চাৰ্ভিকেল কেন্সাৰ (ইংৰাজী: cervical cancer) হৈছে চাৰ্ভিক্সত উৎপন্ন হোৱা এবিধ কেন্সাৰ বা কৰ্কট ৰোগ[1] ইয়াৰ কাৰণ হৈছে কোষৰ অস্বাভাৱিক বৃদ্ধি যি শৰীৰৰ আন অংশলৈ বিয়পি যাব পাৰে আৰু আক্ৰমণ কৰিব পাৰে।[10] প্ৰথমাৱস্থাত কোনোধৰণৰ লক্ষণ পৰিলক্ষিত নহয়[1] যদিও পাছলৈ অস্বাভাৱিক যোনিয় ৰক্তক্ষৰণ, শ্ৰোণিৰ বিষ বা যৌন সম্ভোগৰ সময়ছোৱাত হোৱা বিষ আদি লক্ষণে দেখা দিয়ে।[1] যদিও যৌন সম্ভোগৰ পাছত হোৱা ৰক্তক্ষৰণ কোনো গুৰুতৰ সমস্যা নহয়, ই কেতিয়াবা চাৰ্ভিকেল কেন্সাৰৰ উপস্থিতিও সূচাব পাৰে।[11]

চাৰ্ভিকেল কেন্সাৰ
চাৰ্ভিকেল কেন্সাৰৰ অৱস্থিতি আৰু স্বাভাৱিক তথা অস্বাভাৱিক কোষৰ এক উদাহৰণ
বিভাগ অনক'লজি
লক্ষণ প্ৰাৰম্ভিক: নাই[1]
পাছলৈ: যোনিয় ৰক্তক্ষৰণ, শ্ৰোণিৰ বিষ, যৌন সম্ভোগৰ সময়ছোৱাত হোৱা বিষ[1]
প্ৰকাৰ স্কুৱামাউছ চেল কাৰ্চিন'মা, এডেন'কাৰ্চিন'মা, অন্যান্য[2]
কাৰণ হিউমেন পেপিল'মাভাইৰাছ সংক্ৰমণ (HPV)[3][4]
আশংকাৰ কাৰণ ধপাত সেৱন, দুৰ্বল ৰোগ প্ৰতিৰোধ তন্ত্ৰ, জন্ম নিৰোধক বড়ি, কম বয়সতে যৌন সম্ভোগত লিপ্ত হোৱা, একাধিক যৌন সংগী[1][2][5]
ৰোগ নিৰূপণ চাৰ্ভিকেল স্ক্ৰিণিং, বায়'প্সি[1]
প্ৰতিৰোধ নিয়মীয়া চাৰ্ভিকেল স্ক্ৰিণিং, HPV টীকা, যৌন সম্ভোগত কণ্ডমৰ ব্যৱহাৰ,[6][7] যৌন সম্ভোগৰ পৰা বিৰত থকা
চিকিৎসা শল্য চিকিৎসা, কেম'থেৰাপি, ৰেডিঅ'থেৰাপি, ইমিউন'থেৰাপি[1]
আৰোগ্য সম্ভাৱনা পাঁচ বছৰলৈ জীয়াই থকাৰ হাৰ:
৬৮% (আমেৰিকা যুক্তৰাষ্ট্ৰ)
৪৬% (ভাৰত)[8]
পুনৰাবৃত্তি ৬,০৪,১২৭ নতুনকৈ আক্ৰান্ত (২০২০)[9]
মৃত্যু ৩,৪১,৮৩১ (২০২০)[9]

