ডিমা হাছাও জিলা

ভাৰতৰ অসম ৰাজ্যৰ এখন জিলা

ডিমা হাছাও জিলা (ইংৰাজী: Dima Hasao district (DHD); আগৰ নাম উত্তৰ কাছাৰ পাৰ্বত্য জিলা) অসমৰ এখন জিলা। ঐতিহাসিক ভাৱে ডিমাছা-কছাৰীসকলৰ বাসভূমি এই অঞ্চল ব্ৰিটিছ শাসনকালত অসমৰ নগাঁও জিলাৰ এটা মহকুমা হিচাপে গঠন কৰা হৈছিল। ভাৰতে স্বাধীনতা লাভ কৰাৰ পাছত মিকিৰ-পাহাৰ আৰু উত্তৰ-কাছাৰ সংলগ্ন জিলা গঠন কৰা হয়। ১৯৫২ চনৰপৰা এই জিলাক ভাৰতীয় সংবিধানষষ্ঠ অনুচ্ছেদৰ অন্তৰ্গত জিলা হিচাপে গঢ় দিয়া হয়, আৰু জিলাৰ শাসন ভাৰ জিলা পৰিষদৰ হাতত অৰ্পণ কৰা হয়। ১৯৭০ চনত ইয়াক পূৰ্ণ জিলাৰ মৰ্য্যদা দিয়া হয়। বৰ্তমান জিলাৰ শাসন ষষ্ঠ অনুচ্ছেদৰ অন্তৰ্গত আৰু জিলাখনৰ স্বায়ত্ত্ব শাসন পৰিষদে সকলো বিভাগ বিভাগৰ কাৰ্য্যভাৰ বহন কৰে।

ডিমা হাছাও জিলা
উত্তৰ কাছাৰ পাৰ্বত্য জিলা
—  জিলা  —
Khobak Village.JPGডিমা হাছাও জিলাৰ “খোবাক” নামৰ গাঁখনৰ এটি দৃশ্য
ডিমা হাছাও জিলাৰ অৱস্থান
দেশ  ভাৰত
ৰাজ্য অসম
সদৰ হাফলং
মাটিকালি
 - মুঠ ৪,৮৯০ কি.মি. 
(১,৮৮৮ বৰ্গ মাইল)
জনসংখ্যা (২০১১)
 - মুঠ ২,১৩,৫২৯ জন
 - জনঘনত্ব ৪৪ প্ৰতি বৰ্গ কি.মি. 
(১১৪ প্ৰতি বৰ্গ মাইল)
সময় অঞ্চল ভাৰতীয় মান সময় (গ্ৰী.মা.স.+5:30)
ৱেবছাইট nchills.nic.in

ডিমা হাছাও জিলা অসমৰ আটাইতকৈ কম জনবসতি ঘনত্বৰ জিলা। মূলতঃ ডিমাছা আৰু নগা জনগোষ্ঠীৰ লোক এই জিলাত সৰহ। প্ৰাকৃতিক সৌন্দৰ্য্যৰে ভৰপূৰ জিলাখনত অসমৰ একমাত্ৰ পাৰ্বত্য-চহৰ হাফলং অৱস্থিত। হাফলং এই জিলাৰ সদৰ। ৰহস্যজনক চৰাইৰ মৃত্যুৰ বাবে চৰ্চিত ঠাই জাতিংগা এই জিলাতে অৱস্থিত। ‘ডিমা হাছাও’ ডিমাছা ভাষাৰ শব্দ, ইয়াৰ অৰ্থ ডিমাছা পৰ্বত।

