চম্বা ৰুমাল (ইংৰাজী: Chamba Rumal) ভাৰতহিমাচল প্ৰদেশত প্ৰচলিত পাৰম্পৰিক এম্ব্ৰইডাৰী কৰা হস্তশিল্প। এই শিল্প এসময়ত চম্বা ৰাজ্যৰ শাসকসকলৰ পৃষ্ঠপোষকতাত প্ৰচাৰ কৰা হৈছিল। উজ্জ্বল ৰঙৰ ব্যৱহাৰৰ সৈতে বিতং আৰ্হিৰ ৰুমালবোৰ হিমাচলত অতি জনপ্ৰিয়। ই সাধাৰণতে বিবাহ আৰু অন্যান্য অনুষ্ঠানৰ সময়ত উপহাৰৰ এক সচৰাচৰ সামগ্ৰী।[1][2][3] এই সামগ্ৰীটো বাণিজ্য সম্পৰ্কীয় বৌদ্ধিক সম্পত্তি অধিকাৰ (ট্ৰিপছ) চুক্তিৰ ভৌগোলিক স্বীকৃতি অধীনত সুৰক্ষাৰ বাবে পঞ্জীয়ন কৰা হৈছে। ২০০৭ চনৰ ২২ জানুৱাৰী তাৰিখে ইয়াক ভাৰত চৰকাৰৰ ভৌগোলিক স্বীকৃতি আইন, ১৯৯৯ৰ অধীনত "চম্বা ৰুমাল" হিচাপে তালিকাভুক্ত কৰা হৈছিল আৰু আবেদন নম্বৰ ৭৯ৰ দ্বাৰা ২৪ শ্ৰেণীৰ অধীনত পেটেণ্ট ডিজাইন আৰু ট্ৰেডমাৰ্কৰ নিয়ন্ত্ৰক জেনেৰেলৰ দ্বাৰা নিশ্চিত কৰা হৈছিল।[4]

চম্বা ৰুমাল
ভৌগোলিক স্বীকৃতি

চম্বা ৰুমাল
বৰ্ণনা হস্তশিল্প
প্ৰকাৰ এম্ব্ৰইডাৰী
অঞ্চল হিমাচল প্ৰদেশ
দেশ ভাৰত
পঞ্জীয়ন মাৰ্চ ২০১০
উপাদান ৰেচম আৰু কপাহ (মচলিন)

ইতিহাস সম্পাদনা কৰক

 
পাৰম্পৰিক ঢাকনি হিচাপে চম্বা ৰুমাল
 
চম্বা ৰুমাল

ষোড়শ শতিকাৰ শিখ ধৰ্মৰ প্ৰতিষ্ঠাপক গুৰু নানকৰ ভগ্নী বেবে নানকীয়ে চম্বা ৰুমাল তৈয়াৰ কৰা নিদৰ্শন পোৱা যায়। ৰী ৰুমাল বৰ্তমান হোচিয়াৰপুৰৰ গুৰুদ্বাৰত সংৰক্ষণ কৰা হৈছে। লণ্ডনৰ ভিক্টোৰিয়া এলবাৰ্ট সংগ্ৰহালয়ত এটা ৰুমাল আছে। ১৮৮৩ চনত ৰাজা গোপাল সিঙে এই ৰুমালখন ব্ৰিটিছসকলক উপহাৰ দিছিল আৰু ইয়াত মহাকাব্য মহাভৰতাৰ কুৰুক্ষেত্ৰ যুদ্ধৰ এক এম্ব্ৰইডাৰী কৰা দৃশ্য আছে।[1] অৱশ্যে ১৭ শতিকাৰ পৰা ৰাজপৰিয়ালৰ সদস্যসহ ৰাজকীয় ৰাজ্য চম্বাৰ (বৰ্তমান হিমাচল প্ৰদেশৰ অংশ) মহিলাসকলে তেওঁলোকৰ ছোৱালীসকলক বিবাহৰ উপহাৰ বা যৌতুকৰ অংশ হিচাপে ৰুমাল বা ৰুমালৰ এম্ব্ৰইডাৰী ব্যৱহাৰ কৰিছিল।[5][2]

