবোৰৰ অস্তিত্ব এতিয়া পাবলৈ নাই, কিন্তু টাস্কান উপভাষালৈ অনূদিত হোৱা ছনেটসমূহ পোৱা যায়। ক্ৰিষ্টোফাৰ ব্লামৰ মতে, ইউৰোপৰ নৱজাগৰণৰ সময়ত “ৰোমাণ্টিক প্ৰেম প্ৰকাশৰ উপায়’’ হৈ পৰিছিল৷[1]সেই সময়ছোৱাতো ইউৰোপৰ আন আন বহুতো ভাষাত কবিতাৰ এই ৰূপ গ্ৰহণ কৰা হৈছিল আৰু পিছলৈ যিকোনো বিষয় লেখকৰ বাবে গ্ৰহণযোগ্য বুলি বিবেচিত হৈছিল৷ ছনেটৰ প্ৰতিষ্ঠিত শৈলীৰ প্ৰতি অধৈৰ্যতাৰ বাবে পিছলৈ ইয়াৰ বহু তাৰতম্য ঘটিছিল৷
শব্দৰ উৎস
সম্পাদনা কৰকছনেট শব্দটো ইটালীয় ভাষাৰ Sanetto যাৰ অৰ্থ সৰু গীত, লেটিন শব্দ Sonus, যাৰ অৰ্থ শব্দ-ৰ পৰা উদ্ভৱ হৈছে। ত্ৰয়োদশ শতিকালৈকে কঠোৰ ছন্দ শৈলী আৰু গঠন অনুসৰণ কৰা চৌদ্ধ শাৰীৰ কবিতাক ছনেট বুজাইছিল।
ইতিহাস
সম্পাদনা কৰকইটালীয়ান আৰ্হি
সম্পাদনা কৰকক্ৰিষ্টোফাৰ ব্লামৰ মতে, নৱজাগৰণৰ সময়ত ই সম্পাদকসকলৰ বাবে “ৰোমাণ্টিক প্ৰেম প্ৰকাশৰ পছন্দৰ ধাৰা’’ হৈ পৰিছিল।[2] সেই সময়ত ইউৰোপৰ আন আন বহুতো ভাষাৰ ক্ষেত্ৰতো এই ৰূপ গ্ৰহণ কৰা হৈছিল আৰু ছনেট লেখকৰ বাবে যিকোনো বিষয় গ্ৰহণযোগ্য বুলি বিবেচনা কৰা হৈছিল। পিছলৈ অৱশ্যে ছনেট ৰচনাত ভালেমান পৰিৱৰ্তন ঘটিছিল। সম্ৰাট দ্বিতীয় ফ্ৰেডেৰিকৰ অধীনস্থ চিচিলিয়ান স্কুলৰ নেতা জিয়াকামো দা লেণ্টিনিয়ে এই ছনেট সৃষ্টি কৰা বুলি ধাৰণা কৰা হৈছিল। পিটাৰ ড্ৰংকে মন্তব্য কৰিছিল যে ইয়াৰ নমনীয় ৰূপৰ অন্তৰ্নিহিত কিবা এটা গুণ আছিল, যিয়ে ইয়াক উৎপত্তিস্থলৰ বাহিৰলৈ প্ৰচাৰ কৰাত অৰিহণা যোগাইছিল। ছনেটৰ আদিস্তৰৰ এই ৰূপটোত এযোৰ চতুষ্পদ, যাক অসমীয়াত অষ্টক বোলে আৰু যাৰ “কখকখকখকখ’’ আৰু “গঘগঘগঘ’’ বিন্যাসৰ এযোৰ টাৰ্চেট বা ষষ্টক আছিল; য’ত কবিতাটোৰ মাজভাগৰ পৰা ভাবটো এটা নতুন দিশলৈ আগুৱাই নিয়া হয়।[3] উইলিয়াম বেয়াৰে কৈছে যে, প্ৰাচীন চিচিলিয়ান ছনেটসমূহ ষ্ট্ৰামবাট্ৰো নামেৰে জনাজাত আঠশাৰীৰ চিচিলিয়ান লোকগীতৰ স্তৱকৰ সৈতে একে। ইয়াৰ লগত ’দা লেণ্টিনি’য়ে টাৰ্চেট যোগ কৰি ১৪ শাৰীৰৰ ছনেটৰ গঠনটো সৃষ্টি কৰিছিল।