ইতিহাসসম্পাদনা কৰক

১৮৩২ চনৰ আগলৈ ডিমাছা হাছাও জিলা ডিমাছা কছাৰী ৰাজ্যৰ অংশ আছিল। উত্তৰে যমুনা নৈৰপৰা দক্ষিণে লুছাই পৰ্বতমালা আৰু পুবে নগা পাহাৰৰপৰা পশ্চিমে কপিলী নৈলৈ ইয়াৰ বিস্তৃতি আছিল। ১৮৩০ চনত ডিমাছা ৰজা গোবিন্দ চন্দ্ৰক তেখেতৰ সেনাপতি গম্ভীৰ সিঙে হত্যা কৰে। ইয়াৰ পাছতে ১৮৩২ চনৰ ১৪ আগষ্ট তাৰিখে লাপছি চুক্তি অনুসৰি ডিমাছা-কছাৰী ৰাজ্যৰ দক্ষিণ অংশ ব্ৰিটিছৰ শাসনৰ অধীনলৈ যায়। বাকী অংশৰ শাসনভাৰ আছিল ডিমাছা সেনাপাতি তুলাৰামৰ হাতত। ১৮৩৭ চনত তুলাৰামৰ অধীনত থকা কিছু অংশও ব্ৰিটিছ শাসিত অংশৰ সংলগ্ন কৰি সেই সময়ৰ নগাঁও জিলাৰ এটা মহকুমা হিচাপে ঘোষণা কৰা হয়। এই মহকুমাৰ সদৰ আছিল আছালু। ১৮৫৪ চনত তুলাৰামৰ মৃত্যুৰ পাছত সমগ্ৰ ডিমাছা ৰাজ্যক ব্ৰিটিছ শাসিত ভাৰত সাম্ৰাজ্যৰ সংলগ্ন কৰি আছালুক এই সমগ্ৰ মহকুমাৰ সদৰ ঘোষণা কৰা হয়।

১৮৬৭ চনত এই মহকুমাক ত্ৰিখণ্ডিত কৰি অংশ বিশেষ ক্ৰমে কাছাৰ, খাছী আৰু জয়ন্তীয়া পাহাৰ, আৰু নগাঁও জিলাৰ লগত সংলগ্ন কৰা হয়। বৰ্তমানৰ উত্তৰ কাছৰ পাৰ্বত্য জিলাক কাছাৰ জিলাৰ অন্তৰ্ভুক্ত কৰি লোৱা হয়। আছালুক এখন পুলিচ থানা ঘোষণা কৰা হয়। ১৮৮০ চনত এই অংশক কাছাৰ জিলাৰ এটা মহকুমা হিচাপে ঘোষণা কৰি 'গুনজুঙ'ত মহকুমাৰ সদৰ স্থাপন কৰা হয়।

১৮৯৫ চনত এই মহকুমাৰ সদৰ হাফলঙলৈ স্থানান্তৰ কৰা হয়। স্বাধীন ভাৰতৰ অধীনত ১৯৫১ চনৰ ১৭ নভেম্বৰ তাৰিখে উত্তৰ কাছাৰক কাছাৰ জিলাৰপৰা নিলগাই অনা হয় আৰু মিকিৰ পাহাৰৰ লগত সংলগ্ন কৰি উত্তৰ কাছাৰ আৰু মিকিৰ পাহাৰ সংলগ্ন জিলা ঘোষণা কৰা হয়। ষষ্ঠ অনুচ্ছেদ অনসুৰি পাছলৈ দুয়োখন জিলাৰ বাবে পৃথক পৰিষদ গঠন কৰা হয়। ডিমা হাছাও জিলা পৰিষদৰ স্থাপন কৰা হয় ১৯৫২ চনৰ ১৯ এপ্ৰিলত। ইয়াৰ পাছত ১৯৭০ চনৰ ২ ফেব্ৰুৱাৰীত পূৰ্ণ জিলাৰ মৰ্য্যদা দি 'উত্তৰ কাছাৰ জিলা' গঠন কৰা হয়। হাফলং এতিয়াও ডিমা হাছাও জিলাৰ সদৰ। বৰ্তমান জিলাখনৰ স্বায়ত্ত্ব শাসন পৰিষদে আইন-শৃংখলা, প্ৰশাসন আৰু ৰাজকোষ বিভাগৰ বাহিৰে আন সকলো বিভাগৰে কাৰ্যভাৰ বহন কৰে।