চাৰ্ভিকেল কেন্সাৰত আক্ৰান্ত ৯০ শতাংশতকৈও অধিক লোক হিউমেন পেপিল'মাভাইৰাছৰ দ্বাৰা সংক্ৰমিত।[3][4] অৱশ্যে হিউমেন পেপিল'মাভাইৰাছৰ দ্বাৰা সংক্ৰমিত হ'লেও বেছিভাগ লোকৰ ক্ষেত্ৰত চাৰ্ভিকেল কেন্সাৰ বিকশিত নহয়।[12][13] অন্যান্য বিপদাশংকাৰ কাৰকসমূহ হৈছে ধপাত সেৱন, দুৰ্বল ৰোগ প্ৰতিৰোধ তন্ত্ৰ, জন্ম নিৰোধক বড়ি, কম বয়সতে যৌন সম্ভোগত লিপ্ত হোৱা, একাধিক যৌন সংগী ইত্যাদি।[1][2] আনুবংশিক কাৰকেও চাৰ্ভিকেল কেন্সাৰ বিকাশ হোৱাত অৰিহণা যোগায়।[14] চাৰ্ভিকেল কেন্সাৰৰ প্ৰায় ৯০% হৈছে স্কুৱামাউছ চেল কাৰ্চিন'মা, ১০% এডেন'কাৰ্চিন'মা আৰু অতি কম সংখ্যক অন্যান্য প্ৰকাৰৰ।[2] ৰোগ নিৰ্ণয়ৰ বাবে সাধাৰণতে চাৰ্ভিকেল স্ক্ৰিণিং কৰা হয় আৰু তাৰ পাছত বায়'প্সি।[1] পৰৱৰ্তী সময়ত কেন্সাৰ অন্য অংশলৈ বিয়পিছে নে নাই তাৰ পৰীক্ষা কৰিবলৈ মেডিকেল ইমেজিং কৰা হয়।[1]

HPV টীকাই অতি কমেও HPV টাইপ-১৬ আৰু টাইপ-১৮ ৰ পৰা সুৰক্ষা প্ৰদান কৰে আৰু ৯০% চাৰ্ভিকেল কেন্সাৰ ৰোধত অৰিহণা যোগায়।[7][15][16] যিহেতু টীকা লোৱাৰ পাছতো কৰ্কট ৰোগৰ আশংকা থাকে, নিৰ্দেশনাৱলীমতে নিয়মীয়াকৈ পেপ টেষ্ট কৰি থকাটো অতি প্ৰয়োজনীয়।[7] প্ৰতিৰোধৰ আন পদ্ধতিসমূহৰ ভিতৰত আছে একাধিক যৌন সংগীৰ পৰা বিৰত থকা আৰু যৌন সম্ভোগৰ সময়ত কণ্ডমৰ ব্যৱহাৰ।[6] পেপ টেষ্ট অথবা এচিটিক এচিডৰ সহায়ত কৰা চাৰ্ভিকেল কেন্সাৰ স্ক্ৰিণিঙৰ দ্বাৰা প্ৰিকেন্সাৰাছ পৰিৱৰ্তনসমূহ চিনাক্ত কৰিব পৰা যায় আৰু সঠিক সময়ত ইয়াক চিকিৎসা কৰিলে কৰ্কট ৰোগ বিকাশ হোৱাত বাধা প্ৰদান কৰিব পাৰি।[17] চিকিৎসাৰ ভিতৰত আছে শল্য চিকিৎসা, কেম'থেৰাপি, ৰেডিঅ'থেৰাপি আৰু ইমিউন'থেৰাপি।[1] আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ভাৰতত পাঁচ বছৰলৈ জীয়াই থকাৰ হাৰ ক্ৰমে ৬৮%[18] আৰু ৪৬%। অৱশ্যে ৰোগ চিনাক্তকৰণৰ সময়ৰ ওপৰত ইয়াৰ ফলাফলসমূহ নিৰ্ভৰ কৰে।[2] আগতীয়াকৈ ৰোগ চিনাক্ত কৰিব পাৰিলে জীয়াই থকাৰ হাৰ অলপ বৃদ্ধি হোৱাৰ সম্ভাৱনা থাকে।

