চন্দশেখৰ আজাদ(ইংৰাজী: Chandra shekhar Azad) এজন ভাৰতীয় স্বাধীনতা যুঁজাৰু তথা বিপ্লৱী আছিল। তেওঁ ৰাম প্ৰসাদ বিছমিলে প্ৰতিষ্ঠা কৰা হিন্দুস্তান ৰিপাব্লিকান এছ'চিয়েচন (এইচ আৰ এ) সংগঠনটো ৰাম প্ৰসাদ বিছমিলে আৰু আন তিনিজন বিশিষ্ট দলৰ নেতা ৰোশন সিং, ৰাজেন্দ্ৰ নাথ লাহিড়ী আৰু আশফাকুল্লা খানৰ মৃত্যুৰ পিছত হিন্দুস্তান ছ'চিয়েলিষ্ট ৰিপাব্লিকান এছ'চিয়েচন (এইচএছআৰএ) নামেৰে পুনৰাই গঢ়ি তুলিছিল। তেওঁৰ পিতৃ-মাতৃৰ নাম আছিল ক্ৰমে সীতাৰাম তিৱাৰী আৰু জাগৰণী দেৱী। হিন্দুস্তান ছচিয়েলিষ্ট ৰিপাব্লিকান পাৰ্টিৰ মুখ্য সেনাধ্যক্ষ হিচাপে জাৰী কৰা পত্ৰিকাত স্বাক্ষৰ কৰোঁতে তেওঁ প্ৰায়ে "বলৰাজ" ছদ্মনাম ব্যৱহাৰ কৰিছিল।[2]

চন্দ্ৰশেখৰ আজাদ

১৯২৬ চনত চন্দ্ৰশেখৰ আজাদ
জন্ম চন্দ্ৰশেখৰ সীতাৰাম তিয়াৰী
২৩ জুলাই, ১৯০৬
ভাৱৰা, আলিৰাজপুৰ ৰাজ্য, বৃটিছ ভাৰত[1]
মৃত্যু ২৭ ফেব্ৰুৱাৰী, ১৯৩১ (২৪ বছৰ)
এলাহাবাদ, সংযুক্ত প্ৰদেশ, বৃটিছ ভাৰত
মৃত্যুৰ কাৰণ বন্দুকৰ গুলীৰদ্বাৰা আত্মহত্যা
অন্য নাম *আজাদ
পেচা বিপ্লৱী
সংস্থা হিন্দুঃস্থান ছচিয়েলিষ্ট ৰিপাব্লিকান এছছিয়েছন
ৰাজনৈতিক আন্দোলন ভাৰতীয় স্বাধীনতা আন্দোলন

প্ৰাৰম্ভিক জীৱন

সম্পাদনা কৰক

চন্দ্ৰ শেখৰ আজাদৰ জন্ম হৈছিল ১৯০৬ চনৰ ২৩ জুলাইত আলিৰাজপুৰৰ ৰাজকীয় ৰাজ্যত ভভ্ৰা গাঁৱত এটা ব্ৰাহ্মণ পৰিয়ালত। জন্ম গত নাম আছিল চন্দ্ৰ শেখৰ সীতাৰাম তিৱাৰী। তেওঁৰ পূৰ্বপুৰুষসকল উত্তৰ প্ৰদেশৰ উন্নাও জিলাৰ বাদাৰকা গাঁৱৰ আছিল। তেওঁৰ মাক জাগৰণী দেৱী সীতাৰাম তিৱাৰীৰ তৃতীয় পত্নী আছিল, কিয়নো আগৰ দুগৰাকী পত্নী সৰুতে মৃত্যু হৈছিল। বাদাৰকাত তেওঁলোকৰ প্ৰথম পুত্ৰ সুখদেৱৰ জন্মৰ পিছত, পৰিয়ালটো আলিৰাজপুৰ ৰাজ্যলৈ স্থানান্তৰিত হয়।[3][4] তেওঁৰ মাতৃয়ে তেওঁৰ পুত্ৰক এজন মহান সংস্কৃত পণ্ডিত হোৱাটো বিচাৰিছিল আৰু চন্দ্ৰ শেখৰৰ দেউতাকক পুত্ৰক বেনাৰসৰ কাশী বিদ্যাপীঠলৈ পঢ়িবলৈ পঠিয়াবলৈ প্ৰেৰিত কৰিছিল। ১৯২১ চনত, যেতিয়া অসহযোগ আন্দোলন পূৰ্ণগতিত চলিছিল ১৫ বছৰীয়া ছাত্ৰ চন্দ্ৰশেখৰে আন্দোলনত যোগদান কৰি 20 ডিচেম্বৰত গ্ৰেপ্তাৰ হ'বলগীয়া হৈছিল। এসপ্তাহৰ পিছত পাৰ্চী জিলা দণ্ডাধীশ ন্যায়াধীশ এম পি খাৰেঘাটৰ সন্মুখত উপস্থাপন কৰাৰ পিছত, তেওঁ তেওঁৰ নাম 'আজাদ' (মুক্ত), তেওঁৰ দেউতাকৰ নাম 'স্বতন্ত্ৰতা' (স্বাধীনতা) আৰু তেওঁৰ বাসগৃহক 'কাৰাগাৰ' হিচাপে নাম দিছিল। ক্ৰোধিত মেজিষ্ট্ৰেটে আজাদক ১৫টা চাবুকৰ কোব দিছিল।[5]