অৱস্থানসম্পাদনা কৰক

অসমৰ দক্ষিণ অংশত ডিমা হাছাও জিলাৰ অৱস্থান। অক্ষাংশ ২৫° ৩″ উ.-ৰপৰা ২৫° ৪৭″ উ.লৈ; আৰু দ্ৰাঘিমাংশ ৯২° ৩৭″ পূ-ৰপৰা ৯৩° ১৭″ পূবলৈ বিস্তৃত। মুঠ মাটিকালি ৪৮৯০ বৰ্গ কিমি। পূব অংশৰ উচ্চতা ৬০০ - ৯০০ মি. আৰু উত্তৰ অংশৰ উচ্চতা ১০০০ - ১৮৬৬ মি.।[1]

জলবায়ুসম্পাদনা কৰক

ডিমা-হাছাও জিলাৰ জলবায়ু নাতিশীতোষ্ণ। অৱশ্যে জিলাৰ ভিতৰতে জলবায়ুৰ তাৰতময আছে। মে মাহৰপৰা ছেপ্টেম্বৰ মাহলৈ বৰষুণ হয়। বৰাইল লানিত বৰষুণৰ পৰিমাণ বেছি। বৰাইল অংশত গড় বাৰ্ষিক বৰষুণৰ পৰিমাণ ২২০০ মিমি-ৰপৰা ২৭০০ মিমি, আনহাতে লালটিং-মান্দাৰদিছা-ডিয়াংমুখ অঞ্চলত বাৰ্যিক গড় ১২০০ মিমিৰপৰা ১৮০০ মিমিলৈ। সৰ্বাধিক উষ্ণতা ২৪° ৰপৰা ৩০° ছেলছিয়াছ, আৰু সৰ্বনিম্ন উষ্ণতা ১০° ৰপৰা ১৪° ছেলছিয়াছ। আদ্ৰতা ৭৩%ৰপৰা ৮৪%।[1]

ভূগোলসম্পাদনা কৰক

বৰাইল আৰু দক্ষিণ পৰ্বতমালা আৰু ইয়াৰ মাজৰে বৈ যোৱা ব্ৰহ্মপুত্ৰ আৰু বৰাক নদীৰ উপনদীসমূহেৰে ডিমা হাছাও জিলাৰ ভূগোল গঢ় লৈ উঠছে। মূলত: নাগালেণ্ড অন্তৰ্গত বৰাক পৰ্বতমালাৰ পশ্চিমফাললৈ আগবাঢ়ি অহা অংশ্ই বৰাইল পৰ্বতমালা। নাগালেণ্ডৰ টুৱেনছাঙৰপৰা বৰাইল পৰ্বতমালাৰ আৰম্ভণি বুলি ধৰা হয়। এই পৰ্বতলানিয়ে ডিমা হাছাও জিলাক উত্তৰ আৰু দক্ষিণ দুই অৱবাহিকাত বিভক্ত কৰিছে। ইয়াৰে উত্তৰভাগ বৰাক নদীৰ অৱবাহিকা। উত্তৰ কাছাৰৰ পাহাৰৰ সৰ্ব্বোচ্চ শৃংগ 'থেপিবাৰ' (থুমজেং[1]) (উচ্চতা: ১৮৬৬ মিটাৰ)।[2] দ্বিতীয় উচ্চতম শৃংগ হেম্পুপেট (উচ্চতা: ১৭৪৮ মিটাৰ) গৰমপানীৰ ওচৰৰ ডিটকচেৰা পৰ্বতমালাৰ কিছূ অংশও ডিমা-হাছাও জিলাৰ ভিতৰত পৰে।[1] জিলাখনৰ মাজেৰে বৈ যোৱা উপনৈ সমূহ হৈছে: কপিলী, মাহুৰ, জিনাম, টংগি, ধনশিৰি, লংক্ৰি, ডিয়াং, লংকান, লংলাই, লাংটিং, জাতিংগা আৰু দাৰা।[1][3] প্ৰায় প্ৰতিখন উপনৈৰ উৎস বৰাইল পাহাৰ। ২৪০ কি.মি. দৈৰ্ঘ্যৰ ডিয়াং এই জিলাৰ দীৰ্ঘতম উপনৈ।[1]