অতি সাধাৰণ কৰ্কট ৰোগসমূহৰ ভিতৰত চাৰ্ভিকেল কেন্সাৰে পৃথিৱীৰ ভিতৰত চতুৰ্থ স্থান অধিকাৰ কৰিছে। ইয়াৰোপৰি কৰ্কট ৰোগত মৃত্যু হোৱা মহিলাৰ ক্ষেত্ৰত চাৰ্ভিকেল কেন্সাৰে কৰ্কট ৰোগৰ অতি সাধাৰণ কাৰণসমূহৰ ভিতৰত চতুৰ্থ স্থান অধিকাৰ কৰিছে।[12] ২০১২ চনত প্ৰায় ৫,২৮,০০০ লোক চাৰ্ভিকেল কেন্সাৰত আক্ৰান্ত হৈছিল আৰু প্ৰায় ২,৬৬,০০০ লোক ইয়াৰ বাবে মৃত্যুমুখত পৰিছিল।[12] ই কৰ্কট ৰোগত আক্ৰান্ত লোক আৰু মৃত্যু হোৱা লোকৰ প্ৰায় ৮%।[19] চাৰ্ভিকেল কেন্সাৰৰ প্ৰায় ৭০% আৰু মৃত্যুৰ প্ৰায় ৯০% উন্নয়নশীল দেশসমূহত ঘটা পৰিলক্ষিত হৈছে।[12][20] অনুন্নত দেশসমূহত কৰ্কট ৰোগত মৃত্যু হোৱা লোকসকলৰ বেছিভাগেই চাৰ্ভিকেল কেন্সাৰত আক্ৰান্ত।[17] উন্নত দেশসমূহত চাৰ্ভিকেল স্ক্ৰিণিঙৰ ব্যাপক ব্যৱহাৰে চাৰ্ভিকেল কেন্সাৰৰ হাৰ ভালেখিনি হ্ৰাস কৰিছে।[21]

চিকিৎসা সম্বন্ধীয় গৱেষণাত ব্যৱহৃত অতি জনপ্ৰিয় অমৰণশীল কোষ ৰেখা "HeLa" হেনৰিয়েট্টা লেক্স নামৰ মহিলা এগৰাকীৰ চাৰ্ভিকেল কেন্সাৰ কোষৰ পৰা বিকাশ সাধন কৰা হৈছিল।[22]

