চফ
চফ (বৈজ্ঞানিক নাম: Foeniculum vulgare) হৈছে গাজৰ পৰিয়ালৰ এবিধ সপুষ্পক উদ্ভিদৰ প্ৰজাতি।[2] ই হালধীয়া ফুল আৰু পাতল পাতৰ সৈতে এক কঠিন, বহুবৰ্ষী গুল্মজাতীয় উদ্ভিদ। ই ভূমধ্যসাগৰীয় অঞ্চলৰ স্থানীয় উদ্ভিদ কিন্তু বৰ্তমান বিশ্বৰ বহু দেশত, বিশেষকৈ সাগৰ-উপকূলৰ ওচৰৰ শুকান মাটি আৰু নদীৰ পাৰত প্ৰাকৃতিকভাৱে পোৱা যায়।
চফ | |
---|---|
![]() | |
ফুলৰ সৈতে চফগুটিৰ গছ | |
![]() | |
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন | |
জগৎ/ৰাজ্য: | Plantae |
(অশ্ৰেণীকৃত): | Tracheophytes |
(অশ্ৰেণীকৃত): | Angiosperms |
(অশ্ৰেণীকৃত): | Eudicots |
(অশ্ৰেণীকৃত): | Asterids |
বৰ্গ: | Apiales |
পৰিয়াল: | Apiaceae |
গণ: | Foeniculum |
প্ৰজাতি: | F. vulgare |
বৈজ্ঞানিক নাম | |
F. vulgare Mill. | |
সমাৰ্থক[1] | |
সমাৰ্থক
|
ই হৈছে ৰন্ধনত ব্যৱহৃত এক অত্যাধিক সুগন্ধি আৰু স্বাদযুক্ত উদ্ভিদ আৰু একে ধৰণৰ সোৱাদযুক্ত এনিছৰ (Anise) সৈতে, এবছিন্থে (Absinthe) নামৰ এবিধ পানীয়ৰ এটা প্ৰাথমিক উপাদান। ইয়াক মছলা আৰু মুখশুদ্ধি হিচাপেও ব্যৱহাৰ কৰা হয়। ই পাঁচ ফোৰণ নামৰ ভাৰতত প্ৰচলিত এবিধ গোটা মছলা মিশ্ৰণৰ এবিধ মুখ্য উপাদান।[3]
তথ্য সংগ্ৰহসম্পাদনা কৰক
- ↑ The Plant List, Foeniculum vulgare Mill.
- ↑ "Classification for Kingdom Plantae Down to Genus Foeniculum Mill.". US Department of Agriculture, Natural Resources Conservation Service. 2015. http://plants.usda.gov/java/ClassificationServlet?source=profile&symbol=FOENI&display=31। আহৰণ কৰা হৈছে: 24 March 2015.
- ↑ "Panch Phoron Seeds Glossary | Recipes with Panch Phoron Seeds". Tarladalal.com. http://www.tarladalal.com/glossary-panch-phoron-seeds-1027i। আহৰণ কৰা হৈছে: 2012-07-13.