বিপ্লৱী জীৱন

সম্পাদনা কৰক

১৯২২ চনত মহাত্মা গান্ধীৰ দ্বাৰা অসহযোগ আন্দোলন স্থগিত ৰখাৰ পিছত, চন্দ্ৰশেখৰ আজাদ হতাশ হৈ পৰে। সেই সময়তে তেওঁ মন্মথ নাথ গুপ্তা নামৰ এজন যুৱ বিপ্লৱীক লগ পাইছিল। এই মন্মথ নাথে তেওঁক হিন্দুস্তান ৰিপাব্লিকান এছ'চিয়েচন (এইচ আৰ এ) নামৰ এক বিপ্লৱী সংগঠনৰ গুৰি ধৰোঁতা ৰাম প্ৰসাদ বিছমিলৰ সৈতে পৰিচয় কৰাই দিছিল। তাৰ পিছত তেওঁ (এইচ আৰ এ)ৰ এজন সক্ৰিয় সদস্য হৈছিল আৰু এইচ আৰ এৰ বাবে পুঁজি সংগ্ৰহ কৰিবলৈ আৰম্ভ কৰিছিল। বেছিভাগ পুঁজি সংগ্ৰহ চৰকাৰী সম্পত্তিৰ ডকাইতিৰ জৰিয়তে সংগ্ৰহ কৰা হৈছিল। তেওঁ ১৯২৫ চনৰ কাকৰী ট্ৰেইন ডকাইতি, ১৯২৮ চনত লাহোৰতজন পি চণ্ডাৰ্ছৰ গুলীচালনা, লালা লাজপত ৰায়ৰ হত্যাৰ প্ৰতিশোধ ল'বলৈ জড়িত আছিল, আৰু অৱশেষত, ১৯২৯ চনত সেই সময়ৰ ভাৰতৰ ভাইচৰয়ে ভ্ৰমণ কৰি থকা অৱস্থাত ৰেলখন উৰুৱাই দিয়াৰ প্ৰচেষ্টাত জড়িত আছিল। আজাদে তেওঁৰ কমৰেড শিৱ বাৰ্মাৰ পৰা কমিউনিষ্ট পাৰ্টিৰ কাৰ্ল মাৰ্ক্সৰ ইস্তাহাৰ পঢ়িবলৈ পাইছিল। যেতিয়া আজাদ বিপ্লৱী দলৰ সেনাধ্যক্ষ আছিল, তেতিয়া তেওঁ প্ৰায়ে তেওঁৰ কেডাৰসকলক সমাজবাদ শিকোৱাৰ বাবে লেখক সত্যভক্তৰ পৰা 'এবিচি অফ কমিউনিজম' নামৰ এখন কিতাপ ধাৰলৈ লৈছিল। কংগ্ৰেছৰ সদস্য হোৱা স্বত্বেও মতিলাল নেহৰুৱে নিয়মীয়াকৈ আজাদৰ সমৰ্থনত ধন দিছিল।[6]

