ৰামায়ণ (সংস্কৃত: रामायणम्) হৈছে এখন প্ৰাচীন সংস্কৃত মহাকাব্য। হিন্দু মহৰ্ষি বাল্মীকিয়ে ইয়াৰ ৰচনা কৰা বুলি বিশ্বাস কৰা হয়। ভাৰতৰ আনখন মহাকাব্য মহাভাৰতৰ লগতে ৰামায়ণকো ইতিহাসৰ অংশ হিচাপে গণ্য কৰা হয়।[1] জীৱনৰ সম্বন্ধসমূহৰ বাবে কৰা কৰ্তব্যক কিছুমান আদৰ্শ চৰিত্ৰ যেনে- আদৰ্শ পিতৃ, আদৰ্শ ভ্ৰাতৃ, আদৰ্শ ভৃত্য, আদৰ্শ পত্নী, আদৰ্শ ৰজা আদিৰ মাজেৰে দাঙি ধৰা হৈছে।

হনুমানৰ পিঠিত উঠি ৰামে (সোঁফালে) ৰাৱণৰ লগত যুদ্ধ কৰা দৃশ্য

"ৰামায়ণ" নামটো "ৰাম" আৰু "অয়ন" (যোৱা, গমণ কৰা ) শব্দৰ তৎপুৰুষ সন্ধিৰ পৰা হৈছে যাৰ অৰ্থ হ’ব "ৰামৰ যাত্ৰা"। ৰামায়ণত ২৪,০০০ শ্লোক ৭টা কাণ্ড আৰু ৫০০ সৰ্গত ভগোৱা হৈছে।[2] ইয়াত ৰামৰ জীৱন কাহিনী আৰু তেওঁৰ পত্নী সীতালংকাৰ ৰাক্ষস ৰজা ৰাৱণএ হৰণ কৰাৰ পিছত হোৱা যুদ্ধৰ বৰ্ণনা আছে। বিষয়বস্তুৰ ফালৰ পৰা চাবলৈ গ’লে ই প্ৰকৃততে মানৱৰ অস্তিত্বৰ এক বিশেষ দৃষ্টিকোণ আৰু ধৰ্ম, অধৰ্মৰ বিৱৰণ।[3]

ৰামায়ণৰ শ্লোকসমূহ ৩২টা শব্দাংশৰ অনুস্তুভ নামৰ ঠাঁচত লিখা হৈছে। পিছৰ কালৰ সংস্কৃত সাহিত্য তথা ভাৰতীয় জীৱনধাৰা আৰু সংস্কৃতিত ৰামায়ণৰ প্ৰভাৱ সুস্পষ্ট। মহাভাৰতৰ দৰেই ইয়াৰ কাহিনীও অসাধাৰণ: ইয়াত প্ৰাচীন হিন্দু সাধুসকলৰ বাণী দাৰ্শনিক আৰু ধাৰ্মিক তত্ত্বৰ আলমত বৰ্ণনা কৰা হৈছে। ৰাম, সীতা, লক্ষ্মণ, ভৰত, হনুমান, ৰাৱণ আদি চৰিত্ৰসমূহ ভাৰতীয় সাংস্কৃতিক সচেতনতাৰ ভেঁটিস্বৰূপ।

ভাৰতত ৰামায়ণৰ বৌদ্ধ আৰু জৈন সংস্কৰণো পোৱা যায়। লগতে ইণ্ডোনেচিয়া, ফিলিপাইনচ, থাইলেণ্ড, লাওচ, বাৰ্মা আৰু মালয়েচিয়া দেশতো ইয়াৰ ভিন্ন ৰূপ দেখিবলৈ পোৱা যায়।

তথ্যসূত্ৰ সম্পাদনা কৰক

বহিঃসংযোগ সম্পাদনা কৰক