[4] ইয়াৰ বিপৰীতে হাছানালি লাধা[5]ই যুক্তি দিয়ে যে, চিচিলিয়ান ছনেটৰ গঠন আৰু বিষয়বস্তু আৰবী কবিতাৰ ওপৰত আধাৰিত আৰু ইয়াক জিয়াকামো দা লেণ্টিনি বা ’চিচিলিয়ান স্কুল অৱ পয়েট্ৰী’ৰ কোনো সদস্যই আৱিষ্কাৰ কৰা বুলি দাবী কৰিব নোৱাৰে। লাধাই লক্ষ্য কৰিছে যে, চিচিলিয়ান ছনেটে আৰম্ভণিতে কাচিদাৰ[6] সৈতে সাহিত্যিক আৰু জ্ঞানতাত্ত্বিক সংস্পৰ্শ প্ৰকাশ কৰে; তেওঁ আৰু জোৰ দি কয় যে, ছনেটটোৱে ইয়াৰ কথিত সংজ্ঞায়িত ১৪ শাৰীৰ গঠনৰ সৈতে একেসময়তে উদ্ভৱ হোৱা নাছিল। ক’ব পাৰি যে ইয়াৰ আৰবী পূৰ্বসূৰীৰৰ পৰা ছনেটটো বন্ধ কৰাৰ প্ৰচেষ্টা নতুন গীতৰ সংজ্ঞাৰ ওপৰত নিৰ্ভৰশীল, যাৰ সৈতে জিয়াকামোৰ কবিতাৰ মিল নাই। ১৩ শতিকাৰ নৱজাগৰণৰ সময়ত উৎপত্তি হোৱা তেওঁৰ কবিতাসমূহ ১৪টাত নহয়, বৰং চাৰিটাকৈ ধৰি ছটা শাৰীতহে প্ৰকাশ পাইছে। প্ৰত্যেকৰে দুটা হেমিষ্টিক আৰু দুটা টাৰ্চেট দুটা শাৰীৰৰ ওপৰেৰে বিস্তৃত ৰেখাত থাকে। লাধাৰ দৃষ্টিত ছনেটটো সমগ্ৰ ভূমধ্য সাগৰীয় জগতখনৰ ৰোমাণ্টিক কবিতাৰ বহল পৰম্পৰাৰ ধাৰাবাহিকতা হিচাপে আত্মপ্ৰকাশ কৰে আৰু ইয়াৰ সৈতে চিচিলিয়ান ষ্ট্ৰামবাট্ৰো, প্ৰভিন্সাল কানছ, আন্দালুছি আৰবী মুৱাছশ্বাহ জাজালৰ দৰে অন্যান্য ৰূপৰ লগতে কাচিদাৰ সম্পৰ্ক আছে।[7] গুইটন ডি আৰেজ্জোৱে ছনেটৰ ৰূপটো পুনৰ আৱিষ্কাৰ কৰি টাস্কানীলৈ আনে, য’ত তেওঁ চিকুলো-টাস্কান বা গেটনিয়ান পয়েট্ৰী স্কুল প্ৰতিষ্ঠা কৰাৰ সময়ত ইয়াক টাস্কান উপভাষাৰ সৈতে খাপ খুৱাই লয়। (১২১৫-১২৯৪) তেওঁ প্ৰায় ২৫০টা ছনেট লিখিছিল।[8] তাৰপিছত আন ইটালীয় কবিসকলৰ ভিতৰত ডাণ্টে আলিঘিয়েৰি আৰু গুইডো কাভালকান্তিকৰ ছনেটসমূহ উল্লেখযোগ্য। কিন্তু, পিছলৈ ইটালীয়ান ছনেট লেখকসকলৰ ভিতৰত আটাইতকৈ বিখ্যাত আৰু প্ৰভাৱশালী আছিল পেট্ৰাৰ্ক।
ইটালীত এটা সাধাৰণ ছনেটৰ গঠনত ছনেটটোৰ পৰিবৰ্ধন হোৱাৰ লগে লগে দুটা অংশ অন্তৰ্ভুক্ত কৰা হৈছিল, যিবোৰে একেলগে “যুক্তি’’ৰ এটা সংকুচিত ৰূপ গঠন কৰিছিল। প্ৰথমতে, অষ্টকে(Octave) প্ৰস্তাৱ গঠন কৰে, যাৰ দ্বাৰা এটা সমস্যা বা প্ৰশ্নৰ অৱতাৰণা কৰা হয়; তাৰ পিছত ষষ্টকে (দুটা tercet) ইয়াৰ এটা সমাধান উলিয়ায়। সাধাৰণতে, ছনেটৰ নৱম শাৰীয়ে এটা সুৰ বা মেজাজৰ পৰিৱৰ্তনৰ ইংগিত দিয়ে। ছনেটত কেতিয়াবা সমস্যা আৰু সমাধানৰ দুটা পৰ্ব চিহ্নিত নহ’লেও নৱম শাৰীটোৱে ভাৱৰ পৰিৱৰ্তনৰ ইংগিত সূচনা কৰেই।
