অসহযোগ আন্দোলন হৈছে ১৯২০ চনৰ ৫ ছেপ্টেম্বৰত মহাত্মা গান্ধীয়ে স্বায়ত্বশাসন আৰু সম্পূৰ্ণ স্বাধীনতাৰ লক্ষ্যৰে আৰম্ভ কৰা এক আন্দোলন। ২১ মাৰ্চ ১৯১৯ চনৰ ৰাৱলাট আইন, আৰু ১৩ এপ্ৰিল ১৯১৯ৰ জালিয়ানৱালা বাগ গণহত্যাৰ পিছত ভাৰতীয় জাতীয় কংগ্ৰেছে (INC) বৃট্ৰিছ চৰকাৰৰ পূণৰ গঠনৰ বাবে থকা সমৰ্থন প্ৰত্যাহাৰ কৰাৰ পৰিপেক্ষিততে এই আন্দোলনৰ সূচনা হৈছিল।[1][2]

১৯১৯ চনৰ মাৰ্চৰ ৰাৱলাট আইনখন, যিয়ে দেশদ্ৰোহীতাৰ বিচাৰত পদকীয়াসকলৰ অধিকাৰ খৰ্ব কৰিছিল,[1] ভাৰতীয়সকলৰ বাবে "ৰাজনৈতিক জাগৰণ" আৰু বৃট্ৰিছসকলৰ বাবে "বিপদ" হিচাপে দেখা গৈছিল।[3] যদিও ইয়াক কেতিয়াও কাৰ্যকৰী কৰা হোৱা নাছিল আৰু কেইবছৰমান পিছত বাতিল বুলি ঘোষণা কৰা হৈছিল।[3] এই আইনখনে গান্ধীৰ মনত সত্যাগ্ৰহৰ (সত্য) ধাৰণাৰ প্ৰতি অনুপ্ৰেৰিত কৰিছিল। এই ধাৰণাটো জৱাহৰলাল নেহৰুৱে পৰবৰ্তী সময়ত কৰ্মক্ষেত্ৰত প্ৰয়োগ কৰিছিল, যাৰ বাবে এই হত্যাকাণ্ডই "স্বাধীনতাৰৰ বাদে একো গ্ৰহণযোগ্য নহয়"ৰ ধাৰণা দৃঢ় কৰি তুলিছিল।[1]

গান্ধীৰ অসহযোগ আন্দোলনৰ পৰিকল্পনাৰ ভিতৰত আছিল সকলো ভাৰতীয়ক ব্ৰিটিছ উদ্যোগ আৰু শিক্ষা প্ৰতিষ্ঠানকে ধৰি "ব্ৰিটিছ চৰকাৰ আৰু ভাৰতৰ অৰ্থনীতি বৰ্তাই ৰখা" যিকোনো কাৰ্যকলাপৰ পৰা তেওঁলোকৰ শ্ৰম প্ৰত্যাহাৰ কৰিবলৈ অনুৰোধ কৰা।[4] খাদী যতৰ ঘুৰাই, কেৱল ভাৰতীয় নিৰ্মিত সামগ্ৰী ক্ৰয় কৰি আৰু ইংৰাজী কাপোৰ বৰ্জন কৰি "আত্মনিৰ্ভৰশীলতা" প্ৰচাৰ কৰাৰ উপৰিও, তুৰ্কীত খিলাফৎ পুনৰুদ্ধাৰ আৰু অস্পৃচ্ছতাৰ সমাপ্তিৰ পক্ষেও গান্ধীৰ অসহযোগ আন্দোলনে মাত মাতিছিল। ফলস্বৰূপে ৰাজহুৱাভাৱে সভা আৰু অনশন (হৰতাল) অনুষ্ঠিত হৈছিল যাৰ ফলত ১৯২১ চনৰ ৬ ডিচেম্বৰত জৱাহৰলাল নেহৰু আৰু তেওঁৰ পিতৃ মতিলাল নেহৰু দুয়োকে প্ৰথম আটক কৰা হৈছিল।[5]

ই ব্ৰিটিছ শাসনৰ পৰা ভাৰতৰ স্বাধীনতাৰ বাবে কৰা এক আন্দোলন আছিল আৰু নেহৰুৱে তেওঁৰ আত্মজীৱনীত বৰ্ণনা কৰাৰ দৰে, ২০২২ চনৰ ফেব্ৰুৱাৰীত চৌৰী চোৰা ঘটনাৰ পিছত "হঠাৎ" সমাপ্ত হৈছিল।[6] ইয়াৰ পৰৱৰ্তী স্বাধীনতা আন্দোলনসমূহ আছিল আইন অমান্য আন্দোলন আৰু ভাৰত ত্যাগ আন্দোলন

হিংসাৰ অবিহনে বা অহিংস নীতিৰে, আন্দোলনকাৰীসকলে ব্ৰিটিছ সামগ্ৰী কিনিবলৈ অস্বীকাৰ কৰিচিল, স্থানীয় হস্তশিল্পৰ ব্যৱহাৰ কৰিছিল আৰু সুৰাৰ দোকানসমূহ বন্ধ কৰি দিছিল।[7] অহিংস নীতি আৰু অহিংসাৰ ধাৰণা, আৰু গান্ধীৰ ভাৰতীয় স্বাধীনতাৰ বাবে সহস্ৰাধিক সাধাৰণ নাগৰিকক সমাৱেশ কৰাৰ সামৰ্থ্যৰ বাবে, প্ৰথমে ১৯২০ চনৰ গ্ৰীষ্মকালত এই আন্দোলন এক বৃহৎ পৰিসৰত দেখা পোৱা গৈছিল। এই আন্দোলন হিংসাত্মক হৈ পৰিব পাৰে বুলি গান্ধীয়ে ভয় কৰিছিল।

তথ্য সংগ্ৰহসম্পাদনা কৰক