চাকি, দিয়া, দীপক, দীপ,[1] হৈছে তেলৰ সহায়ত জ্বলোৱা একপ্ৰকাৰৰ মাটি বা ধাতুৰে তৈয়াৰী কম পোহৰৰ উৎস। চাকিৰ ধাৰক অংশত তেল বা ঘিঁউ দি কপাহৰে তৈয়াৰী শলিতাৰ সহায়ত চাকি জ্বলোৱা হয়। ভাৰত তথা ইয়াৰ উপমহাদেশ সমূহত চাকি প্ৰচলিত। হিন্দু, শিখ, বৌদ্ধ আৰু জৈন সকলে ঈশ্বৰ উপাসনাৰ বাবে চাকি জ্বলাই প্ৰাৰ্থনা কৰে। ইয়াৰোপৰি বিভিন্ন ধৰ্মীয় অনুষ্ঠান, শুভ কৰ্মৰ আৰম্ভণি, বিবাহ, জন্মদিন, পোহৰৰ উৎসৱ দীপাৱলী আদিত চাকি জ্বলোৱা হয়।[2]

প্ৰকাৰ সম্পাদনা কৰক

 
তামিলনাডুৰ অলংকৰিক নাচিয়াৰকইল লেম্পৰ শিৰ অংশ।

সামগ্ৰী বাছনিৰ ক্ষেত্ৰত, চাকি বুলি ক'লে মাটিৰ চাকিক নিৰ্দেশ কৰা হয় যদিও একাধিক সামগ্ৰীৰে তৈয়াৰ কৰা চাকি যেনে ধাতৱীয় চাকি, (বেছিভাগ পিতল যাক চামাই বুলি জনা যায়) তথা অন্যান্য সামগ্ৰীৰ ভিতৰত পাতৰ পৰা তৈয়াৰ কৰা পাত্ৰাৱলী ওপঙা চাকি বা শিলেৰে তৈয়াৰ কৰা স্থায়ী চাকি আদিও প্ৰচলিত। চাকিৰ ডিজাইনৰ ক্ষেত্ৰত, এডাল শলীতা জ্বলাব পৰাকৈ প্ৰস্তুত কৰা চাকি সচৰাচৰ ব্যৱহাৰ হয়, ইয়াৰোপৰি দুই বা অধিক দিশৰ পৰা একেটা চাকিতে শলীতা জ্বলাব পৰাকৈ কেইবামুখি চাকিও তৈয়াৰ কৰা হয়। সামগ্ৰিক লেম্প ডিজাইনৰ ক্ষেত্ৰত, শোভাময় চাকিবোৰ বিভিন্ন ডিজাইন থাকে। প্ৰতীকী নাচিয়াৰকইল লেম্প (যাক "অন্নম লেম্প" বুলিও জনা যায়) তামিলনাডুৰ নাচিয়াৰ কইলৰ পাথৰ (কামমালাৰ) সম্প্ৰদায়ৰ দ্বাৰা প্ৰস্তুত কৰা হয়।[3][4]

তথ্যসূত্ৰ সম্পাদনা কৰক

  1. Sacred Places of a Lifetime. প্ৰকাশক Washington DC: National Geographic Society. 2008. পৃষ্ঠা. 270. ISBN 978-1-4262-0336-7. 
  2. "Diwali: Significance of a Diya". Zee Media Corporation Ltd. http://zeenews.india.com/exclusive/diwali-significance-of-a-diya_5820.html। আহৰণ কৰা হৈছে: July 19, 2013. 
  3. PM Narendra Modi gifts Xi Jinping Annam lamp, Times of India, 11 october 2019.
  4. Makarand Shantaram Karandikar - Collected 1000+ Diya Set a World Record, World Records India, 09 november 2020.