চিক পুই ৰুই ডিমা হাছাও জিলাৰ মাৰ জনগোষ্ঠীয়ে শীতকালত উলহ- মালহেৰে পালন কৰা এক উৎসৱ। চিক পুই ৰুই উছৱৰ প্ৰাক্ মুহূৰ্তত গাঁৱৰ ডেকা- গাভৰুহঁতে লগ লাগি নৃত্য- গীতানুষ্ঠানৰ বাবে এটা নিৰ্দিষ্ট দিন থিক কৰি আটায়ে গৈ জ্যেষ্ঠ আৰু মুৰব্বীজনৰপৰা সন্মতি পোৱাৰ পাছত গীতৰ আখৰা দিব পৰা জাইপু নিৰ্বাচন কৰেগৈ। জাইপুৰ সন্মতি পোৱাৰ পাছত তেওঁৰ তলত দুজন জ্যেষ্ঠ লোকক বাছনি কৰি গাঁৱৰ প্ৰতিজন লোকেই চিক পুই নাচত অংশগ্ৰহণৰ বাবে আমন্ত্ৰণ জনায়। তেওঁলোকক স্থানীয় ভাষাত কোৱা হয় - লৌম লাইচা (জাইচা)। নৃত্যানুষ্ঠানৰ বাবে মুকলি পথাৰ বাছনি কৰি তাৰ মাজভাগত বিশেষভাৱে মঞ্চ সাজি তাত ঘাই গায়কৰ লগত সহযোগী গায়ক আৰু বাদ্যযন্ত্ৰীসকল বহাৰ ব্যৱস্থা কৰে। নাচত ভাগলোৱা ডেকা- গাভৰুহঁতে যাতে নাচত কোনো ধৰণৰ অসুবিধাত নপৰে, তাৰ বাবে গীতাংশৰ ভাৱাৰ্থ আগে ভাগে বুজায় দিয়ে। ‌ বাদ্য-যন্ত্ৰৰ তালে তালে শিল্পীসকলে চিক পুই-লাম নৃত্যানুষ্ঠানৰ শুভাৰম্ভ কৰা দেখা যায়। আৰম্ভণিতে দীঘল মʼহৰ শিঙত সাজু কৰি ৰখা জু বাকি দিয়াটো দস্তুৰ। গীতৰ তালে তালে শুভাৰম্ভ কৰা দোৰটে লাম নামৰ নৃত্যটো শিশুসকলৰদ্বাৰা পৰিৱেশিত হয়। ইয়াৰ পিছত যুৱক- যুৱতীসকলে চিক পুই ৰুই উৎসৱ স্মৰণীয় কৰিবলৈ বিভিন্ন প্ৰকাৰৰ চালে চকুৰোৱা নৃত্য প্ৰদৰ্শন কৰে। এনে নৃত্য সমূহ যেনেঃ থালৌৰাম লাম, লামট লালুং লাম, কেটেল লাম আদি। ‌ এমাহজুৰি চলা এই উৎসৱৰ দশম দিনত লাম- লাই - টিয়াম আখ্যা দি চিমচাক লাম আৰু পালস্বাপ লাম নাচোন অন্তৰ্ভুক্ত কৰাটো উল্লেখযোগ্য। এই উৎসৱৰ শেষৰ দিন কেইটা বেচ ৰোমাঞ্চকৰ হৈ উঠে। যাৱাল চাক উৎসৱৰ অন্তিম দিনটোৰ নাম। সেইদৰে নৃত্য-গীতত ভাগ ল'বলৈ জাইপুক ঘৰৰ পৰা উছৱথলীলৈ শোভাযাত্ৰা কৰি লৈ আহে। সেই দিনা শেষ ৰাতিলৈ নৃত্য- গীত উদ্যাম গতিত চলে। এই উছৱৰ আটাইবোৰ দিনতে গাঁৱৰ উপৰি ওচৰ চুবুৰীয়া গাঁৱৰ ডেকা গাভৰু আৰু আন লোকেও আহি সহযোগিতা আগবঢ়ায়। নৃত্য গীতৰ অন্তত সকলোৱে মিলি লগ ভাত খায় আৰু অভ্যাগতসকলক জু (লাওপানী)-ৰে আপ্যায়ন কৰে।[1]

  1. ড॰ নাৰায়ণ দাস, পৰমানন্দ ৰাজবংশী (জুলাই,২০১৪). [978-93-81485-73-6 "অসমৰ সংস্কৃতি কোষ"]. দ্বিতীয় প্ৰকাশ. জ্যোতি প্ৰকাশন. পৃষ্ঠাসমূহ: ২১৪. 978-93-81485-73-6। আহৰণ কৰা হৈছে: 13 মে' 2021.