চাৰিসীমা:সম্পাদনা কৰক

পশ্চিমে: মণিপুৰ আৰু নাগালেণ্ডৰ অংশ
পূবে: মেঘালয় আৰু কাৰ্বি আংলং জিলাৰ অংশ
উত্তৰে: কাৰ্বি আংলং জিলা আৰু নগাওঁ জিলাৰ অংশ
দক্ষিণ: কাছাৰ জিলা[4]

প্ৰশাসনসম্পাদনা কৰক

 
উমৰাংছুত অৱস্থিত খনদঙ বান্ধ
 
উমৰাংছুৰ নিকটৱৰ্তী তিন কিলো গাওঁ

ডিমা-হাছাও জিলা ভাৰতীয় সংবিধানৰ ষষ্ঠ অনুচ্ছেদৰ অন্তৰ্গত জিলা। জিলাখনৰ বিকাশ সম্পৰ্কীয় কাজ-কৰ্ম স্বায়ত্ত্ব শাসিত পৰিষদৰ দ্বাৰা সঞ্চালিত হয়। জিলাখনৰ চাৰিখন পুলিছ থানা ক্ৰমে: হাফলং, মাইবং, মাহুৰ আৰু উমৰাংছু[4]

প্ৰশাসনীয় স্তৰ[5] বিভাগ সদৰ
জিলা ডিমা হাছাও জিলা (উত্তৰ কাছাৰ পাৰ্বত্য জিলা) হাফলং
মহকুমা হাফলং সদৰ হাফলং
মাইবং মাইবং
ৰাজহ চক্ৰ হাফলং হাফলং
থানা হাফলং হাফলং
মাইবং মাইবং
মাহুৰ মাহুৰ
উমৰাংছু উমৰাংছু
উন্নয়ন খণ্ড জাতিংগা উপত্যকা উন্নয়ন খণ্ড মাহুৰ
দিয়াং উপত্যকা উন্নয়ন খণ্ড মাইবং
হাৰাংগাজাও আই.টি.ডি. খণ্ড হাৰাংগাজাও
দিয়াংব্ৰা আই.টি.ডি. খণ্ড দিয়াংমুখ
নতুন ছাংবৰ উন্নয়ন খণ্ড ছাংবৰ

ডিমা-হাছাও জিলাৰ সৰ্বমুঠ গাঁৱৰ সংখ্যা ৫৫২খন।[4] নগৰ চাৰিখন, ক্ৰমে, হাফলং, মাইবং, মাহুৰ, আৰু উমৰাংছু[6]

নিৰ্বাচনী বিভাগসম্পাদনা কৰক

ডিমা হাছাও জিলাৰ একমাত্ৰ বিধান সভা সমষ্টি 'হাফলং'।[7] ভাৰতীয় জাতীয় কংগ্ৰেছগোবিন্দ চন্দ্ৰ লাংথাছা বৰ্তমান (২০১১-২০১৬) এই সমষ্টিৰ বিধায়ক।[7] ডিমা-হাছাও জিলা আৰু কাৰ্বি আংলং জিলাক সংলগ্ন কৰি 'স্বায়িত্ব শাসিত জিলা' এটা সংসদীয় সমষ্টি। ভাৰতীয় জাতীয় কংগ্ৰেছশ্ৰী বীৰেন সিং ইংতি এই সমষ্টিৰ বৰ্তমান নিৰ্বাচিত সাংসদ।[8]