তথ্যসূত্ৰ সম্পাদনা কৰক

  1. 1.00 1.01 1.02 1.03 1.04 1.05 1.06 1.07 1.08 1.09 1.10 1.11 "Cervical Cancer Treatment (PDQ®)". NCI. 14 March 2014. http://www.cancer.gov/cancertopics/pdq/treatment/cervical/Patient/page1/AllPages। আহৰণ কৰা হৈছে: 3 February 2022. 
  2. 2.0 2.1 2.2 2.3 2.4 "Cervical Cancer Treatment (PDQ®)". National Cancer Institute. 14 March 2014. http://www.cancer.gov/cancertopics/pdq/treatment/cervical/HealthProfessional/page1/AllPages। আহৰণ কৰা হৈছে: 3 February 2022. 
  3. 3.0 3.1 Robbins Basic Pathology (8th সম্পাদনা). Saunders Elsevier. 2007. পৃষ্ঠা. 718–721. ISBN 978-1-4160-2973-1. 
  4. 4.0 4.1 Kufe, Donald (2009). Holland-Frei cancer medicine. (8th সম্পাদনা). প্ৰকাশক New York: McGraw-Hill Medical. পৃষ্ঠা. 1299. ISBN 9781607950141. https://books.google.com/books?id=R0FbhLsWHBEC&pg=PA1299. 
  5. "The epidemiology of human papillomavirus infection and cervical cancer". Disease Markers খণ্ড 23 (4): 213–27. 2007. doi:10.1155/2007/914823. PMID 17627057. 
  6. 6.0 6.1 "Cervical Cancer Prevention (PDQ®)". National Cancer Institute. 27 February 2014. http://www.cancer.gov/cancertopics/pdq/prevention/cervical/HealthProfessional/page1/AllPages। আহৰণ কৰা হৈছে: 3 February 2022. 
  7. 7.0 7.1 7.2 "Human Papillomavirus (HPV) Vaccines". National Cancer Institute. 29 December 2011. http://www.cancer.gov/cancertopics/factsheet/prevention/HPV-vaccine। আহৰণ কৰা হৈছে: 3 February 2022. 
  8. "Global Cancer Facts & Figures 3rd Edition". 2015. পৃষ্ঠা: 9. https://www.cancer.org/content/dam/cancer-org/research/cancer-facts-and-statistics/global-cancer-facts-and-figures/global-cancer-facts-and-figures-3rd-edition.pdf। আহৰণ কৰা হৈছে: 3 February 2022. 
  9. 9.0 9.1 Sung, Hyuna; Ferlay, Jacques; Siegel, Rebecca L.; Laversanne, Mathieu; Soerjomataram, Isabelle; Jemal, Ahmedin; Bray, Freddie (2021). "Global Cancer Statistics 2020: GLOBOCAN Estimates of Incidence and Mortality Worldwide for 36 Cancers in 185 Countries" (en ভাষাত). CA: A Cancer Journal for Clinicians খণ্ড 71 (3): 209–249. doi:10.3322/caac.21660. ISSN 1542-4863. PMID 33538338. https://onlinelibrary.wiley.com/doi/abs/10.3322/caac.21660. 
  10. "Defining Cancer". National Cancer Institute. 17 September 2007. http://www.cancer.gov/cancertopics/cancerlibrary/what-is-cancer। আহৰণ কৰা হৈছে: 3 February 2022. 
  11. "Postcoital bleeding: a review on etiology, diagnosis, and management". Obstetrics and Gynecology International খণ্ড 2014: 192087. 2014. doi:10.1155/2014/192087. PMID 25045355. 
  12. 12.0 12.1 12.2 12.3 World Cancer Report 2014. World Health Organization. 2014. পৃষ্ঠা. Chapter 5.12. ISBN 978-9283204299. 
  13. "HPV and HPV-associated diseases". Infectious Disease Clinics of North America খণ্ড 27 (4): 765–78. December 2013. doi:10.1016/j.idc.2013.09.001. PMID 24275269. 
  14. "Genomic risk factors for cervical cancer". Cancers খণ্ড 13 (20): 5137. October 2021. doi:10.3390/cancers13205137. PMID 34680286. 
  15. "FDA approves Gardasil 9 for prevention of certain cancers caused by five additional types of HPV". U.S. Food and Drug Administration. 10 December 2014. https://www.fda.gov/NewsEvents/Newsroom/PressAnnouncements/ucm426485.htm। আহৰণ কৰা হৈছে: 3 February 2022. 
  16. Control of HPV infection and related cancer through vaccination.. 193. 2014. 149–71. doi:10.1007/978-3-642-38965-8_9. ISBN 978-3-642-38964-1. PMID 24008298. 
  17. 17.0 17.1 World Health Organization (February 2014). "Fact sheet No. 297: Cancer". https://www.who.int/mediacentre/factsheets/fs297/en/index.html। আহৰণ কৰা হৈছে: 3 February 2022. 
  18. "SEER Stat Fact Sheets: Cervix Uteri Cancer". National Cancer InstituteNCI. 10 November 2014. http://seer.cancer.gov/statfacts/html/cervix.html। আহৰণ কৰা হৈছে: 3 February 2022. 
  19. World Cancer Report 2014. World Health Organization. 2014. পৃষ্ঠা. Chapter 1.1. ISBN 978-9283204299. 
  20. "Cervical cancer prevention and control saves lives in the Republic of Korea". World Health Organization. https://www.who.int/news-room/feature-stories/detail/cervical-cancer-prevention-and-control-saves-lives-in-the-republic-of-korea। আহৰণ কৰা হৈছে: 3 February 2022. 
  21. "Cervical cancer". American Family Physician খণ্ড 61 (5): 1369–76. March 2000. PMID 10735343. Archived from the original on 6 February 2005. https://web.archive.org/web/20050206141303/http://www.aafp.org/afp/20000301/1369.html। আহৰণ কৰা হৈছে: 3 February 2022. 
  22. Jr, Charles E. Carraher (2014). Carraher's polymer chemistry (Ninth সম্পাদনা). প্ৰকাশক Boca Raton: Taylor & Francis. পৃষ্ঠা. 385. ISBN 9781466552036. https://books.google.com/books?id=YXo0AAAAQBAJ&pg=PA385. 

বাহ্যিক সংযোগ সম্পাদনা কৰক

বৰ্গীকৰণ
বাহ্যিক সমল