পৰৱৰ্তীকালত, “কখখক কখখক’’ আৰ্হিটো ইটালীয় ছনেটৰ মানদণ্ড হৈ পৰে। চেচেষ্ট বা অষ্টকৰ বাবে দুটা সম্ভাৱনা আছিল: “গঘঙ গঘঙ’’ বা “গঘগ গঘগ’’। পিছলৈ ছন্দৰ বাবে বিভিন্ন অন্ত্যমিলৰ সজ্জা প্ৰৱৰ্তন কৰা হয়; যেনে, “গঘগ ঘগঘ’’ বা “গঘঙ গঘঙ’’। অৱশ্যে পেট্ৰাৰ্কে অষ্টকৰ বাবে “কখখক কখখক’’ আৰু ষষ্টকত “গঘঙ গঘঙ’’ ছন্দ ব্যৱহাৰ কৰিছিল।
চতুৰ্দশ শতিকাত এটা বিষয়বস্তুৰ ওপৰত একত্ৰিত ছনেটৰ ক্ৰমৰ প্ৰাৰম্ভিক ধাৰা দেখা যায়। এই ধাৰাক প্ৰতিনিধিত্ব কৰিছিল Folgore da San Geminianoই লিখা বছৰৰ মাহবোৰৰ ওপৰত লিখা ধাৰাবাহিক ৰচনাই।[9] পিছলৈ তেওঁৰ এই ৰচনাৰ ক্ৰম সপ্তাহৰ দিনবোৰলৈ প্ৰসাৰিত হৈছিল।[10] ডাণ্টেই বিয়েট্ৰিছৰ প্ৰতি থকা প্ৰেমৰ প্ৰকাশ ৰূপে “La Vita Nuova’’ ত আখ্যানমূলক ধাৰাবাহিক লিখিছিল য’ত পেট্ৰাৰ্কৰ ছনেট আৰু তাৰ পূৰ্বৰ ছনেটৰ শৈলী প্ৰদৰ্শন কৰা হৈছিল।[11] বেছিভাগ ছনেট পেট্ৰাৰ্কীয় আৰ্হিৰ আছিল; যদিও ডাণ্টেৰ কিছুমান ছনেটত পদবিন্যাস বেলেগ আছিল; যেনে, ককখখখক ককখখখক আৰু গঘঘগ গঘঘগ। শতিকাৰ শেষৰ ফালে পেট্ৰাৰ্কক অনুসৰণ কৰি Canzionere এ Lauraৰ প্ৰতি আজীৱন প্ৰেমৰ প্ৰকাশ হিচাপে ৩৬৬টা ছনেট লিখিছিল।[12] ইটালীৰ কাব্য সমাজত ছনেট লিখা জনপ্ৰিয় হৈ পৰাৰ লগে লগে অনুশীলনকাৰীসকলৰ মাজত কিছুমান বিশেষ দিশৰ বাবে কেইগৰাকীমান উল্লেখযোগ্য ব্যক্তিৰ নাম পোৱা যায়। যেনে, চিত্ৰশিল্পী Giotto আৰু Michelangelo, জ্যোতিৰ্বিজ্ঞানী গেলিলিও। শিক্ষাবিদ Giovanni Mario Crescimbeniয়ে ষোড়শ শতিকাৰ ৬৬১ গৰাকী কবিক তালিকাভূক্ত কৰিছে।[13]
অকচিটান ভাষাত
সম্পাদনা কৰকঅন্যান্য কিছুমান ভাষাতো ছনেট লিখাৰ প্ৰয়াস দেখা যায়। অকচিটান (Occitan) ভাষাত পাৱলো লাফ্ৰেন্সি দা পিষ্টাই(Paolo Lanfranchi da Pistoia) লিখা মাত্ৰ এটাই ছনেট উদ্ধাৰ হৈছে, যিটো ১২৮৪ চনত লিখা হৈছিল।[14] তেওঁ ছনেটটোত “ABAB ABAB CDCDCD’’ শৈলী প্ৰয়োগ কৰিছিল আৰু ইয়াৰ বিষয়বস্তু আছিল ৰাজনৈতিক।