ঝান্সিৰ কাৰ্যকলাপ

সম্পাদনা কৰক

আজাদে ঝান্সি ঠাইখনত কিছু সময়ৰ বাবে তেওঁৰ সংগঠনৰ কেন্দ্ৰ গঢ়ি তুলিছিল। তেওঁ ঝান্সিৰ পৰা ১৫ কিলোমিটাৰ (৯.৩ মাইল) দূৰত্বত অৱস্থিত অৰ্চ্ছাৰ অৰণ্যক শ্বুটিং অনুশীলনৰ স্থান হিচাপে ব্যৱহাৰ কৰিছিল আৰু এজন বিশেষজ্ঞ মাৰ্কছমেন হোৱাৰ বাবে। লগতে তেওঁৰ গোটৰ আন সদস্যসকলক প্ৰশিক্ষণ দিছিল। তেওঁ চতাৰ নদীৰ পাৰত এটা হনুমান মন্দিৰৰ ওচৰত এটা কুটিৰ নিৰ্মাণ কৰি আৰু তাত পণ্ডিত হৰিশংকৰ ব্ৰহ্মচাৰী ছদ্মনাম লৈ দীৰ্ঘসময় ধৰি বাস কৰিছিল। তেওঁ ওচৰৰ ধিমাৰপুৰা গাঁৱৰ শিশুসকলক শিকাইছিল আৰু এনেদৰে স্থানীয় বাসিন্দাসকলৰ সৈতে ভাল সম্পৰ্ক ৰক্ষা কৰি চলিছিল। ঝান্সিত বাস কৰাৰ সময়ত, তেওঁ সদৰ বজাৰৰ বুন্দেলখণ্ড মটৰ গেৰেজত গাড়ী চলাবলৈও শিকিছিল। সদাশিৱৰাও মালকাপুৰকাৰ, বিশ্বনাথ বৈশম্পায়ান আৰু ভগৱান দাস মহৌৰ তেওঁৰ সৈতে ঘনিষ্ঠ সম্পৰ্কলৈ আহিছিল আৰু তেওঁৰ বিপ্লৱী গোটৰ এক অবিচ্ছেদ্য অংশ হৈ পৰিছিল। তদানীন্তন কংগ্ৰেছ নেতা ৰঘুনাথ বিনায়ক ধুলেকাৰ আৰু সীতাৰাম ভাস্কৰ ভাগৱতো আজাদৰ ঘনিষ্ঠ সহযোগী আছিল। তেওঁ কিছু সময় নাইবস্তিৰ ৰুদ্ৰ নাৰায়ণ সিঙৰ ঘৰৰ লগতে নাগ্ৰাত ভাগৱতৰ ঘৰত আছিল।

ভগৎ সিঙৰ সৈতে

সম্পাদনা কৰক

১৯২৩ চনত ৰাম প্ৰসাদ বিছমিল, যোগেশ চন্দ্ৰ চেটাৰ্জী, শচীন্দ্ৰ নাথ সান্যাল আৰু শচীন্দ্ৰ নাথ বক্সীয়ে হিন্দুস্তান ৰিপাব্লিকান এছ'চিয়েন (এইচ আৰ এ) গঠন কৰিছিল। ১৯২৫ চনত কাকৰী ৰেল ডকাইতিৰ পিছত ব্ৰিটিছে বিপ্লৱী কাৰ্যকলাপ দমন কৰে। ৰাম প্ৰসাদ, আশফাকুল্লা খান, ঠাকুৰ ৰোশন সিং আৰু ৰাজেন্দ্ৰ নাথ লাহিড়ীক তেওঁলোকে কৰা কামৰ বাবে বৃটিছে মৃত্যুদণ্ড দিছিল। আজাদ, কেশব চক্ৰৱৰ্তী আৰু মুৰাৰী লাল গুপ্তাই পলাই ফুৰিছিল আৰু বৃটিছৰ হাতত বন্দী হোৱাৰ পৰা নিজকে ৰক্ষা কৰিবলৈ সক্ষম হৈছিল। ১৯২৮ চনত ভগত সিং আৰু অন্যান্য বিপ্লৱীসকলৰ সৈতে তেওঁ গোপনে হিন্দুস্তান ৰিপাব্লিকান এছ'চিয়েচন (এইচআৰএ) পুনৰ সংগঠিত কৰে, ৮-৯ ছেপ্টেম্বৰত ইয়াক হিন্দুস্তান ছ'চিয়েলিষ্ট ৰিপাব্লিকান এছ'চিয়েচন (এইচএছআৰএ) হিচাপে পুনৰ নামকৰণ কৰে।[7]তাৰ পিছত আজাদে লালা ৰাজপত ৰায়ৰ মৃত্যুৰ প্ৰতিশোধ ল'বলৈ শিৱৰাম ৰাজগুৰু, সুখদেৱ থাপাৰ আৰু ভগত সিঙৰ দৰে বিপ্লৱীসকলৰ সৈতে মিলি আৰক্ষী অধীক্ষক জেমছ এ স্কটক হত্যা কৰাৰ ষড়যন্ত্ৰ কৰিছিল। অৱশ্যে, ভুল ক্ৰমে এই ক্ষেত্ৰত, ষড়যন্ত্ৰকাৰী বিপ্লৱীসকলে পি চণ্ডাৰ্ছ নামৰ এজন সহকাৰী আৰক্ষী অধীক্ষকক গুলীয়াই হত্যা কৰে, আজাদে এজন ভাৰতীয় আৰক্ষীৰ হেড কনিষ্টবল চান্নন সিঙক গুলীয়াই হত্যা কৰে।[8]