ডিমা হাছাও জিলাত গ্ৰাম পঞ্চায়ত ব্যৱস্থা বাহাল কৰা হোৱা নাই।[9]

২০১১ চনৰ অসম বিধান সভাৰ নিৰ্বাচনৰ সময়ত ডিমা-হাছাও জিলাৰ মুঠ ভোটাৰৰ সংখ্যা আছিল ১,২৬,৮১৪ (পুৰুষ: ৬৪,৭৮০; স্ত্ৰী: ৬১,৯২৫) আৰু সৰ্বমুঠ ১৩৯-টা কেন্দ্ৰত ভোটগ্ৰহণ অনুষ্ঠিত কৰা হৈছিল।[10]

জনগাঁঠনিসম্পাদনা কৰক

ভাৰতৰ লোকপিয়ল, ২০১১-ৰ সময়িক প্ৰতিবেদন অনুসৰি ডিমা-হাছাও জিলাৰ মুঠ জনসংখ্যা ২১৩,৫২৯ ইয়াৰে ১১০,৫৬৬ সংখ্যক পুৰুষ আৰু ১০২,৯৬৩ সংখ্যক মহিলা। ২০০১ চনৰ লোকপিয়লত প্ৰাপ্ত জনসংখ্যাতকৈ ১৩.৫৩% বৃদ্ধি পৰিলক্ষিত হয়। ১৯৯১ চনৰ লোকপিয়লৰ তুলনাত বৃদ্ধিৰ হাৰ ২৪.৭২%। জনবসতিৰ ঘনত্ব ৪৪ প্ৰতি বৰ্গ কি.মি. (৩৮ প্ৰতি বৰ্গ কি.মি, ২০০১ চন)। ডিমা-হাছাও জিলাৰ জনবসতিৰ ঘনত্বৰ অসমৰ ভিতৰত সৰ্বনিম্ন[11].। নাৰী-পুৰুষৰ অনুপাত: ৯৩১ গৰাকী নাৰী প্ৰতি ১০০০জন পুৰুষৰ বিপৰীতে। মুঠ জনসংখ্যাৰ ৭১.৩৩%-ই গাঁৱৰ বাসিন্দা।[12]

ডিমা-হাছাও জিলাৰ বৰ্তমানৰ স্বাক্ষৰতাৰ হাৰ ৭৮.৯৯% (৬৭.৬২%, ২০০১)। পুৰুষৰ স্বাক্ষৰতাৰ হাৰ ৮৫.৫৪% আৰু মহিলাৰ ৭২.১৫%। ডিমা-হাছাও জিলাৰ মুঠ ১৪৩,৫৮৫ গৰাকী ব্যক্তি স্বাক্ষৰ, ইয়াৰে ৮০,৪৯৮জন পুৰুষ আৰু ৬৩,০৮৭ গৰাকী মহিলা।[12]

লোকপিয়ল ২০১১-ৰ তথ্য অনুসৰি ০-৬ বছৰলৈ শিশুৰ মুঠ সংখ্যা ৩১,৭৫৮ (মুঠ জনসংখ্যাৰ ১৪.৮৭%) (২০০১ চনত ৩০,৮০০), ল'ৰাৰ সংখ্যা ১৬,২৩৯ আৰু ছোৱালীৰ ১৫,৫১৯। অনুপাত: প্ৰতি এহেজাৰ ল'ৰাৰ বিপৰীতে ৯৫৬ গৰাকী ছোৱালী। ২০০১ চনৰ তথ্যৰ আধাৰত শিশুৰ সংখ্যা ১.৫১% হ্ৰাস পাইছে। ২০০১ চনত শিশুৰ সংখ্যা মুঠ জনসংখ্যাৰ ১৬.৩৮% আছিল।[12]

ডিমা-হাছাও জিলাৰ মুঠ জনসংখ্যা অসমৰ মুঠ জনসংখ্যাৰ ০.৬৯%।[12]