কাটালান ভাষাত
সম্পাদনা কৰককাটালান (Catalan) ভাষাৰ পুৰণি ছনেটসমূহৰ মাজৰ এটা লিখিছিল, পেৰে টৰেয়ালা(Pere Torroella -১৪৩৬-১৪৮৬)ই।[15] ১৬শ শতিকাৰ সকলোতকৈ বেছি প্ৰভাৱশালী আৰু জনপ্ৰিয় কাটালান ছনেট লেখক আছিল, পেৰে ছেৰাফী(Pere Serafí) [16], যিয়ে ১৫৬০ আৰু ১৫৬৫ৰ সময়ছোৱাত প্ৰায় ৬০টামান ছনেট লিখিছিল।
স্পেনিছ ভাষাত
সম্পাদনা কৰক১৫শ শতিকাৰ মাজভাগত “ইটালীয় পদ্ধতি’’ৰে ছনেট লিখাৰ প্ৰয়াস কৰাসকলৰ ভিতৰত ছাণ্টিলানাৰ কবি ইনিগো লোপেজ ডি মেণ্ডোজা (Íñigo López de Mendoza)ক অন্যতম বুলি ধৰা হয়। সেই সময়ত কেষ্টিলিয়ান ভাষা আৰু গদ্য এক সংকটপূৰ্ণ অৱস্থাত আছিল, সেয়ে তেওঁৰ এই প্ৰচেষ্টা সফল নহ’ল।[17] সেয়েহে, ১৫২৬ চনৰ পিছত জুয়ান বস্কানে(Juan Boscán) এই ৰূপটোৰ পুনৰ্প্ৰৱৰ্তন কৰে। তেওঁৰ বিৱৰণী অনুসৰি, তেওঁ স্পেইনৰ আদালতত ভেনিচ ৰাষ্ট্ৰদূত আন্দ্ৰেয়া নাভাগেৰো (Andrea Navagero)ক লগ পাইছিল, আৰু পিছত সেই বছৰতে যেতিয়া পঞ্চম কাৰ্লোচ ৰজা আলহামব্ৰা ভ্ৰমণ কালত তেওঁৰ লগত আছিল, লগ পাইছিল। তাৰপিছত তেওঁলোকৰ সাহিত্য আলোচনাৰ সময়ত নাভাগেৰোই কবিয়ে নিজৰ ভাষাত ইটালীয় আৰ্হিত ছনেট লিখিব পাৰে। বুলি পৰামৰ্শ দিছিল।[18] বস্কানে কেৱল তেওঁৰ পৰামৰ্শ গ্ৰহণ কৰিয়েই ক্ষান্ত নাছিল, বৰং অধিক প্ৰতিভাৱান, গৰ্চিলাচ দা ভেগাৰ সৈতে মিলি এই কাম কৰিছিল; যিজন বন্ধুৰ অকাল মৃত্যুত শোক প্ৰকাশ কৰি পিছলৈ তেওঁ কেইটামান ছনেট লিখিছিল। দুয়ো পেট্ৰাৰ্কৰ আৰ্হি অনুসৰণ কৰিছিল। এতিয়ালৈকে অচিনাকি hendecasyllable শৈলী ব্যৱহাৰ কৰিছিল, আৰু neoplatonic ধাৰণাৰ ওপৰত লিখা প্ৰেমৰ কবিতাসমূহ The Book of the Courtierত সংকলিত কৰা হৈছিল; যিখিনি পিছত বস্কানে অনুবাদ কৰিছিল। ১৫৮০ চনৰ পিছৰ সংস্কৰণত ফাৰ্ণাণ্ডো দ্যা হেৰেৰাৰ দ্বাৰা তেওঁলোকৰ সুনাম দৃঢ় হৈ উঠে, যিজনক তেওঁ নিজেই “গাৰ্ছিলাছৰ পিছত প্ৰথম আৰু প্ৰধান স্পেনিছ ছনেটিয়াৰ’’ বুলি গণ্য কৰিছিল।[19] পিছত Baroque যুগত ছনেটৰ দুজন উল্লেখযোগ্য লেখকে দুটা প্ৰতিদ্বন্দ্বী ছনেট স্কুলৰ নেতৃত্ব দিছিল।
