চন্দ্ৰকান্ত সন্দিকৈ ভৱন
চন্দ্ৰকান্ত সন্দিকৈ ভৱন (ইংৰাজী: Chandrakanta Handique Bhavan) হৈছে অসম সাহিত্য সভাৰ মুখ্য কাৰ্যালয়।[1] এই ভৱনটো যোৰহাট জিলাত অৱস্থিত। অসমৰ বিভিন্ন জনগোষ্ঠীৰ ভাষাসমূহৰ উন্নতিৰ কাম-কাজৰ লগত এই ভৱনটো জড়িত হৈ আছে। ১৯২৬ চনত ৰাধাকান্ত সন্দিকৈয়ে তেওঁৰ পুত্ৰ চন্দ্ৰকান্ত সন্দিকৈৰ স্মৃতিত এই ভৱনটো দান বৰঙণি হিচাপে আগবঢ়াইছিল।[1]
চন্দ্ৰকান্ত সন্দিকৈ ভৱন Chandrakanta Handique Bhavan | |
---|---|
সাধাৰণ তথ্য | |
প্ৰকাৰ | ভৱন |
অৱস্থিতি | যোৰহাট, অসম |
পুনৰ নিৰ্মাণ
সম্পাদনা কৰকপুৰণি ভৱনটোৰ কিছু অংশ ক্ষতি হোৱাত ইয়াক পুনৰ নিৰ্মাণ কৰা হয়। অসম চৰকাৰে এই ভৱনটোৰ পুনৰ নিৰ্মাণ কৰাৰ দায়িত্ব লৈছিল। পূৰ্বৰ ভৱনটোৰ স্থানতে নতুন ভৱনটোৰ নিৰ্মাণ কৰা হয়।[1][2]
উদ্বোধন
সম্পাদনা কৰক২০১১ চনৰ ১১ জানুৱাৰীত অসমৰ মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে উদ্বোধন কৰে।[2] লগতে অসম চৰকাৰে এই ভৱনটোক চন্দ্ৰকান্ত সন্দিকৈ ঐতিহ্য ভৱন বুলি নামাকৰণ কৰে।[2] তৰুণ গগৈয়ে লগতে কয় যে, ৰাধাকান্ত সন্দিকৈয়ে সেই সময়তে অসমীয়া সংস্কৃতি আৰু সাহিত্যৰ প্ৰয়োজনীয়তাৰ কথা বুজিছিল। সেয়েহে, ১৯২৬ চনতে ৰাধাকান্ত সন্দিকৈয়ে অসম সাহিত্য সভাক এই ভৱনটো দান দিছিল।[2]
লগতে চাওক
সম্পাদনা কৰকতথ্য সংগ্ৰহ
সম্পাদনা কৰক- ↑ 1.0 1.1 1.2 "Buildings and Monuments in Jorhat". Pan India Internet Private Limited. http://www.jorhatonline.in/About/Tourism/Buildings-and-Monuments.html। আহৰণ কৰা হৈছে: January 09, 2013.[সংযোগবিহীন উৎস]
- ↑ 2.0 2.1 2.2 2.3 "Chandrakanta Handique Bhavan inaugurated". assam tribune. January 12, 2011. Archived from the original on March 4, 2016. https://web.archive.org/web/20160304124514/http://www.assamtribune.com/scripts/detailsnew.asp?id=jan1211%2Fstate06। আহৰণ কৰা হৈছে: January 09, 2013.