জনগোষ্ঠীসম্পাদনা কৰক

ডিমা হাছাও জিলা কেবাটাও জনজাতীয় গোষ্ঠীৰ বাসস্থান। এওঁলোকৰ ভিতৰত সংখ্যাধিক জনজাতীয় জনগোষ্ঠীকেইটা হ'ল: ১) ডিমাছা, ২) জেমি-নগা, ৩) মাৰ, ৪) কুকি, ৫) বিয়াটে, ৬) ৰংখল, ৭) খেলমা, ৮) জয়ন্তীয়া, ৯) কাৰ্বি, আৰু ১০) ভাইফেই[6] ২০০১ চনৰ লোকপিয়ল অনুসৰি ডিমা-হাছাও জিলাৰ ৬৮.৩% লোকেই অনুসূচিত জনজাতিৰ অন্তৰ্গত। ইয়াৰ ভিতৰত ডিমাছা জনজাতিৰ লোকৰ সংখ্যা সৰ্বাধিক (মুঠ জনসংখ্যা: ৬৪, ৮৮১)।[13][14] ২০০১ চনৰ পিয়ল অনুযায়ী দ্বিতীয় বৃহৎ জনজাতি নগা (বিভিন্ন গোট সমাহাৰে মুঠ জনসংখ্যা ১৭,০৭৮), আৰু তৃত্বীয় বৃহৎ জনজাতি হৈছে: কুকি (বিভিন্ন গোট সমাহাৰে মুঠ জনসংখ্যা: ১৬,৭৫৭)।[14]

শৈক্ষিক প্ৰতিষ্ঠানসম্পাদনা কৰক

শিক্ষানুষ্ঠান[5] সংখ্যা ছাত্ৰ-ভৰ্তি শিক্ষক-সংখ্যা
প্ৰাথমিক বিদ্যালয় ৬৯৪ ৩৪,৭২৪ ৩৩১৮
মধ্য ইংৰাজী বিদ্যালয় ১৭৫ ৯০৯৫ ১০৫৮
উচ্চ মাধ্যমিক বিদ্যালয় ৮৪ ১৫৮৯৬ ১০৩০
উচ্চতৰ মাধ্যমিক বিদ্যালয় ৩২৬৭ ১৯৮
জুনিয়ৰ কলেজ ৩৫৯ ২০
স্নাতক মহাবিদ্যালয় ১২৭৫ ৮৩
আই.টি.আই ১০৮ ১৪
DIET (-) ২৩
জৱাহৰ নৱোদয় বিদ্যালয় ৫৩
কস্তুৰবা গান্ধী বালিকা বিদ্যালয় ৫০

যাতায়তসম্পাদনা কৰক

ডিমা-হাছাও জিলাক উত্তৰ-পূব ভাৰতৰ প্ৰৱেশ চহৰ গুৱাহাটীৰ লগত পথ আৰু ৰেল পৰিবহণে সংলগ্ন কৰিছে।

পথ পৰিবহণসম্পাদনা কৰক

ডিমা-হাছাও জিলাৰ মুঠ পথৰ দৈৰ্ঘ্য১৬২৩.৩৮৫ কি.মি.। ইয়াৰে পকী পথ ৫৮৮ কিমি, শিল দিয়া পথ ৬৭২.২৮ কি.মি. আৰু ৩৬৪.১৩ কি.মি পথ কেঁচা[15]। হাফলঙৰপৰা উমৰাংছ হৈ অহা পকী পথেৰে মেঘালয়ৰ লগত যোগাযোগ আছে, আৰু উমৰাংছৰপৰা নগাঁৱ জিলাৰ লংকা হৈ পকী পথ আহি নগাঁৱত ৩৭ নং ৰাষ্ট্ৰীয় পথত লগ লাগিছে। হাফলঙৰপৰা পকীপথেৰে লামডিঙৰ লগতো যোগাযোগ আছে।