বাংলা ভাষাত
সম্পাদনা কৰকবাংলা ছনেট (সনেট) বা চতুৰ্দশপদী কবিতাৰ জন্মদাতা মাইকেল মধুসুদন দত্ত। ১৮৬৫ চনত ফ্ৰান্সৰ ভাৰ্চাই নগৰীত থকা সময়তেই ইটালীয়ান কবি পেট্ৰাৰ্কৰ ছনেটৰ দ্বাৰা অনুপ্ৰাণিত হয় আৰু বাংলা ভাষাত ছনেট ৰচনা কৰে।[20]
অসমীয়া ভাষাত
সম্পাদনা কৰকঅসমীয়া ভাষাত প্ৰথম ছনেট লিখে “জোনাকী যুগৰ ত্ৰিমূৰ্তি’’ৰ অন্যতম হেমচন্দ্ৰ গোস্বামীয়ে৷ অসমীয়া ভাষাত লিখা প্ৰথম ছনেট হ’ল, “প্ৰিয়তমাৰ চিঠি’’৷[21] হেমচন্দ্ৰ গোস্বামীৰ কবিতা গুণাভিৰাম বৰুৱাই আসাম বন্ধুত পোনতে প্ৰকাশ কৰিছিল৷[22] যদিও অসমীয়া ভাষাত প্ৰথম ছনেট ৰচোঁতা হিচাপে হেমচন্দ্ৰ গোস্বামী, প্ৰথম অসমীয়া ছনেট পুথি “মালচ’’ৰ লেখক হিতেশ্বৰ বৰবৰুৱা৷ এইখন ১৯১৭ চনত প্ৰকাশ পাইছিল৷[23][24][25] “প্ৰিয়তমাৰ চিঠি’’ পেট্ৰাৰ্কীয় আৰ্হিৰ যদিও ষষ্টকৰ অন্ত্যমিল বিন্যাসত সম্পূৰ্ণ পেট্ৰাৰ্কীয় আৰ্হিৰ “গঘঙ গঘঙ’’ৰ প্ৰয়োগ কৰাৰ পৰিৱৰ্তে “একান্তৰ মিল’’হে প্ৰয়োগ কৰা হৈছে৷ [26] হিতেশ্বৰ বৰবৰুৱা আৰু হেমচন্দ্ৰ গোস্বামীৰ পাছতো ভালেকেইজন অসমীয়া কবিয়ে ছনেট লিখিছিল৷ ঘাইকৈ পেট্ৰাৰ্কীয় আৰু চেক্সপীয়েৰীয় আৰ্হিত লিখা ছনেটৰ উপৰি দুই এটা আন আন ধৰণৰ ছনেটো পোৱা যায়৷ ৰাবিন্দ্ৰীক ছনেটৰ আৰ্হিত পদ্মনাথ গোহাঞিবৰুৱাই “উৰ্মিলা’’ নামৰ ছনেটটো ৰচনা কৰিছিল৷ ইয়াত ৰাবিন্দ্ৰীক ছনেটৰ দৰে যুগ্মক মিলনৰ আৰ্হিত সাতোটা যুগ্মকৰ সমাৱেশ ঘটিছিল৷ এনেবিধ ছনেটত গীতিময়তা সুন্দৰকৈ প্ৰকাশ পায়৷ কবি নীলমণি ফুকনৰ “জ্যোতিকণা’’তো ছনেটৰ লক্ষণ দেখা যায়৷ এতিয়ালৈকে অসমীয়া ভাষাত ফৰাচী আৰ্হিৰ ছনেট ৰচনা কৰা হোৱা নাই৷ ফৰাচী ছনেটত পেট্ৰাৰ্কীয় আৰ্হিৰ এটা অষ্টকৰ পাছত এটা যুগ্মক আৰু শেষত এটা চতুষ্ক থাকে৷[26]
তথ্য সংগ্ৰহ
সম্পাদনা কৰক- ↑ Christopher O. Blum, "A Poet of the Passion of Christ", Crisis Magazine, 2 April 2012.