ৰুমালবোৰ অতি সূক্ষ্ম কামবোৰ হাতেৰে বৰ্গ আৰু আয়তক্ষেত্ৰৰ জ্যামিতিক আকৃতিত তৈয়াৰ কৰা হয়। মুখ্য উপাদান ৰেছম পঞ্জাবৰ পৰা বা বংগৰ পৰা প্ৰাপ্ত কৰা মছলিন কাপোৰত এম্ব্ৰইডাৰী। মহিলাসকলে চিয়ালকোট, অমৃতসৰ আৰু লুধিয়ানাত উৎপাদিত ৰেছমেৰে নিৰ্মিত ৰঙীন সূতা ব্যৱহাৰ কৰি অত্যন্ত অলংকাৰিক আৰ্হি সৃষ্টি কৰিছিল। ইয়াত ব্যৱহাৰ কৰা এম্ব্ৰইডাৰী কৌশলক স্থানীয়ভাৱে ডোহাৰা টাংকা বা ডাবল চেটিন চিলাই বুলি কোৱা হয়। এই কৌশলত এম্ব্ৰইডাৰী কৰা কাপোৰ কাপোৰৰ দুয়োটা ফালে পৃথক অভিন্ন আৰ্হি সৃষ্টি কৰা হয় আৰু প্ৰায় ১০ ফুট বা ততোধিক দূৰত্বৰ পৰাও চাবলৈ আকৰ্ষণীয় আছিল। ডোহাৰা টাংকা পদ্ধতি হৈছে কাশ্মীৰৰ এক ঐতিহ্য। ইয়াক বাছোহলী আৰু চম্বাত গ্ৰহণ কৰা হৈছিল। চম্বা লঘু চিত্ৰৰ বিশেষ মোগল কলাৰ পৰা বিষয় গ্ৰহণ কৰি উন্নত কৰা হৈছিল। এই কলাশৈলী ১৮ আৰু ১৯ শতিকাৰ সময়ত বিকশিত হৈছিল। মোগল সাম্ৰাজ্যৰ পতনৰ পিছত এই শিল্পৰ বহুতো বিশেষজ্ঞ শিল্পী হিমাচল প্ৰদেশৰ পাহাৰীয়া অঞ্চললৈ প্ৰব্ৰজন কৰিছিল। চম্বাৰ ৰাজা উমেদ সিঙে (১৭৪৮-৬৮) শিল্পীসকলক পৃষ্ঠপোষকতা কৰিছিল। এই শিল্পীসকলে সূক্ষ্ম কাঠকয়লা ব্যৱহাৰ কৰি এম্ব্ৰইডাৰী কৰিব লগা কাপোৰৰ ডিজাইনৰ ৰূপৰেখা আঁকিছিল আৰু মহাকাব্য মহাভাৰতৰ কৃষ্ণৰ ৰাস-লীলাৰ পৌৰাণিক বিষয়, আৰু ৰামায়ণ পৰা থিম বা বিবাহ আৰু খেল চিকাৰৰ দৃশ্যবোৰ এম্ব্ৰইডাৰী কৰা হয়। বিষয়বোৰত গীত গোৱিন্দ, ভাগৱত পুৰাণ বা ৰাধা-কৃষ্ণ আৰু শিৱ-পাৰ্বতীৰ দৃশ্য অন্তৰ্ভুক্ত কৰা হয়। চম্বাৰ ৰং মহলত কৰা চিত্ৰসমূহৰ পৰাও অনুপ্ৰেৰণা লোৱা হৈছিল।[2] ১৯ শতিকাৰ আৰম্ভণিতে মহাৰাজ ৰঞ্জিত সিঙে পঞ্জাব পাহাৰ ৰাজ্যসমূহৰ ওপৰত শাসন কৰাৰ ফলত শিখ শৈলীয়েও চম্বা ৰুমালক প্ৰভাৱিত কৰিছিল।[5]

ভাৰতীয় স্বাধীনতাৰ পিছত এই কলা ৰজাসকলৰ পৃষ্ঠপোষকতা হেৰুৱাইছিল আৰু বহুতো সস্তা প্ৰকাৰ যেনে টেবুল কাপোৰ, কুশন কভাৰ, কাপোৰ, আৰু আনকি বিভিন্ন যন্ত্ৰনিৰ্মিত সামগ্ৰী আন অঞ্চলৰ পৰা সস্তা একে ধৰণৰ কামৰ সৈতে বজাৰত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ তৈয়াৰ কৰি বাণিজ্যিকীকৰণৰ বাবে মানদণ্ডৰ অৱনতি ঘটিছিল।[2]