ৰেল পৰিবহণসম্পাদনা কৰক

নগাঁও জিলাৰ লামডিং জংচনৰপৰা ব্ৰড গজ ৰেল ডিমা-হাছাও জিলাৰ মাজেৰে গৈ কাছাৰ জিলাত প্ৰৱেশ কৰিছে। ডিমা-হাছাও জিলাৰ মাজেৰে যোৱা ৰেলপথত কেবাটাও সুৰংগ আছে। মাহুৰত কাষতে ৰেলপথত থকা ১১ নং সুৰংগটো জিলাখনৰ আটাইতকৈ দীঘল সুৰংগ। দৈৰ্ঘ্য১১৯২ ফুট। ডিমা-হাছাও জিলাৰ ভিতৰৰ ৰেল-ষ্টেচনসমূহ হ'ল: হাতীখলি, লাংটিং, দিহাখো, মুপা, কালাচাঁদ, মাইবং, ৱাডৰেংডিছা, দাওটুহাজা, মাহুৰ, মিগ্ৰেনডিছা, লোৱাৰ হাফলং, বাগেতাৰ, হাফলং হিল, জাতিংগা, মাইলংদিছা, হাৰাংগাজাও আৰু দিতকচৰা।[16]

দৰ্শনীয় স্থানসম্পাদনা কৰক

সমগ্ৰ ডিমা-হাছাও জিলা বৰাইল পৰ্বতমালাৰ খলা-বমা আৰু জুৰি-নিজৰাৰে প্ৰাকৃতিক সৌন্দৰ্য্যত চহকী। এই জিলাৰ কেবাখনো স্থান বনভোজৰ দলৰ বাবে মনোগ্ৰাহী স্থান।

হাফলংসম্পাদনা কৰক

হাফলং ডিমা-হাছাও জিলাৰ সদৰ। প্ৰাকৃতিক সৌন্দৰ্য্যৰে ভৰপূৰ হাফলং অসমৰ একমাত্ৰ পৰ্বতীয়া স্থান (hill station)।[17]

জাতিংগাসম্পাদনা কৰক

হাফলঙৰপৰা ৯ কি.মি. দক্ষিণে অৱস্থিত এখন ঠাই। এই ঠাইত চৰাই সম্পৰ্কীয় এটা ৰহস্যজনক পৰিঘটনা লক্ষ্য কৰা হয়। আগষ্ট-ৰপৰা নভেম্বৰ মাহলৈ এই স্থানত বিভিন্ন প্ৰজাতিৰ চৰাইৰ মৃত্যু ঘটে। স্থানীয় লোকে বাঁহৰ দীঘল লাখুটিৰ আগত তীব্ৰ পোহৰ বান্ধি ৰাখে। ৰাতি এই তীব্ৰ পোহৰৰ প্ৰতি চৰাইবোৰে উৰি আহে আৰু লাঠীৰ আঘাতত চৰাইবোৰৰ মৃত্যু হয়। এই সময়ত চৰাইবোৰে পোহৰৰ প্ৰতি দেখুওৱা তীব্ৰ আসক্তিৰ বিষয়ে বিভিন্ন মতামত আছে।[17]

মাইবংসম্পাদনা কৰক

হাফলঙৰপৰা ৫৩ কি.মি. উত্তৰ-পূবে মাহুৰ নৈৰ পাৰত অৱস্থিত মহকুমাৰ সদৰ। ইয়াতে ডিমাছা-কছাৰী ৰাজ্যৰ ৰাজধানী আছিল। কছাৰী ৰজাৰ শিলেৰে নিৰ্মিত ঘৰ আৰু মন্দিৰৰ ভগ্নাৱশেষ অৱস্থিত।[17]

উমৰাংছুসম্পাদনা কৰক

হাফলঙৰপৰা ১১২ কি.মি. দূৰৈত অৱস্থিত উমৰাংছুত কপিলী নৈত থকা নীপকো-ৰ জলবিদ্যুৎ উৎপাদন কেন্দ্ৰ অৱস্থিত। নাতি-দূৰৈত অৱস্থিত গৰম-পানীৰ উহ, গৰমপানী।[17]