- ↑ Christopher O. Blum, "A Poet of the Passion of Christ", Crisis Magazine, 2 April 2012.
- ↑ Peter Dronke, The Medieval Lyric, Hutchinson University Library, 1968, pp.151-4
- ↑ William Baer (2005), Sonnets: 150 Contemporary Sonnets, University of Evansville Press, pp. 153-154.
- ↑ "Hassanaly Ladha's profile at University of Connecticut". 22 January 2016. https://languages.uconn.edu/person/hassanaly-ladha/.
- ↑ Ladha, Hassanaly, "From Bayt to Stanza: Arabic Khayāl and the Advent of Italian Vernacular Poetry": Exemplaria: Vol 32, No 1 (tandfonline.com), p. 17. Retrieved 7 July 2021
- ↑ Ladha, Hassanaly (2 January 2020). "Ladha, p. 26, n.80.". Exemplaria খণ্ড 32 (1): 1–31. doi:10.1080/10412573.2020.1743523. https://www.tandfonline.com/doi/full/10.1080/10412573.2020.1743523.
- ↑ Kleinhenz, Christopher (2003). Medieval Italy: an encyclopedia, Volume 2, Christopher Kleinhenz. ISBN 9780415939317. https://books.google.com/books?id=spKxJeHJgTAC&pg=PA1053.
- ↑ " Of the months", translated by Dante Gabriel Rossetti,
- ↑ "Rossetti Archive". http://www.rossettiarchive.org/docs/1-1874.rad.html#p369.
- ↑ La Vita Nuova (The New Life), A. S. Kline, Poetry in Translation 2000-02
- ↑ "Petrarch: The Canzonieri", A. S. Kline, Poetry in Translation 2002
- ↑ "Critical History of the Sonnet", Dublin Review 79 (1876), p. 409
- ↑ Bertoni, 119.
- ↑ "Pere Torroella". http://www.biografiasyvidas.com/biografia/t/torroella.htm.
- ↑ Taylor, Barry; Coroleu, Alejandro (11 May 2010). Barry Taylor, Alejandro Coroleu, Humanism and Christian Letters in Early Modern Iberia (1480-1630). ISBN 9781443822442. https://books.google.com/books?id=HlYaBwAAQBAJ&dq=pere+seraf%C3%AD+poet&pg=PA160.
- ↑ The Spanish Golden Age Sonnet, ed. John Rutherford, University of Wales Press, 2016
- ↑ Juan Boscán, Epístola a la duquesa de Soma, Barcelona University, 1996, pp. 7-8
- ↑ Rutherford ed. 2016
- ↑ https://web.archive.org/web/20170303003210/http://www.jessore.info/index.php?option=content&value=232
- ↑ শৰ্মা৷ ড° হেমন্ত কুমাৰ (২০০৫). অসমীয়া সাহিত্যত দৃষ্টিপাত. বীণা লাইব্ৰেৰী. পৃষ্ঠা. ২৩৮.
- ↑ "হেমকোষ আৰু ছনেটৰ উপৰিও আছে হেমচন্দ্ৰ গোস্বামীৰ আন বহু পৰিচয়". https://www.asomiyapratidin.in/assam/special-writing-on-hemchandra-goswami-by-tushar-pratim। আহৰণ কৰা হৈছে: 4 August 2023.
- ↑ "মালচ". https://as.wikisource.org/wiki/%E0%A6%AE%E0%A6%BE%E0%A6%B2%E0%A6%9A। আহৰণ কৰা হৈছে: 4 August 2023.
- ↑ "অসমীয়া ভাষাত প্ৰথম ছনেটৰ স্ৰষ্টা". https://newsasn.com/node/14889। আহৰণ কৰা হৈছে: 4 August 2023.
- ↑ নেওগ, ড° মহেশ্বৰ (১৯৮৬). অসমীয়া সাহিত্যৰ ৰূপৰেখা. চন্দ্ৰ প্ৰকাশ. পৃষ্ঠা. ২৬১.
- ↑ 26.0 26.1 বৰা, মহেন্দ্ৰ (১৯৯০). সাহিত্য উপক্ৰমণিকা. ষ্টুডেণ্টচ্ ষ্টোৰচ্. পৃষ্ঠা. ৬৯.