১৯৩১ চনৰ ২৭ ফেব্ৰুৱাৰীত এলাহাবাদৰ আৰক্ষীৰ চিআইডি মুৰব্বী জে আৰ এইচ নট-বাৱাৰক কোনোবাই খবৰ দিছিল যে আজাদ আলফ্ৰেড পাৰ্কত আছে আৰু তেওঁৰ সঙ্গী আৰু সহায়ক সুখদেৱ ৰাজৰ সৈতে কথা পাতি আছে। এইটো পোৱাৰ পিছত, বাৱাৰে এলাহাবাদ আৰক্ষীক তেওঁক গ্ৰেপ্তাৰ কৰিবলৈ উদ্যানলৈ যাবলৈ আহ্বান জনাইছিল। আৰক্ষী উদ্যানখনত উপস্থিত হৈছিল আৰু চাৰিওফালৰ পৰা ইয়াক ঘেৰি ধৰিছিল। ডিএছপি ঠাকুৰ বিশ্বেশ্বৰ সিঙৰ সৈতে কিছুমান কনিষ্টবল ৰাইফলৰে সজ্জিত হৈ উদ্যানখনত প্ৰৱেশ কৰিছিল আৰু গুলীবৰ্ষণ আৰম্ভ হৈছিল। আজাদে তিনিজন আৰক্ষীক হত্যা কৰিছিল কিন্তু নিজকে ৰক্ষা কৰা আৰু তেওঁৰ সহকৰ্মী ৰাজক সহায় কৰাৰ প্ৰক্ৰিয়াত বেয়াকৈ আঘাতপ্ৰাপ্ত হৈছিল। আজাদে তেওঁক স্বাধীনতা সংগ্ৰাম অব্যাহত ৰাখিবলৈ বাহিৰলৈ যাবলৈ কৈছিল আৰু ৰাজক উদ্যানৰ পৰা সুৰক্ষিতভাৱে পলাই যাবলৈ আৱৰণ জুই দিছিল। আজাদে নিজকে বচাবলৈ গছৰ পিছফালে লুকাই আছিল আৰু তাৰ পিছফালৰ পৰা গুলী বৰ্ষণ কৰিবলৈ আৰম্ভ কৰিছিল। পুলিচে প্ৰত্যুত্তৰত গুলী বৰ্ষণ কৰিলে। দীঘলীয়া গুলীবৰ্ষণৰ পিছত,আজাদে তেওঁৰ বন্দুকৰ শেষ গুলীৰে নিজৰ মূৰত গুলী মাৰিছিল আৰু বৃটিছৰ হাতত নিজকে ধৰা নিদিলে। গুলীয়াগুলীত, বাৱাৰ আৰু ডিএছপি সিঙ ক্ৰমান্বয়ে সোঁ হাত আৰু থুতৰি আঘাতপ্ৰাপ্ত হৈছিল। আন বিষয়াসকল ঘটনাস্থলীত উপস্থিত হোৱাৰ পিছত আৰক্ষীয়ে আজাদৰ মৃতদেহ উদ্ধাৰ কৰিছিল। তেওঁলোকে আজাদক মৃত অৱস্থাত পোৱাৰ পিছত তেওঁৰ ওচৰলৈ আহিবলৈ সংকোচ বোধ কৰিছিল।

সাধাৰণ ৰাইজক অৱগত নকৰাকৈ মৃতদেহটো অন্ত্যেষ্টিক্ৰিয়াৰ বাবে ৰচুলাবাদ ঘাটলৈ প্ৰেৰণ কৰা হৈছিল। পোহৰলৈ অহাৰ লগে লগে মানুহে ঘটনাটো সংঘটিত হোৱা উদ্যানখন ঘেৰি ধৰিছিল। তেওঁলোকে ব্ৰিটিছ চৰকাৰৰ বিৰুদ্ধে শ্ল'গান দিছিল আৰু আজাদৰ প্ৰশংসা কৰিছিল।[9]

বাহ্যিক সংযোগ

সম্পাদনা কৰক

তথ্যৰ উৎস

সম্পাদনা কৰক
  1. "REVEALING THE TRUTH BEHIND THE REAL BIRTH PLACE AND DATE OF AZAD! – A Soul Window". 28 January 2017. https://asoulwindow.com/revealing-the-truth-behind-the-real-birth-place-and-date-of-azad/. 
  2. https://www.thequint.com/voices/opinion/mahatma-gandhi-tried-his-best-to-save-bhagat-singhs-life
  3. https://books.google.com/books?id=4BAxAQAAMAAJ
  4. https://books.google.com/books?id=F_BtAAAAMAAJ
  5. https://books.google.com/books?id=sudu7qABntcC
  6. https://www.jstor.org/stable/3517065
  7. https://www.jstor.org/stable/3517680
  8. https://www.worldcat.org/oclc/46929363
  9. Khatri, Ram Krishna (1983). Shaheedon Ki Chhaya Mein. Nagpur: Vishwabharati Prakashan. pp. 138–139.