পানীমূৰসম্পাদনা কৰক

কপিলীৰ নৈৰ এক জলপ্ৰপাত। হাফলঙৰপৰা ১২০ কি.মি. দূৰত্বত অৱস্থিত।[17]

তথ্য সূত্ৰসম্পাদনা কৰক

  1. 1.0 1.1 1.2 1.3 1.4 1.5 http://nchills.gov.in/NCHILLS-PROFILE.htm আহৰণ কৰা তাৰিখ: ১৭-০৬-২০১২
  2. http://incredibleassam.in/html/Geography.htm আহৰণ কৰা তাৰিখ ১৭-০৬-২০১২
  3. http://incredibleassam.in/html/rivers.htm আহৰণ কৰা তাৰিখ ১৭-০৬-২০১২
  4. 4.0 4.1 4.2 ডিমা হাছাও জিলাৰ চৰকাৰী ৱেবছাইট, আহৰণ কৰা তাৰিখ ১৭-০৬-২০১২
  5. 5.0 5.1 http://nchills.gov.in/NCHILLS-ADMIN.htm আহৰণ কৰা তাৰিখ: ২৫-০৬-২০১২ উদ্ধৃতি ত্ৰুটি: Invalid <ref> tag; name "ncA" defined multiple times with different content
  6. 6.0 6.1 http://nchills.gov.in/NCHILLS-GLANCE.htm আহৰণ কৰা তাৰিখ: ২৫-০৬-২০১২
  7. 7.0 7.1 http://www.assamassembly.nic.in/mla-all-list.html আহৰণ কৰা তাৰিখ: ১৯-০৬-২০১২
  8. ভাৰতৰ লোকসভাৰ ৱেবছাইট আহৰণ কৰা তাৰিখ: ১৯-০৬-২০১২
  9. পঞ্চায়ত আৰু গ্ৰাম্য বিকাশ বিভাগ, অসমৰ চৰকাৰী ৱেবছাইট, পৃ. নং:৩, টেবুল নং:৪, আহৰণ কৰা তাৰিখ: ১৯-০৬-২০১২
  10. http://www.indian-elections.com/assembly-elections/assam/data-06/ElectorsAC.xls এক্সেল ফাইলৰ ১৭ নং শাৰী, আহৰণ কৰা তাৰিখ: ১৯-০৬-২০১২
  11. "District Census 2011". Census2011.co.in. 2011. http://www.census2011.co.in/district.php। আহৰণ কৰা হৈছে: 2011-09-30. 
  12. 12.0 12.1 12.2 12.3 http://www.census2011.co.in/census/district/150-dima-hasao.html আহৰণ কৰা তাৰিখ: ২৫-০৬-২০১২
  13. http://censusindia.gov.in/Tables_Published/SCST/dh_st_assam.pdf পৃষ্ঠা:২; আহৰণ কৰা তাৰিখ:২৫-০৬-২০১২
  14. 14.0 14.1 http://censusindia.gov.in/Dist_File/datasheet-1820.pdf আহৰণ কৰা তাৰিখ:২৫-০৬-২০১২
  15. http://diprnchills.gov.in/district.htm আহৰণ কৰা তাৰিখ: ০৪-০৭-২০১২
  16. উত্তৰ কাছাৰ পাৰ্বত্য জিলা, নতুন অসমীয়া ভূচিত্ৰাৱলী, অসম বুক ডিপো, ২০১১-১২ সংস্কৰণ, পৃ: ৩৫
  17. 17.0 17.1 17.2 17.3 17.4 http://nchills.gov.in/NCHILLS-VISIT.htm আহৰণৰ তাৰিখ: ০৩-০৭-২০১২

বাহ্যিক সংযোগসম্পাদনা কৰক

  Dima Hasao ভ্ৰমণ নিৰ্দেশিকা, ৱিকিভয়াজৰ পৰা