এই শিল্পকলাক পুনৰুজ্জীৱিত কৰিবলৈ ১৯৭০ দশকৰ পিছৰ ফালে ঊষা ভগতৰ (ইন্দিৰা গান্ধীৰ বন্ধু) উদ্যোগত, ডিচিচিয়ে সংগ্ৰহালয় আৰু সংগ্ৰহৰ পৰা এই কলা কামৰ মূল ডিজাইন বোৰ সংৰক্ষিত কৰিছিল। ইয়াৰ লগতে মহিলা শিল্পীসকলক তেতিয়া এই কলাৰ প্ৰশিক্ষণ দিয়া হৈছিল। ফলস্বৰূপে ১৬টা ডিজাইন পুনৰ সৃষ্টি কৰা হৈছে আৰু মানদণ্ড পুনৰুদ্ধাৰ কৰা হৈছে।[2]

ললিতা ভাকিলে পাঠ্যক্ৰমৰ আয়োজন কৰি এই কলা পুনৰুজ্জীৱিত কৰাত সহায় কৰাৰ বাবে ২০১৮ চনত তেওঁক নাৰী শক্তি পুৰস্কাৰ প্ৰদান কৰা হৈছিল।[6][7]

বৰ্ণনা সম্পাদনা কৰক

"বেজীৰ বিস্ময়" বুলি জনা জাত চম্বা ৰুমাল বৰ্গ আৰু আয়তাকাৰ আকৃতিত তৈয়াৰ কৰা হয়। ব্যৱহাৰ কৰা সামগ্ৰীসমূহ হৈছে মছলিন, মলমল, খদ্দৰ, সূক্ষ্ম কাঠকয়লা বা ব্ৰাছ, আৰু গাঁঠি অবিহনে ৰেচমৰ সূতা। এম্ব্ৰইডাৰীটোৰ বাবে এটা দ্বৈত চেটিন চিলাই ব্যৱহাৰ কৰি, কাপোৰৰ দুয়োটা মুখ একেলগে ৰুমালৰ দুয়োটা মুখত ডিজাইনৰ একৰূপতা বজাই ৰাখিবলৈ আগৰ আৰু পিছপৰা কৌশলৰ দ্বাৰা চিলাই কৰা হয়। এম্ব্ৰইডাৰী সম্পূৰ্ণ কৰাৰ পিছত, কাপোৰটো চাৰিওফালে প্ৰায় ২ৰ পৰা ৪ ইঞ্চিৰ সীমাৰে চিলাই কৰা হয়।[3]

তথ্য উৎস সম্পাদনা কৰক

  1. 1.0 1.1 Chauhan, Pratibha (10 January 2007). "Good tidings for Larji Lake:Pride of Chamba". Tribune India. http://www.tribuneindia.com/2007/20070110/himplus1.htm#2. 
  2. 2.0 2.1 2.2 2.3 2.4 Dasgupta, Reshmi R (5 April 2010). "Unfurling a new life for Chamba rumals". Economic Times. http://economictimes.indiatimes.com/industry/unfurling-a-new-life-for-chamba-rumals/articleshow/5761062.cms. 
  3. 3.0 3.1 Bhāratī 2001, পৃষ্ঠা. 175.
  4. "Geographical Indications Journal No.29" (PDF). Ministry of Commerce and Industry, Government of India. 19 March 2009. http://ipindia.nic.in/girindia/journal/29.pdf। আহৰণ কৰা হৈছে: 7 February 2016. 
  5. 5.0 5.1 Ahluwalia 1998, পৃষ্ঠা. 166.
  6. "Nari Shakti Puraskar citations". March 2019. https://wcd.nic.in/sites/default/files/Nari%20Shakti%20Puraskar%20-%20Citation%20%28Final%20-%2009.03.2019%29-Part%202.pdf। আহৰণ কৰা হৈছে: June 2020. 
  7. "Nari Shakti Puraskar - Gallery". narishaktipuraskar.wcd.gov.in. http://narishaktipuraskar.wcd.gov.in/gallery। আহৰণ কৰা হৈছে: 2020-06-07.