চিম্পল গগৈ

অসমৰ চলচ্চিত্ৰ পৰিচালক


চিম্পল গগৈ অসমৰ এগৰাকী চলচ্চিত্ৰ পৰিচালক৷[1] তেওঁ বৰ্তমানলৈকে কেইবাখনো বোলছবি আৰু দূৰদৰ্শনৰ ধাৰাবাহিকৰ পৰিচালনা কৰিছে৷

চিম্পল গগৈ

চিম্পল গগৈ
জন্ম চিম্পল গগৈ
০১ আগষ্ট, ১৯৭৬
যোৰহাট, অসম, ভাৰত
ৰাষ্ট্ৰীয়তা ভাৰতীয়
পেচা
সক্ৰিয় হৈ থকা সময় ২০০১-বৰ্তমানলৈকে
উল্লেখযোগ্য কৰ্ম আকাশ (অসমীয়া ধাৰাবাহিক) অনুৰাগ তোমাৰ বাবে (অসমীবা ধাৰাবাহিক), তুমি যদি কোৱা (অসমীয়া চলচ্চিত্ৰ)
পিতৃ-মাতৃ স্বৰ্গীয় সৰ্ব্বেশ্বৰ গগৈ (পিতৃ), পূৰ্ণিমা গগৈ (মাতৃ)
আত্মীয়-স্বজন অভিলাষ গগৈ (ভাতৃ), পঞ্চমিতা গগৈ (ভগ্নী)

প্ৰাৰম্ভিক জীৱন সম্পাদনা কৰক

চিম্পল গগৈৰ জন্ম হয় অসমৰ যোৰহাট জিলাত৷ তেওঁৰ পিতৃ সৰ্ব্বেশ্বৰ গগৈ আৰু মাতৃ পূৰ্ণিমা গগৈ৷ তেওঁ যোৰহাটৰ জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰে৷ ১৯৯৮ চনত তেওঁ ৰাছিয়ালৈ যায় আৰু মস্কো ষ্টেট ইউনিভাৰ্ছিটি অফ কালচাৰ এণ্ড আৰ্টছৰ পৰা পৰিচালনাৰ শিক্ষা লাভ কৰে৷ ৰাছিয়াৰ পৰা উভতি আহি ২০০১ চনত তেওঁ শিবম নায়াৰক জি টিভিৰ ধাৰাবাহিক পৰিচালনা কৰাত সহযোগ কৰে৷ ২০০২ চনত চিম্পল গগৈয়ে অসমীয়া চলচ্চিত্ৰ পৰিচালনা আৰম্ভ কৰে৷ [2]

কেৰিয়াৰ সম্পাদনা কৰক

চিম্পল গগৈয়ে কেইবাখনো অসমীয়া চলচ্চিত্ৰ তথা দূৰদৰ্শনৰ ধাৰাবাহিকত পৰিচালনা , সংলাপ লিখন আদি কৰিছে৷[3] ইয়াৰ ভিতৰত উল্লেখযোগ্য হৈছে- আকাশ (অসমীয়া ধাৰাবাহিক) অনুৰাগ তোমাৰ বাবে (অসমীয়া ধাৰাবাহিক), তুমি যদি কোৱা (অসমীয়া চলচ্চিত্ৰ)[4] ২০১৩ চনৰ জুন মাহৰ পৰা তেওঁ ডি ৱাই ৩৬৫ -ত ক্ৰিয়েটিভ কনচেপ্ট ডাইৰেক্টৰ হিচাপে যোগদান কৰে৷

তুমি যদি কোৱা এখন অসমীয়া ভাষাৰ ৰোমাণ্টিক বোলছবি৷ বোলছবিখনৰ পৰিচালনা আৰু সংলাপ চিম্পল গগৈৰ৷ এল এন ফিল্মছৰ বেনাৰত জিতুমণি টেৰণে এই বোলছবিৰ প্ৰযোজনা কৰে৷ বোলছবিখনৰ কাহিনী গৌতম ৰাভাৰ৷ ২০১৩ চনৰ ১৪ জুন তাৰিখে এই বোলছবিখনে মুক্তি লাভ কৰে৷[5]

ব্যক্তিগত জীৱন সম্পাদনা কৰক

চিম্পল গগৈয়ে বৰ্তমান অসমৰ গুৱাহাটীত বাস কৰে৷

তথ্যসূত্ৰ সম্পাদনা কৰক

  1. "rupali parda news". on Rupaliparda. http://www.rupaliparda.com/each_news.aspx?id=2। আহৰণ কৰা হৈছে: 6 November 2012. 
  2. "Article/ News". on Meghalaya Times Newspaper. http://meghalayatimes.info/index.php/front-page/19232-simple-gogoi-s-tumi-jodi-kua-assamese-movie-set-for-may-release। আহৰণ কৰা হৈছে: 20 April 2013. 
  3. "Article". on Sentinel Assam. Archived from the original on 2014-10-19. https://web.archive.org/web/20141019121500/http://www.sentinelassam.com/saturday/saturday2.php?sec=17&subsec=0&ppr=3&dtP=2012-11-10। আহৰণ কৰা হৈছে: 10 November 2012. 
  4. "News/ Article". on Sentinel Assam Newspaper. Archived from the original on 2014-01-12. https://web.archive.org/web/20140112065355/http://www.sentinelassam.com/saturday/saturday2.php?sec=17&subsec=0&ppr=3&dtP=2012-12-15। আহৰণ কৰা হৈছে: 15 December 2012. 
  5. "Article/ News". on Sentinel Assam Newspaper. Archived from the original on 2014-01-12. https://web.archive.org/web/20140112064744/http://www.sentinelassam.com/saturday/saturday1.php?sec=16&subsec=0&ppr=3&dtP=2013-04-20। আহৰণ কৰা হৈছে: 20 April 2013. 

বাহ্যিক সংযোগ সম্পাদনা কৰক